সমললৈ যাওক

চৰদাৰা সিং

অসমীয়া ৱিকিপিডিয়াৰ পৰা
চৰদাৰ সিং
ব্যক্তিগত তথ্যাৱলী
সম্পূৰ্ণ নাম চৰদাৰা পুৰস্কাৰ সিং
উপনাম ভাৰত
জন্ম ১৫ জুলাই, ১৯৮৬ (৩৯ বছৰ)
সন্তনগৰ, চিৰছা জিলা, হাৰিয়ানা, ভাৰত
উচ্চতা ১.৭৬ মিটাৰ[1]

চৰদাৰা সিং বা চৰদাৰ সিং (জন্ম: ১৫ জুলাই ১৯৮৬) এগৰাকী ভাৰতীয় পেছাদাৰী ফিল্ড হকী খেলুৱৈ আৰু ভাৰতীয় পুৰুষৰ ৰাষ্ট্ৰীয় হকী দলৰ প্ৰাক্তন অধিনায়ক।[2] তেওঁ ফিল্ড হকীৰ চেণ্টাৰ হাফ অৱস্থানত খেলে।[3] তেওঁ ২০০৮ চনত চুলতান আজলান শ্বাহ কাপত ভাৰতীয় পুৰুষৰ ৰাষ্ট্ৰীয় হকী দলৰ প্ৰতিনিধিত্ব কৰি কনিষ্ঠতম ভাৰতীয় ৰাষ্ট্ৰীয় হকী দলৰ অধিনায়কত পৰিগণিত হৈছিল।[4] ২০১৫ চনত ভাৰত চৰকাৰে তেওঁক ভাৰতৰ চতুৰ্থ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰিছিল।[5] ২০১৬ চনৰ ১৩ জুলাই তাৰিখে ভাৰতীয় দলৰ অধিনায়কৰ পদৰ পৰা অব্যাহতি লয়।[6] ২০১৮ চনৰ ১২ ছেপ্টেম্বৰ তাৰিখে তেওঁ আন্তঃৰাষ্ট্ৰীয় হকীৰ পৰা অৱসৰ ঘোষণা কৰে। তেওঁৰ বাৰ বছৰীয়া কেৰিয়াৰত তেওঁ ৩১৪খন খেল খেলিছিল।[7] ২০১২ চনত তেওঁক ভাৰত চৰকাৰে অৰ্জুন বঁটা আৰু ২০১৭ চনত পেৰালিম্পিক খেলুৱৈ দেৱেন্দ্ৰ ঝাঝাৰীয়াৰ সৈতে ভাৰতৰ সৰ্বোচ্চ ক্ৰীড়াৰ সন্মান ৰাজীৱ গান্ধী খেলৰত্ন বঁটা প্ৰদান কৰে।

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

১৯৮৬ চনৰ ১৫ জুলাই তাৰিখে হাৰিয়ানাৰ চিৰছা জিলাৰ এখনি সৰু গাঁও সন্তনগৰত চৰদাৰ সিঙৰ জন্ম হৈছিল।[8] তেওঁৰ পিতৃ গুৰনাম সিং এজন চিকিৎসক আৰু মাতৃ যশবীৰ সিং এগৰাকী গৃহিনী।[9] তেওঁৰ ভাতৃ দিদাৰ সিং এগৰাকী হকী খেলুৱৈ। তেওঁ ড্ৰেগ ফ্লিকৰ বাবে বিখ্যাত আৰু ভাৰতীয় ৰাষ্ট্ৰীয় দল, হাৰিয়ানা আৰু চণ্ডীগড়ৰ ডাইনাম'ৰ হৈ খেলে।

কেৰিয়াৰ

[সম্পাদনা কৰক]

চৰদাৰা সিঙে ২০০৩-০৪ চনত প্ৰথমবাৰৰ বাবে ভাৰতৰ হৈ পোলেণ্ডৰ বিৰুদ্ধে জুনিয়ৰ দলত খেলাৰ সুযোগ লাভ কৰিছিল। ২০০৬ চনত তেওঁ পাকিস্তানৰ বিৰুদ্ধে প্ৰথমবাৰৰ বাবে চিনিয়ৰ দলত খেলিছিল।[10] তদুপৰি তেওঁ হাৰিয়ানা ৰাজ্যৰ হৈ বিভিন্ন আন্তঃৰাজ্যিক খেলত নিজৰ ৰাজ্যক প্ৰতিনিধিত্ব কৰিছিল। তেওঁ হাৰিয়ানা আৰক্ষীৰ উপ অধীক্ষক হিচাপে হাৰিয়ানা আৰক্ষীৰ দলৰ হৈও বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে।[11] ২০০৫ চনৰ প্ৰিমীয়াৰ হকী লীগৰ প্ৰথম সংস্কৰণত তেওঁ চণ্ডীগড় ডাইনাম' দলৰ হৈ খেলিছিল। ইয়াৰ বাকী তিনি সংস্কৰণত তেওঁ ২০০৮ চনলৈ হায়দৰাবাদ চুলতানছ দলৰ হৈ খেলিছিল।[12]

২০১০ চনত তেওঁক ১৮-পুৰুষ এফআইএইছ অল ষ্টাৰ দলত অন্তৰ্ভুক্ত কৰা হয়।[13] একেবছৰে তেওঁ বেলজিয়ামৰ ক্লাৱ কেএইছচিত যোগদান কৰি বেলজিয়াম হকী লীগ খেলে।[13] ২০১১ চনত তেওঁক আকৌ এফআইএইছ অল ষ্টাৰ দলত অন্তৰ্ভুক্ত কৰা হয়।[14] ২০১৩ চনত এছিয়া কাপত ভাল ফলাফল দেখুৱা বাবে তেওঁক এখন ডাছ ক্লাৱে চুক্তিবদ্ধ কৰে।[15]

২০১৬ চনৰ ১৩ জুলাই তাৰিখে তেওঁ ভাৰতীয় ৰাষ্ট্ৰীয় দল অধিনায়ক পদৰ পৰা অব্যাহতি লয়। তেওঁ সুদীৰ্ঘ ৮ বছৰ কাল ভাৰতীয় দলৰ অধিনায়ক আছিল।

হকী ইণ্ডিয়া লীগ

[সম্পাদনা কৰক]

তেওঁ হকী ইণ্ডিয়া লীগৰ প্ৰথম সংস্কৰণত দিল্লীৰ দলৰ হৈ খেলিছিল। দিল্লী ৱেভৰাইডাৰৰ খেলুৱৈ হিচাপে তেওঁ আটাইতকৈ বেছি (৪২.৪৯ লাখ টকা লাভ কৰিছিল।[16] তেওঁ এই দলৰ অধিনায়ক আছিল। দিল্লী ৱেভৰাইডাৰ দলে এই লীগত দ্বিতীয় স্থান লাভ কৰে আৰু চৰদাৰা সিঙে প্লেয়াৰ অফ দা টুৰ্ণামেণ্টৰ খিতাপ লাভ কৰিছিল[17]

কলিংগ ষ্টেডিয়ামত নেদাৰলেণ্ডৰ বিৰুদ্ধে জয় লাভ কৰাৰ পিছত চৰদাৰা সিং

পঞ্জাবী সংগীত উদ্যোগ

[সম্পাদনা কৰক]

তেওঁ পোনপ্ৰথম বাৰৰ বাবে পঞ্জাবী গায়ক হৰদীপ সিঙৰ গীত "গলান কৰিয়ে"ৰ ৰ জৰিয়তে পঞ্জাবী সংগীত জগতত প্ৰৱেশ কৰিছিল।[18] এই গীতটি সুখ ৱাদালিয়ে ৰচনা কৰিছিল আৰু সুৰকাৰ আছিল জয়দেৱ কুমাৰ।

বঁটা আৰু সন্মান

[সম্পাদনা কৰক]

তথ্য উৎস

[সম্পাদনা কৰক]
  1. "CWG Melbourne: Player's Profile". http://melbourne2006.com.au/Participants/Participants?ID=109553.
  2. "Sardar Singh to lead India at Sultan Azlan Shah Cup". The Indian Express. 20 February 2018. http://indianexpress.com/article/sports/hockey/sardar-singh-to-lead-india-at-sultan-azlan-shah-cup-5071033/ আহৰণ কৰা হৈছে: 26 February 2018.
  3. Sardara Singh strikes form Archived 2009-03-21 at the Wayback Machine The Hindu, 15 March 2009.
  4. "Sardar Singh named captain, Pargat is manager of Indian hockey team". oneindia. 7 May 2008. Archived from the original on 21 October 2014. https://web.archive.org/web/20141021014636/http://news.oneindia.in/2008/05/07/sardar-singh-named-captain-pargat-is-manager-of-indian-hockey-team-1210171096.html.
  5. "Padma Awards 2015". Press Information Bureau. Archived from the original on 26 January 2015. https://www.webcitation.org/6VrWjEuo3?url=http://pib.nic.in/newsite/PrintRelease.aspx?relid=114952 আহৰণ কৰা হৈছে: 25 January 2015.
  6. "Sardar Singh is no longer king of Indian hockey 2016". Indian Express. 13 July 2016. http://indianexpress.com/article/sports/rio-2016-olympics/sardar-singh-is-no-longer-king-of-indian-hockey-2910059/ আহৰণ কৰা হৈছে: 13 July 2016.
  7. "Sardar Singh retires". Times of India. 13 September 2018. http://timesofindia.indiatimes.com/sports/hockey/top-stories/sardar-singh-factbox-314-matches-youngest-indian-hockey-captain/articleshow/65791730.cms.
  8. "News18 Hindi News: पढ़ें हिंदी न्यूज़, Latest and Breaking News in Hindi, हिन्दी समाचार, न्यूज़ इन हिंदी - News18 इंडिया" (hi ভাষাত). News18 India. 4 August 2017. Archived from the original on 17 July 2018. https://web.archive.org/web/20180717095936/https://hindi.news18.com/amp/news/haryana/hisar-rajeev-gndhi-khel-ratan-award-to-sardar-singh-1068455.html আহৰণ কৰা হৈছে: 16 June 2019.
  9. "Odds couldn't damp the Sardar spirit". The Times of India. 4 August 2012. Archived from the original on 15 September 2017. https://archive.today/20170915204023/http://epaper.timesofindia.com/Repository/getFiles.asp?Style=OliveXLib:LowLevelEntityToPrint_CREST&Type=text/html&Locale=english-skin-custom&Path=TCRM/2012/08/04&ID=Ar01201 আহৰণ কৰা হৈছে: 15 September 2017.
  10. "Meet the heroes of Hockey". Men's Health. http://menshealth.intoday.in/storyprint.jsp?contentid=3973&sid=5&cid=22 আহৰণ কৰা হৈছে: 3 September 2013.
  11. "Appointment of Sh. Sardar Singh as DSP in Haryana Police". Haryana Police. http://haryanapolice.nic.in/DSP_in_Sport_Quota_Sh_Sardar_Singh.asp.
  12. "Hyderabad Sultans reach semi-finals". Rediff. 2 January 2008. http://www.rediff.com/sports/report/phl/20080102.htm আহৰণ কৰা হৈছে: 3 September 2008.
  13. 1 2 "Sardara to play in Belgian Hockey League". The Times of India. 27 December 2010. Archived from the original on 3 September 2013. https://archive.today/20130903133339/http://articles.timesofindia.indiatimes.com/2010-12-27/hockey/28247698_1_qualifiers-sardara-singh-jose-brasa আহৰণ কৰা হৈছে: 3 September 2013.
  14. "Glasgow 2014 – Sardar Singh Profile". g2014results.thecgf.com. http://g2014results.thecgf.com/athlete/hockey/1008199/sardar_singh.html আহৰণ কৰা হৈছে: 10 March 2016.
  15. "Sardar Singh joins Europe's iconic hockey club HC Bloemendaal". NDTV. 3 September 2013. http://sports.ndtv.com/othersports/hockey/213451-sardar-singh-joins-europes-iconic-hockey-club-hc-bloemendaal আহৰণ কৰা হৈছে: 3 September 2013.
  16. "Hockey India League Auction: the final squads list". 16 December 2012. Archived from the original on 19 December 2012. https://web.archive.org/web/20121219014754/http://ibnlive.in.com/news/hil-auction-as-the-teams-shape-up/310745-5-136.html আহৰণ কৰা হৈছে: 13 January 2013.
  17. "Ranchi Rhinos crowned HIL champions". The Hindu. 11 February 2013. http://www.thehindu.com/sport/hockey/ranchi-rhinos-crowned-hil-champions/article4400729.ece আহৰণ কৰা হৈছে: 3 September 2013.
  18. "Former Indian Hockey Captain Sardar Singh to Feature in Punjabi Song". 5 June 2018. https://timesofindia.indiatimes.com/entertainment/punjabi/music/after-milkha-singh-now-hockey-star-sardar-singh-will-feature-in-a-punjabi-song/articleshow/64460462.cms আহৰণ কৰা হৈছে: 20 June 2018.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]