১৫ জুলাই
নেভিগেশ্যনলৈ যাওক
সন্ধানলৈ যাওক
জুলাই | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ||||
৪ | ৫ | ৬ | ৭ | ৮ | ৯ | ১০ |
১১ | ১২ | ১৩ | ১৪ | ১৫ | ১৬ | ১৭ |
১৮ | ১৯ | ২০ | ২১ | ২২ | ২৩ | ২৪ |
২৫ | ২৬ | ২৭ | ২৮ | ২৯ | ৩০ | ৩১ |
২০২১ |
১৫ জুলাই (ইংৰাজী: 15 July) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৯৬তম (অধিবৰ্ষত ১৯৭তম) দিন। বছৰ শেষ হ'বলৈ ১৬৯ দিন বাকী থাকে।
জন্ম[সম্পাদনা কৰক]
- ১৯০৩ চনৰ এই দিনটোতে বিশিষ্ট স্বাধীনতা সংগ্ৰামী তথা জাতীয় কংগ্ৰেছৰ সভাপতি কুমাৰস্বামী কামৰাজৰ মাদ্ৰাজত জন্ম হয়।
- ১৯৩৩ চনৰ এই দিনটোতে ভাৰতীয় সাহিত্যিক এম ভি বাসুদেৱন নায়াৰৰ জন্ম হয়।
মৃত্যু[সম্পাদনা কৰক]
- ১৯১৯ চনৰ এই দিনটোতে নোবেল বিজয়ী জাৰ্মান ৰসায়নবিদ হেৰমন ইমিল ফিচাৰৰ মৃত্যু হয়। হেৰমানে ১৯০২ চনত ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা লাভ কৰিছিল।
- ১৯৭৭ চনৰ এই দিনটোতে 'দ্য আছাম ট্ৰিবিউন' বাতৰি কাকত গোষ্ঠীৰ জন্মদাতা, 'দৈনিক অসম' আৰু সাপ্তাহিক 'অসম বাণী' প্ৰতিষ্ঠাতা, এগৰাকী ক্ৰীড়া সংগঠক ৰাধা গোবিন্দ বৰুৱাৰ মৃত্যু হৈছিল।
অনান্য[সম্পাদনা কৰক]
- ১৮১৫ চনৰ এই দিনটোতে ৱাটাৰ্লুপ যুদ্ধত পৰাজয়ৰ পিছত নেপোলিয়ন বোনাপাৰ্টএ বিখ্যাত নেপোলিয়ন যুদ্ধত বেলেৰফনৰ ওচৰত আত্মসমৰ্পণ কৰে।
- ১৯৫৫ চনৰ এইদিনটোত ভাৰতৰ প্ৰথম প্ৰধান মন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুলৈ ভাৰতৰত্ন সন্মান ঘোষণা কৰা হয়।
- ১৯৬৫ চনৰ এই দিনটোতে মানৱহীন মহাকাশযান মেৰিণাৰ—৪ য়ে মঙ্গলগ্ৰহৰ ১২,০০০ কিঃমিঃ কাষেৰে ভ্ৰমণ কৰিছিল।
- ১৯৭৫ চনৰ এইদিনটোত আমেৰিকা আৰু ছোভিয়েট ৰাছিয়াৰ যুগ্ম মহাকাশ অভিযান এপল-ছয়ুজে বিস্ময়কৰ, অভুতপূৰ্ব সাফল্য লাভ কৰে।
- ১৯৭৯ চনৰ এই দিনটোতে মোৰাৰজী দেশাইএ ভাৰতৰ প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিছিল।
- ১৯৭৫ চনৰ এই দিনটোতে ভাৰতীয় সময় মতে আবেলি ৫ বাজি ৩০ মিনিটত বৈকানুৰৰ মহাকাশ উৎক্ষেপণ কেন্দ্ৰৰ পৰা ছয়ুজ— ১৯ যানখন উৎক্ষেপণ কৰা হয়।
- ১৯৯৭ চনৰ এই দিনটোতে পৰিৱেশবিদ মহেশ চন্দ্ৰ মেহতালৈ ৰমণ মেগছেছে বঁটা ঘোষণা কৰা হয়।
- ২০০১ চনৰ এইদিনটোত পাকিস্তান আৰু ভাৰতৰ ঐতিহাসিক আগ্ৰা শীৰ্ষ বৈঠক আৰম্ভ হয়।
- ২০০৬ চনৰ এই দিনটোতে বিশ্বৰ চ'ছিয়েল নেটৱৰ্কিং খণ্ডত টুইটাৰ যোগ হয়।
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
![]() |
ৱিকিমিডিয়া কমন্সত ১৫ জুলাই সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
|