সুমিত আন্তিল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সুমিত আন্তিল

২০১৯ চনত সুমিত
ব্যক্তিগত তথ্যাৱলী
জন্ম ৬ জুলাই, ১৯৯৮ (২৫ বছৰ)
ক্ৰীড়া
দেশ ভাৰত
ক্ৰীড়া পেৰা-এথলেটিকছ
সফলতা আৰু শীৰ্ষস্থান প্ৰাপ্তিসমূহ
পেৰালিম্পিক ফাইনেল ২০২০ টকিঅ'
ব্যক্তিগত শ্ৰেষ্ঠ বিশ্ব অভিলেখ ৬৮.৫৫ মিটাৰ (২০২১)[1]

সুমিত আন্তিল (ইংৰাজী: Sumit Antil, জন্ম ৬ জুলাই ১৯৯৮) এগৰাকী ভাৰতীয় পেৰা-এথলীট আৰু জেভলীন থ্ৰ' খেলুৱৈ। তেওঁ ২০২১ চনত জাপানৰ টকিঅ'ত অনুষ্ঠিত ২০২০ গ্ৰীষ্মকালীন পেৰালিম্পিকত পুৰুষৰ জেভলীন থ্ৰ' এফ৬৪ শ্ৰেণীত সোণৰ পদক লাভ কৰে।[2] ফাইনেলত ৬৮.৫৫ মিটাৰ জেভলীন নিক্ষেপ কৰি তেওঁ বিশ্ব অভিলেখ গঢ়ে।[3]

প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক]

১৯৯৮ চনৰ ৬ জুলাইত হাৰিয়ানাৰ চনিপতৰ খেৱদাত সুমিত আন্তিলৰ জন্ম হৈছিল।[4] ২০১৫ চনত মটৰচাইকেল দুৰ্ঘটনাত পতিত হৈ তেওঁ আঁঠুৰ তলত বাওঁ ভৰি হেৰুৱাইছিল। পেৰা চেম্পিয়নছ কাৰ্যসূচীৰ জৰিয়তে গ'স্পৰ্টছ ফাউণ্ডেচনে তেওঁক আৰ্থিক ভাৱে সহায় কৰে।[5] তেওঁ দিল্লীত বাণিজ্যৰ স্নাতক শ্ৰেণীত পঢ়ি থাকোঁতে সুমিতক পেৰা এথলেটিকছৰ সৈতে আন এজন পেৰা এথলীট ৰাজকুমাৰে পৰিচয় কৰাইছিল।

২০১৭ চনত সুমিতে দিল্লীত নিতিন জয়ছোৱালৰ অধীনত প্ৰশিক্ষণ আৰম্ভ কৰে আৰু তেতিয়াৰ পৰা তেওঁ বিভিন্ন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় স্তৰত প্ৰতিযোগিতা আৰম্ভ কৰে। তেওঁৰ প্ৰতিভা, কঠোৰ পৰিশ্ৰম আৰু সম্ভাৱনা প্ৰত্যক্ষ কৰাৰ পাছত গ'স্পৰ্টছে তেওঁক ২০১৯ চনত পেৰা চেম্পিয়নছ কাৰ্যসূচীত অন্তৰ্ভুক্ত কৰিছিল।

খেলুৱৈ জীৱন[সম্পাদনা কৰক]

২০১৯ চনত ইটালীত অনুষ্ঠিত ৱৰ্ল্ড পেৰা এথলেটিকছ গ্ৰাঁ প্ৰিঁত তেওঁ এফ৬৪ শ্ৰেণীত বিশ্ব অভিলেখ ভংগ কৰি কম্বাইণ্ড ইভেণ্টত ৰূপৰ পদক অৰ্জন কৰি তেওঁ ইতিহাস সৃষ্টি কৰিছিল। তেওঁ ২০১৯ চনত ডুবাইত অনুষ্ঠিত বিশ্ব পেৰা এথলেটিকছ চেম্পিয়নশ্বিপত ৰূপৰ পদক অৰ্জন কৰিছিল আৰু এই প্ৰতিযোগিতাত এফ৬৪ শ্ৰেণীত তেওঁৰ নিজৰ বিশ্ব অভিলেখ ভংগ কৰিছিল।[6][7]

২০২১ চনৰ ৩০ আগষ্টত সুমিত আন্তিলে ২০২০ গ্ৰীষ্মকালীন পেৰালিম্পিকত জেভলীন থ্ৰ' এফ৬৪ শ্ৰেণীত ৬৮.৫৫ মিটাৰ বিশ্ব অভিলেখ থ্ৰ'ৰ সৈতে সোণৰ পদক অৰ্জন কৰে।[8] ২০২১ চনত তেওঁ ভাৰতৰ সৰ্বোচ্চ ক্ৰীড়া সন্মান মেজৰ ধ্যানচান্দ খেলৰত্ন বঁটা [9] লাভ কৰে।[10][11]

তথ্য উৎস[সম্পাদনা কৰক]

  1. "Tokyo Paralympics: Sumit Antil Wins Javelin (F64) Gold, Sets New World Record". sports.ndtv.com. https://sports.ndtv.com/olympics-2020/tokyo-paralympics-sumit-antil-wins-javelin-f64-gold-sets-new-world-record-2523760। আহৰণ কৰা হৈছে: 30 August 2021. 
  2. "Athletics - Men's Javelin Throw - F64 Schedule | Tokyo 2020 Paralympics" (en-us ভাষাত). ... Archived from the original on 2021-08-30. https://web.archive.org/web/20210830132240/https://olympics.com/tokyo-2020/paralympic-games/en/results/athletics/event-schedule-men-s-javelin-throw-f64.htm। আহৰণ কৰা হৈছে: 2021-08-30. 
  3. Tokyo Paralympics 2021 highlights: Sumit Antil wins gold, creates world record in javelin throw F64 event The Times of India. Retrieved 30 August 2021
  4. Vatchittagong. "Sumit Antil Paralympics 2021: Tokyo Olympic Gold Winner. - Vatchittagong" (en-US ভাষাত). https://vatchittagong.org/sumit-antil-paralympics-2021। আহৰণ কৰা হৈছে: 2021-08-30. 
  5. Mar 26, Biju Babu Cyriac / TNN / Updated:; 2021; Ist, 23:34. "Sumit Antil betters javelin world record at National Para Athletics Championships | More sports News - Times of India" (en ভাষাত). The Times of India. https://timesofindia.indiatimes.com/sports/more-sports/athletics/sumit-antil-betters-javelin-world-record-at-national-para-athletics-championships/articleshow/81712825.cms। আহৰণ কৰা হৈছে: 2021-08-30. 
  6. Staff, Scroll. "Watch: Sandeep, Sumit bag javelin gold, silver with world record throws at Para Athletics Worlds" (en-US ভাষাত). Scroll.in. https://scroll.in/field/943135/watch-sandeep-sumit-bag-javelin-gold-silver-with-world-record-throws-at-para-athletics-worlds। আহৰণ কৰা হৈছে: 2021-08-30. 
  7. PTI. "World Para Athletics C’ships: Sandeep, Sumit create world records" (en ভাষাত). Sportstar. https://sportstar.thehindu.com/other-sports/world-para-athletics-championships-sandeep-chaudhary-sumit-create-world-record-win-gold-silver-medals/article29925508.ece। আহৰণ কৰা হৈছে: 2021-08-30. 
  8. "WATCH: Sumit Antil shatters the World record three times on his way to Gold Medal in javelin throw". SportsTiger. https://www.sportstiger.com/watch-sumit-antil-shatters-the-world-record-three-times-on-his-way-to-gold-medal-in-javelin-throw/। আহৰণ কৰা হৈছে: 30 August 2021. 
  9. https://dainikasam.assamtribune.com/full-page-pdf/epaper/pdf/2021/10/28/dainik-asam/2999?infinitescroll=1
  10. https://www.indiatoday.in/sports/other-sports/story/neeraj-chopra-mithali-raj-among-11-nominated-for-khel-ratna-shikhar-dhawan-recommended-for-arjuna-award-1870118-2021-10-27
  11. https://navbharattimes.indiatimes.com/sports/other-sports/khel-ratna-award-for-year-2021-olympic-champion-neeraj-chopra-wrestler-ravi-dahiya-among-11-athletes-noninated/articleshow/87310545.cms