সমললৈ যাওক

মনোবিজ্ঞান

অসমীয়া ৱিকিপিডিয়াৰ পৰা

মনোবিজ্ঞান (ইংৰাজী: Psychology) মন আৰু আচৰণৰ বৈজ্ঞানিক অধ্যয়ন।[1][2] ইয়াৰ বিষয়-বস্তুৰ ভিতৰত মানুহ আৰু অন্যান্য প্ৰাণীৰ আচৰণ, চেতন আৰু অচেতন উভয় প্ৰক্ৰিয়া, আৰু চিন্তা, অনুভূতি তথা প্ৰেৰণা আদিৰ দৰে মানসিক প্ৰক্ৰিয়াসমূহ অন্তৰ্ভুক্ত। মনোবিজ্ঞান হৈছে এক ব্যাপক পৰিসৰৰ বিদ্যায়তনিক শাখা, যিয়ে প্ৰাকৃতিক আৰু সমাজ বিজ্ঞানৰ মাজৰ সীমাৰেখাক সংযোগ কৰে। জৈৱিক মনোবিজ্ঞানীসকলে মগজুৰ উদ্ভৱমূলক ধৰ্মসমূহ বুজিবলৈ চেষ্টা কৰে, যাৰ ফলত এই শাখাটি স্নায়ুবিজ্ঞানৰ সৈতে জড়িত হৈ পৰে। সমাজ বিজ্ঞানী হিচাপে, মনোবিজ্ঞানীসকলে ব্যক্তি আৰু দলগত আচৰণ বুজি পোৱাটো লক্ষ্য হিচাপে লয়।[3][4]

এই বিষয়ৰ সৈতে জড়িত এজন বৃত্তিধাৰী চিকিৎসক বা গৱেষকক মনোবিজ্ঞানী বুলি কোৱা হয়। কিছুমান মনোবিজ্ঞানীক আচৰণমূলক বা প্ৰজ্ঞাত্মক বিজ্ঞানী হিচাপেও শ্ৰেণীভুক্ত কৰিব পাৰি। কিছুমান মনোবিজ্ঞানীয়ে ব্যক্তিৰ মানসিক কাৰ্যকলাপ আৰু সামাজিক আচৰণৰ ভূমিকা বুজিবলৈ চেষ্টা কৰে। আন কিছুমানে প্ৰজ্ঞাত্মক কাৰ্য আৰু আচৰণৰ অন্তৰালত থকা শৰীৰতাত্ত্বিক আৰু স্নায়ুজৈৱিক প্ৰক্ৰিয়াসমূহ অন্বেষণ কৰে।

এটা আন্তঃশাখাভিত্তিক ক্ষেত্ৰৰ অংশ হিচাপে, মনোবিজ্ঞানীসকল প্ৰত্যক্ষীকৰণ, প্ৰজ্ঞা, মনোযোগ, আৱেগ, বুদ্ধিমত্তা, ব্যক্তিগত অনুভৱ, প্ৰেৰণা, মগজুৰ কাৰ্যকাৰিতা, আৰু ব্যক্তিত্ব সম্পৰ্কীয় গৱেষণাৰ সৈতে জড়িত। মনোবিজ্ঞানীসকলৰ আগ্ৰহৰ পৰিসৰ আন্তঃব্যক্তিগত সম্পৰ্ক, মানসিক স্থিতিস্থাপকতা, পাৰিবাৰিক স্থিতিস্থাপকতা আৰু সামাজিক মনোবিজ্ঞানৰ অন্তৰ্গত অন্যান্য ক্ষেত্ৰসমূহলৈও বিস্তৃত। তেওঁলোকে অচেতন মনৰ বিষয়েও বিবেচনা কৰে।[5] গৱেষক মনোবিজ্ঞানীসকলে মনস্তাত্ত্বিক-সামাজিক চলকসমূহৰ মাজৰ কাৰণ-ফলাফল আৰু সহ-সম্পৰ্কীয় সম্পৰ্ক নিৰূপণ কৰিবলৈ অভিজ্ঞতাভিত্তিক পদ্ধতি প্ৰয়োগ কৰে। সকলোৱে নহ'লেও, কিছুমান চিকিৎসা সম্পৰ্কীয় আৰু পৰামৰ্শদাতা মনোবিজ্ঞানীয়ে প্ৰতীকী ব্যাখ্যাৰ ওপৰত নিৰ্ভৰ কৰে।

মনোবিজ্ঞানৰ জ্ঞান প্ৰায়ে মানসিক স্বাস্থ্যৰ সমস্যাৰ মূল্যায়ন আৰু চিকিৎসাৰ ক্ষেত্ৰত প্ৰয়োগ কৰা হয় যদিও, ইয়াক মানুহৰ কাৰ্যকলাপৰ কেইবাটাও ক্ষেত্ৰৰ সমস্যা বুজা আৰু সমাধান কৰাৰ দিশতো ব্যৱহাৰ কৰা হয়। বহুতো তথ্য অনুসৰি, মনোবিজ্ঞানৰ মূল লক্ষ্য হৈছে সমাজৰ কল্যাণ সাধন কৰা।[6][7][8] বহুতো মনোবিজ্ঞানী কোনো চিকিৎসীয় ভূমিকাৰ সৈতে জড়িত হৈ ক্লিনিকেল, পৰামৰ্শদান বা বিদ্যালয়ৰ পৰিৱেশত মনোচিকিৎসা প্ৰদান কৰে। আন কিছুমান মনোবিজ্ঞানীয়ে মানসিক প্ৰক্ৰিয়া আৰু আচৰণৰ সৈতে জড়িত বিভিন্ন বিষয়ৰ ওপৰত বৈজ্ঞানিক গৱেষণা চলায়। সাধাৰণতে, এই দ্বিতীয় দলৰ মনোবিজ্ঞানীসকলে বিদ্যায়তনিক পৰিৱেশত (যেনে— বিশ্ববিদ্যালয়, চিকিৎসা মহাবিদ্যালয় বা চিকিৎসালয়) কাম কৰে। আন এটা মনোবিজ্ঞানীৰ দল ঔদ্যোগিক আৰু সাংগঠনিক ক্ষেত্ৰত নিয়োজিত হৈ থাকে।[9] ইয়াৰ উপৰি আন কিছুমান মানৱ বিকাশ, বাৰ্ধক্য, ক্ৰীড়া, স্বাস্থ্য, ন্যায়িক বিজ্ঞান, শিক্ষা আৰু গণমাধ্যমৰ কাম-কাজৰ সৈতে জড়িত।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Frequently asked questions about APA Archived 5 December 2023 at the Wayback Machine Retrieved on November 28th, 2023.
  2. "psychology". Oxford University PressOxford English Dictionary. https://oed.com আহৰণ কৰা হৈছে: 23 June 2024.
  3. Fernald, Dodge (2008) (en ভাষাত). Psychology: Six Perspectives. SAGE Publications. ISBN 978-1-4129-3867-9. https://google.com.
  4. Hockenbury & Hockenbury. Psychology. Worth Publishers, 2010.
  5. মনোবিশ্লেষণ আৰু গভীৰতা মনোবিজ্ঞানৰ অন্যান্য ৰূপসমূহ সাধাৰণতে অচেতন মনৰ তত্ত্বৰ সৈতে জড়িত। ইয়াৰ বিপৰীতে, আচৰণবাদীসকলে ধ্ৰুপদী প্ৰতিৱৰ্তন আৰু সক্ৰিয় প্ৰতিৱৰ্তন আদি প্ৰক্ৰিয়াসমূহ বিবেচনা কৰে। প্ৰজ্ঞাবাদীসকলে অন্তৰ্নিহিত স্মৃতি, স্বয়ংক্ৰিয়তা আৰু অবচেতন বাৰ্তা আদি অন্বেষণ কৰে, যিবোৰ সচেতন প্ৰচেষ্টা বা মনোযোগৰ অবিহনে বা ইয়াৰ বাহিৰত ঘটে বুলি ধৰা হয়। দৰাচলতে, প্ৰজ্ঞাত্মক-আচৰণমূলক চিকিৎসকসকলে তেওঁলোকৰ ক্লায়েণ্টসকলক পূৰ্বে অজ্ঞাত থকা কূটাভাসী বা ত্ৰুটিপূৰ্ণ চিন্তাৰ আৰ্হিৰ বিষয়ে সচেতন হ'বলৈ পৰামৰ্শ দিয়ে।
  6. Coon, Dennis; Mitterer, John O. (2008-12-29) (en ভাষাত). Introduction to Psychology: Gateways to Mind and Behavior. Cengage Learning. ISBN 978-0-495-59911-1. https://google.com.
  7. "About APA". www.apa.org. https://apa.org আহৰণ কৰা হৈছে: 2025-04-11.
  8. "To petition to join APA as a section of Division 12, the Division of Clinical Psychology". Journal of Personality Assessment (Taylor & Francis Online) খণ্ড 35 (3): 205–206. 1971. doi:10.1080/00223891.1971.10119654. ISSN 0022-3891. https://tandfonline.com আহৰণ কৰা হৈছে: 2022-03-02. ""Clinical psychology is the practice of psychology, especially as a means of furthering human welfare and knowledge."".
  9. "Psychologists". www.bls.gov. http://bls.gov আহৰণ কৰা হৈছে: 2025-04-11.