চৰদাৰা সিং

অসমীয়া ৱিকিপিডিয়াৰ পৰা
চৰদাৰ সিং
ব্যক্তিগত তথ্যাৱলী
সম্পূৰ্ণ নাম চৰদাৰা পুৰস্কাৰ সিং
উপনাম ভাৰত
জন্ম ১৫ জুলাই, ১৯৮৬ (৩৭ বছৰ)
সন্তনগৰ, চিৰছা জিলা, হাৰিয়ানা, ভাৰত
উচ্চতা ১.৭৬ মিটাৰ[1]

চৰদাৰা সিং বা চৰদাৰ সিং (জন্ম: ১৫ জুলাই ১৯৮৬) এগৰাকী ভাৰতীয় পেছাদাৰী ফিল্ড হকী খেলুৱৈ আৰু ভাৰতীয় পুৰুষৰ ৰাষ্ট্ৰীয় হকী দলৰ প্ৰাক্তন অধিনায়ক।[2] তেওঁ ফিল্ড হকীৰ চেণ্টাৰ হাফ অৱস্থানত খেলে।[3] তেওঁ ২০০৮ চনত চুলতান আজলান শ্বাহ কাপত ভাৰতীয় পুৰুষৰ ৰাষ্ট্ৰীয় হকী দলৰ প্ৰতিনিধিত্ব কৰি কনিষ্ঠতম ভাৰতীয় ৰাষ্ট্ৰীয় হকী দলৰ অধিনায়কত পৰিগণিত হৈছিল।[4] ২০১৫ চনত ভাৰত চৰকাৰে তেওঁক ভাৰতৰ চতুৰ্থ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰিছিল।[5] ২০১৬ চনৰ ১৩ জুলাই তাৰিখে ভাৰতীয় দলৰ অধিনায়কৰ পদৰ পৰা অব্যাহতি লয়।[6] ২০১৮ চনৰ ১২ ছেপ্টেম্বৰ তাৰিখে তেওঁ আন্তঃৰাষ্ট্ৰীয় হকীৰ পৰা অৱসৰ ঘোষণা কৰে। তেওঁৰ বাৰ বছৰীয়া কেৰিয়াৰত তেওঁ ৩১৪খন খেল খেলিছিল।[7] ২০১২ চনত তেওঁক ভাৰত চৰকাৰে অৰ্জুন বঁটা আৰু ২০১৭ চনত পেৰালিম্পিক খেলুৱৈ দেৱেন্দ্ৰ ঝাঝাৰীয়াৰ সৈতে ভাৰতৰ সৰ্বোচ্চ ক্ৰীড়াৰ সন্মান ৰাজীৱ গান্ধী খেলৰত্ন বঁটা প্ৰদান কৰে।

প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক]

১৯৮৬ চনৰ ১৫ জুলাই তাৰিখে হাৰিয়ানাৰ চিৰছা জিলাৰ এখনি সৰু গাঁও সন্তনগৰত চৰদাৰ সিঙৰ জন্ম হৈছিল।[8] তেওঁৰ পিতৃ গুৰনাম সিং এজন চিকিৎসক আৰু মাতৃ যশবীৰ সিং এগৰাকী গৃহিনী।[9] তেওঁৰ ভাতৃ দিদাৰ সিং এগৰাকী হকী খেলুৱৈ। তেওঁ ড্ৰেগ ফ্লিকৰ বাবে বিখ্যাত আৰু ভাৰতীয় ৰাষ্ট্ৰীয় দল, হাৰিয়ানা আৰু চণ্ডীগড়ৰ ডাইনাম'ৰ হৈ খেলে।

কেৰিয়াৰ[সম্পাদনা কৰক]

চৰদাৰা সিঙে ২০০৩-০৪ চনত প্ৰথমবাৰৰ বাবে ভাৰতৰ হৈ পোলেণ্ডৰ বিৰুদ্ধে জুনিয়ৰ দলত খেলাৰ সুযোগ লাভ কৰিছিল। ২০০৬ চনত তেওঁ পাকিস্তানৰ বিৰুদ্ধে প্ৰথমবাৰৰ বাবে চিনিয়ৰ দলত খেলিছিল।[10] তদুপৰি তেওঁ হাৰিয়ানা ৰাজ্যৰ হৈ বিভিন্ন আন্তঃৰাজ্যিক খেলত নিজৰ ৰাজ্যক প্ৰতিনিধিত্ব কৰিছিল। তেওঁ হাৰিয়ানা আৰক্ষীৰ উপ অধীক্ষক হিচাপে হাৰিয়ানা আৰক্ষীৰ দলৰ হৈও বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে।[11] ২০০৫ চনৰ প্ৰিমীয়াৰ হকী লীগৰ প্ৰথম সংস্কৰণত তেওঁ চণ্ডীগড় ডাইনাম' দলৰ হৈ খেলিছিল। ইয়াৰ বাকী তিনি সংস্কৰণত তেওঁ ২০০৮ চনলৈ হায়দৰাবাদ চুলতানছ দলৰ হৈ খেলিছিল।[12]

২০১০ চনত তেওঁক ১৮-পুৰুষ এফআইএইছ অল ষ্টাৰ দলত অন্তৰ্ভুক্ত কৰা হয়।[13] একেবছৰে তেওঁ বেলজিয়ামৰ ক্লাৱ কেএইছচিত যোগদান কৰি বেলজিয়াম হকী লীগ খেলে।[13] ২০১১ চনত তেওঁক আকৌ এফআইএইছ অল ষ্টাৰ দলত অন্তৰ্ভুক্ত কৰা হয়।[14] ২০১৩ চনত এছিয়া কাপত ভাল ফলাফল দেখুৱা বাবে তেওঁক এখন ডাছ ক্লাৱে চুক্তিবদ্ধ কৰে।[15]

২০১৬ চনৰ ১৩ জুলাই তাৰিখে তেওঁ ভাৰতীয় ৰাষ্ট্ৰীয় দল অধিনায়ক পদৰ পৰা অব্যাহতি লয়। তেওঁ সুদীৰ্ঘ ৮ বছৰ কাল ভাৰতীয় দলৰ অধিনায়ক আছিল।

হকী ইণ্ডিয়া লীগ[সম্পাদনা কৰক]

তেওঁ হকী ইণ্ডিয়া লীগৰ প্ৰথম সংস্কৰণত দিল্লীৰ দলৰ হৈ খেলিছিল। দিল্লী ৱেভৰাইডাৰৰ খেলুৱৈ হিচাপে তেওঁ আটাইতকৈ বেছি (৪২.৪৯ লাখ টকা লাভ কৰিছিল।[16] তেওঁ এই দলৰ অধিনায়ক আছিল। দিল্লী ৱেভৰাইডাৰ দলে এই লীগত দ্বিতীয় স্থান লাভ কৰে আৰু চৰদাৰা সিঙে প্লেয়াৰ অফ দা টুৰ্ণামেণ্টৰ খিতাপ লাভ কৰিছিল[17]

কলিংগ ষ্টেডিয়ামত নেদাৰলেণ্ডৰ বিৰুদ্ধে জয় লাভ কৰাৰ পিছত চৰদাৰা সিং

পঞ্জাবী সংগীত উদ্যোগ[সম্পাদনা কৰক]

তেওঁ পোনপ্ৰথম বাৰৰ বাবে পঞ্জাবী গায়ক হৰদীপ সিঙৰ গীত "গলান কৰিয়ে"ৰ ৰ জৰিয়তে পঞ্জাবী সংগীত জগতত প্ৰৱেশ কৰিছিল।[18] এই গীতটি সুখ ৱাদালিয়ে ৰচনা কৰিছিল আৰু সুৰকাৰ আছিল জয়দেৱ কুমাৰ।

বঁটা আৰু সন্মান[সম্পাদনা কৰক]

তথ্য উৎস[সম্পাদনা কৰক]

  1. "CWG Melbourne: Player's Profile". http://melbourne2006.com.au/Participants/Participants?ID=109553. 
  2. "Sardar Singh to lead India at Sultan Azlan Shah Cup". The Indian Express. 20 February 2018. http://indianexpress.com/article/sports/hockey/sardar-singh-to-lead-india-at-sultan-azlan-shah-cup-5071033/। আহৰণ কৰা হৈছে: 26 February 2018. 
  3. Sardara Singh strikes form Archived 2009-03-21 at the Wayback Machine The Hindu, 15 March 2009.
  4. "Sardar Singh named captain, Pargat is manager of Indian hockey team". oneindia. 7 May 2008. http://news.oneindia.in/2008/05/07/sardar-singh-named-captain-pargat-is-manager-of-indian-hockey-team-1210171096.html. 
  5. "Padma Awards 2015". Press Information Bureau. Archived from the original on 26 January 2015. https://www.webcitation.org/6VrWjEuo3?url=http://pib.nic.in/newsite/PrintRelease.aspx?relid=114952। আহৰণ কৰা হৈছে: 25 January 2015. 
  6. "Sardar Singh is no longer king of Indian hockey 2016". Indian Express. 13 July 2016. http://indianexpress.com/article/sports/rio-2016-olympics/sardar-singh-is-no-longer-king-of-indian-hockey-2910059/। আহৰণ কৰা হৈছে: 13 July 2016. 
  7. "Sardar Singh retires". Times of India. 13 September 2018. http://timesofindia.indiatimes.com/sports/hockey/top-stories/sardar-singh-factbox-314-matches-youngest-indian-hockey-captain/articleshow/65791730.cms. 
  8. "News18 Hindi News: पढ़ें हिंदी न्यूज़, Latest and Breaking News in Hindi, हिन्दी समाचार, न्यूज़ इन हिंदी - News18 इंडिया" (hi ভাষাত). News18 India. 4 August 2017. https://hindi.news18.com/amp/news/haryana/hisar-rajeev-gndhi-khel-ratan-award-to-sardar-singh-1068455.html। আহৰণ কৰা হৈছে: 16 June 2019. 
  9. "Odds couldn't damp the Sardar spirit". The Times of India. 4 August 2012. Archived from the original on 15 September 2017. https://archive.today/20170915204023/http://epaper.timesofindia.com/Repository/getFiles.asp?Style=OliveXLib:LowLevelEntityToPrint_CREST&Type=text/html&Locale=english-skin-custom&Path=TCRM/2012/08/04&ID=Ar01201। আহৰণ কৰা হৈছে: 15 September 2017. 
  10. "Meet the heroes of Hockey". Men's Health. http://menshealth.intoday.in/storyprint.jsp?contentid=3973&sid=5&cid=22। আহৰণ কৰা হৈছে: 3 September 2013. 
  11. "Appointment of Sh. Sardar Singh as DSP in Haryana Police". Haryana Police. http://haryanapolice.nic.in/DSP_in_Sport_Quota_Sh_Sardar_Singh.asp. 
  12. "Hyderabad Sultans reach semi-finals". Rediff. 2 January 2008. http://www.rediff.com/sports/report/phl/20080102.htm। আহৰণ কৰা হৈছে: 3 September 2008. 
  13. 13.0 13.1 "Sardara to play in Belgian Hockey League". The Times of India. 27 December 2010. Archived from the original on 3 September 2013. https://archive.today/20130903133339/http://articles.timesofindia.indiatimes.com/2010-12-27/hockey/28247698_1_qualifiers-sardara-singh-jose-brasa। আহৰণ কৰা হৈছে: 3 September 2013. 
  14. "Glasgow 2014 – Sardar Singh Profile". g2014results.thecgf.com. http://g2014results.thecgf.com/athlete/hockey/1008199/sardar_singh.html। আহৰণ কৰা হৈছে: 10 March 2016. 
  15. "Sardar Singh joins Europe's iconic hockey club HC Bloemendaal". NDTV. 3 September 2013. http://sports.ndtv.com/othersports/hockey/213451-sardar-singh-joins-europes-iconic-hockey-club-hc-bloemendaal। আহৰণ কৰা হৈছে: 3 September 2013. 
  16. "Hockey India League Auction: the final squads list". 16 December 2012. Archived from the original on 19 December 2012. https://web.archive.org/web/20121219014754/http://ibnlive.in.com/news/hil-auction-as-the-teams-shape-up/310745-5-136.html। আহৰণ কৰা হৈছে: 13 January 2013. 
  17. "Ranchi Rhinos crowned HIL champions". The Hindu. 11 February 2013. http://www.thehindu.com/sport/hockey/ranchi-rhinos-crowned-hil-champions/article4400729.ece। আহৰণ কৰা হৈছে: 3 September 2013. 
  18. "Former Indian Hockey Captain Sardar Singh to Feature in Punjabi Song". 5 June 2018. https://timesofindia.indiatimes.com/entertainment/punjabi/music/after-milkha-singh-now-hockey-star-sardar-singh-will-feature-in-a-punjabi-song/articleshow/64460462.cms। আহৰণ কৰা হৈছে: 20 June 2018. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]