১৬ ডিচেম্বৰ
Jump to navigation
Jump to search
১৬ ডিচেম্বৰ (ইংৰাজী: 16 December) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৩৫০ তম (অধিবৰ্ষত ৩৫১ তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৫টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -
ঘটনাৰাজী[সম্পাদনা কৰক]
- ১৯৫৭ চনৰ এই দিনটোতে নাটোৰ প্ৰথম শীৰ্ষ সন্মিলন অনুষ্ঠিত হয়।
- ১৯৭১ চনৰ এই দিনটোতে পূৱ পাকিস্তান (বাংলাদেশ) গঠনৰ বাবে চলা যুদ্ধত ভাৰতেও অংশ লৈ পশ্চিম পাকিস্তানৰ সেনাক পৰাভূত কৰি আত্মসমৰ্পণ কৰিবলৈ বাধ্য কৰে।
- ১৯৯১ বৰ্ষৰ এই দিনটোতে ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তীৰ সম্পাদনাত ‘‘এই বাতৰি’’ নামৰ সংবাদপত্ৰখনৰ প্ৰথমটো সংখ্যা প্ৰকাশ পাইছিল।
- ২০০২ চনৰ এই দিনটোতে বলীউদত খ্যাতি লাভ কৰা এগৰাকী অসমীয়া অভিনেত্ৰী তথা ছুপাৰ মডেল, দীপান্বিতা শৰ্মাই ১৬ ডিচেম্বৰ চলচ্চিত্ৰত অভিনয়ৰ দ্বাৰা চলচ্চিত্ৰজগতত খোজ দিয়ে।
- ২০১৪ চনৰ এই দিনত পাকিস্থানৰ পেছাৱৰত সন্ত্ৰাসবাদীয়ে আৰ্মি পাব্লিক স্কুলত কৰা অতৰ্কিত আক্ৰমণত মুঠ ১৪১ জন নিৰীহ লোকৰ প্ৰাণ হানি হয়, যাৰ মাজত মুঠ ১২৩ জন ছাত্ৰ-ছাত্ৰী থিতাতে নিহত হয়।
জন্ম[সম্পাদনা কৰক]
- ১৭৭৫ চনৰ এই দিনটোতে বিখ্যাত ইংৰাজ লেখিকা জেন অষ্টিনৰ জন্ম হয়। প্ৰাইড এণ্ড প্ৰিজুডিছ তেওঁৰ এখন প্ৰসিদ্ধ গ্ৰন্থ।
- ১৭৭০ চনৰ এই দিনটোতে বিখ্যাত সংগীতজ্ঞ লুডইগি ভান বিথোভেনৰ জন্ম হয়।
- ১৮৭২ চনৰ এই দিনটোতে সাহিত্যিক, বুৰঞ্জীবিদ, ১৯২৯ বৰ্ষৰ অসম চৰকাৰৰ মন্ত্ৰী, কনকলাল বৰুৱাৰ জন্ম হৈছিল।
- ১৮৬৬ চনৰ এই দিনটোত প্ৰভাৱশালী ৰুছ চিত্ৰশিল্পী ৱাছিলি কেন্দিস্কিৰ জন্ম হৈছিল।
মৃত্যু[সম্পাদনা কৰক]
- ১৯৩৯ চনৰ এই দিনটোতে কবি আনন্দ চন্দ্ৰ আগৰৱালাৰ মৃত্যু হয়।
- ১৯৬৫ চনত এই দিনটোতে কুৰি শতিকাৰ জনপ্ৰিয় লেখক, নাট্যকাৰ, ঔপন্যাসিক ছমাৰছেট মমৰ মৃত্যু হয়।
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
![]() |
ৱিকিমিডিয়া কমন্সত ১৬ ডিচেম্বৰ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- বিবিচি: এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা
- দ্য নিউয়ৰ্ক টাইমচ, এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা
|