মাধুৰী চট্টোপাধ্যায়

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
মাধুৰী চট্টোপাধ্যায়
প্ৰাথমিক তথ্য
জন্ম ১৬ ডিচেম্বৰ, ১৯৩৯
কলকাতা, বঙ্গ, ব্ৰিটিছ ভাৰত
মৃত্যু ১৯ অক্টোবৰ, ২০১৩ (৭৩ বছৰ)
কলকাতা, পশ্চিমবঙ্গ, ভাৰত
সংগীতৰ প্ৰকাৰ নেপথ্য কণ্ঠশিল্পী
পেচা গায়ক
পিতৃ-মাতৃ শিৱনাথ বন্দোপাধ্যায়

মাধুৰী চট্টোপাধ্যায় (ইংৰাজী: Madhuri Chattopadhyay; ১৬ ডিচেম্বৰ ১৯৪০ – ১৯ অক্টোবৰ ২০১৩) এগৰাকী বঙালীভাষী ভাৰতীয় সঙ্গীত শিল্পী, যিয়ে ১৯৬০ৰ পৰা ১৯৮০ৰ দশকলৈ অসংখ্য জনপ্ৰিয় বাঙালী গীতত কণ্ঠদান কৰিছে। তেওঁ চলচ্চিত্ৰীয় গীত, গজল, আধুনিক গীত, শাস্ত্ৰীয় সঙ্গীত ভিত্তিক লঘু গীত, নজৰুল গীত, ৰবীন্দ্ৰ সঙ্গীত আদি বিভিন্ন স্তৰৰ সঙ্গীত ক্ষেত্ৰখনলৈ অৱদান আগবঢ়াইছে।[1]

প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক]

মাধুৰী চট্টোপাধ্যায়ৰ জন্ম ১৯৩৯ চনত কলকাতাৰ পাৰ্ক ষ্ট্ৰীটৰ এখন নাৰ্চিং হোমত হৈছিল আৰু সৰুকালচোৱা উত্তৰ কলকাতা বলোৰাম বসু ঘাট ৰোডত থকা মোমায়েকৰ ঘৰতে কটাইছিল। দেউতাক শিৱনাথ বন্দোপাধ্যায় এজন প্ৰখ্যাত কীৰ্তনীয়া (কীৰ্তন গায়ক) আছিল, যি তেওঁৰ মূল অনুপ্ৰেৰণা আছিল। সৰুৰে পৰা গীতৰ প্ৰতি আগ্ৰহ। চুঙা লগোৱা কলগানৰ গাড়ীৰ পিছেপিছে দৌৰি ফুৰে। ন-দহ বছৰৰ পৰা তেওঁ নাৰায়ণ বন্দোপাধ্যায়ৰ পৰা গীত শিকিছিল। বন্দীপুৰৰ নিবাসী নাৰায়ণ মুখোপাধ্যায়ে কলকাতালৈ গান শিকোৱাৰ উদ্দেশ্যে আহিছিল। তেওঁ মাধুৰীহঁতৰ ঘৰৰ একতলাত পেয়িং গেষ্ট হিচাপে থাকিছিল। অন্যান্য ল'ৰা-ছোৱালীবোৰক গীত শিকাই থকা সময়ত মাধুৰীয়ে দুৱাৰৰ কাষত ৰৈ চাই থাকে। তাকে দেখি মুখোপাধ্যায়ে তেওঁক গীত শিকোৱাৰ আগ্ৰহ প্ৰকাশ কৰিলে। এদিন মুখোপাধ্যায়ে ক'লে যে সকলো ধৰণৰ গানেই গাব পাৰিলেও কিন্তু শাস্ত্ৰীয় সঙ্গীত নিশিকিলে ভিত্তি তৈয়াৰ নহ'ব। আৰম্ভ হ'ল প্ৰথমে সুনীন সৰকাৰ আৰু তাৰ পিছত উমা দেৰ ওচৰত হিন্দুস্তানী শাস্ত্ৰীয় সঙ্গীতৰ তালিম।[2] তেওঁ শীৰ্ষস্থানীয় শিল্পী ওস্তাদ কাৰামুল্লা খান আৰু পণ্ডিত হৰিহৰ শুক্লাজীৰ ওচৰত শিক্ষাগ্ৰহণ কৰিছিল। দেউতাৰ বাদেও তেওঁ প্ৰখ্যাত গায়ক ৰথীন ঘোষৰ পৰা কীৰ্তন শিকিছিল।[3]

সঙ্গীত জীৱন[সম্পাদনা কৰক]

১৯৫৫ চনত তেওঁ অল ইণ্ডিয়া ৰেডিঅ’ৰ অডিচনত অৱতীৰ্ণ হয় আৰু ১৪ বছৰ বয়সতে সঙ্গীতৰ যাত্ৰা আৰম্ভ কৰে। ১৯৫৯ত মেগাফোন কোম্পানীৰ পৰা পূজা এলবামত প্ৰথম ৰেকৰ্ড কৰাৰ প্ৰস্তাৱ লাভ কৰে। নচিকেতা ঘোষৰ পৰিচালনাত তেওঁৰ কণ্ঠৰ দুটা গীত বাণীবদ্ধ কৰা হয়- ‘অলি অমন কৰে নয়’ আৰু ‘তোমায় আমায় প্ৰথম দেখা’। মুক্তি পায়ে গীত দুটাই কিংবদন্তিৰ সৃষ্টি কৰিছিল আৰু বঙ্গৰ ৰোমান্তিক মানসত এক নিগাজী আসন লাভ কৰিবলৈ সক্ষম হৈছিল। প্ৰথম ডিস্কখনত তেওঁৰ নাম মাধুৰী বন্দোপাধ্যায় বুলি উল্লেখ হৈছিল।[3]

মাধুৰী চট্টোপাধ্যায়ক মেগাফোন কোম্পানীৰ স্বত্বাধিকাৰ কমল ঘোষে সলিল চৌধুৰীৰ সৈতে চিনাকি কৰাই দিছিল। ১৯৬০ চনত সলিল চৌধুৰীয়ে সঙ্গীত পৰিচালনা কৰা ‘নিজেৰে হাৰায়ে খুজি’ আৰু ‘এবাৰ আমাৰ সময় হলো যাবাৰ’ শীৰ্ষক দুটি গীতেৰে মাধুৰীৰ পূজা এলবাম মুক্তি পাইছিল।[3]

বঙালী চলচ্চিত্ৰত কণ্ঠদান[সম্পাদনা কৰক]

ৰবীন ঘোষ মাধুৰী চট্টোপাধ্যায়ৰ সঙ্গীত গুৰু আছিল। তেওঁৰ সঙ্গীত পৰিচালনাতে মাধুৰীয়ে ১৯৬৪ত ‘মহাতীৰ্থ কালিঘাট’ নামৰ বঙালী ছবিত প্ৰথম গীত গায়। এইটো এটা কোৰাচ গীত আছিল, য’ত নীলিমা বন্দোপাধ্যায়, বিনয় অধিকাৰী আৰু মানস মুখোপাধ্যায়েও অংশগ্ৰহণ কৰিছিল। সেই একে বছৰতে মাধুৰীয়ে ‘ৰাধাকৃষ্ণ’ ছবিতো গীত গায়। ১৯৬৫ চনত ‘ৰূপ সনাতন’ ছবিৰ এটা কীৰ্তনত কণ্ঠদান কৰে। ১৯৬৬ চনত মানস মুখোপাধ্যায়ে তেওঁক ‘উত্তৰ পুৰুষ’ ছবিত কাম কৰাৰ সুযোগ দিয়ে। তেওঁ গোৱা ‘একবাৰ ব্ৰজে চলো ব্ৰজেশ্বৰ’ গীতটোৱে প্ৰভুত জনপ্ৰিয়তা লাভ কৰিছিল। তেওঁ কাম কৰা আন কেইখনমান ছবি হ’ল- ‘চাচিমাৰ সংসাৰ’ (১৯৭১), ‘স্বৰ্ণ মহল’ (১৯৮২),‘তানিয়া’ (১৯৮৭) ইত্যাদি।[3]

বঁটা[সম্পাদনা কৰক]

পশ্চিমবঙ্গ চৰকাৰে ২০১২ চনত তেওঁক "সঙ্গীত সন্মান" বঁটাৰে সন্মানিত কৰে।[4]

তথ্যসূত্ৰ[সম্পাদনা কৰক]