ইণ্ডিয়ান অপিনিয়ন
ইণ্ডিয়ান অপিনিয়ন (ইংৰাজী: Indian Opinion) হৈছে ভাৰতীয় নেতা মহাত্মা গান্ধীয়ে প্ৰতিষ্ঠা কৰা এখন বাতৰি কাকত। এই প্ৰকাশনটো গান্ধী আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতৃত্বত ৰাজনৈতিক আন্দোলনৰ বাবে আৰু বৰ্ণ বৈষম্যৰ সৈতে যুঁজ দিবলৈ আৰু দক্ষিণ আফ্ৰিকাৰ ভাৰতীয় অনুপ্ৰৱেশকাৰী সম্প্ৰদায়ৰ বাবে অসামৰিক অধিকাৰ লাভ কৰিবলৈ এক গুৰুত্বপূৰ্ণ সঁজুলি আছিল। ১৯০৪ চনৰ পৰা ১৯১৫ চনলৈকে এইখন চলিছিল।[1]
ইতিহাস
[সম্পাদনা কৰক]১৯ শতিকাৰ সময়ত ব্ৰিটিছ ৰাজপ্ৰধানৰ দ্বাৰা, যি দক্ষিণ আফ্ৰিকা আৰু ভাৰত দুয়োটা পৰিচালনা কৰিছিল, ভাৰতীয়সকলক আমদানিকৃত শ্ৰমিক হিচাপে দক্ষিণ আফ্ৰিকালৈ অনা হৈছিল। বিভিন্ন বহুজাতিক সম্প্ৰদায়ৰ কাষত, ভাৰতীয় সম্প্ৰদায়টো বৰ্ণবৈষম্য নীতিৰ দ্বাৰা প্ৰয়োগ কৰা গুৰুত্বপূৰ্ণ ৰাজনৈতিক, অৰ্থনৈতিক আৰু সামাজিক বৈষম্যত ভুগিছিল। ব'ৰ যুদ্ধৰ পিছত, গৱৰ্ণৰ জেনেৰেলজন স্মটছে ভাৰতীয় অনুপ্ৰৱেশকাৰী সম্প্ৰদায়ৰ অসামৰিক অধিকাৰৰ ওপৰত গুৰুত্বপূৰ্ণ নিষেধাজ্ঞা প্ৰৱৰ্তন কৰে, যাৰ দ্বাৰা আৰক্ষীক পৰোৱানা অবিহনে অনুসন্ধান, আক্ৰমণ আৰু আটক কৰাৰ ক্ষমতা প্ৰদান কৰা হয়। সকলো ভাৰতীয়ই সকলো সময়তে চিনাক্তকৰণ আৰু পঞ্জীয়ন কাৰ্ড বহন কৰিব লগা হৈছিল। নাটাল প্ৰদেশত উকীল হিচাপে কাম কৰি, গান্ধীয়ে ১৯০৪ চনত দক্ষিণ আফ্ৰিকাৰ ইউৰোপীয় সম্প্ৰদায়সমূহক ভাৰতীয় প্ৰয়োজনীয়তা আৰু বিষয়ৰ বিষয়ে শিক্ষিত কৰাৰ লক্ষ্যৰে প্ৰকাশনৰ আয়োজন কৰিছিল।
নাটাল ভাৰতীয় কংগ্ৰেছ, তেওঁৰ গ্ৰাহক আৰু অন্যান্য উল্লেখযোগ্য ভাৰতীয়সকলৰ সমৰ্থনেৰে গান্ধীয়ে এটা সৰু কৰ্মচাৰী গোট আৰু প্ৰিণ্টিং প্ৰেছ প্ৰতিষ্ঠা কৰে। আন্তৰ্জাতিক ছপাশালৰ স্বত্বাধিকাৰী মদনজিত ভিয়াভাহাৰিক, আৰু প্ৰথম সংখ্যাটো ৪ জুন আৰু ৫ জুনৰ ভিতৰত প্ৰস্তুত কৰা হৈছিল, আৰু ১৯০৩ চনৰ ৬ জুন তাৰিখে মুক্তি দিয়া হৈছিল। বাতৰি কাকতখন গুজৰাটী, হিন্দী, তামিল আৰু ইংৰাজীত প্ৰকাশিত হৈছিল। নাটাল কংগ্ৰেছৰ সম্পাদক মানসুকলাল নাজাৰে ইয়াৰ সম্পাদক আৰু এজন মুখ্য আয়োজক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ১৯০৪ চনত গান্ধীয়ে প্ৰকাশন কাৰ্য্যালয়টো ডৰবানৰ ওচৰত অৱস্থিত ফিনিক্সত তেওঁৰ বসতিলৈ স্থানান্তৰ কৰে। ফিনিক্সত, প্ৰেছ কৰ্মীসকল এক নতুন কৰ্মনীতিৰে নিয়ন্ত্ৰিত হৈছিল - তেওঁলোকৰ সকলোৰে ভূমিত অংশ থাকিব, ফলত তেওঁলোকে শস্য উৎপাদন কৰিব পাৰিব আৰু তেওঁলোকে ইণ্ডিয়ান অপিনিয়ন প্ৰস্তুত কৰিবলৈ দলীয়ভাৱে কাম কৰিব। কাকতৰ সম্পাদকসকলৰ ভিতৰত আছিল হেবাৰ্ট কিটচিন, হেনৰী পোলাক, এলবাৰ্ট ৱেষ্ট, মণিলাল গান্ধী, কাকতৰ দীৰ্ঘসময়ৰ সম্পাদক (৩৬ বছৰ ধৰি), আৰু তেওঁৰ মৃত্যুৰ পিছত দায়িত্ব গ্ৰহণ কৰা মণিলালৰ পত্নী সুশীলা গান্ধী।[2] ইয়াৰ এজন সম্পাদকক বাদ দি সকলোৱে কিছু সময় জেলত কটাইছিল।[3]
প্ৰতিবেদন
[সম্পাদনা কৰক]ব্ৰিটিছ আইনৰ ওপৰত বিশ্বাস ৰাখি আৰু ব্ৰিটিছ বিষয়াসকলৰ শত্ৰুতা সৃষ্টি কৰিব নিবিচাৰি 'ইণ্ডিয়ান অপিনিয়ন' অতি মাৰ্জিত ভাষাৰে আৰম্ভ হৈছিল। অৱশ্যে, 'ইণ্ডিয়ান অপিনিয়ন'ত বিশেষকৈ আমদানিকৃত শ্ৰমিকসকলে কাম কৰা কদৰ্য পৰিস্থিতিৰ ওপৰত আলোকপাত কৰা হৈছিল। সম্পাদনাত এনে বৈষম্যমূলক আৰু কঠোৰ পৰিস্থিতিৰ মোকাবিলা কৰা হৈছিল য'ত আমদানিকৃত ভাৰতীয়সকলক নিয়োগ কৰা হৈছিল। নিয়োজনকাৰীসকলে কৰা কঠোৰ দমনৰ ঘটনাবোৰ ৰাজহুৱা কৰা হৈছিল আৰু আচৰিতভাৱে উচ্চ হাৰত ভাৰতীয়সকলৰ আত্মহত্যাৰ খবৰ ফঁহিয়াই দেখুৱাইছিল। ব্যৱস্থাটো শেষ কৰাৰ বাবে এক অভিযান আৰম্ভ কৰা হৈছিল আৰু গান্ধীৰ বন্ধু সম্পাদক হেনৰী পোলাকে সমৰ্থনৰ বাবে ভাৰতলৈ গৈছিল। ১৯০৬ চনৰ পৰা ই ৰাজ্যিক আইনক প্ৰত্যাহ্বান জনোৱাৰ এক বাহন হৈ পৰিছিল আৰু স্পষ্টভাৱে অন্যায় হৈ থাকোঁতে ইয়াত এইবোৰৰ প্ৰতি অবাধ্য হ'বলৈ তৰ্ক কৰা হৈছিল। ১৯০৬ চনৰ পৰা ১৯১৩ চনৰ ভিতৰত সত্যাগ্ৰহ অভিযানৰ সময়ত এই পৰম্পৰা আৰম্ভ হৈছিল, ট্ৰান্সভালত ভাৰতীয়সকলৰ ওপৰত প্ৰবেশ পত্ৰ জাৰী কৰাৰ প্ৰচেষ্টাৰ হেতু। বিষয়াসকলৰ পঞ্জীয়ন অভিযানক ধৰাশায়ী কৰাত কাগজখনে মৌলিক ভূমিকা পালন কৰিছিল। কাকতখনে স্থানীয় পঞ্জীয়ক আৰু নাটালৰ এজন আৰম্ভণিৰ ভাৰতীয় ফটোগ্ৰাফাৰ, ব্ৰায়ান গেব্ৰিলক দৃশ্যাৱলীৰ বাবে কৃতজ্ঞতা প্ৰদান কৰিছিল।
উত্তৰাধিকাৰ
[সম্পাদনা কৰক]'ইণ্ডিয়ান অপিনিয়ন' আছিল ভাৰতৰ জনসাধাৰণৰ আগত উপনিৱেশসমূহৰ ভাৰতীয়ৰ বিষয়ে বাতৰি প্ৰকাশ কৰাৰ এক আহিলা। 'ইণ্ডিয়ান অপিনিয়ন'ৰ পৃষ্ঠাবোৰে অক্ষমতাৰ ভুক্তভোগী ভাৰতীয়সকলৰ এক মূল্যৱান ঐতিহাসিক ৰেকৰ্ড প্ৰদান কৰে। ই ভাৰতীয় সমাজৰ ৰাজনৈতিক জীৱনৰ এক অমূল্য দলিল। প্ৰকাশন আৰু দক্ষিণ আফ্ৰিকাৰ ৰাজনৈতিক সংগ্ৰামৰ সৈতে গান্ধীৰ অভিজ্ঞতা তেওঁৰ বাবে মূল্যবান প্ৰমাণিত হৈছিল যি ভাৰতীয় স্বাধীনতা আন্দোলনৰ সময়ত তেওঁৰ কামত সহায়ক হৈছিল। তেওঁ মন্তব্য কৰিছিল "সত্যাগ্ৰহ 'ইণ্ডিয়ান অপিনিয়ন' অবিহনে অসম্ভৱ নহ'লহেঁতেন।" ভাৰতত, তেওঁ 'ইয়ং ইণ্ডিয়া', 'হৰিজন', আৰু 'নৱজীৱন' প্ৰকাশ কৰিছিল। 'ইণ্ডিয়ান অপিনিয়ন' বহু দশক ধৰি প্ৰকাশ হৈ আছিল আৰু দক্ষিণ আফ্ৰিকাৰ বিস্তৃত নাগৰিক অধিকাৰ সংগ্ৰামত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। কিন্তু ই মাত্ৰ সামাজিক সেৱাতে দায়বদ্ধ হোৱাৰ বাবে আৰু বাণিজ্যিক উদ্যোগ নোহোৱাত অসুবিধাৰো সন্মুখীন হৈছিল।
তথ্যউৎস
[সম্পাদনা কৰক]- ↑ "History of Mass Media". University of Calicut. Archived from the original on 18 June 2018. https://web.archive.org/web/20180618230520/http://www.universityofcalicut.info/cuonline/exnotif/ex4235.pdf। আহৰণ কৰা হৈছে: 16 October 2016.
- ↑ "Sushila Gandhi". South African History Online. http://www.sahistory.org.za/people/sushila-gandhi। আহৰণ কৰা হৈছে: 20 May 2012.
- ↑ Dhupelia-Mesthrie, Uma. "The Significance of Indian Opinion". http://www.sahistory.org.za/media-and-journalism/history-indian-opinion-newspaper। আহৰণ কৰা হৈছে: 20 May 2012.
- M. K. Gandhi. 'An Autobiography or the Story of My Experiments with Truth' (1929).
- Isabel Hofmeyr, Gandhi’s Printing Press: Experiments in Slow Reading. Harvard University Press, Cambridge, Mass., 2013.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- Archives of 'Indian Opinion' 1903-1914 Archived 2011-09-28 at the Wayback Machine
- Archives of 'Indian Opinion' 1950-1961
- Archives of 'Indian Opinion' 1903
- Gandhipoetics.com A site containing an anthology and an analysis of the Satyagraha poetry found in the 'Indian Opinion' between 1909 and 1911.