পূৰ্ণ স্বৰাজ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
১৯৩১ চনত গ্ৰহণ কৰা আৰু দ্বিতীয় বিশ্বযুদ্ধৰ পৰৱৰ্তী বছৰবোৰত প্ৰাৰম্ভিক চৰকাৰে (আজাদ হুকুমত আজাদ হিন্দ) ব্যৱহাৰ কৰা পতাকাখন

পূৰ্ণ স্বৰাজৰ ঘোষণা (হিন্দী: पूर्ण[1], পূৰ্ণ, অৰ্থ "সম্পূৰ্ণ", হিন্দী: स्व, স্ব, অৰ্থ "নিজৰ" আৰু হিন্দী: राज, ৰাজ, অৰ্থ "শাসন")[2], বা ভাৰতৰ স্বাধীনতা ঘোষণা, ১৯৩০ চনৰ ২৬ জানুৱাৰীত ভাৰতীয় জাতীয় কংগ্ৰেছৰ দ্বাৰা কৰা হৈছিল। এই ঘোষণাৰ যোগেদি কংগ্ৰেছ আৰু ভাৰতীয় জাতীয়তাবাদীসকলে সম্পূৰ্ণ স্বৰাজৰ, বা ব্ৰিটিছ সাম্ৰাজ্যৰ পৰা সম্পূৰ্ণ স্বাধীন স্ব-শাসনৰ বাবে আহ্বান কৰিছিল।

১৯২৯ চনৰ ৩১ ডিচেম্বৰত আধুনিক পাকিস্তানলাহোৰৰ ৰবি নদীৰ পাৰত জৱাহৰলাল নেহৰুৱে ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিছিল। কংগ্ৰেছে ভাৰতীয়সকলক ২৬ জানুৱাৰীটো স্বাধীনতা দিৱস হিচাপে পালন কৰিবলৈ কৈছিল। ভাৰতৰ প্ৰতাকাখন সমগ্ৰ ভাৰতত কংগ্ৰেছৰ স্বেচ্ছাসেৱক, জাতীয়তাবাদী আৰু জনসাধাৰণে ৰাজহুৱাভাৱে উত্তোলন কৰিছিল

পটভূমি[সম্পাদনা কৰক]

১৯২৮ চনত হোৱা কংগ্ৰেছৰ কলিকতা অধিবেশনত মহাত্মা গান্ধীৰ চেষ্টাত ব্ৰিটিছ শাসনে ভাৰতক অংগৰাজ্যৰ (dominion) মৰ্যাদা দিয়াৰ দাবী তোলে, ইয়াৰ অন্যথা অন্য এক অসহযোগ আন্দোলন গঢ়ি তোলাৰ কথা ঘোষণা কৰে যাৰ লক্ষ্য হ'ব ভাৰতৰ পূৰ্ণ স্বাধীনতা। কংগ্ৰেছৰ ডেকা নেতা সুভাষ চন্দ্ৰ বসু আৰু জৱাহৰলাল নেহৰুৱে পূৰ্ণ স্বাধীনতাৰ বাবে আন্দোলন কৰাৰ পক্ষপাতী আছিল। কিন্তু গান্ধীয়ে তেওঁলোকক সৈমান কৰাবলৈ সক্ষম হয়, কিন্তু আন্দোলনৰ বাবে তেখেতে নিজে বিচৰা অপেক্ষাৰ দুবছৰৰ পৰিৱৰ্তে এবছৰ কৰে। [3]

ব্ৰিটিছ চৰকাৰে এই দাবীৰ প্ৰতি কোনো মন্তব্য কৰা নাছীল ১৯২৯ চনৰ ডিচেম্বৰ মাহৰ ১৩ তাৰিখে লাহোৰত ভাৰতৰ পতাকা উন্মোচন কৰা হয়। ১৯৩০ চনৰ ২৬ জানুৱাৰী তাৰিখে লাহোৰত ভাৰতীয় জাতীয় কংগ্ৰেছে ভাৰতৰ স্বাধীনতা দিৱস পালন কৰে। প্ৰায় প্ৰতিটো ভাৰতীয় দলেই এই দিনটোক বিভিন্ন ধৰণে উদ্‌যাপন কৰে। ইয়াৰ পাছতে গান্ধীয়ে নিমখৰ (লোণ) ওপৰত আৰোপ কৰা কৰৰ বিৰূদ্ধে এক নতুন সত্যাগ্ৰহ গঢ়ি তোলে। এই সত্যাগ্ৰহৰ অংশ হিচাপে গান্ধীয়ে ১২ মাৰ্চৰপৰা ৬ এপ্ৰিললৈ দাণ্ডী যাত্ৰা কৰে। এই যাত্ৰাত গান্ধীয়ে পদব্ৰজে ৩৮৮ কি.মি. (388 kilometres (241 মাইল)) ভ্ৰমণ কৰি আহমেদাবাদৰপৰা দাণ্ডীৰ সাগৰতীৰত উপস্থিত হয়, আৰু নিজহাতে নিমখ তৈয়াৰ কৰি যাত্ৰাৰ সমাপ্তি কৰে। কেবাহাজাৰ ভাৰতীয়ই গান্ধীৰ এই যাত্ৰাত অংশ লৈছিল। ভাৰতত ব্ৰিটিছৰ খোপনি দুৰ্বল কৰি জনসাধাৰণক উদ্বুদ্ধ কৰাত এই যাত্ৰাই বিশেষ ভূমিকা লৈছিল। চৰকাৰে ৬০,০০০-ৰো অধিক ব্যক্তিক এই যাত্ৰাৰ বাবে গ্ৰেপ্তাৰ কৰে।[4]

১৯১৯ চনৰ অমৃসৰৰ হত্যাকাণ্ডৰ পিছত, ভাৰতত ৰাজহুৱা ভাৱে ব্ৰিটিছৰ বিৰুদ্ধে প্ৰবল প্ৰতিবাদ হৈছিল। ইউৰোপীয়সকল, (সাধাৰণ লোক আৰু বিষয়া) সমগ্ৰ ভাৰতত হিংসাৰ লক্ষ্য আৰু ভুক্তভোগী হৈছিল। ১৯২০ চনত গান্ধী আৰু কংগ্ৰেছ ৰাজনৈতিক আৰু আধ্যাত্মিক স্বাধীনতা হিচাপে স্বৰাজৰ স্থিতি অতল থাকিব বুলি বদ্ধপৰিকৰ হৈছিল। সেই সময়ত, গান্ধীয়ে ইয়াক সকলো ভাৰতীয়ৰ মৌলিক চাহিদা বুলি বৰ্ণনা কৰিছিল; তেওঁ বিশেষভাৱে কৈছিল যে ভাৰত সাম্ৰাজ্যত থাকিব নে ইয়াক সম্পূৰ্ণৰূপে এৰি যাব সেই প্ৰশ্নৰ উত্তৰ ব্ৰিটিছৰ আচৰণ আৰু সঁহাৰিৰ ওপৰত নিৰ্ভৰ কৰিব। ১৯২০ চনৰ পৰা ১৯২২ চনৰ ভিতৰত, মহাত্মা গান্ধীয়ে অসহযোগিতা আন্দোলনৰ নেতৃত্ব দিছিল: ৰাৱলাট আইনৰ বিৰোধিতা কৰিবলৈ দেশজুৰি গণ প্ৰতিবাদ গঢ়ি তোলা আৰু চৰকাৰৰ পৰা ভাৰতীয়সকলক বৰ্জন কৰা, আৰু ৰাজনৈতিক আৰু অসামৰিক স্বাধীনতা অস্বীকাৰ কৰা।

ভাৰতীয় স্বাধীনতাৰ বাবে প্ৰচাৰ চলোৱা সকলক স্মৰণ কৰি কংগ্ৰেছে নিয়মীয়াকৈ ২৬ জানুৱাৰীত ভাৰতৰ স্বাধীনতা দিৱস পালন কৰিছিল। ১৯৪৭ চনত, ব্ৰিটিছে ভাৰতলৈ শক্তি আৰু ৰাজনৈতিক কৌশল স্থানান্তৰ কৰিবলৈ সন্মত হয়, আৰু ১৫ আগষ্ট চৰকাৰীভাৱে স্বাধীনতা দিৱসলৈ পৰিণত হয়। অৱশ্যে, সংবিধান সভাৰ দ্বাৰা প্ৰস্তুত আৰু অনুমোদিত ভাৰতৰ নতুন সংবিধানক ১৯৩০ চনৰ ঘোষণাৰ স্মৰণৰ বাবে ১৯৫০ চনৰ ২৬ জানুৱাৰীত কাৰ্যকৰী হ'বলৈ আদেশ দিয়া হৈছিল। ১৯৫০ চনৰ সেই দিনটোতে ভাৰত এক গণতন্ত্ৰত পৰিণত হয়। ২৬ জানুৱাৰী এতিয়া প্ৰতি বছৰে ভাৰতৰ গণৰাজ্য দিৱস হিচাপে পালন কৰা হয়।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]