দীপা মালিক

অসমীয়া ৱিকিপিডিয়াৰ পৰা
দীপা মালিক
ব্যক্তিগত তথ্যাৱলী
জন্ম ৩০ ছেপ্টেম্বৰ, ১৯৭০ (৫২ বছৰ)
ভৈচৱাল, চনীপাত জিলা, হাৰিয়ানা, ভাৰত
বাসগৃহ নতুন দিল্লী
ক্ৰীড়া
দেশ  ভাৰত
শিতান শ্বট পুত,জেভেলীন থ্ৰো, মটৰ চাইকেলিং
সফলতা আৰু শীৰ্ষস্থান প্ৰাপ্তিসমূহ
পেৰালিম্পিক ফাইনেল ২০১৬ গ্ৰীষ্মকালীন পেৰালিম্পিক: মহিলাৰ শ্বট পুত(এফ৫৩); –ৰূপৰ পদক

দীপা মালিক (ইংৰাজী: Deepa Malik; জন্ম ৩০ ছেপ্টেম্বৰ ১৯৭০) এগৰাকী ভাৰতীয় এথলীট। ২০১৬ চনৰ গ্ৰীষ্মকালীন পেৰালিম্পিকত ৰূপৰ পদক লাভ কৰি তেওঁ পেৰালিম্পিক ক্ৰীড়াত পদক লাভ কৰা প্ৰথম গৰাকী ভাৰতীয় মহিলা হৈ পৰিল।[1] তেওঁ বিভিন্ন দুঃসাহসিক ক্ৰীড়াত অংশ গ্ৰহণ কৰাৰ বাবে বিখ্যাত। তেওঁ হিমালয়ান মটৰস্পৰ্ট সন্থা আৰু ফেডাৰেচন অফ মটৰ স্পৰ্টছ ক্লাৱছ অফ ইণ্ডিয়া ৰ লগত জড়িত। তেওঁ ১৭০০ কিলোমিটাৰ দূৰত্বৰ এক আঠদিনীয়া শূন্যতকৈ কম উষ্ণতাত দুঃসাহসিক অভিযান সফল ভাবে ৰূপায়ণ কৰিছিল। এই অভিযানত তেওঁ সাগৰ পৃষ্ঠৰ পৰা প্ৰায় ১৮০০০ ফুট উচ্চতাত আহোৰণ কৰিছিল। এই অভিযানৰ নাম - ৰেইড দে হিমালয়। হিমালয়ৰ বহু ভিতৰুৱা ঠাই সামৰি লেহ, চিমলা আৰু জম্মুৰ মাজেৰে এই অভিযানৰ পথছোৱা আছিল।[2][3]

ব্যক্তিগত জীৱন[সম্পাদনা কৰক]

দীপা কৰ্ণেল বি.কে. নাগপালৰ জীয়েক তথা কৰ্ণেল বিক্ৰম সিঙৰ পত্নী। দেৱীকা আৰু অম্বিকা দুগৰাকী দীপাৰ জীয়েক। বিভিন্ন পেৰালিম্পিক চেম্পিয়নশ্বিপ ইভেণ্টত তেওঁক গ'স্পৰ্ট ফাউণ্ডেশ্যনে সহায় কৰে।[4]

দীপা খেল মন্ত্ৰণালয়ে মানৱ সম্পদ উন্নয়ন বিভাগৰ ক্ৰীড়া আৰু শাৰীৰিক শিক্ষা ক্ষেত্ৰৰ ১২তম পঞ্চবাৰ্ষিক পৰিকল্পনা কমিটিৰ এজন সক্ৰিয় সদস্য।

আন্তঃজাৰ্তিক প্ৰতিযোগিতা[সম্পাদনা কৰক]

  • আইপিচি এথলেটিকছ বিশ্ব চেম্পিয়নশ্বিপ, দোহা ২০১৫ - পঞ্চম স্থান(শ্বট পুত)
  • আইপিচি এছিয়ান ওচেনিয়া চেম্পিয়নশ্বিপ ২০১৬, ডুবাই - এটা সোণ(জেভেলীন থ্ৰো), এটা ৰূপ 1 (শ্বট পুত)
  • এছিয়ান পেৰা ক্ৰীড়া ২০১৪, ইনচিয়ন - ৰূপৰ পদক (জেভেলীন থ্ৰো)
  • আইপিচি দ্বিতীয় চীন মুক্ত এথলেটিকছ চেম্পিয়নশ্বিপ ২০১৪, বেইজিং - সোণৰ পদক (শ্বট পুত)
  • প্ৰথম মালয়েছিয়ান মুক্ত এথলেটিকছ চেম্পিয়নশ্বিপ ২০১২ – দুটা সোণৰ পদক (জেভেলীন আৰু ডিস্কাছ থ্ৰো)
  • আই.ডব্লিউ.এ.এছ ৱৰ্ল্ড গেমছ ২০১১, ছাৰ্জাহ- দুটা ব্ৰঞ্জৰ পদক
  • আইপিচি এথলেটিকছ বিশ্ব চেম্পিয়নশ্বিপ ২০১১, খ্ৰীষ্টচাৰ্জ – ৰূপৰ পদক
  • পেৰা এছিয়ান ক্ৰীড়া ২০১০ - ব্ৰঞ্জ পদক
  • চিপি স্পৰ্টছ ২০১০,নোট্টিঙ্গম,ইংলেণ্ড – তিনিটা সোণৰ পদক (শ্বট পুত, জেভেলীন আৰু ডিস্কাছ থ্ৰো)
  • আই.ডব্লিউ.এ.এছ ৱৰ্ল্ড গেমছ ২০০৯, ভাৰত - ব্ৰঞ্জ পদক (শ্বট পুত)
  • বিশ্ব মুক্ত সাঁতোৰ চেম্পিয়নশ্বিপ ২০০৮, বাৰ্লিন - ১০ম স্থান
  • মুঠ ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পদক - ৪৭টা সোণ, ৫টা ৰূপ আৰু ২টা ব্ৰঞ্জ

বঁটা আৰু সন্মান[সম্পাদনা কৰক]

ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক বঁটা[সম্পাদনা কৰক]

  • ৰাষ্ট্ৰপতিৰ আদৰ্শ ব্যক্তি (Role Model) পদক (২০১৪)
  • অৰ্জুন বঁটা (২০১২)
  • মহাৰাষ্ট্ৰ ছত্ৰপতি বঁটা(ক্ৰীড়া) (২০০৯-১০)
  • হাৰিয়ানা কৰ্মভূমি বঁটা (২০০৮)
  • স্বৱালাম্বন পুৰস্কাৰ মহাৰাষ্ট্ৰ (২০০৬)
২০১৬ গ্ৰীষ্মকালীন পেৰালিম্পিকত পদক লাভ কৰাৰ বাবে
  • হাৰিয়ানা চৰকাৰৰ পৰা চাৰি কোটি টকা[5]
  • ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰণালয়ৰ পৰা ৫০ লাখ টকা[6]

তথ্য উৎস[সম্পাদনা কৰক]