সমললৈ যাওক

আচৰণবাদ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

আচৰণবাদীসকলৰ মতে প্ৰাণীয়ে উদ্দীপকৰ প্ৰতি সহাৰী জনোৱা কাৰ্যই হ'ল আচৰণ। আৰু যি তত্ত্বৰ সহায়ত এই আচৰণৰ অধ্যয়ন আৰু বিশ্লেষণ কৰা হয় সিয়েই আচৰণবাদ। আচৰণবাদীসকলে মানুহে কাহ মৰা,হাঁচি মৰা আদি সাধাৰণ শাৰীৰিক কাৰ্যৰ পৰা আৰম্ভ কৰি মানুহৰ উচ্চতম বৌদ্ধিক চিন্তা-চৰ্চালৈকে সকলো কামেই উদ্দীপক আৰু প্ৰতিক্ৰিয়াৰ মাজত এক প্ৰকাৰৰ সংযোগ স্থাপন হিচাপেহে কৰে বুলি বিশ্বাস কৰে।[1]

আচৰণবাদৰ জন্ম হৈছিল কুৰি শতিকাৰ দ্বিতীয় দশকত। আচৰণবাদৰ মুখ্য প্ৰৱক্তা আছিল জন বি ৱাটচন আৰু বি এফ স্কীনাৰ[1] ইয়াৰোপৰি ৰাছিয়াৰ ইভান পাভলভ, বেখটাৰ্ভ আদি মনোবিজ্ঞানীয়েও আচৰণবাদলৈ বহুতো উল্লেখযোগ্য অৱদান আগবঢ়াই থৈ গৈছে।[2]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1 2 https://www.verywellmind.com/behavioral-psychology-4157183[সংযোগবিহীন উৎস]
  2. "Ivan Pavlov and His Discovery of Classical Conditioning By Kendra Cherry, MSEd Updated on April 23, 2026". https://www.verywellmind.com/ivan-pavlov-biography-1849-1936-2795548 আহৰণ কৰা হৈছে: 23 June 2026.[সংযোগবিহীন উৎস]