সমললৈ যাওক

বৰ্ণবৈষম্য নীতি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বৰ্ণবৈষম্য নীতিৰ আমোলৰ এক বিজ্ঞপ্তি: "শ্বেতাংগসকলৰ ব্যৱহাৰৰ বাবে। এই ৰাজহুৱা পৰিসৰ আৰু ইয়াৰ সুবিধাসমূহ কেৱলমাত্ৰ শ্বেতাংসকলৰ ব্যৱহাৰৰ বাবে সংৰক্ষিত। আদেশক্ৰমে: প্ৰাদেশিক সচিব"

বৰ্ণবৈষম্য নীতি বা আপাৰ্টহাইট (আফ্ৰিকান্স ভাষাত: Apartheid) দক্ষিণ আফ্ৰিকা আৰু দক্ষিণ পশ্চিম আফ্ৰিকা (বৰ্তমানৰ নামিবিয়া)-ত ১৯৪৮ চনৰ পৰা ১৯৯০-ৰ দশকলৈ চলা জাতিগত বিভাজনৰ এক নীতি বা ব্যৱস্থা।[note 1] এই ব্যৱস্থাত মূলতঃ ক'লা চালৰ কৃষ্ণাংগ লোকসকলক বগা চালৰ শ্বেতাংগ লোকসকলৰ পৰা নিলগাই ৰাখি কেৱল শ্বেতাংগ লোকক সম্পূৰ্ণ ৰাজনৈতিক অধিকাৰ প্ৰদান কৰা হৈছিল। বৰ্ণবৈষম্য নীতিয়ে শ্বেতাংগৰ আধিপত্য (white supremacy)-ৰ ওপৰ ভিত্তি কৰি এক স্বৈৰাচাৰী ৰাজনৈতিক সংস্কৃতি গঢ়ি তুলিছিল, যাৰ ফলত দক্ষিণ আফ্ৰিকাৰ ৰাজনৈতিক, সামাজিক আৰু অৰ্থনৈতিক ক্ষেত্ৰত দেশখনৰ সংখ্যালঘু শ্বেতাংগ লোকসকলে আধিপত্য বিস্তাৰ কৰিছিল।[4] সামাজিক স্তৰবিন্যাসৰ এই পদ্ধতি অনুসৰি শ্বেতাংগ নাগৰিকসকলে সৰ্বোচ্চ মৰ্যদা লাভ কৰিছিল, তাৰ পাছত ক্ৰমান্বয়ে স্থান আছিল এছিয়, বৰ্ণসংকৰ আৰু আফ্ৰিকাৰ কৃষ্ণাংগ লোকসকলৰ।[4] বৰ্ণবৈষম্য নীতিৰ অৰ্থনৈতিক আৰু সামাজিক প্ৰভাবসমূহ আজিও অব্যাহত আছে।[5][6][7] আফ্ৰিকান্স ভাষাৰ শব্দ "আপাৰ্টহাইট"-ৰ[8] অৰ্থ "পৃথকীকৰণ" বা জাতিগত পাৰ্থক্যৰ ওপৰ ভিত্তি কৰি পৃথক আবাসীক ব্যৱস্থা।[9][10]

১৯২৯ চনত প্ৰথম আপাৰ্টহাইট শব্দৰ প্ৰথম ব্যৱহাৰ হয়[11] আৰু ১৯৪০-ৰ দশকৰ পৰা আৰম্ভ কৰি দক্ষিণ আফ্ৰিকাৰ নেশ্বনেল পাৰ্টি (এনপি)-এ ৰাজনৈতিক শ্লোগানত এই শব্দটো ব্যৱহাৰ আৰম্ভ কৰে। শব্দটোৰ সৈতে জড়িত যি নীতি তাৰ উদ্ভৱ ইয়াৰো আগতে ঘটিছিল। ১৬৫২ চনতে দক্ষিণ আফ্ৰিকাত শ্বেতাংগ লোকৰ বসতি স্থাপন আৰম্ভ হোৱাৰ লগে লগেই এই নীতিৰো প্ৰচলন আৰম্ভ হয়।

ঔপনিবেশ

[সম্পাদনা কৰক]

১৬৫২ চনত ওলন্দাজ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে দক্ষিণ আফ্ৰিকাৰ কেপ টাউন চহৰ প্ৰতিষ্ঠাৰ কৰি কেপ ক'ল'নী স্থাপন কৰিছিল। ১৭৯৫ চনত ব্ৰিটিছসকলে কেপ ক'ল'নী দখল কৰে। ব্ৰিটিছসকল মূলতঃ দীৰ্ঘ সমুদ্ৰযাত্ৰাৰ বিৰতিৰ বাবে বিশ্ৰাম আৰু দাস ব্যৱহাৰৰ উদ্দেশ্যে এই এলেকা দখল কৰে আৰু স্থায়ীভাবে বসতি স্থাপন কৰাত উৎসাহিত হয়। ওলন্দাজসকলে কেপ ক'ল'নীত স্বায়ত্বশাসীত বুয়েৰ ৰিপাব্লিক (Boer Republic) গঠন কৰে। বুয়েৰ শব্দটো ওলন্দাজ ভাষাৰ -ইয়াৰ অৰ্থ কৃষক। সেই অঞ্চলটোত ভাব-বিনিময়ৰ বাবে ওলন্দাজ আৰু জাৰ্মানীক ভাষা মিলি আফ্ৰিকান্স ভাষাৰ সৃষ্টি হয়। পৰবৰ্তী সময়ত কেপ ক'ল'নী ব্ৰিটিছসকলৰ দখললৈ যায় আৰু দক্ষিণ আফ্ৰিকাৰ উত্তৰাঞ্চলত এক বুয়েৰ ৰিপাব্লিক গড়ি তোলাৰ চেষ্টা কৰে। ১৮৬৭ চনত দক্ষিণ আফ্ৰিকাৰ খনিত হীৰা আৰু ১৮৮৪ চনত সোণ আৱিস্কাৰ হয়। এইবোৰ মূল্যবান সম্পদৰ সন্ধানত বহিৰাগত লোকৰ সংখ্যা বৃদ্ধি হয়। ইয়াৰ কিছু বছৰ পাছত দক্ষিণ আফ্ৰিকাৰ কৃষ্ণাংগ আদিবাসী, ব্ৰিটিছ শাসকশ্ৰেণী আৰু ওলন্দাজ লোকসকলৰ মাজত ত্ৰিপাক্ষিক যুদ্ধ আৰম্ভ হয়। ইয়াৰ ফলশ্ৰুতিত বিভিন্ন ৰাজনৈতিক দল গঠিত হয়; যেনে শ্বেতাংগসকলৰ "নেশ্বনেল পাৰ্টি", কৃষ্ণাংগসকলৰ "আফ্ৰিকান নেশ্বনেল কংগ্ৰেছ"।

১৯৪৮ চনৰ নিৰ্বাচনত শ্বেতাংগসকলৰ নেশ্বনেল পাৰ্টি জয়ী হয়। তাৰপাছৰে পৰা শ্বেতাংগ শাসকশ্ৰেণীয়ে নিয়ন্ত্ৰন কৰি থাকে অ-শ্বেতাংগসকলক। ইয়াৰ ফলত যি নীতিৰ সৃষ্টি হয়, সেয়াই "আপাৰ্টহাইট" বা বৰ্ণবৈষম্য নীতি। সমগ্ৰ দক্ষিণ আফ্ৰিকাক বগা বা শ্বেতাংগ, কলা বা কৃষ্ণাংগ, বৰ্ণসংক বা কালাৰড আৰু ইণ্ডিয়ান- এই চাৰি ভাগত বিভক্ত কৰা হয়; শেষৰ দুটা শ্ৰেণীক কেইটাবাটাও উপশ্ৰেণীতো ভাগ কৰা হয়।[12]

প্ৰতিবাদ

[সম্পাদনা কৰক]
১৯৬০ চনৰ মাৰ্চৰ ছাৰ্পভিল গণহত্যাৰ এখন পেইন্টিং

দক্ষিণ আফ্ৰিকাৰ শ্বেতাংগ চৰকাৰে সেই সময়ত এক আইন প্ৰণয়ন কৰিছিল, যাক "পাচ আইন" (Pass laws) নামেৰে জনা যায়। এই আইন অনুসৰি, কৃষ্ণাংগসকলে সকলো সময়তে তেওঁলোকৰ পৰিচয়সংক্ৰান্ত নথিপত্ৰ বহন কৰিব লাগিব। ১৯৬০ চনৰ ২১ মাৰ্চত ৰাজধানী জোহানছবাৰ্গৰ পৰা ৫০ কিলোমিটাৰ দক্ষিণে ছাৰ্পভিল চহৰৰ আৰক্ষী চকীৰ বাহিৰত কৃষ্ণাংগসকলে বৰ্ণবৈষম্য আইনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। পিছে আৰক্ষীয়ে প্ৰতিবাদকাৰীদকলৰ ওপৰত নিৰ্বিচাৰ গুলিবৰ্ষণ কৰে। ফলত ৬৯ জন লোক নিহত আৰু কমেও ১৮০ জন লোক আহত হয়।[13]

আফ্ৰিকান নেশ্বনেল কংগ্ৰেছৰ অন্যতম নেতা নেলছন মেণ্ডেলা বৰ্ণবাদ বিৰোধী আন্দোলনত সক্ৰিয়ভাবে অংশগ্ৰহণ কৰিছিল। ১৯৬২ চনত তেওঁক দক্ষিণ আফ্ৰিকাৰ বৰ্ণবাদী চৰকাৰে গ্ৰেপ্তাৰ কৰে আৰু ৰাজদ্ৰোহকে আদি কৰি বিভিন্ন অপৰাধৰ বাবে যাবজীৱন কাৰাদণ্ড দিয়া হয়।

প্ৰচণ্ড প্ৰতিবাদৰ ফলত চৰকাৰে নেলছন মেণ্ডেলাক মুক্তি দিয়াত বাধ্য হয়। ১৯৯০ চনৰ ১১ ফেব্ৰুৱাৰী তেওঁক কাৰামুক্ত কৰা হয়। ইয়াৰ পাছত তেওঁ তেওঁৰ দলৰ হৈ দক্ষিণ আফ্ৰিকাৰ শ্বেতাংগ চৰকাৰৰ সৈতে শান্তি আলোচনাত অংশ লয়। ইয়াৰ ফলশ্ৰুতিত দক্ষিণ আফ্ৰিকাত বৰ্ণবাদৰ অৱসান ঘটে আৰু সকলো বৰ্ণৰ লোকৰ অংশগ্ৰহণেৰে ১৯৯৪ চনত গণতন্ত্ৰ প্ৰতিষ্ঠিত হয়।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Repeal of Population Registration Act". C-Span. 17 June 1991. https://www.c-span.org/video/?19041-1/repeal-population-registration-act। আহৰণ কৰা হৈছে: 7 June 2018. 
  2. Myre, Greg (18 June 1991). "South Africa ends racial classifications". Associated Press (Cape Girardeau: Southeast Missourian). https://news.google.com/newspapers?nid=1893&dat=19910618&id=3sQfAAAAIBAJ&sjid=ltgEAAAAIBAJ&pg=5582,6356040। আহৰণ কৰা হৈছে: 1 March 2018. 
  3. Bartusis, Mark (2012). Gomez, Edmund; Premdas, Ralph. eds. Affirmative Action, Ethnicity and Conflict. প্ৰকাশক New York: Routledge Books. পৃষ্ঠা. 126–132. ISBN 978-0415627689. 
  4. 4.0 4.1 Mayne, Alan (1999). From Politics Past to Politics Future: An Integrated Analysis of Current and Emergent Paradigms. প্ৰকাশক Westport, Connecticut: Praeger. পৃষ্ঠা. 52. ISBN 978-0-275-96151-0. 
  5. Leander (15 June 2015). "Despite the 1994 political victory against apartheid, its economic legacy persists by Haydn Cornish-Jenkins" (en ভাষাত). South African History Online. http://www.sahistory.org.za/article/despite-1994-political-victory-against-apartheid-its-economic-legacy-persists-haydn-cornish-. 
  6. "'Apartheid legacy haunts SA economy' - SABC News - Breaking news, special reports, world, business, sport coverage of all South African current events. Africa's news leader." (en-US ভাষাত). www.sabcnews.com. http://www.sabcnews.com/sabcnews/apartheid-legacy-haunts-sa-economy/। আহৰণ কৰা হৈছে: 2 May 2018. 
  7. "Ramaphosas tough job on fixing Apartheid legacy". http://allafrica.com/stories/201804060509.html. 
  8. "Dictionary.com entry for 'apartheid'". http://dictionary.reference.com/browse/apartheid?s=t&ld=1091। আহৰণ কৰা হৈছে: 11 August 2012. 
  9. Shore, Megan. Religion and Conflict Resolution: Christianity and South Africa's Truth and Reconciliation Commission. Ashgate Publishing, 2009. p.36
  10. Nancy L. Clarkson & William H. Worger. South Africa: The Rise and Fall of . Routledge, 2013. Chapter 3: The Basis of Apartheid.
  11. Walton, F. Carl; Udayakumar, S.P.; Muck, William; McIlwain, Charlton; Kramer, Eric; Jensen, Robert; Ibrahim, Vivian; Caliendo, Stephen Maynard et al. (2011). The Routledge Companion to Race and Ethnicity. প্ৰকাশক New York: Routledge Books. পৃষ্ঠা. 103–105. ISBN 978-0415777070. 
  12. Baldwin-Ragaven, Laurel; London, Lesley; du Gruchy, Jeanelle (1999). An ambulance of the wrong colour: health professionals, human rights and ethics in South Africa. Juta and Company Limited. p. 18
  13. Frankel, Philip H.; Frankel, Professor Philip (2001) (en ভাষাত). An Ordinary Atrocity: Sharpeville and Its Massacre. Yale University Press. ISBN 9780300091786. https://books.google.co.in/books/about/An_Ordinary_Atrocity.html?id=3jq4inE_akcC&redir_esc=y. 
  1. জনসংখ্যা পঞ্জীকৰণ আইন, যি বেছিভাগ বৰ্ণবৈষম্য নীতি গঠনৰ ভিত্তি আছিল, ১৯৯১ চনত আনুষ্ঠানিকভাবে বিলুপ্ত কৰা হৈছিল,[1][2] যদিও ১৯৯৪ চনলৈ সাৰ্বজনীন ভোটাধিকাৰৰ অধীনত নিৰ্বাচন নোহোৱা পৰ্যন্ত দেশৰ প্ৰথম অ-জাতিগত চৰকাৰ প্ৰতিষ্ঠিত হোৱা নাছিল।[3]

বহিঃসংযোগ

[সম্পাদনা কৰক]