চিপাহী বিদ্ৰোহ ১৮৫৭

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search

চিপাহী বিদ্ৰোহ হৈছে ১৮৫৭ চনৰ ১০ মে'ত মিৰাট চহৰত হোৱা ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ সেনাবাহিনীৰ চিপাহীসকলে কৰা এক বিদ্ৰোহ। ক্ৰমশঃ এই বিদ্ৰোহ সমগ্ৰ উত্তৰ আৰু মধ্য ভাৰতত (বৰ্তমানৰ উত্তৰপ্ৰদেশ, বিহাৰ, উত্তৰ মধ্যপ্ৰদেশ আৰু দিল্লী অঞ্চল) বিয়পি পৰিছিল।[1] এই অঞ্চলসমূহত কোম্পানীয়ে যথেষ্ট ক্ষীপ্ৰ বেগত বিদ্ৰোহ দমন কৰিছিল।[2] ১৮৫৮ চনৰ ২০ জুন গোৱালিয়ৰত বিদ্ৰোহীসকলৰ পৰাজয়ৰ পৰাই এই বিদ্ৰোহ দমন কৰা সম্ভৱ হয়।[1] চিপাহী বিদ্ৰোহক ভাৰতৰ প্ৰথম স্বাধীনতা যুদ্ধ, মহাবিদ্ৰোহ, ভাৰতীয় বিদ্ৰোহ, ১৮৫৭ চনৰ বিদ্ৰোহ আৰু ১৮৫৮ চন গণ-অভ্যুত্থান নামেৰেও অভিহিত কৰা হয়। এই বিদ্ৰোহ নিৰ্মমভাৱে দমন কৰা হয়। বহু নিৰপৰাধ নৰ−নাৰী, শিশু−বৃদ্ধক নিৰ্বিচাৰে হত্যা কৰা হয়।

কোম্পানী-শাসিত অন্যান্য অঞ্চলত (বেঙ্গল প্ৰেছিডেন্সি, বোম্বে প্ৰেছিডেন্সি আৰু মাদ্ৰাজ প্ৰেছিডেন্সি) ইয়াৰ প্ৰভাৱ পৰা নাছিল।[1] পঞ্জাবশিখ ৰাজ্যবোৰে ব্ৰিটিছৰ সৈন্য সৰবৰাহ কৰি সমৰ্থন জোগাইছিল।[1] বৃহৎ দেশীয় ৰাজ্যবোৰৰ (হায়দৰাবাদ, মহীশূৰ, ত্ৰিবাঙ্কুৰ আৰু কাশ্মীৰ) লগতে ৰাজপুতানাৰ দৰে সৰু ৰাজ্যবোৰও বিদ্ৰোহৰ পৰা আতৰি আছিল।[3] অযোধ্যাৰ দৰে কোনো কোনো অঞ্চলৰ বিদ্ৰোহীয়ে ইউৰোপীৰ বিৰুদ্ধে যুদ্ধ কৰি চূড়ান্ত দেশপ্ৰেমৰ নিদৰ্শন স্থাপন কৰিছিল।[4] ঝাঁঞ্চিৰ ৰাণী লক্ষ্মী বাঈ, তুলসীপুৰৰ ৰাণী ঈশ্বৰী কুমাৰী দেৱী আদি ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ ইতিহাসৰ কিংবদন্তীত পৰিনত হৈছিল।[1] অন্যান্য প্ৰধান নেতৃবৰ্গৰ ভিতৰত আছিল নানা চাহেব, তাঁতিয়া তোপী, কোঁৱৰ সিং ইত্যাদি সামন্ত ৰজা আৰু সৈনিক। যদিও অনেক ঐতিহাসিকৰ মতে তেঁওলোকে কোনো উচ্চ আদৰ্শত অনুপ্ৰাণিত হৈ যুদ্ধত অবতীৰ্ণ হোৱা নাছিল।[5] চিপাহী বিদ্ৰোহৰ পিছৰ ১৮৫৮ চনত ভাৰতত কোম্পানী-শাসনৰ অৱসান ঘটে, ব্ৰিটিছৰ সেনাবাহিনী, অৰ্থব্যৱস্থা আৰু ভাৰতীয় প্ৰশাসন পুনৰ্গঠন কৰিবলৈ বাধ্য হয়।[6] ভাৰত প্ৰত্যক্ষভাৱে ব্ৰিটেইনৰ ৰাণীৰ শাসনৰ অধীনলৈ আহে।[3]

ভাৰতত ইষ্ট ইণ্ডিয়া কোম্পানীৰ প্ৰসাৰণ[সম্পাদনা কৰক]

ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী প্ৰথমে কেৱল তেঁওলোকৰ বাণিজ্যকুঠি-সংলগ্ন অঞ্চলবোৰৰ প্ৰশাসন পৰিচালনা কৰিছিল। ১৭৫৭ চনৰ পলাশীৰ যুদ্ধ জয়লাভৰ পৰা পূৰ্ব ভাৰতত কোম্পানীৰ শাসনৰ ভিত্তি দৃঢ় হৈছিল। ১৭৬৪ চনত বক্সাৰৰ যুদ্ধত (বিহাৰ) জয়লাভৰ পৰা পৰাজিত মোগল সম্ৰাট দ্বিতীয় ছাহ আলমে কোম্পানীকে বাংলা, বিহাৰ আৰু উড়িষ্যাৰ দেৱানী (ৰাজস্ব আদায়ৰ অধিকাৰ) প্ৰদান কৰিবলৈ বাধ্য হৈছিল। ইং-মহীশূৰ যুদ্ধ (১৭৬৬-১৭৯৯) আৰু ইঙ্গ-মাৰাঠা যুদ্ধৰ (১৭৭২-১৮১৮) পৰা নৰ্মদা নদীৰ দক্ষিণে দাক্ষিণাত্যৰ সুবিশাল অঞ্চল ইংৰাজসকলৰ অধীনলৈ আহে। কোম্পানীৰ এলেকা বোম্বাই আৰু মাদ্ৰাজকে কেন্দ্ৰ কৰে বৰ্ধিত হয়।

কোম্পানীৰ এলেকা প্ৰসাৰণ কৰোতে কোম্পানীয় বহু বাধাৰ সন্মুখীন হৈছিল। ১৮০৬ চনত হিন্দু আৰু মুছলমান চিপাহীৰ মাজত বিদ্ৰোহৰ আৰম্ভ হৈছিল। এই ঘটনা ভেলোৰ বিদ্ৰোহ নামে পৰিচিত।[7]

চিপাহী বিদ্ৰোহৰ এক চিত্ৰকল্প
চিপাহী বিদ্ৰোহৰ পিছত লক্ষ্ণৌৰ ছেকুন্দ্ৰা বাগ, ১৮৫৮ চনত ফেলিছ বিয়াটো নামৰ ইটালীয়ানে তোলা ছবি

ঊনৈশ শতিকাৰ প্ৰথম ভাগত গভৰ্নৰ-জেনেৰেল লৰ্ড ৱেলেছ্‌লিয়ে যি ৰাজ্যবিস্তাৰ নীতি গ্ৰহণ কৰে, তাৰ ফলত পৰবৰ্তী দুই দশক ধৰি ইংৰাজে ভাৰতত ইটোৰ পিছত সিটো এলেকা দখল কৰিছিল।[8] কোম্পানীৰ প্ৰতি ভাৰতীয় শাসকবৰ্গৰ অধীনতামূলক মিত্ৰতা বা প্ৰত্যক্ষ সামৰিক অভিযানৰ মাধ্যমত এই ৰাজ্যবিস্তাৰ চলিছিল। অধীনতামূলক মিত্ৰতা নীতিত সম্মত ৰাজ্যবোৰ দেশীয় ৰাজ্য নামেৰে পৰিচিত হয়। এই ৰাজ্যবোৰৰ শাসক আছিল হিন্দু মহাৰাজ বা মুছলমান নবাব। ১৮৪৯ চনত দ্বিতীয় ইঙ্গ-শিখ যুদ্ধৰ পিছত পঞ্জাব, উত্তৰ-পশ্চিম সীমান্ত প্ৰদেশ আৰু কাশ্মীৰ অধিকৃত হয়। যদিও কাশ্মীৰ কিছুদিনৰ ভিতৰত জম্মুডোগৰা ৰাজবংশক বিক্ৰি কৰি দিয়া হয়। ১৮০১ চনৰ পিছৰ পৰা ব্ৰিটিছ ভাৰত আৰু নেপালৰ মাজত সীমান্ত বিৰোধ বৃদ্ধি পায়। ইয়াৰ ফলত ১৮১৪-১৬ চনত ইঙ্গ-নেপাল যুদ্ধ সংগঠিত হয় আৰু গোৰ্খাসকল ব্ৰিটিছ দ্বাৰা প্ৰভাবিত হয়। ১৮৫৪ চনত বেৰাৰ আৰু দুই বছৰৰ পিছত অযোধ্যা অধিকৃত হয়। এইদৰে কোম্পানী কাৰ্যতঃ ভাৰতৰ চৰকাৰলৈ পৰিণত হয়।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 1.4 Bandyopadhyay 2004, পৃষ্ঠা 169–172 Bose & Jalal 2003, পৃষ্ঠা 88–103 Quote: "The 1857 rebellion was by and large confined to northern Indian Gangetic Plain and central India.", Brown 1994, পৃষ্ঠা 85–87, and Metcalf & Metcalf 2006, পৃষ্ঠা 100–106
  2. Bayly 1990, পৃষ্ঠা 170 Quote: "What distinguished the events of 1857 was their scale and the fact that for a short time they posed a military threat to British dominance in the Ganges Plain."
  3. 3.0 3.1 Spear 1990, পৃষ্ঠা 147–148
  4. Bandyopadhyay 2004, পৃষ্ঠা 177, Bayly 2000, পৃষ্ঠা 357
  5. Brown 1994, পৃষ্ঠা 94
  6. Bayly 1990, পৃষ্ঠা 194–197
  7. http://www.hindu.com/mag/2006/08/06/stories/2006080600360400.htm TheHindu August-2006
  8. Ludden 2002, পৃষ্ঠা 133