আন্তৰ্জাতিক অহিংসা দিৱস

অসমীয়া ৱিকিপিডিয়াৰ পৰা
আন্তৰ্জাতিক অহিংসা দিৱস
International Day of Non-Violence
আন্তৰ্জাতিক অহিংসা দিৱস International Day of Non-Violence
ৰাষ্ট্ৰসংঘৰ পতাকা
পালন কৰে ৰাষ্ট্ৰসংঘৰ সকলো সদস্য ৰাষ্ট্ৰ
প্ৰকাৰ আন্তৰাষ্ট্ৰীয় দিৱস
তাৰিখ ২ অক্টোবৰ
উদযাপন গোটেই বিশ্বজুৰি বিভিন্ন কাৰ্যসূচী পালন
সম্পৰ্কিত গান্ধী জয়ন্তী
অৱধি এদিন
সংঘটন বছৰেকীয়া

আন্তৰ্জাতিক অহিংসা দিৱস (International Day of Non-Violence) প্ৰতি বছৰে অক্টোবৰ মাহৰ ২ তাৰিখে মহাত্মা গান্ধীৰ জন্মদিনৰ দিনা গোটেই বিশ্বজুৰি পালন কৰা হয়। ভাৰতত এই দিনটো গান্ধী জয়ন্তী হিচাপে পালন কৰা হয়।

ইতিহাস[সম্পাদনা কৰক]

২০০৪ চনৰ জানুৱাৰী মাহত ইৰানৰ নোবেল বঁটা বিজয়ী শ্বিৰীন ইবাদীয়ে মুম্বাইৰ বিশ্ব সামাজিক মঞ্চৰ পেৰিচ আন্তৰ্জাতিক শিক্ষাৰ্থীৰ হিন্দী শিক্ষক এজনৰ পৰা আন্তৰ্জাতিক অহিংসা দিৱসৰ ধাৰণা লাভ কৰিছিল। এই ধাৰণাৰ প্ৰতি ভাৰতৰ কিছুমান কংগ্ৰেছ পাৰ্টিৰ নেতা আকৃষ্ট হৈছিল। ২০০৭ চনৰ জানুৱাৰী মাহত ভাৰতৰ নতুন দিল্লীত অনুষ্ঠিত হোৱা এক সত্যাগ্ৰহ সভাত ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভানেত্ৰী ছোনিয়া গান্ধী আৰু নোবেল বঁটা বিজয়ী ডেছমণ্ড টুটোয়ে ৰাষ্ট্ৰসংঘক এই দিৱসৰ ধাৰণা গ্ৰহণ কৰিবলৈ আহ্বান জনায়।[1]

ছুইডেনৰ মালমোত অৱস্থিত অহিংসা ভাস্কৰ্য

২০০৭ চনৰ ১৫ জুন তাৰিখে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই ভোটৰ যোগেৰে ২ অক্টোবৰক আন্তৰ্জাতিক অহিংসা দিৱসৰূপে ঘোষণা কৰে।[2]

সাধাৰণ সভাই ২ অক্টোবৰত "শিক্ষাৰ যোগেৰে অহিংসাৰ উপযুক্ত বাৰ্তা বাহক আৰু সমাজ সচেতনতা অনা"ৰ বাবে সকলো সদস্য ৰাষ্ট্ৰক আহ্বান জনায়।[3]

ৰাষ্ট্ৰসংঘৰ প্ৰশাসনিক ডাক বিভাগে ভাৰতীয় দূতাবাসৰ অনুৰোধত নিউয়ৰ্ক চহৰত এক বিশেষ টিকট উন্মোচন কৰে। এই মোহৰ জেনেভা আৰু ভিয়েনাৰ বাহিৰে আন সকলো ঠাইতে প্ৰযোজ্য হয়। এই টিকট ২ অক্টোবৰৰ পৰা ৩১ অক্টোবৰলৈ ৰাষ্ট্ৰসংঘৰ প্ৰশাসনিক ডাক বিভাগৰ প্ৰতিটো চিঠি বা বাৰ্তাত সংযোজিত হৈ থাকে।[4]

মহাত্মা গান্ধী

তথ্য উৎস[সম্পাদনা কৰক]

বহিঃসংযোগ[সম্পাদনা কৰক]