আৰ ভেঙ্কটৰমন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰামাস্বামী ভেঙ্কটৰমন

আৰ ভেঙ্কটৰমন
ভাৰতৰ অষ্টমজন ৰাষ্ট্ৰপতি
কাৰ্যকাল
২৫ জুলাই ১৯৮৭ – ২৫ জুলাই ১৯৯২
প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধী
ভি.পি. সিং
চন্দ্ৰ শেখৰ
পি.ভি. নৰসিংহ ৰাও
উপ ৰাষ্ট্ৰপতি শংকৰ দয়াল শৰ্মা
পূৰ্বসূৰী জেইল সিং
উত্তৰসূৰী শংকৰ দয়াল শৰ্মা
ভাৰতৰ সপ্তমজন উপ-ৰাষ্ট্ৰপতি
কাৰ্যকাল
৩১ আগষ্ট ১৯৮৪ – ২৪ জুলাই ১৯৮৭
ৰাষ্ট্ৰপতি জেইল সিং
প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী
ৰাজীৱ গান্ধী
পূৰ্বসূৰী মহম্মদ হিদায়েৎতুল্লা
উত্তৰসূৰী শংকৰ দয়াল শৰ্মা
গৃহ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী
কাৰ্যকাল
২২ জুন ১৯৮২ – ২ ছেপ্টেম্বৰ ১৯৮২
প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী
পূৰ্বসূৰী জেইল সিং
উত্তৰসূৰী প্ৰকাশ চন্দ্ৰ শেঠী
প্ৰতিৰক্ষা বিভাগৰ মন্ত্ৰী
কাৰ্যকাল
১৫ জানুৱাৰী ১৯৮২ – ২ আগষ্ট ১৯৮৪
প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী
পূৰ্বসূৰী ইন্দিৰা গান্ধী
উত্তৰসূৰী শংকৰাও চাৱন
বিত্ত বিভাগৰ মন্ত্ৰী
কাৰ্যকাল
১৪ জানুৱাৰী ১৯৮০ – ১৫ জানুৱাৰী ১৯৮২
প্ৰধানমন্ত্ৰী বিত্ত বিভাগৰ মন্ত্ৰী
পূৰ্বসূৰী হেম্বতী নন্দন বহুগুণা
উত্তৰসূৰী প্ৰণৱ মুখাৰ্জী
ব্যক্তিগত তথ্য
জন্ম
ৰামাস্বামী ভেঙ্কটৰমন

৪ ডিচেম্বৰ, ১৯১০
ৰাজমাদাম, মাদ্ৰাছ প্ৰদেশ, ব্ৰিটিছশাসিত ভাৰত
( এতিয়া তামিল নাডু, ভাৰত)
মৃত্যু ২৭ জানুৱাৰী, ২০০৯ (৯৮ বছৰ)
নতুন দিল্লী, ভাৰত
ৰাজনৈতিক দল ভাৰতীয় জাতীয় কংগ্ৰেছ
দাম্পত্যসঙ্গী জানকী ভেঙ্কটৰমন
শিক্ষানুষ্ঠান লয়লা কলেজ, মাদ্ৰাছ বিশ্ববিদ্যালয়
জীৱিকা
স্বাক্ষৰ

ৰামাস্বামী ভেঙ্কটৰমন (৪ ডিচেম্বৰ ১৯১০ – ২৭ জানুৱাৰী ২০০৯)[1][2] আছিল এগৰাকী ভাৰতীয় অধিবক্তা, ভাৰতীয় স্বাধীনতা আন্দোলনৰ সক্ৰিয় সংগ্ৰামী, আৰু এগৰাকী ৰাজনীতিবিদ। তেওঁ এগৰাকী কেবিনেট মন্ত্ৰীৰ দায়িত্ব পালন কৰাৰ উপৰিও ভাৰতৰ অষ্টমজন ৰাষ্ট্ৰপতিৰ পদতো অধিষ্ঠিত হৈছিল।[3]

প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক]

ভেঙ্কটৰমনৰ জন্ম হৈছিল বৰ্তমানৰ তামিলনাডুৰ অন্তৰ্গত তাঞ্জোৰ জিলাৰ পাট্টুকট্টাইৰ ৰাজমাদাম গাঁৱত। তেওঁ এটা আয়াৰ পৰিয়ালত জন্মলাভ কৰিছিল। তেওঁ স্কুলীয়া শিক্ষা পাট্টুকট্টাইৰ চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা গ্ৰহণ কৰিছিল, আৰু তিৰুচিৰাপল্লীস্থিত নেশ্যনেল কলেজৰ পৰা উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ হয়। তাৰপিছত তেখেতে চেন্নাইৰ লয়লা কলেজৰপৰা অৰ্থনীতিত স্নাতক ডিগ্ৰী লাভ কৰে। মাদ্ৰাছত থকা আইন মহাবিদ্যালয়ৰ পৰা তেওঁ আইনী শিক্ষা গ্ৰহণ কৰে। ১৯৩৫ চনত ভেঙ্কটৰমন মাদ্ৰাছ উচ্চ ন্যায়ালয়ত আৰু ১৯৫১ চনত উচ্চতম ন্যায়ালয়ত নিযুক্ত হয়।[4]

ভাৰতৰ স্বাধীনতা সংগ্ৰামত[সম্পাদনা কৰক]

আইনী-সেৱাৰ লগত জড়িত হৈ থকা কালতে ভেঙ্কটৰমন ভাৰতীয় স্বাধীনতা আন্দোলনৰ দ্বাৰা প্ৰভাৱান্বিত হয়। ভাৰতীয় জাতীয় কংগ্ৰেছৰ লগত তেওঁৰ সক্ৰিয় সহযোগিতা, আৰু ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনত অংশগ্ৰহণৰ ফলত তেওঁক দুবছৰ আটক কৰি ৰখা হৈছিল। সেইসময়তো তেওঁৰ আইনৰ প্ৰতি আকৰ্ষণ কমি যোৱা নাছিল। ১৯৪৬ চনত ব্ৰিটিছৰ পৰা স্বাধীনতা-প্ৰাপ্তিৰ আগমুহূৰ্তত কেইগৰাকীমান ভাৰতীয় স্বাধীনতা-সেনানীৰ সপক্ষে আইনী-যুঁজত নামিবলৈ তেওঁক ভাৰত চৰকাৰে মালায়া আৰু ছিংগাপুৰলৈ প্ৰেৰণ কৰিছিল। ১৯৪৭ৰ পৰা ১৯৫০ চনলৈ ভেঙ্কটৰমনে মাদ্ৰাছ প্ৰাদেশিক বাৰ ফেদাৰেছনৰ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।[5]

ৰাজনৈতিক জীৱন[সম্পাদনা কৰক]

ভাৰতৰ ৰাষ্ট্ৰপতি হৈ থকাৰ কালত ভেঙ্কটৰমনে ১১খন ৰাজ্যৰ লগত ৰাছিয়া, পাকিস্তান, জাপান আৰু চীন দেশ ভ্ৰমণ কৰিছিল।[6]

আইন আৰু বাণিজ্য সম্পৰ্কীয় কাম-কাজত জড়িত হৈ থকাৰ ফলত ভেঙ্কটৰমনৰ ৰাজনীতিৰ লগত সম্পৰ্ক ঘনিষ্ঠ হ'বলৈ ধৰিছিল। ভাৰতীয় সংবিধান ৰচনা কৰা গোটটোৰো তেওঁ এগৰাকী সদস্য আছিল। স্বৰাজোত্তৰ ভাৰতৰ (১৯৫২-৫৭ চনৰ) প্ৰথমখন সংসদলৈ তেওঁ নিৰ্বাচিত হৈছিল। ১৯৫৩-৫৪ চনৰ কংগ্ৰেছ সংসদীয় দলৰ সম্পাদকৰ পদত নিযুক্ত হৈছিল। তদুপৰি নিউজিলেণ্ডত অনুষ্ঠিত হোৱা কমনৱেলথ সংসদীয় সন্মিলনীৰ ভাৰতীয় সঁজাতী দলটোৰো তেওঁ এজন সদস্য আছিল। ১৯৫৭ চনত তেওঁ পুনৰ সংসদলৈ নিৰ্বাচিত হৈছিল যদিও মাদ্ৰাছৰ ৰাজ্য চৰকাৰৰ মন্ত্ৰীৰ পদত বহিবলগীয়া হোৱাৰ বাবে তেওঁ সেই আসন ত্যাগ কৰে। মাদ্ৰাছত তেওঁ ১৯৫৭ চনৰ পৰা ১৯৬৭ চনলৈকে উদ্যোগ,শ্ৰম, শক্তি, কৰ্পৰেচন, ব্যৱসায়িক কৰ, আৰু যাতায়াতৰ বিভাগকেইটাৰ নেতৃত্ব বহন কৰে। সেইখিনি সময়তে তেওঁ মাদ্ৰাছ বিধান পৰিষদৰো নেতা আছিল।[5]

১৯৮০ চনত ভেঙ্কটৰমন পুনৰ লোকসভালৈ নিৰ্বাচিত হয় আৰু সেইসময়ৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী নেতৃত্বাধীন চৰকাৰখনৰ বিত্ত বিভাগৰ দায়িত্ব চম্ভালে। পাছলৈ তেওঁ প্ৰতিৰক্ষা মন্ত্ৰী হিচাপে নিযুক্তি পায়। ভাৰতৰ মিছাইল আঁচনিখনক অগ্ৰগতি প্ৰদান কৰাত তেওঁৰ বিশেষ ভূমিকা আছে বুলি কোৱা হয়। এ পি জে আব্দুল কালামক তেওঁ মহাকাশ আঁচনিৰ পৰা মিছাইল আঁচনিলৈ লৈ আহে আৰু মিছাইলৰ সমগ্ৰ আঁচনিখনক তেওঁ "ইণ্ট্ৰিগেটেড গাইডেড মিছাইল ডেভেলপমেণ্ট প্ৰগ্ৰাম" হিচাপে অভিহিত কৰে।[7] পৰৱৰ্তী সময়ত তেওঁ ভাৰতৰ উপ-ৰাষ্ট্ৰপতি আৰু ১৯৮৭ চনত তেওঁ ৰাষ্ট্ৰপতিৰ পদত অধিষ্ঠিত হয়। ৰাষ্ট্ৰপতি হৈ থকা কালছোৱাত তেওঁ চাৰিজন প্ৰধানমন্ত্ৰীৰ লগত কাম কৰাৰ সুযোগ লাভ কৰে আৰু ভি পি সিং, চন্দ্ৰ শেখৰ, পি ভি নৰসিংহ ৰাওক শপতবাক্য পাঠ কৰোৱাৰ সুযোগ লাভ কৰে।[8][9]

মৃত্যু[সম্পাদনা কৰক]

২০০৯ চনৰ ১২ জানুৱাৰীত ভেঙ্কটৰমনক আৰ্মী হাস্পতাললৈ প্ৰেৰণ কৰা হয়। তেওঁ ইউৰ'ছেপছিছ নামৰ ৰোগ এটাত আক্ৰান্ত হৈছিল।[10]২০ জানুৱাৰীত তেওঁ অৱস্থা গুৰুতৰ হৈ পৰে আৰু তেওঁ নিম্ন ৰক্ত চাপ আৰু ই.কলি ট্ৰেক্টৰ দ্বাৰা সংক্ৰমিত হয়।

অৱশেষত ২০০৯ চনৰ ২৭ জানুৱাৰীত, ২:৩০ বজাত, নতুন দিল্লীস্থ আৰ্মী হাস্পতালত ৰামাস্বামী ভেঙ্কটৰমনে ৯৮ বছৰ বয়সত মৃত্যুবৰণ কৰে।[10][11]

ভেঙ্কটৰমনৰ দ্বাৰা লিখিত/সংকলিত গ্ৰন্থ[সম্পাদনা কৰক]

  • ৰ'ল অৱ প্লেনিং ইন ইণ্ড্ৰাষ্ট্ৰিয়েল ডেভেলপমেণ্ট (Role of Planning in Industrial Development), ভাৰত চৰকাৰ প্ৰেছ,১৯৬৯.
  • দা ৰ'ল অৱ এ প্ৰাইভেট মেম্বাৰ অৱ পাৰ্লিয়ামেণ্ট(The Role of a Private Member of Parliament, হেৰল্ড লাছকি ৰাজনীতি বিজ্ঞান প্ৰতিষ্ঠানৰ দ্বাৰা ১৯৮৬ চনত প্ৰকাশিত।
  • মাই প্ৰেছিডেঞ্চিয়েল ইয়েৰছ্(My Presidential Years), হাৰ্পাৰ কলিনছ, ১৯৯৫ আই.এচ.বি.এন. 81-7223-202-0.
  • ভেঙ্কটৰমন অন কণটেম্পৰাৰী ইছ্যুছ(Venkataraman on Contemporary Issues), লেখক: আৰ. ভেঙ্কটৰমন আৰু কে. ভেংকটসুব্ৰমনিয়াম। ভেৰিয়েণ্ট কমিউনিকেছ্যনছৰ দ্বাৰা ১৯৯৬ চনত প্ৰকাশিত।
  • দা ৰিলেভেন্স অৱ গান্ধী:এণ্ড আডাৰ এছেইছ(The Relevance of Gandhi: And Other Essays),লেখক: কে স্বামীনাথন,আৰ. ভেঙ্কটৰমন, ১৯৯৮ চনত গান্ধীগ্ৰাম ন্যাসৰ দ্বাৰা প্ৰকাশিত।[12]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. Encyclopaedia Britannica, Inc. (1 January 2010). Encyclopaedia Britannica Almanac 2010. Encyclopaedia Britannica, Inc.. পৃষ্ঠা. 87–. ISBN 978-1-61535-329-3. https://books.google.com/books?id=kd2bAAAAQBAJ&pg=PA87. 
  2. Vinay Kumar (28 January 2009) R. Venkataraman passes away. The Hindu
  3. "Shri Ramaswami Venkataraman – R.Venkataraman – Past President of India". Pastpresidentsofindia.indiapress.org. http://pastpresidentsofindia.indiapress.org/venkat.html। আহৰণ কৰা হৈছে: 13 September 2012. 
  4. Venkataraman presided over the change to era of coalitions Archived 2009-01-29 at the Wayback Machine The Hindu, 28 January 2009.
  5. 5.0 5.1 "Finance Ministers of India". https://www.indiainfoline.com/finance-ministers-of-india/ramaswamy-venkataraman. 
  6. "DETAILS OF MEDIA PERSONS ACCOMPANYING THE PRESIDENT IN HIS/HER VISITS ABROAD SINCE 1947 TO 2012". The President's Secretariat. Archived from the original on 17 August 2013. https://web.archive.org/web/20130817094728/http://rashtrapatisachivalaya.gov.in/media_abroad.pdf। আহৰণ কৰা হৈছে: 5 June 2013. 
  7. Venkataraman responsible for shaping missile programme: Kalam The Hindu, 27 January 2009.
  8. Former President Venkataraman passes away Archived 2012-10-23 at the Wayback Machine The Times of India, 28 January 2009.
  9. Former President R Venkataraman passes away Indian Express, 27 January 2009.
  10. 10.0 10.1 "Former President R Venkataraman dies". NDTV. Archived from the original on 31 January 2009. https://web.archive.org/web/20090131152540/http://www.ndtv.com/convergence/ndtv/story.aspx?id=NEWEN20090081563. 
  11. "Former President Venkataraman dead". Sindh Today. 27 January 2009. Archived from the original on 31 January 2009. https://archive.is/20090131060735/http://www.sindhtoday.net/south-asia/56521.htm. 
  12. https://tribunehindi.com/remembering-r-venkataraman-the-eighth-president-of-india/

বাহ্যিক সংযোগ[সম্পাদনা কৰক]