মনোবিজ্ঞান

অসমীয়া ৱিকিপিডিয়াৰ পৰা


মনোবিজ্ঞান(ইংৰাজী:psychology):বিজ্ঞানৰ যিটো শাখাত মনৰ গঠন, ক্ৰিয়া-কলাপ,আচাৰ-আচৰণৰ আৰু ইয়াৰ ৰহস্যাৱলীৰ বিষয়ে অধ্যয়ন কৰা হয়,সেই বিষয়টোকে সাধাৰণ অৰ্থত মনোবিজ্ঞান বুলি কোৱা হয।ইংৰাজী psychology শব্দটো গ্ৰীক ভাষাৰ psyche(আত্মা)আৰু logos(আত্মা) শব্দদুটাৰ পৰা আহিছে।সেয়ে psychologyক আত্মাৰ বিজ্ঞান বুলিও ক'ব পৰা যায়।

মনোবিজ্ঞানৰ বিভিন্ন শাখা[সম্পাদনা কৰক]

মনোবিজ্ঞানৰ ইতিহাস আৰু পাৰম্ভিক বিকাশ[সম্পাদনা কৰক]

১৯ শতিকাৰ আগলৈকে মন সম্পৰ্কীয় সকলোবোৰ অধ্যয়ন দৰ্শনৰ অন্তৰ্ভুক্ত আছিল। দাৰ্শনিকসকলে মানসিক আচাৰ-আচৰণ বা ক্ৰিয়া-কলাপ সম্পৰ্কে কেৱল অনুমানহে কৰিছিল।মন সম্পৰ্কে গ্ৰীক দাৰ্শনিক প্লেটোৱে পোনপ্ৰথমে ব্যাখা দাঙি ধৰিছিল।তেওঁক মনক দেহৰ পৰা বিচ্ছিন্ন সত্তা হিচাপে গণ্য কৰিছিল।আধুনিক যুগত স্নায়ুবিজ্ঞান আৰু প্ৰাণীবিজ্ঞানৰ বিকাশৰ লগে লগে মনোবিজ্ঞানৰো নৱ বিকাশ ঘটে আৰু আধুনিক বিজ্ঞানৰ এক অন্যতম শাখা হিচাপে মনোবিজ্ঞানৰ বিকাশ আৰম্ভ হয়।স্নায়ুবিজ্ঞান আৰু প্ৰাণী বিজ্ঞানৰ মাজেতেই যে মনোবিজ্ঞানৰ প্ৰাথমিক ভিত্তি নিহিত হৈ আছে সেই কথা পোহৰলৈ আনে জাৰ্মান শৰীৰ বিজ্ঞানী যোহানছ পিটাৰ মূলাৰে।অৱশ্য মনোবিজ্ঞানক বিজ্ঞান হিচাপে প্ৰতিষ্ঠা কৰিবৰ বাবে আটাইতকৈ গুৰুত্ত্বপূৰ্ণ বৈজ্ঞানিক আৱিষ্কাৰটো কৰিছিল আন এজন জাৰ্মান বিজ্ঞানী হাৰমেন ভন হেল্মল্টজে।ব্ৰিটিছ পদাৰ্থবিজ্ঞানী টমাছ ইয়ঙৰ প্ৰস্তাৱিত ৰং সংক্ৰান্ত নীতিক লৈ গৱেষণা কৰি তেওঁ ইয়ং-হেল্মল্টজ সূত্ৰ প্ৰতিষ্ঠা কৰিছিল।এই সূত্ৰৰ দ্বাৰা তেওঁ প্ৰমাণ কৰিছিল যে তিনিটা বিভিন্ন ৰঙৰ(সেউজীয়া,নীলা আৰু ৰঙা) অনুভূতিৰ সৃষ্টি হয় মানুহৰ চকুৰ ৰেটিনাৰ লগত সংযুক্ত তিনি ধৰণৰ স্নায়ুৰ কৰ্ম-তৎপৰতাৰ ফলত।ইয়াৰ পিচত পিছৰে পৰা আধুনিক মনোবিজ্ঞানে এটাৰ পাছত আন এটাকৈ আমাৰ মন সম্পৰ্কীয় ৰহস্য উদঘাটন কৰি ইয়াৰ জয় যাত্ৰা অব্যাহত ৰাখিছ।

মনোবিজ্ঞানৰ বিভিন্ন মতবাদ[সম্পাদনা কৰক]

(১)আচৰণবাদ(Behaviorism):আচৰণবাদৰ জন্ম হৈছিল কুৰি শতিকাৰ দ্বিতীয় দশকত।আচৰণবাদৰ মুখ্য প্ৰৱক্তা আছিল জন বি.ৱাটচন আৰু বি. এফ. স্কীনাৰ।ইয়াৰোপৰি ৰাছিয়াৰ আইভান পাভলভ,বেখটাৰ্ভ আদি মনোবিজ্ঞানীয়েও আচৰণবাদলৈ বহুতো উল্লেখযোগ্য অৱদান আগবঢ়াই থৈ গৈছে।আচৰণবাদীসকলৰ মতে প্ৰাণীয়ে উদ্দীপকৰ প্ৰতি সহাৰী জনোৱা কাৰ্যই হ'ল আচৰণ। আৰু যি তত্ত্বৰ সহায়ত এই আচৰণৰ অধ্যয়ন আৰু বিশ্লষণ কৰা হয় সিয়েই আচৰণবাদ।আচৰণবাদীসকলে মানুহে কাহ মৰা,হাঁচি মৰা আদি সাধাৰণ শাৰীৰিক কাৰ্যৰ পৰা আৰম্ভ কৰি মানুহৰ উচ্চতম বৌদ্ধিক চিন্তা-চৰ্চালৈকে সকলো কামেই উদ্দীপক আৰু প্ৰতিক্ৰিয়াৰ মাজত এক প্ৰকাৰৰ সংযোগ স্থাপন হিচাপেহে কৰে বুলি বিশ্বাস কৰে। আচৰণবাদৰ জৰিয়তে ৱাটচনে মনোবিজ্ঞানৰ জগতলৈ এক নতুন জোৱাৰ আনিলে।তেওঁ মানুহ আৰু জন্তুৰ আচৰণক এক জড়বাদী আহিলা হিচাপে মনোবিজ্ঞানৰ জগতলৈ আগবঢ়ালে।


(২)মনোবিশ্লেষণ বা মনঃসমীক্ষণ:কুৰি শতিকাৰ আৰম্ভণিতেই সমগ্ৰ বিশ্বকেই জোকাৰি যোৱা এটা তত্ত্ব হ'ল মনোবিশ্লষণ বা মনঃসমীক্ষণ।এই তত্ত্বৰ প্ৰভাৱতেই চিকিৎসাবিজ্ঞানত সংযোজিত হৈছিল এক নতুন শাখা; সেয়া হ'ল চিকিৎসা মনোবিজ্ঞান বা মনোৰোগ বিজ্ঞান। মনেবিজ্ঞানৰ পিতৃ আছিল অষ্ট্ৰীয়াৰ ভিয়েনা চহৰৰ শৰীৰবিজ্ঞানী ডাঃ চিগমাণ্ড ফ্ৰয়ড।ফ্ৰয়ডৰ ওপৰিও মনোবিশ্লষণৰ জগতলৈ অৱদান আগবঢ়াই যোৱা কেইজনমান জগতবিখ্যাত মনোবিদৰ ভিতৰতকাৰ্ল গুষ্টাভ য়ুং,আলফ্ৰেড এডলাৰ,এৰিক এৰিকছন উল্লেখযোগ্য। এই তত্ত্বই কেৱল মনোবিজ্ঞানৰ জগতেই প্ৰভাৱ কৰি ক্ষান্ত থকা নাছিল,ই মানুহৰ মন,সমাজ,সাহিত্য,জীৱনাদৰ্শৰ ওপৰতো গভীৰভাৱে প্ৰভাৱ বিস্তাৰ কৰিছিল। মানুহ নামৰ প্ৰাণীতোৰ সম্পৰ্কে এই তত্ত্বই মানুহক নতুনকৈ ভাবিবলৈ বাধ্য কৰিছিল।এই তত্ত্বই আমাক নতুনকৈ শিকালে যে মানুহ অমৃতৰ সন্তান নহয়,আনকি আগৰ দিনৰ পণ্ডিতসকলে ভাৱি থকাৰ দৰে মানুহ যুক্তিবাদী প্ৰাণীও নহয়।মানুহক প্ৰকৃততে কিছুমান জৈৱিক প্ৰবৃত্তি আৰু আবেগৰ দ্বাৰাহে পৰিচালিত হয়।আৰু আটাতকৈ ডাঙৰ কথাটো হ'ল মানুহ দূৰ-দূৰণিৰ গ্ৰহ-নক্ষত্ৰ চাব জানিলেও মানুহ কিন্তু নিজৰ বেছিভাগ বিষয়তেই অন্ধ হৈ থাকে। মনোবিশ্লেষণে মানুহৰ মনোজগতৰ বহুতো গোপন ৰহস্য আমাৰ আগত দাঙি ধৰিছিল।মানুহৰ মন সম্পৰ্কে আৱিষ্কৃত এই অপ্ৰিয় কিন্তু সত্য যেন লগা কথাবোৰক সেই সময়ৰ বহুতো লোকে মানি লবলৈ টান পাইছিল যদিও এনেবোৰ কথাই জীৱন সম্পৰ্কে উৎসুক নৱপ্ৰজন্মক উল্লাসিতও কৰিছিল।যদিও মনোবিশ্লেষণবাদ প্ৰয়োগিক ক্ষেত্ৰত সফল আৰু সৰ্বগ্ৰহণযোগ্য, তথাপিও ইয়াক বিজ্ঞান বুলি প্ৰমাণ কৰাত বহুতো যৌক্তিক সীমাবদ্ধতা আহি পৰে। এক কথাত কবলৈ গলে মনোবিশ্লেষণ বা ফ্ৰৰেডীয় মনোবিজ্ঞান মানুহৰ অৱচেতন মনৰ এক দাৰ্শনিক অনুমানভিত্তিক অধ্যয়ন। মানসিক ৰোগ নিৰাময়,মনৰ অস্বাভাৱিক ভাৱ-অনুভূতিৰ বিশ্লষণ,সপোন বিশ্লষণ,নাৰী আৰু শিশু মনৰ বিশ্লষণৰ ক্ষেত্ৰত ফ্ৰয়ডীয় মনোবিশ্লষণ আজিও প্ৰভাবশালী আৰু অপ্ৰতিদ্বন্দী।

মনোবিজ্ঞানৰ সাম্প্ৰতিক ধাৰা[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

সংক্ষিপ্ত অসমীয়া বিশ্বকোষ ২য় খণ্ড,২৯৬ পৃষ্ঠা