৪ ডিচেম্বৰ
নেভিগেশ্যনলৈ যাওক
সন্ধানলৈ যাওক
৪ ডিচেম্বৰ (ইংৰাজী: 4 December) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৩৩৮ তম (অধিবৰ্ষত ৩৩৯ তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৭টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা –
ঘটনাৰাজী[সম্পাদনা কৰক]
- ১৯২১ চনৰ আজিৰ দিনটোতে কবি সাহিত্যিক নলিনীধৰ ভট্টাচাৰ্যৰ জন্ম হৈছিল।
- ২০০৬ বৰ্ষৰ আজিৰ দিনটোতে শিক্ষাবিদ আৰু অৰ্থনীতিবিদ,অসমীয়া ভাষাত অসমৰ অৰ্থনীতি বিষয়ক গ্ৰন্থ লিখা প্ৰথমজন ব্যক্তি ভৱানন্দ ডেকাই মৃত্যু বৰণ কৰিছিল।
- ২০১১ চনৰ আজিৰ দিনটোতে সাহিত্যিক, ইতিহাস গৱেষক তথা সমাজকৰ্মী, কামতা সাহিত্য ৰত্ন, অম্বিকাচৰণ চৌধুৰীৰ মৃত্য়ু হৈছিল।
- ২০১০ চনৰ আজিৰ দিনটোতে ভাৰতীয় ফুটবল খেলুৱৈ ৰবিন গুৰুঙ-এ কলকাতাৰ ছল্ট লেক ষ্টেডিয়ামত অ' এন জি চি দলৰ হৈ ইষ্ট বেংগল দলৰ বিৰুদ্ধে নিজৰ পেছাদাৰী ফুটবল কেৰিয়াৰৰ পাতনি মেলে।
- ১৯৯৭ চনৰ আজিৰ দিনটোতে ভাৰত গণতন্ত্ৰৰ ১১শ লোকসভা ভঙ্গ কৰি দিয়া হয়।
- ১৮২৯ চনৰ আজিৰ দিনটোতে ভাৰতবৰ্ষত সতীদাহ প্ৰথা নিষিদ্ধ হৈছিল। আৰু ইয়াৰ প্ৰধান উদ্যোক্তা আছিল লৰ্ড বেণ্টিক।
- ১৯১০ চনৰ আজিৰ দিনটোতে ভাৰতৰ অষ্টম ৰাষ্ট্ৰপতি ৰামস্বামী ভেংকটৰমণৰ জন্ম হয়।
- ১৯১০ চনৰ আজিৰ দিনটোতে ভাৰতীয় টে'ষ্ট ক্ৰিকেটাৰ অমৰ সিঙৰ জন্ম হৈছিল।
- আজি ভাৰতৰ নৌ সেনা দিৱস।
- ইংৰাজ চিন্তাবিদ আৰু প্ৰসিদ্ধ সাহিত্যিক টমাছ কাৰ্লাইলৰ জন্ম হৈছিল আজিৰ দিনটোতে। তেওঁ ফ্ৰেন্স ৰিভিলিউচনৰ ৰচয়িতা ৰূপে বিখ্যাত আছিল।
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
![]() |
ৱিকিমিডিয়া কমন্সত ৪ ডিচেম্বৰ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- বিবিচি: এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা
- দ্য নিউ য়ৰ্ক টাইমচ: এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা
|