সমললৈ যাওক

এলবাৰ্ট বান্দুৰা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
এলবাৰ্ট বান্দুৰা

জন্ম ৪ ডিচেম্বৰ, ১৯২৫ (১০০ বছৰ)
মানডেয়াৰ, আলবাৰ্টা, কানাডা
জাতীয়তা
  • কানাডীয়ান
  • আমেৰিকান
ক্ষেত্ৰ মনোবিজ্ঞান, ক্ৰিয়াৰ দৰ্শন (Philosophy of Action)
কৰ্মস্থান ষ্টেনফৰ্ড বিশ্ববিদ্যালয়
শিক্ষানুষ্ঠান বিৰ্টিছ কলম্বিয়া বিশ্ববিদ্যালয়,
আইৱা বিশ্ববিদ্যালয়
জনা যায় সামাজিক বোধগত তত্ত্ব,
স্ব-কাৰ্যকাৰিতা
সামাজিক শিকন তত্ত্ব
ব'ব পুতলাৰ পৰীক্ষা
মানৱ এজেঞ্জী
পাৰস্পৰিক নিৰ্ণয়বাদ
প্ৰভাৱ ৰবাৰ্ট ছিয়েৰ্ছ, ক্লাৰ্ক হাল, কেনেথ স্পেনছ, আৰ্থাৰ লেষ্টাৰ বেণ্টন, নিল মিলাৰ
প্ৰভাৱান্বিত কৰিছে বোধগত মনোবিজ্ঞান, সামাজিক মনোবিজ্ঞান

এলবাৰ্ট বান্দুৰা (ইংৰাজী: Albert Bandura, জন্ম-৪ ডিচেম্বৰ ১৯২৫) হৈছে এগৰাকী কানাডীয়-আমেৰিকান মনোবিজ্ঞানী। তেখেত ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ মনোবিজ্ঞান বিভাগত ডেভিড ষ্টাৰ জৰ্ডান প্ৰফেচাৰ এমিৰেটাছ। মনোবিজ্ঞান আৰু শৈক্ষিক ক্ষেত্ৰখনলৈ আগবঢ়োৱা একাধিক উল্লেখযোগ্য বৰঙণিৰ বাবে বান্দুৰা জনাজাত। তেখেতৰ কেইখনমান ঘাঁই বিচৰণস্থলী হৈছে-সামাজিক বোধগত তত্ত্ব, থেৰাপি, আৰু ব্যক্তিত্ব মনোবিজ্ঞান। আচৰণবাদ আৰু বোধগত মনোবিজ্ঞানৰ মাজত একধৰণৰ উত্তৰণ ঘটোৱাৰ ক্ষেত্ৰত বান্দুৰাৰ ভূমিকা লেখত ল'বলগীয়া। বান্দুৰাই সামাজিক শিকন তত্ত্ব (যাক সামাজিক বোধগত তত্ত্ব হিচাপে পুনৰ নামকৰণ কৰা হৈছে), স্ব-কাৰ্যকাৰিতা আৰু পৰ্যবেক্ষণমূলক শিকনলৈ প্ৰভাৱশালী বৰঙণি আগবঢ়াইছে। তেখেতৰ তত্ত্বাৱধানত সম্পন্ন হোৱা ব'ব' পুতলাৰ পৰীক্ষা স্মৰণীয়।

২০০২ চনত সম্পন্ন হোৱা এটা বিশেষ জৰীপে কৈছিল যে-কুৰি শতিকাৰ সততে উচ্চাৰিত আৰু উদ্ধৃত মনোবিজ্ঞানীৰ ভিতৰত তেখেত অন্তৰ্ভুক্ত। বি.এফ. স্কিনাৰ, ছিগমণ্ড ফ্ৰয়েড আৰু জিন পিয়াগেটৰ পিছতেই তেখেতৰ স্থান।[1] বান্দুৰাক জীৱিত অৱস্থাত থকা মহান মনোবিজ্ঞানীৰ তালিকাত ব্যাপক ৰূপত সন্নিৱিষ্ট কৰা হয়।[2][3][4][5] ইয়াৰ লগতে তেখেতক সৰ্বকালৰ এগৰাকী প্ৰভাৱশালী মনোবিজ্ঞানী হিচাপে গণ্য কৰা হয়।[6][7]

লগতে চাওক

[সম্পাদনা কৰক]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Haggbloom S.J. (2002). The 100 most eminent psychologists of the 20th century, Review of General Psychology, 6 (2). 139–152.
  2. "Showcasing The Very Best Online Psychology Videos". All-about-psychology.com. http://www.all-about-psychology.com/psychology-videos.html আহৰণ কৰা হৈছে: December 30, 2010.
  3. Foster, Christine (July 2, 2003). "STANFORD Magazine: September/October 2006 > Features > Albert Bandura". Stanfordalumni.org. http://www.stanfordalumni.org/news/magazine/2006/sepoct/features/bandura.html আহৰণ কৰা হৈছে: December 30, 2010.
  4. Vancouver, The (December 6, 2007). "Canadian-born psychology legend wins $200,000 prize". Canada.com. http://www.canada.com/vancouversun/news/story.html?id=48cdc46f-fa8a-4f03-8be2-5463567e17cf আহৰণ কৰা হৈছে: December 30, 2010.
  5. Clay, Rebecca A. (March 2016). "Albert Bandura receives National Medal of Science" (en ভাষাত). Monitor on Psychology খণ্ড 47 (3): 8. https://www.apa.org/monitor/2016/03/upfront-bandura আহৰণ কৰা হৈছে: 12 February 2020.
  6. "10 Most Influential Psychologists". Psychology.about.com. September 24, 2010. Archived from the original on January 21, 2016. https://web.archive.org/web/20160121093736/http://psychology.about.com/od/historyofpsychology/tp/ten-influential-psychologists.htm আহৰণ কৰা হৈছে: December 30, 2010.
  7. C. George Boeree (December 4, 1925). "Albert Bandura". Webspace.ship.edu. http://webspace.ship.edu/cgboer/bandura.html আহৰণ কৰা হৈছে: December 30, 2010.