সমললৈ যাওক

সুশীল কুমাৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সুশীল কুমাৰ
ব্যক্তিগত তথ্যাৱলী
ৰাষ্ট্ৰীয়তা ভাৰতীয়
জন্ম ২৬মে’ ১৯৮৩[1]
বাপৰ’লা, দিল্লী
উচ্চতা ১৬৬ ছে.মি. (৫ফুট ৫ ইঞ্চি)
ক্ৰীড়া
দেশ ভাৰত
ক্ৰীড়া মল্লযুদ্ধ
শিতান মল্লযুদ্ধ (ফ্ৰিষ্টাইল ৬৬ কেজি শাখা)
ক্লাব NIS, দিল্লী
প্ৰশিক্ষক শতপাল পদ্মশ্ৰী, যশবীৰ সিং
১৩ আগষ্ট ২০১২-ত নবীকৰণ কৰা হৈছে।

সুশীল কুমাৰ (ইংৰাজী: Sushil Kumar; জন্ম: ২৬ মে’, ১৯৮৩)[1] এজন ভাৰতীয় মল্লযোদ্ধা। ২০১০ চনৰ ৱ’ৰ্ল্ড চেম্পিয়নস্বিপৰ ৬৬ কেজিৰ ফ্ৰি ষ্টাইল শাখাত স্বৰ্ণ আৰু ২০১২ চনৰ লণ্ডন অলিম্পিকত ৰূপ আৰু ২০০৮ চনৰ বেইজিং অলিম্পিকত ব্ৰঞ্জৰ পদক পাই ক্ৰমাগতভাৱে দুখন অলিম্পিকত পদক পোৱা সুশীল কুমাৰ একমাত্ৰ ভাৰতীয়[2]। ২০১২ চনৰ অলিম্পিকৰ চূড়ান্ত খেলত কুমাৰক জাপানৰ তাতচুহিৰ’ য়’নেমিটচুৱে পৰাস্ত কৰে। বেইজিং অলিম্পিকত তেওঁ কাজাখাস্তানৰ লিঅ’নিড স্পিৰিড’ন’ভ হৰুৱাই ব্ৰঞ্জ পদক দখল কৰিছিল[2]

১৯৫২ চনৰ হেলচিংকি অলিম্পিকত কে. দি. যাদৱে অৰ্জন কৰা মল্লযুদ্ধৰ ব্ৰঞ্জৰ পদকটিৰ পছত বেইজিঙৰ পদকটো আছিল মল্লযুদ্ধত ভাৰতৰ দ্বিতীয় অলিম্পিক পদক[3]। ২০০৯ চনৰ জুলাই মাহত তেওঁ ভাৰতীয় ক্ৰীড়া ক্ষেত্ৰৰ সৰ্বোচ্চ সন্মান ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা লাভ কৰে[4]। ২০১০ চন ৩ অক্টোবৰত কমনৱেলথ খেলৰ কুইনচ বেটন ৰীলেত শেষৰজন বেটন বাহক হিচাপে সুশীল কুমাৰে ৰাজকুমাৰ চাৰ্লছক কুইনচ বেটন অৰ্পণ কৰিছিল।[5][6]

দক্ষিণ পশ্ছিম দিল্লীৰ নজফগড়ৰ ওচৰৰ বাপৰ’লা[7] নামৰ গাঁৱৰ এটা জাত (Jat)[8] পৰিয়ালত সুশীলৰ জন্ম। সুশীলৰ দেউতাক দীৱান সিং এজন বাছ ড্ৰাইভাৰ আৰু মাক কমলা দেৱী এগৰাকী গৃহিণী। সুশীলক মল্লযুদ্ধৰ বাবে সম্পৰ্কীয় ককায়েক সন্দীপ আৰু দেউতাকে উৎসাহিত কৰিছিল, দেউতাক দীৱান সিং নিজেও এজন মল্লযোদ্ধা (পেহেলৱান) আছিল। সন্দীপে মল্লযুদ্ধ বাদ দিছিল কিয়নো পৰিয়ালটোৱে এজনতকৈ অধিক ব্যক্তিক ইয়াৰ বাবে সুবিধা পদান কৰিবলৈ অসমৰ্থ আছিল। ১৪ বছৰ বয়সৰ পৰা ছত্ৰাচল ষ্টেডিয়ামৰ অখাৰা(মল্লযুদ্ধৰ পাঠশালা)ত কুমাৰে মল্লযুদ্ধৰ প্ৰশিক্ষণ আৰম্ভ কৰিছিল। মল্লযুদ্ধৰ বাবে অতি কম পুঁজি আৰু পুৰণি প্ৰশিক্ষণ পদ্ধতিৰে ২০০৮ চনৰ অলিম্পিকৰ বাবে প্ৰস্তুতি চলোৱাৰ সময়ত প্ৰস্তুতিৰ বাবে লগা সুষম আহাৰ কুমাৰক নিজৰ পৰিয়ালেই গাখীৰ, ঘিঁউ, শাক পাচলি যোগানেৰে পূৰণ কৰিব লগা হৈছিল।[9][10] সুশীল এজন নিৰামিষভোজী।[11][12]

বৰ্তমান তেওঁ ভাৰতীয় ৰেলৱেৰ এজন সহকাৰী বাণিজ্যিক মেনেজাৰ[3]

২০২১ চনৰ ৪ মে'ত ছত্ৰচল ষ্টেডিয়ামত হোৱা কাজিয়াত প্ৰাক্তন কনিষ্ঠ ৰাষ্ট্ৰীয় কুস্তি চেম্পিয়ন সাগৰ ধনখৰৰ হত্যাৰ সন্দৰ্ভত দিল্লী আৰক্ষীয়ে সুশীল কুমাৰক গ্ৰেপ্তাৰ কৰে।[13][14][15] গ্ৰেপ্তাৰৰ পিছত, দিল্লী আৰক্ষীয়ে তেওঁক ৰোহিণী আদালতত উপস্থিত কৰে আৰু আদালতে তেঁওক ছদিনৰ বাবে দিল্লী আৰক্ষীৰ অধীনলৈ প্ৰেৰণ কৰাৰ নিৰ্দেশ দিয়ে।[16][17][18]

ক্ৰীড়াজীৱন

[সম্পাদনা কৰক]

১৪ বছৰ বয়সৰ পৰা ছত্ৰাচল ষ্টেডিয়ামৰ অখাৰাত সুশীলৰ প্ৰশিক্ষণ আৰম্ভ হৈছিল। প্ৰথমে সুশীলৰ গুৰু আছিল ভাৰতীয় মল্লযুদ্ধা যশবীৰ আৰু ৰামপাল, পাছত অৰ্জুন বঁটা বিজয়ী শতপাল আৰু ভাৰতীয় ৰেলৱেৰ কেম্পত জ্ঞান সিং সুশীলৰ প্ৰশিক্ষক হয়।[3] দুজন ব্যক্তিৰ মাজত এখন বিছনা আৰু বিছজনৰ ব্যক্তিয়ে একোটা কোঠাত থকাৰ দৰে কঠিন পৰিস্থিতিৰ মাজেৰে সুশীলে প্ৰশিক্ষণ কাল পাৰ কৰিব লগা হৈছিল।[19] ১৮ বছৰ বয়সত সুশীল মল্লযুদ্ধৰ ৰাজ্যিক চেম্পিয়ন হয়।

প্ৰথমটো ঊল্লেখনীয় সফলতা আহে ১৯৯৮চনৰ বিশ্ব কেডেত খেল(World Cadet Games)ত যেতিয়া সুশীলে তেওঁৰ শাখাত স্বৰ্ণ পদক লাভ কৰে। তাৰ পাছত ২০০০ চনত এচিয়ান জুনিয়ৰ মল্লযুদ্ধ চেম্পিয়নশ্বিপত পুনৰ স্বৰ্ণ পদক দখল কৰে।

২০০৩ চনত সুশীলে এচিয়ান মল্লযুদ্ধ চেম্পিয়নশ্বিপৰ চিনিয়ৰ শাখাত ব্ৰঞ্জৰ পদক লাভ কৰে, আৰু কমনৱেলথ মল্লযুদ্ধত স্বৰ্ণ জয় কৰে। ২০০৩ চনৰ বিশ্ব মল্লযুদ্ধ চেম্পিয়নশ্বিপত তেওঁ চতুৰ্থ স্থান দখল কৰিবলৈ সক্ষম হয়। অৱশ্যে ২০০৪ চনৰ এথেন্স অলিম্পিকৰ ৬০ কেজি শাখাত ১৪শ স্থান দখলেৰে সুশীল বেয়াকৈ ব্যৰ্থ হয়। ২০০৫ আৰু ২০০৭ চনত সুশীলে পুনৰ কমনৱেলথ মল্লযুদ্ধৰ খিতাপ দখল কৰে। ২০০৭চনৰ বিশ্ব মল্লযুদ্ধ চেম্পিয়নশ্বিপত সপ্তম স্থান লাভ কৰাৰ পাছত ২০০৮ চনৰ বেইজিং অলিম্পিকত সুশীল কুমাৰে ব্ৰঞ্জৰ পদক দখল কৰে। ২০১২ চনৰ লণ্ডন অলিম্পিকত কাজাখাস্তানৰ এজন যোদ্ধাক হৰুৱাই ৰূপৰ পদক দখল কৰে। সুশীল ব্যক্তিগত শাখাত দুটা পদক পোৱা প্ৰথমজন ভাৰতীয় অলিম্পিয়ান।[20]

বেইজিং অলিম্পিক ২০০৮

[সম্পাদনা কৰক]

৬৬কেজি শাখাৰ প্ৰথম খেলতে ইউক্ৰেইনৰ এণ্ড্ৰি ষ্টেডনিকৰ হাতত সুশীল পৰাস্ত হয়,[21]আৰু ৰিপিচেজ (repechage) ৰাউণ্ড খেলিব লগা হয়, প্ৰথম ৰিপিচেজ ৰাউণ্ডত আমেৰিকাৰ ড’গ স্ক’ৱাব আৰু দ্বিতীয় ৰিপিচেজ ৰাউণ্ডত বেলাৰুচৰ এলবাৰ্ট বেটয়’ৰ্ভক পৰাস্ত কৰে। তাৰ পাছত ২০ আগষ্ট ২০০৮ তাৰিখে ব্ৰঞ্জ পদকৰ বাবে হোৱা খেলত কাজাখাস্তানৰ লিঅ’নিড স্পিৰিড’ন’ভ ৩:১ত পৰাস্ত কৰি পদক দখল কৰে।[22] সুশীলে জনোৱা মতে ৭০মিনিটৰ ভিতৰত খেলিব লগা এইকেইখন খেলৰ সময়ত তেওঁ কাষত কোনো মালিচ কৰি দিয়া মানুহ নাছিল, টীম মেনেজাৰ এচিয়ান গেমছৰ পদকজয়ী কাৰ্টাৰ সিঙেই সুশীলক মালিচ কৰিব লগা হৈছিল।[23]

বিশ্ব মল্লযুদ্ধ চেম্পিয়নশ্বিপ ২০১০, ম’স্কো

[সম্পাদনা কৰক]

২০১০ চনৰ ১২ চেপ্টেম্বৰত, ম’স্কোত অনুষ্ঠিত বিশ্ব মল্লযুদ্ধ চেম্পিয়নশ্বিপত প্ৰথমজন ভাৰতীয় হিচাপে স্বৰ্ণ পদক দখল কৰি সুশীলে ইতিহাস সৃষ্টি কৰে।

সুশীলে এই প্ৰতিযোগিতাত ৬৬কেজিৰ ফ্ৰী ষ্টাইল শাখাত স্থানীয় এলান গ’গায়েভক ৩:১ৰ ব্যৱ্ধানত পৰাস্ত কৰে। তাৰ আগতে এখন ৰোমাঞ্চকৰ খেলত ইউৰোপৰ চেম্পিয়ন আজাৰবাইজানৰ জাব্ৰেইল হাচান’ভক ৪:৩অত পৰাস্ত কৰে (২:৩ত পিছ পৰি থকা সুশীলে শেষৰ ৫ছেকেণ্ডত ২ প‍ইণ্ট অৰ্জন কৰে)। প্ৰথম ৰাউণ্ডত বাই পোৱা সুশীলে দ্বীতীয় ৰাউণ্ডত গ্ৰীচএক্ৰিতিদিছ এনাষ্টাচিঅ’চক ৬:০ত পৰাস্ত কৰে, তাৰ পাছত প্ৰি-কোৱাৰ্টাৰত জাৰ্মানীমাৰ্টিন চেবাষ্টিনক ৪:১ত আৰু কোৱাৰ্টাৰত মঙ্গোলিয়াবুয়ানজাভ বেটজ’ৰিগক ৯:১ত বিধ্বস্ত কৰে।

কমনৱেলথ গেমছ ২০১০, দিল্লী

[সম্পাদনা কৰক]

দিল্লী কমনৱেলথ গেমছত ১০ অক্টোবৰ ২০১০ তাৰিখে সুশীলে স্বৰ্ণ পদক লাভ কৰে। দক্ষিণ আফ্ৰিকাৰ হেনিৰিক বাৰ্নেচক ৭:০ত পৰাস্ত কৰি ৬৬কেজিৰ ফ্ৰী ষ্টাইল শাখাৰ এই পদক সুশীলে নিজৰ নামত কৰে। দক্ষিণ আফ্ৰিকীয় মল্লযুদ্ধাজনে সুশীলৰ আগত চাৰে তিনি মিনিটতকৈ অধিক সময় তিষ্টি থাকিব নোৱাৰে আৰু দ্বিতীয় ৰাউণ্ডৰ মাজতে ৰেফাৰীয়ে খেল সমাপ্ত বুলি ঘোষণা কৰে। ইয়াৰ পূৰ্বে ছেমি ফাইনেল খেলত সুশীলে জিম্বিয়াৰ ফামাৰা জাৰজাওক মাত্ৰ ৯ছেকেণ্ডত[24] আৰু কোৱাৰ্টাৰ ফাইনেলত পাকিস্তানৰ মহম্মদ চলন্তক ৪৬ ছেকেণ্ডত ১০:০ৰ ব্যৱধানত পৰাস্ত কৰিছিল।

লণ্ডন অলিম্পিক ২০১২

[সম্পাদনা কৰক]

চূড়ান্ত খেলত জাপানৰ তাতচুহিৰ’ য়’নেমিটচুৰ(Tatsuhiro Yonemitsu) হাতত পৰাস্ত হোৱাৰ পাছত পুৰুষৰ ৬৬কেজিৰ ফ্ৰি ষ্টাইল শাখাত সুশীলে ৰূপৰ পদক লাভ কৰে। তাৰ আগয়ে ছেমিফাইনেলত সুশীলে কাজাখাস্তানৰ আক্জুৰেক টানাটাৰ’ভ(Akzhurek Tanatarov) পৰাস্ত কৰিছিল।[25].

ইয়াৰ আগতে সুশীলে লণ্ডন অলিম্পিকৰ আৰম্ভণি অনুষ্ঠানত ৰাষ্ট্ৰীয় ধ্বজ্জা বাহক হিচাপে ভাৰতীয় দলক নেতৃত্ব দিছিল।[26]

টেলিভিচন

[সম্পাদনা কৰক]

সুশীলক ২০১২ চনত এম. টিভিৰ ৰ’ডীজ ৯ (Roadies 9)ত দেখিবলৈ পোৱা গৈছিল।

সন্মান আৰু স্বীকৃতি

[সম্পাদনা কৰক]
২০০৮ চনৰ বেইজিং অলিম্পিকৰ ব্ৰঞ্জ পদকৰ বাবে।
  • ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা (যুটিয়াভাৱে), ভাৰতৰ সৰ্বোচ্চ ক্ৰীড়া সন্মান।
  • ভাৰতীয় ৰেল মন্ত্ৰালয়ৰ পৰা ৫৫ লাখ (৭৭,১০০ ডলাৰ) ৰ নগদ বঁটা লগতে মুখ্য টিকেটিং ইন্সপেক্টৰ পদৰ পৰা সহকাৰী বাণিজ্যিক মেনেজাৰ পদলৈ পদোন্নতি।[27]
  • দিল্লী চৰকাৰ পৰা ৫০ লাখ (৭০,১০০ ডলাৰ) ৰ নগদ বঁটা।[27]
  • হাৰিয়ানা চৰকাৰৰ পৰা ২৫ লাখ (৩৫,১০০ ডলাৰ) ৰ নগদ বঁটা।[27]
  • ভাৰত চৰকাৰৰ তীখা মন্ত্ৰালয়ৰ পৰা ২৫ লাখ (৩৫,১০০ ডলাৰ) ৰ নগদ বঁটা।[27]
  • আৰ. কে. গ্ল’বেলৰ পৰা লাখ (৭,০০০ ডলাৰ) ৰ নগদ বঁটা।[27]
  • মহাৰাষ্ট্ৰ চৰকাৰৰ পৰা ১০ লাখ (১৪,০০০ ডলাৰ) ৰ নগদ বঁটা।
  • এম.টি.এন.এল.ৰ পৰা ১০ লাখ (১৪,০০০ ডলাৰ) ৰ নগদ বঁটা।
২০১০ চনৰ বিশ্ব মল্লযুদ্ধ চেম্পিয়নশ্বিপৰ স্বৰ্ণ পদকৰ বাবে
  • ভাৰতীয় ৰেলৱেৰ পৰা ১০ লাখ (১৪,০০০ ডলাৰ) ৰ নগদ বঁটা আৰু পদোন্নতি।
  • ভাৰত চৰকাৰৰ ক্ৰীড়া প্ৰাধিকৰণৰ পৰা ১০ লাখ (১৪,০০০ ডলাৰ) ৰ নগদ বঁটা।
  • দিল্লী চৰকাৰৰ পৰা ১০ লাখ (১৪,০০০ ডলাৰ) ৰ নগদ বঁটা।
২০১২ চনৰ লণ্ডণ অলিম্পিকৰ ৰূপৰ পদকৰ বাবে
  • দিল্লী চৰকাৰৰ পৰা কোটি (১,৪০,২০০ ডলাৰ) ৰ নগদ বঁটা।
  • হাৰিয়ানা চৰকাৰৰ পৰা ১.৫ কোটি (২,১০,৩০০ ডলাৰ) ৰ নগদ বঁটা।
  • ভাৰতীয় ৰেলৱেৰ পৰা ০.৭৫ কোটি (১,০৫,১৫০ ডলাৰ) ৰ নগদ বঁটা।
  • হাৰিয়ানা চৰকাৰৰ পৰা মল্লযুদ্ধ একাডেমিৰ বাবে শোণিপাটত মাটি প্ৰদান।
  • অ’.এন.জি.চি.ৰ পৰা ১০ লাখ (১৪,০০০ ডলাৰ) ৰ নগদ বঁটা।[28].

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1 2 "Athlete Biography: Sushil Kumar". The Official Website of the Beijing 2008 Olympic Games. Archived from the original on 2008-08-23. http://results.beijing2008.cn/WRM/ENG/BIO/Athlete/5/205935.shtml আহৰণ কৰা হৈছে: 2008-08-20.
  2. 1 2 "Kumar claims 63kg bronze". The Official Website of the Beijing 2008 Olympic Games. 2008-08-20. http://en.beijing2008.cn/news/sports/headlines/wrestling/n214567030.shtml আহৰণ কৰা হৈছে: 2008-08-20.
  3. 1 2 3 Masand, Ajai (2008-08-20). "Meet Sushil Kumar, the shy guy". Hindustan Times. Archived from the original on 2013-01-04. https://archive.is/z4vr1 আহৰণ কৰা হৈছে: 2008-08-21.
  4. Mary Kom, Vijender and Sushil get Khel Ratna
  5. CBC, 2010 Commonwealth Games, Opening Ceremonies, airdate 3 October 2010, 9:00am-12:30pm (Eastern), c. 2h20m mark, CBC Television main network
  6. "CWG Opening ceremony: Live Blog" Archived 2010-10-04 at the Wayback Machine, Geetika Rustagi, 3 October 2010 (accessed 5 October 2010)
  7. "Sushil’s journey: From mud pits to Olympic podiums". The Hindu. August 12, 2012. http://www.thehindu.com/sport/other-sports/article3758096.ece আহৰণ কৰা হৈছে: August 12, 2012.
  8. Lord of the ring. http://indiatoday.intoday.in/story/sushil-kumar-lord-of-the-ring/1/113853.html.
  9. Ganesan, Uthra (2008-08-21). "Najafgarh hails golden bronze boy". Express India. Archived from the original on 2008-09-22. https://web.archive.org/web/20080922180551/http://www.expressindia.com/latest-news/Najafgarh-hails-golden-bronze-boy/351341/ আহৰণ কৰা হৈছে: 2008-08-21.
  10. "Sushil puts Boprala on wrestling map of the world". Sify. 2008-08-20. http://sify.com/sports/fullstory.php?id=14743696 আহৰণ কৰা হৈছে: 2006-04-21.
  11. Sengupta, Somini (2008-08-25). "3 Olympic medals for a new India". The New York Times. http://www.nytimes.com/2008/08/25/world/asia/25iht-india.1.15606977.html?_r=1.
  12. "A sporty edge". The Telegraph. http://www.telegraphindia.com/1090215/jsp/graphiti/story_10534875.jsp.
  13. Sharma, Poonam (15 May 2021). "Non-bailable warrant issued against wrestler Sushil Kumar in Chhatrasal Stadium murder case" (en ভাষাত). India Today. https://www.indiatoday.in/sports/other-sports/story/sushil-kumar-non-bailable-warrant-delhi-court-sagar-rana-murder-case-1802992-2021-05-15 আহৰণ কৰা হৈছে: 2021-05-15.
  14. "Chhatrasal stadium brawl: Non-bailable warrants issued against Sushil Kumar, 6 others" (en ভাষাত). The Times of India. 15 May 2021. https://timesofindia.indiatimes.com/sports/more-sports/wrestling/chhatrasal-stadium-brawl-non-bailable-warrants-issued-against-sushil-kumar-6-others/articleshow/82661649.cms আহৰণ কৰা হৈছে: 2021-05-15.
  15. "Chhatrasal brawl case: Olympic medallist Sushil Kumar files anticipatory bail plea". The Times of India. 18 May 2021. https://timesofindia.indiatimes.com/sports/off-the-field/chattrasal-brawl-case-olympic-medallist-sushil-kumar-files-anticipatory-bail-plea/articleshow/82729817.cms?utm_source=facebook.com&utm_medium=social&utm_campaign=TOI আহৰণ কৰা হৈছে: 18 May 2021.
  16. "Sushil kumar Arrest: छह दिन की रिमांड पर भेजे गए पहलवान सुशील कुमार, रोहिणी कोर्ट में किया गया था पेश" (hindi ভাষাত). TV9 Hindi. 23 May 2021. https://www.tv9hindi.com/state/delhi-ncr/wrestler-sushil-kumar-produced-before-rohini-court-police-remand-of-6-days-approved-666610.html আহৰণ কৰা হৈছে: 2021-05-23.
  17. "Olympic medalist Sushil Kumar remanded to 6 days police custody in Chhatrasal murder case" (en ভাষাত). Republic World. https://www.republicworld.com/sports-news/other-sports/olympic-medalist-sushil-kumar-remanded-to-6-days-police-custody-in-chhatrasal-murder-case.html আহৰণ কৰা হৈছে: 2021-05-23.
  18. "Sushil Kumar and associate Ajay remanded to 6 days Police custody in Sagar Rana murder case" (en ভাষাত). India Today. https://www.indiatoday.in/amp/sports/other-sports/story/wrestler-sushil-kumar-emanded-to-6-days-delhi-police-custody-in-sagar-rana-murder-case-1806046-2021-05-23 আহৰণ কৰা হৈছে: 2021-05-23.
  19. Chakravertty, Shreya (2008-08-21). "20 to a room, two to a bed: This is where the medal came from". The Indian Express. http://www.indianexpress.com/story/351461.html আহৰণ কৰা হৈছে: 2008-08-21.
  20. "Sushil finally qualifies for London Olympics". IBN Live. Archived from the original on 2012-05-02. https://web.archive.org/web/20120502005138/http://ibnlive.in.com/news/sushil-finally-qualifies-for-london-olympics/252753-5-23.html আহৰণ কৰা হৈছে: 27 April 2012.
  21. "Grappler Sushil Kumar wins bronze". The Times Of India. 2008-08-20. Archived from the original on 2011-10-04. https://web.archive.org/web/20111004200842/http://olympics.timesofindia.indiatimes.com/articleshow/3384854.cms আহৰণ কৰা হৈছে: 2008-08-20.
  22. "Bout Result Men's FR 66 kg Bronze /Bout No.92 /Mat B". The Official Website of the Beijing 2008 Olympic Games. 2008-08-20. Archived from the original on 2008-08-29. http://results.beijing2008.cn/WRM/ENG/INF/WR/C73B/WRM266252.shtml#WRM266252 আহৰণ কৰা হৈছে: 2008-08-20.
  23. Sengupta, Abhijit (2008-08-28). "Lessons from Beijing". The Hindu. Archived from the original on 2009-08-04. https://web.archive.org/web/20090804100230/http://www.hinduonnet.com/thehindu/thscrip/print.pl?file=2008082850100300.htm&date=2008/08/28/&prd=mp& আহৰণ কৰা হৈছে: 2008-09-04.
  24. [http:// timesofindia.indiatimes.com/cwgarticleshow/6722578.cms "Somdev Devvarman wins 29th CWG gold for India"]. The Times of India. 10 October 2010. http:// timesofindia.indiatimes.com/cwgarticleshow/6722578.cms আহৰণ কৰা হৈছে: 10 October 2010.
  25. "Sushil Kumar Enters Olympic Final". Archived from the original on 2012-08-14. https://web.archive.org/web/20120814162223/http://www.newsclerks.com/sushil-kumar-indias-last-gold-medal-hope/523/ আহৰণ কৰা হৈছে: 2012-08-13.
  26. "Olympics 2012: Sushil Kumar promises a fight by Indian wrestlers". http://www.dnaindia.com/sport/report_olympics-2012-sushil-kumar-promises-a-fight-by-indian-wrestlers_1724262 আহৰণ কৰা হৈছে: 12 August 2012.
  27. 1 2 3 4 5 "Rewards pour in for Sushil Kumar". The Hindu. 2008-08-20. http://www.hindu.com/thehindu/holnus/000200808201657.htm আহৰণ কৰা হৈছে: 2008-08-20.
  28. "ONGC announces 25 lakh rupees for each Olympics Gold". ONGC. July 16, 2012. http://www.ongcindia.com/%5CPR%5COVL_Press_Release_170712.htm আহৰণ কৰা হৈছে: August 12, 2012.