চিৰাগ শেট্টী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
চিৰাগ শেট্টী
ব্যক্তিগত তথ্য
জন্ম নাম চিৰাগ চন্দ্ৰশেখৰ শেট্টী[1]
দেশ ভাৰত
জন্ম ৪ জুলাই, ১৯৯৭ (২৬ বছৰ)
মুম্বাই, ভাৰত
উচ্চতা ১.৮৬ মি.
ওজন ৭৫ কেজি
হাত সোঁ
পুৰুষ আৰু মিশ্ৰ দ্বৈত
সৰ্বোচ্চ ৰেংকিং ৭ (এমডি ১২ নৱেম্বৰ ২০১৯)
৪১৩ (এক্সডি ২৭ আগষ্ট ২০১৫)
বৰ্তমান ৰেংকিং ৭ (এমডি ২২ মাৰ্চ ২০২২)
BWF profile

চিৰাগ চন্দ্ৰশেখৰ শেট্টী (ইংৰাজী: Chirag Chandrashekr Shetty; জন্ম: ৪ জুলাই ১৯৯৭) এজন ভাৰতীয় বেডমিণ্টন খেলুৱৈ।[2][3] তেওঁ আৰু তেওঁৰ সংগী সাত্ত্বিকসাইৰাজ ৰেংকিৰেড্ডী ভাৰতৰ পৰা বি ডব্লিউ এফ বিশ্ব ৰেংকিঙৰ শীৰ্ষ ১০ ৰ ভিতৰত স্থান লাভ কৰা প্ৰথম পুৰুষ ডাবলছ যুটি। তেওঁৰ কেৰিয়াৰৰ সৰ্বোচ্চ ৰেংকিং ৭। তেওঁ ২০২২ চনৰ কমনৱেলথ গেমছত পুৰুষৰ ডাবলছত সোণৰ পদক লাভ কৰিছিল। [4]

কেৰিয়াৰ[সম্পাদনা কৰক]

শেট্টী আৰু সাত্ত্বিকসাইৰাজ ৰেংকিৰেড্ডীয়ে ২০১৮ চনৰ কমনৱেলথ গেমছত মিক্সড টিম ইভেণ্টত ভাৰতক ঐতিহাসিক সোণৰ পদক অৰ্জন কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। এইখন প্ৰতিযোগিতাতে তেওঁলোকে পুৰুষৰ ডাবলছত ৰূপৰ পদকো লাভ কৰিছিল।[5]

২০১৯ চনত শেট্টী আৰু সাত্ত্বিকসাইৰাজ ৰেংকিৰেড্ডীয়ে বি ডব্লিউ এফ ছুপাৰচিৰিজ বা বি ডব্লিউ এফ ৱৰ্ল্ড ট্যুৰ (ছুপাৰ ৫০০+) খিতাপ দখল কৰা প্ৰথম ভাৰতীয় ডাবলছ যুটি হিচাপে পৰিগণিত হয়, যেতিয়া তেওঁলোকে ফাইনেলত চীনা যুটি লি জুনহুই আৰু লিউ ইউচেনক পৰাস্ত কৰি থাইলেণ্ড অ’পেনৰ খিতাপ দখল কৰে।[6] ইয়াৰ পিছত তেওঁলোকে ২০১৯ চনৰ ফ্ৰেন্স অ'পেনত ৰানাৰ্ছ আপৰ স্থান দখল কৰে। এই প্ৰতিযোগিতাৰ চূড়ান্ত খেলখনত তেওঁলোক ইণ্ডোনেছিয়াৰ যুটি মাৰ্কাছ ফাৰ্নাল্ডি গিডিয়ন আৰু কেভিন ছাঞ্জয়া চুকামুলজোৰ হাতত পৰাস্ত হয়।[7]

২০২১ চনত শেট্টী আৰু সাত্ত্বিকসাইৰাজ ৰেংকিৰেড্ডীয়ে দ্বিতীয় ৰাউণ্ডত ইণ্ডোনেছিয়াৰ যুটি মহম্মদ আহছান আৰু হেন্দ্ৰা চেটিয়াৱানৰ হাতত পৰাস্ত হৈ ২০২০ চনৰ ইউনেক্স থাইলেণ্ড অ'পেনৰ পৰা ক্ৰেচ আউট হয়।[8] জুলাই মাহত তেওঁ আৰু ৰেংকিৰেড্ডীয়ে ২০২০ চনৰ গ্ৰীষ্মকালীন অলিম্পিকত অংশগ্ৰহণ কৰিছিল যদিও মাৰ্কাছ ফাৰ্নাল্ডি গিডিয়ন আৰু কেভিন সঞ্জয়া চুকামুলজোৰ হাতত পৰাস্ত হোৱাৰ পিছত গ্ৰুপ পৰ্যায়ত বাহিৰ হৈছিল। অৱশ্যে সমগ্ৰ প্ৰতিযোগিতাখনত অৱশেষত সোণৰ পদক বিজয়ী লি ইয়াং আৰু ৱাং চি-লিনক প্ৰথম গ্ৰুপ পৰ্যায়ৰ মুখামুখিত সংকীৰ্ণভাৱে পৰাস্ত কৰিবলৈ কেৱল তেওঁলোকৰ যুটিটোৱেই হে সক্ষম হৈছিল।[9] ডিচেম্বৰ মাহত শেট্টী আৰু ৰেংকিৰেড্ডীয়ে কেৰিয়াৰত প্ৰথমবাৰৰ বাবে বি ডব্লিউ এফ ৱৰ্ল্ড ট্যুৰ ফাইনেললৈ যোগ্যতা অৰ্জন কৰিছিল যদিও ডেনিছ যুটি কিম এষ্ট্ৰপ আৰু এণ্ডাৰছ স্কাৰুপ ৰাছমুচেনৰ হাতত গ্ৰুপ পৰ্যায়ৰ প্ৰথমখন মেচত পৰাস্ত হোৱাৰ পিছত প্ৰতিযোগিতাখনৰ পৰা আঁতৰি আহিব লগা হয়।

২০২২ চনত শেট্টী আৰু ৰেংকিৰেড্ডীয়ে ইণ্ডোনেছিয়াৰ যুটি কেভিন সঞ্জয়া চুকামুলজো আৰু মহম্মদ আহছানৰ হাতত প্ৰথম ছেটত পৰাস্ত হোৱাৰ পিছত তেওঁলোকে দ্বিতীয় ছেটটো জয় হৈ তৃতীয় ছেটটো ২১-১৯ গ’লত সমাপ্ত কৰি ইণ্ডোনেছিয়াৰ বিৰুদ্ধে ২-০ গ’লত অগ্ৰগতি লাভ কৰে। ভাৰতক প্ৰথমবাৰৰ বাবে থমাছ কাপ ট্ৰফী লাভ কৰাত সহায় কৰাত ই গুৰুত্বপূৰ্ণ আছিল।[10]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. "Participants: Chirag Chandrashekhar Shetty". Gold Coast 2018 Commonwealth Games Corporation. Archived from the original on 5 August 2021. https://web.archive.org/web/20210805094820/https://results.gc2018.com/en/badminton/athlete-profile-n6018911-chirag-chandrashekhar-shetty.htm। আহৰণ কৰা হৈছে: 5 August 2021. 
  2. "Players: Chirag Shetty". Badminton World Federation. http://bwfbadminton.com/player/70500/chirag-shetty। আহৰণ কৰা হৈছে: 23 November 2016. 
  3. "Player Profile of Chirag Shetty". Badminton Association of India. http://www.badmintoninindia.com/viewplayer/Chirag-Shetty/2875। আহৰণ কৰা হৈছে: 23 November 2016. 
  4. "Satwiksairaj Rankireddy-Chirag Shetty, Sai Praneeth achieve career-best badminton rankings". India Today. 12 November 2019. https://www.indiatoday.in/sports/badminton/story/badminton-rankings-satwiksairaj-rankireddy-chirag-shetty-no-7-mens-doubles-sai-praneeth-top-10-1618139-2019-11-12। আহৰণ কৰা হৈছে: 29 July 2021. 
  5. "BAI recommends Satwiksairaj Rankireddy, Chirag Shetty and Sameer Verma for Arjuna Awards". India Today. https://www.indiatoday.in/sports/badminton/story/bai-recommends-satwiksairaj-rankireddy-chirag-shetty-and-sameer-verma-for-arjuna-awards-1684777-2020-06-02। আহৰণ কৰা হৈছে: 3 August 2021. 
  6. "Thailand Open: Satwiksairaj Rankireddy, Chirag Shetty 1st Indian doubles pair to win Super 500 title". India Today. https://www.indiatoday.in/sports/badminton/story/thailand-open-2019-badminton-satwiksairaj-rankireddy-chirag-shetty-winners-men-s-doubles-1st-indian-pair-defeats-world-champions-li-jun-hui-liu-yu-chen-1577076-2019-08-04। আহৰণ কৰা হৈছে: 12 February 2022. 
  7. "French Open: Satwik and Chirag finish men’s doubles runners-up after losing final to Sukamuljo-Fernaldi". India Today. https://www.indiatoday.in/sports/badminton/story/french-open-2019-final-satwiksairaj-chirag-shetty-lose-final-marcus-fernaldi-kevin-sukamuljo-1613289-2019-10-28। আহৰণ কৰা হৈছে: 12 February 2022. 
  8. "Thailand Open: Satwiksairaj Rankireddy, Chirag Shetty crash out in 2nd round". India Today. 14 January 2021. https://www.indiatoday.in/sports/badminton/story/thailand-open-satwiksairaj-rankireddy-chirag-shetty-crash-out-in-2nd-round-1758872-2021-01-14। আহৰণ কৰা হৈছে: 29 July 2021. 
  9. "Rankireddy Satwiksairaj". Tokyo Organising Committee of the Olympic and Paralympic Games. https://olympics.com/tokyo-2020/olympic-games/en/results/badminton/athlete-profile-n1340133-rankireddy-satwiksairaj.htm। আহৰণ কৰা হৈছে: 5 August 2021. 
  10. Manne Ratnakar (May 15, 2022). "India trounce Indonesia to clinch Thomas Cup | Badminton News - Times of India" (en ভাষাত). The Times of India. https://timesofindia.indiatimes.com/sports/badminton/india-trounce-indonesia-to-clinch-thomas-cup/articleshow/91579906.cms। আহৰণ কৰা হৈছে: 2022-05-18.