বৰুণ সিং ভাটী
বৰুণ সিং ভাটী | ||||||||||||||||||||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
ব্যক্তিগত তথ্যাৱলী | ||||||||||||||||||||||||||||
ৰাষ্ট্ৰীয়তা | ভাৰতীয় | |||||||||||||||||||||||||||
জন্ম | ১৩ ফেব্ৰুৱাৰী, ১৯৯৫ (২৮ বছৰ) | |||||||||||||||||||||||||||
বাসগৃহ | গ্ৰেটাৰ নয়ডা, উত্তৰ প্ৰদেশ, ভাৰত | |||||||||||||||||||||||||||
ক্ৰীড়া | ||||||||||||||||||||||||||||
দেশ | ![]() | |||||||||||||||||||||||||||
ক্ৰীড়া | পেৰা এথলেটিক্স | |||||||||||||||||||||||||||
শিতান | হাই জাম্প টি৪২ | |||||||||||||||||||||||||||
পদক অভিলেখ
|
বৰুণ সিং ভাটী (ইংৰাজী: Varun Singh Bhati) এজন ভাৰতীয় পেৰালিম্পিক হাই জাম্প খেলুৱৈ। তেওঁ পলিঅ' ৰোগত আক্ৰান্ত। তেওঁ বেংগালুৰুৰ ভাৰতীয় ক্ৰীড়া নিগমত প্ৰশিক্ষণ গ্ৰহণ কৰিছে তথা গ'স্পৰ্ট ফাউণ্ডেশ্যনে তেওঁক আৰ্থিক দিশত সহায় কৰে।[1]
প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক]
গ্ৰেটাৰ নয়ডাৰ নিবাসী হেম সিং ভাটিৰ পুত্ৰ বৰুণে বৰ্তমান গণিত শাস্ত্ৰৰ স্নাতক মহলাৰ ছাত্ৰ। তেওঁ ক্ৰীড়া প্ৰতিভা চেইণ্ট জোচেফ স্কুলত পঢ়ি থাকোঁতেই সকলোৰে দৃষ্টিগোচৰ হৈছিল। ৰাষ্ট্ৰীয় পৰ্যায়ৰ এথলেট সত্যনাৰায়ণে তেওঁৰ এই প্ৰতিভা লক্ষ্য কৰিছিল। পেৰা চেম্পিয়ন ইভেণ্টবোৰত বৰুণক গ'স্পৰ্ট ফাউণ্ডেশ্যনে সহায় কৰে।[2]
বৰ্তমান দেশৰ ভিতৰতে শীৰ্ষস্থানীয় খেলুৱৈৰ পৰ্যায় পোৱা বৰুণ সৰুতে পুলিঅ ৰোগত আক্ৰান্ত হয় আৰু এখন ভৰি অকামিকা হয়। বৰুণে এই বাধাৰ পিছতো ক্ৰীড়া আৰু শিক্ষা উভয় ক্ষেত্ৰতে সমতুল্য স্থাপন কৰি আগবাঢ়ি যাব ধৰিলে। স্কুলৰ দিনৰ পৰাই তেওঁ ক্ৰীড়াৰ প্ৰতি আকৰ্ষিত হৈছিল।
কৰ্মজীৱন[সম্পাদনা কৰক]
২০১২ চনত বৰুণে "এ" কোৱালিফিকেচন মাৰ্কত ভুক্তিৰ লগে লগে জনপ্ৰিয় হৈ পৰিছিল।[3]২০১২ চনৰ লণ্ডন পেৰালিম্পিকত বৰুণে অংশ গ্ৰহণ কৰি ১.৬০ মিটাৰ উচ্চতালৈ জঁপিয়াইছিল। ২০১৪ চনৰ কোৰিয়াৰ ইনচিয়নত অনুষ্ঠিত এছিয়ান পেৰা ক্ৰীড়াত তেওঁ ভাৰতীয় দলৰ সদস্য আছিল। এই প্ৰতিযোগিতাত তেওঁ পঞ্চম স্থান দখল কৰে। একে বছৰৰ চীন মুক্ত এথলেটিক্স চেম্পিয়নশ্বিপত তেওঁ সোণৰ পদক লাভ কৰে। ২০১৫ চনৰ কাটাৰৰ দোহাত অনুষ্ঠিত বিশ্ব পেৰা চেম্পিয়নশ্বিপত তেওঁ আকৌ পঞ্চম স্থান অধিকাৰ কৰে। তাত তেওঁ ১.৮২ মিটাৰ উচ্চতালৈ জপিঁয়ায়।[4] ২০১৬ চনৰ আইপিচি এছিয়া ওচেনিয়া এথলেটিক্স চেম্পিয়নশ্বিপত এক নতুন এছিয়ান ৰেকৰ্ড গঢ়ি সোণৰ পদক লাভ কৰে। ২০১৬ চনৰ ব্ৰাজিলৰ ৰিঅ'ত অনুষ্ঠিত গ্ৰীষ্মকালীন পেৰালিম্পিক ক্ৰীড়াত তেওঁ ব্ৰঞ্জৰ পদক লাভ কৰে।
তথ্য উৎস[সম্পাদনা কৰক]
|