সমললৈ যাওক

সুন্দৰ সিং গুৰ্জাৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সুন্দৰ সিং গুৰ্জাৰ
ব্যক্তিগত তথ্যাৱলী
ৰাষ্ট্ৰীয়তা ভাৰতীয়
জন্ম ১ জানুৱাৰী, ১৯৯৬ (৩০ বছৰ)
কাৰাউলি, ৰাজস্থান, ভাৰত
ক্ৰীড়া
দেশ  ভাৰত
ক্ৰীড়া পেৰা-এথলেটিকছ
শিতান জেভলীন, ডিচকাছ থ্ৰ', শ্বট পুট
প্ৰশিক্ষক মহাবীৰ প্ৰসাদ ছাইনী

সুন্দৰ সিং গুৰ্জাৰ (ইংৰাজী: Sundar Singh Gurjar) এজন ভাৰতীয় পেৰালিম্পিক জেভলীন থ্ৰ', শ্বট পুট আৰু ডিচকাছ থ্ৰ' এথলীট যি এফ৪৬ শাখাত প্ৰতিদ্বন্দ্বিতা কৰে।[1] ৰাজস্থান ৰাজ্যত কাৰাউলিৰ নিবাসী তেওঁ পুৰুষৰ জেভলীন এফ৪৬ প্ৰতিযোগিতাত টকিঅ' ২০২০ পেৰালিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰে।[2][3] পঞ্চকুলাত অনুষ্ঠিত ষোড়শ পেৰা এথলেটিকছ ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপত তিনিটা ইভেণ্টত তিনিটা সোণৰ পদক অৰ্জন কৰি তেওঁ বিশ্ব অভিলেখ গঢ়িছিল। তেওঁ পেৰা-এথলেটিকছৰ বাবে ভাৰত চৰকাৰৰ পৰা অৰ্জুন বঁটাও লাভ কৰিছে।

কেৰিয়াৰ

[সম্পাদনা কৰক]

সুন্দৰ সিং গুৰ্জাৰে ২০১৬ চনত ডুবাইত অনুষ্ঠিত ৮ম ফাজজা আইপিচি এথলেটিকছ গ্ৰেণ্ড প্ৰিঁত ৫৯.৩৬ মিটাৰ প্ৰদৰ্শনেৰে ২০১৬ ৰিঅ' পেৰালিম্পিকৰ বাবে 'এ' যোগ্যতা লাভ কৰিছিল।[4] পঞ্চকুলাত অনুষ্ঠিত ষোড়শ পেৰা এথলেটিকছ ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপৰ সময়ত তেওঁ ৬৮.৪২ মিটাৰেৰে ৰাষ্ট্ৰীয় অভিলেখ গঢ়িছিল।[5] ৯ম ফাজজা আইপিচি এথলেটিকছ গ্ৰেণ্ড প্ৰিঁত তেওঁ তিনিটা ইভেণ্টত তিনিটা সোণৰ পদক লাভ কৰিছিল। সেই তিনিটা ইভেণ্ট আছিল জেভলীন থ্ৰ', শ্বট পুট আৰু ডিচকাছ থ্ৰ'। তেওঁ ২০১৮ এছিয়ান পেৰা গেমছত জেভলীন থ্ৰ'ত ৰূপৰ পদক আৰু ডিচকাছ থ্ৰ'ত ব্ৰঞ্জৰ পদক অৰ্জন কৰিছিল।

তেওঁ ২০২১ চনত জাপানৰ টকিঅ'ত অনুষ্ঠিত ২০২০ গ্ৰীষ্মকালীন পেৰালিম্পিকৰ পুৰুষৰ জেভলীন থ্ৰ' এফ৪৬ শাখাত ব্ৰঞ্জৰ পদক অৰ্জন কৰে।[6] সেই একেটা ইভেণ্টতে আন এগৰাকী ভাৰতীয় এথলীট দেৱেন্দ্ৰ ঝাঝাৰীয়াই ৰূপৰ পদক লাভ কৰে।[2]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "SUNDAR SINGH Gurjar". Rio 2016. Archived from the original on 2016-09-22. https://web.archive.org/web/20160922201027/https://www.rio2016.com/en/paralympics/athlete/gurjar-sundar-singh আহৰণ কৰা হৈছে: 2016-09-09.
  2. 1 2 "Tokyo Paralympics: Devendra Jhajharia Wins Silver, Bronze For Sundar Singh Gurjar In Men's Javelin (F46)" (en ভাষাত). Archived from the original on 2021-08-30. https://web.archive.org/web/20210830033711/https://sports.ndtv.com/athletics/paralympics-devendra-jhajharia-wins-silver-bronze-for-sundar-singh-gurjar-2523261.
  3. "Tokyo Paralympics: Devendra Jhajharia wins silver, Sundar Singh Gurjar wins bronze in men's javelin throw event" (en ভাষাত). Hindustan Times. 2021-08-30. https://www.hindustantimes.com/sports/others/tokyo-paralympics-devendra-jhajharia-wins-silver-sundar-singh-gurjar-wins-bronze-in-men-s-javelin-throw-event-101630284370230.html আহৰণ কৰা হৈছে: 2021-08-30.
  4. "PressReader.com - Connecting People Through News". www.pressreader.com. http://www.pressreader.com/india/hindustan-times-lucknow/20160330/282570197244491 আহৰণ কৰা হৈছে: 2016-09-09.
  5. "सुंदर सिंह ने भाला फेंकने में छोडा सबको पीछे, बनाया वर्ल्ड रिकार्ड". Archived from the original on 2016-09-14. https://web.archive.org/web/20160914145126/http://rajasthanpatrika.patrika.com/story/hanumangarh/sundar-singhs-world-record-in-javelin-throwing-in-senior-para-athletics-competition-2227712.html আহৰণ কৰা হৈছে: 2016-09-09.
  6. "Tokyo Paralympics Live Updates: Sundar Singh Gurjar secure bronze medal at Paralympics 2020". SportsTiger. https://www.sportstiger.com/tokyo-paralympics-2020-live-blog-latest-updates-from-sporting-fest-in-tokyo/ আহৰণ কৰা হৈছে: 30 August 2021.