সমললৈ যাওক

ফখৰুদ্দিন আলি আহমেদ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ফখৰুদ্দিন আলি আহমেদ
Fakhruddin Ali Ahmed
ভাৰতৰ ৰাষ্ট্ৰপতি
কাৰ্যকাল
২৪ আগষ্ট, ১৯৭৪ – ১১ ফেব্ৰুৱাৰী, ১৯৭৭
প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী
উপ ৰাষ্ট্ৰপতি বাসপ্পা দানপ্পা জাট্টী
পূৰ্বসূৰী বৰাহগিৰি ভেংকট গিৰি
উত্তৰসূৰী বাসপ্পা দানপ্পা জাট্টী (কাৰ্যবাহী)
ব্যক্তিগত তথ্য
জন্ম ১৩ মে', ১৯০৫
দিল্লী, ভাৰত)
মৃত্যু ১১ ফেব্ৰুৱাৰী, ১৯৭৭ (৭১ বছৰ)
নতুন দিল্লী, ভাৰত
ৰাজনৈতিক দল ভাৰতীয় জাতীয় কংগ্ৰেছ
দাম্পত্যসঙ্গী বেগম আবিদা আহমেদ
সন্তান
শিক্ষানুষ্ঠান ছেইণ্ট কেথেৰিনছ কলেজ, কেম্ব্ৰিজ
ছেইণ্ট ষ্টিফেনছ কলেজ, দিল্লী
জীৱিকা অধিবক্তা

ফখৰুদ্দিন আলি আহমেদ (ইংৰাজী: Fakhruddin Ali Ahmed; ১৩ মে' ১৯০৫ - ১১ ফেব্ৰুৱাৰী ১৯৭৭) ভাৰতবৰ্ষৰ পঞ্চমজন ৰাষ্ট্ৰপতি (১৯৭৪-১৯৭৭) আছিল।[1][2]

বংশ-পৰিয়াল

[সম্পাদনা কৰক]

ফখৰুদ্দিন আলি আহমেদৰ পিতৃ কৰ্ণেল জালনুৰ আলি আহমেদ ভাৰতীয় চিকিৎসা সেৱাৰ এগৰাকী উচ্চপদস্থ বিষয়া আছিল। কৰ্ণেল জালনুৰ আলি আহমেদৰ পৈতৃক ঘৰ আছিল অসমৰ গোলাঘাটৰ ওচৰৰ কছাৰীহাটত। কৰ্নেল জালনুৰ আলি আহমেদক তেওঁৰ সহকৰ্মী কৰ্নেল শিবৰাম বৰাৰ সতে সেই সময়ৰ অবিভক্ত অসমৰ শ্বিলং ক্লাবত আয়োজিত এটি অনুষ্ঠান বৰ্জন কৰাৰ অপৰাধত সূদুৰ উত্তৰ পশ্চিম প্ৰভিঞ্চলৈ বদলি কৰা হয়। তাতেই তেওঁ দিল্লীস্থ লোহাৰীৰ নৱাবৰ সংস্পৰ্শলৈ আহে আৰু কিছুদিন পাছত তেওঁৰ জীয়ৰীক বিয়া কৰাই।[3]

জন্ম আৰু শিক্ষা

[সম্পাদনা কৰক]

১৯০৫ চনৰ ১৩ মে' তাৰিখে পুৰণা দিল্লীৰ হাউজ কাজী নামৰ অঞ্চলত ফখৰুদ্দিন আলি আহমেদৰ জন্ম হৈছিল।[2]

উত্তৰ প্ৰদেশৰ গ'ণ্ডা জিলাৰ চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত তেওঁ শিক্ষাজীৱন আৰম্ভ কৰিছিল। তেওঁ দিল্লী চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰপৰা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হয় আৰু দিল্লীৰ ছেইণ্ট ষ্টিফেনছ কলেজত (পঞ্জাব বিশ্ববিদ্যালয়ৰ অধীনত) কিছুদিন পঢ়াৰ পাছত ১৯২৩ চনত উচ্চ শিক্ষা তথা ভাৰতীয় প্ৰশাসনিক সেৱাৰ বাবে সাজু হোৱাৰ হেতু ইংলেণ্ডলৈ গৈ কেম্ব্ৰিজৰ ছেইণ্ট কেথেৰিনছ কলেজত শিক্ষাগ্ৰহণ কৰে। কিন্তু শাৰীৰিক অসুস্থতাৰ বাবে তেওঁ ভাৰতীয় প্ৰশাসনিক সেৱাৰ পৰীক্ষাত বহাৰ পৰা বঞ্চিত হয়। ইংলেণ্ডত থকা কালছোৱাতেই তেওঁ লৰ্ড বাটলাৰৰ দৰে বিদগ্ধ লোকৰ সান্নিধ্য লাভ কৰিবলৈ সক্ষম হয়। ইংলেণ্ডতেই তেওঁ আইনৰ শিক্ষাও লাভ কৰে আৰু ভাৰতলৈ ঘূৰি আহি ১৯২৮ চনত লাহোৰ উচ্চ ন্যায়ালয়ত ওকালতি আৰম্ভ কৰে।[2][3]

ৰাজনৈতিক জীৱন

[সম্পাদনা কৰক]

১৯২৫ চনত ইংলেণ্ডত তেওঁ জৱাহৰলাল নেহৰুক লগ পায় আৰু তেওঁৰ ৰাজনৈতিক আদৰ্শই ফখৰুদ্দিন আলি আহমেদক বাৰুকৈয়ে প্ৰভাবিত কৰে। ১৯৩০ চনৰ অসম ভ্ৰমণৰ সময়চোৱাত তেওঁ অসমৰ কংগ্ৰেছী নেতা সকলৰ সংস্পৰ্শলৈ আহে আৰু ১৯৩১ চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাথমিক সদস্য পদত যোগদান কৰে। ১৯৪০ চনৰ ১৪ ডিচেম্বৰত সত্যাগ্ৰহ পালন কৰাৰ অভিযোগত তেওঁক প্ৰায় এবছৰৰ বাবে কাৰাগাৰালৈ নিক্ষেপ কৰা হয়। ১৯৪২ চনৰ ৯ আগষ্টত কংগ্ৰেছৰ ঐতিহাসিক বোম্বাই অধিবেশনত অংশগ্ৰহণ কৰি ঘূৰি অহাৰ ক্ষনতে তেওঁক পুনৰ গ্ৰপ্তাৰ কৰা হয় আৰু প্ৰায় চাৰে তিনি বছৰৰ বাবে কাৰাগাৰলৈ প্ৰেৰণ কৰে।[2] তেওঁ ১৯৩৬ চনৰপৰা অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সদস্য আৰু ১৯৪৭ চনৰপৰা ১৯৭৪ চনলৈ নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সদস্য আছিল। ১৯৩৫ চনত তেওঁ প্ৰথমবাৰৰ বাবে অসম বিধানসভালৈ নিৰ্বাচিত হয়। ১৯৩৮ চনৰ গোপীনাথ বৰদলৈৰ মন্ত্ৰীসভাত তেওঁ বিত্ত, ৰাজহ আৰু শ্ৰম মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰে। মন্ত্ৰিত্বৰ কালছোৱাত তেওঁ Assam Agricultural Income Tax Bill আদিৰ দৰে এখন গুৰুত্বপূৰ্ণ আইন বিধানসভাৰ মজিয়াত উত্থাপন কৰে। স্বাধীন ভাৰতৰ কোনো এখন ৰাজ্যতে তেতিয়ালৈ এনে আইন প্ৰনয়ন হোৱা নাছিল। ইয়াৰ জৰিয়তে অসমৰ চাহ বাগানবোৰত প্ৰত্যক্ষভাবে কৰ আৰোপ কৰাৰ ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছিল। বিৃটিছ মালিকানাধীন Assam Oil Company Ltdৰ শ্ৰমিক আন্দোলনৰ সময়তো তেওঁ ৰাজনৈতিক বিচক্ষনতা দেখুৱাবলৈ সক্ষম হৈছিল।

ভাৰতৰ স্বাধীনতাৰ পাছত তেওঁ ৰাজ্যসভালৈ (১৯৫২-১৯৫৩) নিৰ্বাচিত হয় আৰু পাছত অসম চৰকাৰৰ এডভোকেট জেনেৰেলৰ পদবী লাভ কৰে। তেওঁ কংগ্ৰেছ দলৰপৰা নিৰ্বাচনত অংশগ্ৰহণ কৰি একেলেথাৰিয়ে দুবাৰকৈ (১৯৫৭-১৯৬২) আৰু (১৯৬২-১৯৬৭) অসম বিধানসভালৈ নিৰ্বাচিত হয়। ১৯৭৪ চনৰ ২০ আগষ্ট তাৰিখে তেওঁ ভাৰতৰ সৰ্বোচ্ছ পদবী ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হয়। তেওঁ ভাৰতবৰ্ষৰ দ্বিতীয়জন মুছলমান ৰাষ্ট্ৰপতি। জৰুৰীকালীন অবস্থাৰ সময়ছোৱাত তেওঁৰ ভূমিকা সন্দৰ্ভত কিছু সমালোচনাৰ সন্মুখীন হোৱাৰ বাহিৰে তেওঁৰ কাৰ্য্যকাল আছিল সম্পূৰ্ণ নিকা আৰু দক্ষ।

১৯৬৭ আৰু ১৯৭১ চনত তেওঁ দুবাৰকৈ বৰপেটা সমষ্টিৰপৰা লোকসভালৈ নিৰ্বাচিত হয়। কেবিনেটত তেওঁ খাদ্য আৰু কৃষি, শিক্ষা, ঔদ্যোগিক বিকাশ আৰু কোম্পানী আইনকে আদি কৰি বহুকেইটা দপ্তৰ তেওঁ লাভ কৰিছিল। নেহেৰু পৰিয়ালৰ অতি ঘনিষ্ঠ হিচাপে পৰিচিত ফখৰুদ্দিন আলি আহমেদৰ ১৯৬৯ চনৰ কংগ্ৰেছৰ ঐতিহাসিক বিভাজনৰ পাছতো কংগ্ৰেছৰ সতে নিকট সম্পৰ্ক অটূত থাকে।

ফখৰুদ্দিন আলি আহমেদে ১৯৪৫ চনৰ ৯ নবেম্বৰ তাৰিখে উত্তৰ প্ৰদেশৰ বেগম আবিদা আহমেদৰ পাণি-গ্ৰহণ কৰে। আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ পৰা শিক্ষিতা আবিদা আহমেদেও পতিৰ পদাংক অনুসৰণ কৰি ১৯৮১ চনত উত্তৰ প্ৰদেশৰ পৰা লোকসভালৈ নিৰ্বাচিত হয়।

১৯৭৭ চনৰ ১১ ফেব্ৰুৱাৰী তাৰিখে দক্ষিণ পূব এছিয়াৰ ৰাষ্ত্ৰসমূহৰ এক ব্যস্ত ভ্ৰমণসূচী সামৰি অহাৰ পাছতেই হৃদৰোগত আক্ৰান্ত হৈ তেওঁৰ মৃত্যু হয়। ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা অৱস্থাতে মৃত্যু হোৱা তেওঁ ভাৰতৰ দ্বিতীয়জন ৰাষ্ট্ৰপতি। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭১ বছৰ।

১৯৭৫ চনত যুগোশ্লাভিয়াপ্ৰিষ্টিনা বিশ্ববিদ্যালয়ে ক'ছ'ভ'ত তেওঁক সন্মানীয় ডক্টৰেট উপাধি প্ৰদান কৰে।

ফখৰুদ্দিন আলি আহমেদ এগৰাকী বিচক্ষন ৰাজনীতিবিদ হোৱাৰ উপৰিও একাধাৰে এজন দক্ষ টেনিছ তথা গল্ফ খেলুৱৈও আছিল। তেওঁ বহুবাৰ অসম ফুটবল সন্থা আৰু অসম ক্ৰিকেট সন্থাৰ সভাপতি আৰু অসম ক্ৰীড়া পৰিষদৰ উপ-সভাপতি নিৰ্বাচিত হৈছিল।

১৯৬ চনৰ এপ্ৰিল মাহত তেওঁ সদৌ ভাৰত ক্ৰিকেট সন্থাৰ সভাপতি নিৰ্বাচিত হয়। তেওঁ ১৯৬১ চনৰপৰা দিল্লী গ'ল্ফ ক্লাব আৰু দিল্লী জিমখানা ক্লাবৰ সদস্য আছিল।

বৰপেটাত স্থাপিত অসমৰ পঞ্চমখন চিকিৎসা মহাবিদ্যালয় ফখৰুদ্দিন আলি আহমেদৰ নামেৰে 'ফখৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয়' ৰখা হৈছে।[4]

অধিক তথ্যৰ বাবে

[সম্পাদনা কৰক]
  • Speeches of President Fakhruddin Ali Ahmed, Publications Division, Ministry of Information and Broadcasting, Govt. of India, 1980.
  • My eleven years with Fakhruddin Ali Ahmed, F. A. A. Rehmaney. S. Chand, 1979.

উদ্ধৃতি

[সম্পাদনা কৰক]
  • Fakhruddin Ali Ahmed, M. A. Naidu, 1975
  • Fakhruddin Ali Ahmed, Attar Chand. Pub. Homeland, 1975.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]