সমললৈ যাওক

বৰাহগিৰি ভেংকট গিৰি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বৰাহগিৰি ভেংকট গিৰি
চতুৰ্থ ভাৰতৰ ৰাষ্ট্ৰপতি
কাৰ্যকাল
২৪ আগষ্ট ১৯৬৯ – ২৪ আগষ্ট ১৯৭৪
প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী
উপ ৰাষ্ট্ৰপতি গোপাল স্বৰূপ পাঠক
পূৰ্বসূৰী মহম্মদ হিদায়েতুল্লা (Acting)
উত্তৰসূৰী ফখৰুদ্দিন আলি আহমেদ
ভাৰতৰ কাৰ্যবাহী ৰাষ্ট্ৰপতি
কাৰ্যকাল
৩ মে ১৯৬৯ – ২০ জুলাই ১৯৬৯
প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী
পূৰ্বসূৰী জাকিৰ হুচেইন
উত্তৰসূৰী মহম্মদ হিদায়েতুল্লা (Acting)
ভাৰতৰ উপ-ৰাষ্ট্ৰপতি
কাৰ্যকাল
১৩ মে ১৯৬৭ – ৩ মে ১৯৬৯
ৰাষ্ট্ৰপতি জাকিৰ হুচেইন
পূৰ্বসূৰী জাকিৰ হুচেইন
উত্তৰসূৰী গোপাল স্বৰূপ পাঠক
কৰ্ণাটকৰ ৰাজ্যপাল
কাৰ্যকাল
২ এপ্ৰিল ১৯৬৫ – ১৩ মে ১৯৬৭
মুখ্যমন্ত্ৰী এচ নিজলিংগাপ্পা
পূৰ্বসূৰী Satyawant Mallannah Shrinagesh
উত্তৰসূৰী Gopal Swarup Pathak
Governor of Kerala
কাৰ্যকাল
1 July 1960 – 2 April 1965
Chief Minister Pattom Thanu Pillai
R. Sankar
পূৰ্বসূৰী Burgula Ramakrishna Rao
উত্তৰসূৰী Ajit Prasad Jain
Governor of Uttar Pradesh
কাৰ্যকাল
10 June 1956 – 30 June 1960
Chief Minister Sampurnanand
পূৰ্বসূৰী Kanhaiyalal Maneklal Munshi
উত্তৰসূৰী Burgula Ramakrishna Rao
ব্যক্তিগত তথ্য
জন্ম ১০ আগষ্ট, ১৮৯৪
Berhampur, British Raj (now India)
মৃত্যু ২৩ জুন, ১৯৮০ (৮৫ বছৰ)
Madras, India
ৰাজনৈতিক দল Indian National Congress (1916–present)
আন ৰাজনৈতিক
সম্পৰ্ক
Sinn Féin (Before 1916)
দাম্পত্যসঙ্গী Saraswati Bai
শিক্ষানুষ্ঠান University College Dublin
স্বাক্ষৰ Varahagiri Venkatagiri Signature in English

'বৰাহগিৰি বেংকটগিৰি (ইংৰাজী: Varahagiri Venkata Giri) (১৮৯৪-১৯৮০) ভাৰতৰ চতুৰ্থ গৰাকী ৰাষ্ট্ৰপতি আছিল। তেওঁ বিভিন্ন ৰাজ্যত ৰাজ্যপাল হিচাপে কৰ্মৰত আছিল। তেওঁ ১৯৬৯ চনত ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে কাৰ্য্যভাৰ গ্ৰহন কৰে। তেওঁ জৱাৰহৰলাল নেহেৰু মন্ত্ৰীসভাৰ শ্ৰম আৰু উদ্যোগ দপ্তৰৰ মন্ত্ৰী আছিল। শ্ৰীলঙ্কাত ভাৰত হাইকমিচনাৰ হিচাপে নিযুক্তি লাভ কৰিছিল আৰু অখিল ভাৰতী ট্ৰেড ইউনিয়ন কংগ্ৰেছৰো অধ্যক্ষ আছিল। স্বাধীনাত সংগ্ৰামৰ এগৰাকী মুক্তি যুঁজাৰু আছিল। ১৯৭৫ চনত ভাৰত চৰকাৰে তেওঁক দেশৰ সৰ্বোচ্চ সন্মান ভাৰত-ৰত্ন উপাধি প্ৰদান কৰে।[1]

জন্ম আৰু পৰিয়াল

[সম্পাদনা কৰক]

বৰাহগিৰি বেংকটগিৰিৰ ১৮৯৪ চনৰ ১০ আগষ্ট তাৰিখে উৰিষ্যাৰ গঞ্জাম জিলাৰ বৰহমপুৰত জন্ম হয়। তেওঁৰ পত্নীৰ নাম আছিল সৰস্বতী গিৰি। বৈবাহিক জীৱনৰ সাক্ষী হিচাপে তেওঁলোকৰ চাৰিজন পুতেক আৰু ৭ গৰাকী কন্যা আছিল।[1]

শিক্ষা জীৱন

[সম্পাদনা কৰক]

বৰাহগিৰি বেংকটগিৰি হাইস্কুলীয়া শিক্ষা শেষ কৰাৰ পিছত, মাদ্ৰাজলৈ যায় আৰু মাদ্ৰাজৰ বিশ্ববিদ্যালয়ত নাম ভৰ্তি কৰে। মাদ্ৰাজ বিশ্ববিদ্যালয়ৰ পৰাই তেওঁ সুখ্যাতিৰে স্নাতক পৰীক্ষাত উত্তীৰ্ণ হয় আৰু পিছত আইন পঢ়িবলৈ আয়াৰল্যেণ্ডলৈ ৰাওনা হয়। তাৰ ডাৱলিনৰ নেশ্যনেল ইউনিভাৰটিটী অৱ আয়াৰল্যাণ্ডৰ পৰা এদিন সুখ্যাতিৰে আইন উপাধি লাভ কৰিবলৈ সক্ষম হয়।[1]

ৰাজনৈতিক জীৱন

[সম্পাদনা কৰক]

১৯১৪ চনত দক্ষিণ আফ্ৰিকাত হোৱা সংগ্ৰামৰ পিছত বৰাহগিৰি বেংকটগিৰি ডাৱলিনত ভাৰতীয় সমাজ গঠনত বিশেষভাবে অৰিহণা যোগায় আৰু সেইবছৰতে তেওঁ মহাত্মগান্ধীৰ লগত সাক্ষাত হয়। ইয়াৰ পৰা তেওঁৰ ৰাজনৈতিক জীৱন আৰম্ভ হয়। ১৯১৬ চনত আয়াৰল্যাণ্ডত হোৱা ইষ্টাৰ বিদ্ৰোহে তেওঁক অধিক অনুপ্ৰাণিত কৰে। ১৯৭৮চনত তেওঁ ভাৰতত লেবাৰ পাৰ্টিও প্ৰতিষ্ঠা কৰে। তেওঁৰ চেষ্ঠাতে পোনপ্ৰথম বাৰৰ বাবে পৰিবহণ বনুৱা সংঘ স্থাপন হয়। অখিল ভাৰতীয় ৰেলৱে কৰ্মচাৰী সংগঠনৰো তেওঁ অন্যতম গুৰি ধৰোঁতা আছিল। ৰেলৱে কৰ্মচাৰী সংগঠনৰ সাধাৰণ সম্পাদকৰ দায়িত্বত তেওঁ ৭ বছৰ কাল কাৰ্যনিবাহ কৰিছিল। ১৯২১ চনৰ অসহযোগ আন্দোলনত অংশ গ্ৰহণ কৰি তেওঁ জেল জীৱনো কটায়। জেলৰ পৰা মুক্তি পোৱাৰ পিছত তেওঁ বেংগল-নাগপুৰ ৰেলৱে কৰ্মীসকলক লৈ এক বৃহৎ সংগঠন গঢ়ি তোলে। ১৯২৬ চনত তেওঁ সদৌ ভাৰত ট্ৰেড ইউনিয়ন কংগ্ৰেছৰ সভাপতি মনোনীত হয়। ১৯২৭ চনত তেওঁ জেনেভাত অনুষ্ঠিত হোৱা আন্তঃ ৰাষ্ট্ৰীয় মজদুৰ সংগঠনৰ সন্মিলনলৈ সৰ্বভাৰতীয় ট্ৰেড ইউনিয়নৰ কংগ্ৰেছৰ প্ৰতিনিধি হিচাপে যোগদান কৰে। [1]

কৰ্ম জীৱন

[সম্পাদনা কৰক]

১৯৩১ চনত তেওঁ লণ্ডনত আয়োজিত ঘুৰণীয়া মেজমেললৈ ভাৰতৰ বনুৱা প্ৰতিনিধি ৰূপে যোগদান কৰিছিল।১৯৩৭ চনত তেওঁ মাদ্ৰাজ বিধান সভাৰ সদস্যৰূপে নিৰ্বাচিত হয় আৰু ১৯৩৭ চনৰ পৰাই ১৯৩৯ চনলৈ টি, প্ৰকাশম মন্ত্ৰী সভাত শ্ৰম আৰু উদ্যোগ দপ্তৰৰ মন্ত্ৰী নিযুক্ত হয়। ১৯৩৭ চনত তেওঁ ৰাষ্ট্ৰীয় পৰিকল্পনা কমিটীৰ আহ্বায়ক হিচাপেও কিছুদিন কাম কৰিছিল। ১৯৭৪ চনত বৰাহগিৰি বেংকটগিৰি শ্ৰীলঙ্কাত ভাৰতৰ হাইকমিছনাৰ হিচাপে নিযুক্তি লাভ কৰে। ১৯৫২ চনত সাধাৰণ নিৰ্বাচনত তেওঁ মাদ্ৰাজৰ পথপত্তনম সমষ্টিৰ পৰা লোকসভাৰ সদস্য নিৰ্বাচিত হয়। তেওঁ ১৯৫২ চনৰ পৰা ১৯৫৪ চনলৈ জৱাহৰলালা নেহেৰু কেন্দ্ৰীয় মন্ত্ৰীসভাৰ শ্ৰম আৰু উদ্যোগ দপ্তৰৰ মন্ত্ৰী নিযুক্ত হয়। বৰাহগিৰি বেংকটগিৰি বিভিন্ন ৰাজ্যাত ৰাজ্যপাল হিচাপে কৰ্মৰাত আছিল। ১৯৫৭ চনৰ পৰা ১৯৬০ চনলৈকে উত্তৰ প্ৰদেশৰ, ১৯৬১ চনৰ পৰা১৯৬৫ চনলৈকে কেৰালাৰ, ১৯৬৫ চনৰ পৰা ১৯৬৭চনলৈ মাদ্ৰাজৰ আৰু কিছুদিনৰ কাৰণে তেওঁ মহিশূৰ ৰাজ্যৰো ৰাজ্যপাল ৰূপে আছিল। তাৰ পিছত ১৯৬৭ চনৰ পৰা ১৯৬৯ চনলৈ তেওঁ ভাৰতৰ উপ-ৰাষ্ট্ৰপতি নিৰ্বাচিত হৈছিল। কিন্তু ১৯৬৯ চনত হঠাত্ ডঃ জাকিৰ হুছেইনৰ পৰোলক প্ৰপ্তি ঘটাত ৰাষ্ট্ৰপতি পদ খালি হয় আৰু ১৯৬৯ চনৰ ২০ আগষ্টৰ দিনা বৰাহগিৰি বেংকটগিৰি বিজয়ী হৈ ভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হয়। ১৯৬৯ চনৰ ২৪ আগষ্টৰ দিনা ৭৫ বছৰ বয়সত বৰাহগিৰিয়ে ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰে। [1]

পুৰস্কাৰ প্ৰাপ্ত বঁটা

[সম্পাদনা কৰক]
  1. ভাৰত ৰত্ন বঁটা (১৯৭৫),[2]

বৰাহগিৰি বেংকতগিৰিৰ ১৯৮০ চনৰ ২৪ জুন তাৰিখ মঙ্গলবাৰে মাদ্ৰাজত পৰলোক প্ৰাপ্তি ঘটে। ২৫ জুনৰ আবেলি ৫ বাজি ৩৬ মিনিট যোৱাত মাইলাপুৰ শ্মশানত পূৰ্ণ সামৰিক মৰ্যাদাৰে তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স ৮৫ বছৰ হৈছিল। তেওঁ ইহ সংসাৰত ৪ দন পুতেক আৰু ৭ গৰাকী কন্যা এৰি গৈছে। তেওঁৰ পত্নী সৰস্বতী গিৰিৰ ১৯৭৮ চনত পৰলোক ঘটিছিল।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. 1.0 1.1 1.2 1.3 1.4 সমীন কলিতা. ভাৰত-ৰত্ন. অজয় কুমাৰ দত্ত, ষ্টুডেণ্টচ্ ষ্ট'ৰচ্. পৃষ্ঠা. ৬৪,৬৫,৬৬,৬৭,৬৮. 
  2. "Padma Awards Directory (1954-2007)". Ministry of Home Affairs. Archived from the original on 10 April 2009. https://web.archive.org/web/20090410024701/http://www.mha.nic.in/pdfs/PadmaAwards1954-2007.pdf। আহৰণ কৰা হৈছে: 7 December 2010.