গান্ধী তীৰ্থ
গান্ধী তীৰ্থ - গান্ধী সংগ্ৰাহালয় | |
---|---|
প্ৰতিষ্ঠা | ২৫ মাৰ্চ ২০১২ |
অৱস্থিতি | জলগাঁও, মহাৰাষ্ট্ৰ |
স্থানাংক | 20°56′40″N 75°33′19″E / 20.9444918°N 75.555363°E |
সংগ্ৰহৰ সংখ্যা | প্ৰায় ত্ৰিশ লাখ বস্তু |
দৰ্শনাথী | ১,১৭,৮১০ (মাৰ্চ, ২০১৪) |
ৰাজহুৱা পৰিবহন | জলগাঁও, মহাৰাষ্ট্ৰ, ভাৰত |
ৱেবছাইট | www |
গান্ধী তীৰ্থ (গান্ধী ৰিচাৰ্চ ফাউণ্ডেচন, ইংৰাজী: Gandhi Research Foundation) হৈছে ভাৰতৰ মহাৰাষ্ট্ৰৰ জলগাৱত মহাত্মা গান্ধীৰ ওপৰত এক গৱেষণা প্ৰতিষ্ঠান আৰু সংগ্ৰাহালয়। গান্ধী ফাউণ্ডেচনৰ দ্বাৰা ইয়াৰ গঠন আৰু প্ৰচাৰ কৰা হৈছিল। ই অজন্তা গুহাৰ পৰা ৬০ কিঃমিঃ দূৰত অৱস্থিত। এই প্ৰতিষ্ঠানটি ২০১২ চনৰ ২৫ মাৰ্চত স্থাপন কৰা হৈছিল।
২৫ মাৰ্চ ২০১২ চনত সেইসময়ৰ ভাৰতৰ ৰাষ্ট্ৰপতি প্ৰতিভা পাটিলে গান্ধী ৰিচাৰ্চ ফাউণ্ডেচন (জিআৰএফ) উদ্বোধন কৰিছিল।[1] ইয়াক ভবাৰাল জৈনে স্থাপন কৰিছিল।[2]
শ শ বছৰলৈ ভালে থাকিবলৈ এক চিৰসেউজীয়া নিয়মৰ অধীনত এই গাঁথনিটো সুৰক্ষিত আৰু বৈজ্ঞানিকভাৱে নিৰ্মাণ কৰা হৈছিল। ইয়াত প্ৰেক্ষাগৃহ, এম্ফিথিয়েটাৰ, সভাকক্ষ / কোঠা আৰু অতিথি গৃহও অন্তৰ্ভুক্ত হৈ আছে।
পুথিভঁৰাল আৰু আৰ্কাইভসমূহত গান্ধীজী সম্পৰ্কীয় বিষয়ৰ গৱেষকসকলৰ বাবে সংৰক্ষণ কৰা ঐতিহাসিক নথিপত্ৰসমূহ বিশেষভাৱে সুৰক্ষিত হৈ আছে। খাদি কাপোৰ, হাস্ত-নিৰ্মাণ উপহাৰ সামগ্ৰী আৰু গান্ধী সাহিত্যৰে এখন দোকানো ইয়াত আছে।
তথ্যসূত্ৰ[সম্পাদনা কৰক]
- ↑ "Official Website of the Gandhi Research Foundation". gandhifoundation.net. http://gandhifoundation.net/about%20grf.htm। আহৰণ কৰা হৈছে: 17 March 2015.
- ↑ "Artists in Concrete Awards Asia Fest 2013 - 14". Gandhi Research Foundation. http://www.gandhifoundation.net/Foundersmessage.htm। আহৰণ কৰা হৈছে: 25 February 2016.