মনু ভাকৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মনু ভাকৰ
ব্যক্তিগত তথ্যাৱলী
জন্ম ১৮ ফেব্ৰুৱাৰী, ২০০২ (২২ বছৰ)
গৰীয়া গাঁও, ঝজ্জৰ জিলা, হাৰিয়ানা, ভাৰত
জীৱিকা শ্বুটাৰ

মনু ভাকৰ এগৰাকী ভাৰতীয় শ্বুটাৰ। তেওঁ ২০১৮ চনত মেক্সিকোৰ গুৱাদালাজাৰাত অনুষ্ঠিত আন্তৰ্জাতিক শ্বুটিং স্পৰ্টছ ফেডাৰেচন বিশ্বকাপত মহিলাৰ শ্বুটিং প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰি দুটা সোণৰ পদক লাভ কৰিছিল। আন্তৰ্জাতিক শ্বুটিং স্পৰ্টছ ফেডাৰেচন বিশ্বকাপত সোণৰ পদক লাভ কৰা তেওঁ কনিষ্ঠতম ভাৰতীয় শ্বুটাৰ।[1] ২০১৮ চনৰ অষ্ট্ৰেলিয়াৰ গোল্ডকষ্টত অনুষ্ঠিত কমনৱেলথ গেমছত মনু ভাকৰে পোন প্ৰথমবাৰৰ বাবে অৱতীৰ্ণ হৈ ১৬ বছৰ বয়সতে সোণৰ পদক লাভ কৰিছিল।[2][3] ২০১৮ চনৰ আৰ্জেণ্টিনাৰ ৰাজধানী বিউনছ আইৰেছত অনুষ্ঠিত হোৱা যুৱ অলিম্পিকত তেওঁ সোণৰ পদক লাভ কৰে। ইয়াৰ লগতে তেওঁ যুৱ অলিম্পিকত সোণৰ পদক লাভ কৰা প্ৰথম গৰাকী ভাৰতীয় মহিলাত পৰিগণিত হয়। ২০১৯ চনত ভাৰতৰ নতুন দিল্লীত অনুষ্ঠিত হোৱা আন্তৰ্জাতিক শ্বুটিং স্পৰ্টছ ফেডাৰেচন বিশ্বকাপত তেওঁ পুনৰাই সোণৰ পদক লাভ কৰে।

প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক]

২০০২ চনৰ ১৮ ফেব্ৰুৱাৰী তাৰিখে হাৰিয়ানাৰ ঝজ্জৰ জিলাৰ গৰীয়া গাঁৱত মনু ভাকৰৰ জন্ম হৈছিল।[4] তেওঁৰ পিতৃ ৰাম কিচন ভাকৰ মাৰ্চেণ্ট নেভীত মুখ্য অভিযন্তা হিচাপে কৰ্মৰত।[4] তেওঁ ১৪ বছৰ বয়সৰ লৈকে আন আন খেল যেনে মণিপুৰৰ মাৰ্চিয়েল আৰ্ট হুয়েন লাংলন, বক্সিং‌, টেনিছ আৰু স্কেটিং খেলিছিল। এই গোটেইবোৰ খেলতেই তেওঁ ৰাষ্ট্ৰীয় ক্ৰীড়া মহোৎসৱত পদক লাভ কৰিছিল।[4] পিছলৈ তেওঁ শ্বুটিঙৰ প্ৰতি আকৰ্ষিত হয়।

কৰ্মজীৱন[সম্পাদনা কৰক]

মনুৰ দেউতাকৰ ১৫০০০০ টকা বিনিয়োগৰ পিছত[4] তেওঁ প্ৰতিযোগিতামূলক শ্বুটিং বাছনি কৰিছিল। ২০১৭ চনত তেওঁ প্ৰথমবাৰৰ বাবে আন্তৰ্জাতিক স্তৰৰ এছিয়ান জুনিয়ৰ চেম্পিয়নশ্বিপত ৰূপৰ পদক অৰ্জন কৰিছিল। ২০১৭ চনত কেৰালাত অনুষ্ঠিত ৰাষ্ট্ৰীয় ক্ৰীড়া মহোৎসৱত তেওঁ ৯টা সোণৰ পদক লাভ কৰিছিল।[5] তেওঁ কেইবাবাৰো বিশ্বকাপত পদক বিজয়ী হীনা সিন্ধুক হেৰুৱাইছিল আৰু হীনাৰ ৰাষ্ট্ৰীয় ৰেকৰ্ড ভংগ কৰিছিল।[4]

২০১৮ চনৰ মেক্সিকোৰ গুৱাদালাজাৰাত অনুষ্ঠিত আন্তৰ্জাতিক শ্বুটিং স্পৰ্টছ ফেডাৰেচন বিশ্বকাপত তেওঁ মহিলাৰ ১০ মিটাৰ এয়াৰ পিষ্টল শাখাত সোণৰ পদক অৰ্জন কৰে।[6] ১৬ বছৰত আন্তৰ্জাতিক শ্বুটিং স্পৰ্টছ ফেডাৰেচন বিশ্বকাপত সোণৰ পদক অৰ্জন কৰি মনু এই প্ৰতিযোগিতাত সোণৰ পদক লাভ কৰা কনিষ্ঠতম ভাৰতীয়ত পৰিগণিত হল।[1][7] একে প্ৰতিযোগিতাৰ ১০ মিটাৰ এয়াৰ পিষ্টল মিশ্ৰিত শাখাত মনু আৰু ঔম প্ৰকাশ মিঠাৰৱলে সোণৰ পদক লাভ কৰে।[8][9][10][11]

মনুয়ে ২০১৮ চনত অষ্ট্ৰেলিয়াৰ গোল্ডকষ্টত অনুষ্ঠিত কমনৱেলথ গেমছত ১০ মিটাৰ এয়াৰ পিষ্টল শাখাত সোণৰ পদক লাভ কৰে। ২৪০.৯ পইণ্ট অৰ্জন কৰি এক নতুন কমনৱেলথ ৰেকৰ্ড স্থাপন কৰে।[12][13][14]

২০১৮ চনত ইণ্ডোনেছিয়াৰ ৰাজধানী জাকাৰ্টাত অনুষ্ঠিত এছিয়ান গেমছত ২৫ মিটাৰ এয়াৰ পিষ্টল ইভেণ্টত ৫৯৩ পইণ্টৰে অগ্ৰগতি লাভ কৰে যদিও মূল প্ৰতিযোগিতাত তেওঁ ষষ্ঠ স্থান লাভ কৰিছিল।

২০১৮ চনত আৰ্জেণ্টিনাৰ ৰাজধানী বিউনছ আইৰেছত অনুষ্ঠিত যুৱ অলিম্পিকত তেওঁ ২৩৬.৫ পইণ্টৰে ১০ মিটাৰ এয়াৰ পিষ্টল ইভেণ্টৰ শীৰ্ষত থাকে। তেওঁ এই প্ৰতিযোগিতাত ভাৰতৰ ধ্বজাবাহক আছিল। ১৬ বছৰীয়া মনু যুৱ অলিম্পিকত সোণৰ পদক লাভ কৰা প্ৰথম গৰাকী ভাৰতীয় মহিলাত পৰিগণিত হয়।

২০১৯ চনৰ ফেব্ৰুৱাৰী মাহত ভাৰতৰ নতুন দিল্লীত অৱস্থিত আন্তৰ্জাতিক শ্বুটিং স্পৰ্টছ ফেডাৰেচন বিশ্বকাপত তেওঁ মহিলাৰ ১০ মিটাৰ এয়াৰ পিষ্টল মিশ্ৰিত শাখাত সোণৰ পদক অৰ্জন কৰে।[15][16]

তথ্য উৎস[সম্পাদনা কৰক]

  1. 1.0 1.1 "Haryana shooter creates history, is youngest Indian to win World Cup gold ►". The Times of India. https://timesofindia.indiatimes.com/sports/more-sports/shooting/haryana-shooter-creates-history-is-youngest-indian-to-win-world-cup-gold/articleshow/63177915.cms. 
  2. CNN, Chris Scott,. "16-year-old breaks Commonwealth Games record to win shooting gold for India". CNN. https://edition.cnn.com/2018/04/08/sport/16-year-old-manu-bhaker-wins-shooting-gold/index.html. 
  3. "Bindra: Manu's talented but it will get tougher for her". ESPN. http://www.espn.in/commonwealth-games/story/_/id/23074321/manu-bhaker-talented-get-tougher-her. 
  4. 4.0 4.1 4.2 4.3 4.4 "Manu Bhaker, jack of all trades but master of one, wins 10m pistol gold at World Cup" (en-US ভাষাত). The Indian Express. 2018-03-06. http://indianexpress.com/article/sports/sport-others/manu-jack-of-all-trades-but-master-of-one-wins-25m-pistol-gold-at-world-cup-5087354/. 
  5. "Manu Bhaker picks up ninth gold at National Shooting Championship". The Times of India. https://timesofindia.indiatimes.com/sports/more-sports/shooting/manu-bhaker-picks-up-ninth-gold-at-national-shooting-championship/articleshow/62232988.cms। আহৰণ কৰা হৈছে: 2018-03-30. 
  6. "Manu Bhaker, 16-year-old from Haryana, wins 2nd gold at ISSF shooting World Cup" (en ভাষাত). 2018-03-06. https://www.hindustantimes.com/other-sports/manu-bhaker-wins-second-gold-medal-at-issf-shooting-world-cup/story-lcTRTB2sHACGPtjqt9escN.html. 
  7. "Who is Manu Bhaker? Meet 16-year-old Indian shooter who created history by winning second gold in World Cup" (en-US ভাষাত). The Financial Express. 2018-03-06. http://www.financialexpress.com/sports/who-is-manu-bhaker-meet-16-year-old-indian-shooter-who-created-history-by-winning-second-gold-in-world-cup/1088762/. 
  8. "India's gold rush continues as Manu Bhaker, Om Prakash Mitharval finish first in 10m Air Pistol mixed team final" (en-US ভাষাত). The Indian Express. 2018-03-06. http://indianexpress.com/article/sports/sport-others/indias-gold-rush-continues-as-manu-bhaker-om-prakash-mitharval-finish-first-in-10m-air-pistol-mixed-team-final-5087511/. 
  9. "ISSF World Cup: 16-year-old Manu Bhaker wins gold in women's pistol event" (en-US ভাষাত). 2018-03-05. https://www.indiatoday.in/sports/other-sports/story/issf-world-cup-16-year-old-manu-bhaker-wins-gold-in-women-s-pistol-event-1182045-2018-03-05. 
  10. "Manu Bhaker shoots gold in Women's 10m Air Pistol – Times of India ►". The Times of India. https://timesofindia.indiatimes.com/sports/more-sports/shooting/manu-bhaker-shoots-gold-in-womens-10m-air-pistol/articleshow/63164986.cms। আহৰণ কৰা হৈছে: 2018-03-06. 
  11. "Manu Bhaker wins second gold at Shooting World Cup". The Times of India. https://timesofindia.indiatimes.com/sports/more-sports/shooting/manu-bhaker-wins-second-gold-at-shooting-world-cup/articleshow/63179862.cms। আহৰণ কৰা হৈছে: 2018-03-06. 
  12. "CWG 2018: On debut, teenaged Manu Bhaker shoots gold, Heena Sindhu silver". The Times of India. https://timesofindia.indiatimes.com/sports/commonwealth-games/cwg-2018-on-debut-teenaged-manu-bhaker-shoots-gold-heena-sindhu-silver/articleshow/63663573.cms। আহৰণ কৰা হৈছে: 2018-04-09. 
  13. "Commonwealth Games 2018: Superwomen Manu Bhaker, Punam Yadav, Manika Batra lead charge as India end Day 4 on a high". www.firstpost.com. https://www.firstpost.com/sports/commonwealth-games-2018-superwomen-manu-bhaker-punam-yadav-manika-batra-lead-charge-as-india-end-day-4-on-a-high-4423111.html। আহৰণ কৰা হৈছে: 2018-04-09. 
  14. NDTVSports.com. "Commonwealth Games 2018: Manu Bhaker, 16, Shatters Games Record To Clinch Gold, Heena Sidhu Bags Silver – NDTV Sports" (en ভাষাত). NDTVSports.com. https://sports.ndtv.com/commonwealth-games-2018/commonwealth-games-2018-manu-bhaker-16-shatters-games-record-to-clinch-gold-heena-sidhu-bags-silver-1834289. 
  15. Sharma, suposh (2019-02-27). "Bhaker, Chaudhry end World Cup on a high; win 3rd Gold for India" (en-IN ভাষাত). Sports Flashes. Archived from the original on 2019-02-28. https://web.archive.org/web/20190228004014/https://sportsflashes.com/en/news/bhaker-chaudhry-end-world-cup-on-a-high-win-3rd-gold-for-india-/255053.html। আহৰণ কৰা হৈছে: 2019-02-27. 
  16. NDTVSports.com. "ISSF World Cup 2019: Manu Bhaker, Saurabh Chaudhary Win Gold In 10m Air Pistol Mixed Team Event | Shooting News" (en ভাষাত). NDTVSports.com. https://sports.ndtv.com/shooting/issf-world-cup-2019-manu-bhaker-saurabh-chaudhary-win-gold-in-10m-air-pistol-mixed-team-event-2000135। আহৰণ কৰা হৈছে: 2019-02-27.