সমললৈ যাওক

পেৰালিম্পিকত ভাৰত

অসমীয়া ৱিকিপিডিয়াৰ পৰা
পেৰালিম্পিকত ভাৰত
স্বৰ্ণ
ৰূপ
১২
ব্ৰঞ্জ
১০
মুঠ
৩১

ভাৰতে ১৯৬৮ চনৰ পোনপ্ৰথমবাৰৰ বাবে গ্ৰীষ্মকালীন পেৰালিম্পিকত অংশগ্ৰহণ কৰিছিল, আৰু তাৰ পাছত ১৯৭২ চনত পুনৰ অংশগ্ৰহণ কৰিছিল। পিছে তাৰ পাছত ১৯৮৪ চনলৈকে অংশগ্ৰহণ কৰা নাছিল। তেতিয়াৰ পাছৰে পৰা ভাৰতে প্ৰতিখন গ্ৰীষ্মকালীন পেৰালিম্পিকত অংশগ্ৰহণ কৰিছে। ভাৰতে কেতিয়াও শীতকালীন পেৰালিম্পিক গেমছত অংশগ্ৰহণ কৰা নাই।[1]

২০০০ দশকৰ পূৰ্বে

[সম্পাদনা কৰক]

১৯৭২ চনৰ হাইডেলবাৰ্গ পেৰালিম্পিকত মুৰলীকান্ত পেটকাৰে ৩৭.৩৩১ ছেকেণ্ডৰ বিশ্ব ৰেকৰ্ড সময়ত ৫০ মিটাৰ ফ্ৰীষ্টাইল সাঁতুৰি ভাৰতক প্ৰথমটো স্বৰ্ণ প্ৰদান কৰে। সেই বছৰ ভাৰতে ৪২খন অংশগ্ৰহণকাৰী দেশৰ ভিতৰত ২৪তম স্থান লাভ কৰিছে। ১৯৮৪ চনত যোগিন্দৰ সিং বেদীয়ে পুৰুষৰ শ্বট পুটত ৰূপৰ পদক অৰ্জন কৰাৰ লগতে ডিচকাছ আৰু জেভলীন থ্ৰ'ত ব্ৰঞ্জৰ পদক অৰ্জন কৰি মুঠ ৩টা পদক লাভ কৰে। আন এজন ভাৰতীয় ভীমৰাও কেচৰকাৰে জেভলীন থ্ৰ'ত ৰূপৰ পদক অৰ্জন কৰে। ভাৰতে অংশগ্ৰহণকাৰী ৫৪খন দেশৰ ভিতৰত ৩৭তম স্থান লাভ কৰিছিল।[2]

২০০০-২০১০ দশক

[সম্পাদনা কৰক]

ইয়াৰে পাছত ভাৰতে প্ৰতিটো পেৰালিম্পিক গেমছত অংশগ্ৰহণ অব্যাহত ৰাখিছিল, কিন্তু ২০০৪ চনত এথেন্সত অনুষ্ঠিত গ্ৰীষ্মকালীন পেৰালিম্পিকলৈকে কোনো পদক লাভ কৰিব সক্ষম হোৱা নাছিল। ২০০৪ এথেন্সত পেৰালিম্পিত দেৱেন্দ্ৰ ঝাঝাৰীয়া[3] জেভলিন থ্ৰ'ত স্বৰ্ণ পদক আৰু ৰাজিন্দৰ সিঙে ৫৬ কিলোগ্ৰাম শাখাৰ পাৱাৰলিফ্টিংত বাবে ব্ৰঞ্জৰ পদক অৰ্জন কৰিছিল। ভাৰতে ১৩৬খন ৰাষ্ট্ৰৰ ক্ষেত্ৰৰ ভিতৰত ৫৩তম স্থান লাভ কৰিছিল।

লণ্ডনত অনুষ্ঠিত ২০১২ চনৰ পেৰালিম্পিকত বাওঁ ভৰিত বিকলাঙ্গতাৰে জন্ম গ্ৰহণ কৰা ভাৰতীয় খেলুৱৈ এইচ এন গিৰীশাই পুৰুষৰ হাই জাম্প এফ-৪২ শ্ৰেণীত ৰূপৰ পদক অৰ্জন কৰিছিল। প্ৰতিবেদন অনুসৰি ২০১২ চনৰ গ্ৰীষ্মকালীন পেৰালিম্পিকৰ সময়ত ভাৰতীয় দলৰ প্ৰশিক্ষক আৰু এছকৰ্টসকলক গেমছ ভিলেজত থকাৰ পৰা বঞ্চিত কৰা হৈছিল কাৰণ তেওঁলোকৰ বাবে দিয়া অনুমতিৰ পাছ ভাৰতীয় পেৰালিম্পিক সমিতিৰ বিষয়াসকলে ব্যৱহাৰ কৰি আছিল।[4] দলটোৰ ১০জন খেলুৱৈক ছজন প্ৰশিক্ষক আৰু পাঁচজন এছকৰ্টৰ প্ৰয়োজন আছিল, কিন্তু মাত্ৰ দুজন এছকৰ্টকহে পাছ দিয়া হৈছিল। পেৰালিম্পিক কমিটিৰ সাধাৰণ সম্পাদক ৰতন সিঙে স্বিকাৰ কৰিছিল যে তেওঁ তেওঁৰ পুত্ৰক লগত লৈ গৈছিল, সমিতিৰ সভাপতিয়ে তেওঁৰ পত্নীক লগত লৈ গৈছিল, আৰু কোষাধ্যক্ষজনে তেওঁৰ পত্নী আৰু কন্যাক লগত লৈ গৈছিল।[5]

প্ৰধানমন্ত্ৰীৰ সৈতে ২০১৬ ৰিঅ' পেৰালিম্পিকৰ পদক বিজয়ীসকল: (বাওঁফালৰ পৰা সোঁফাললৈ) মাৰীয়াপ্পান থানগাভেলু, দীপা মালিক, নৰেন্দ্ৰ মোদী, দেৱেন্দ্ৰ ঝাঝাৰীয়া, বৰুণ সিং ভাটী

ভাৰতে ২০১৬ ৰিঅ' গ্ৰীষ্মকালীন পেৰালিম্পিকত ৫খন ক্ৰীড়াত ১৯জন প্ৰতিযোগী প্ৰেৰণ কৰিছিল।[6] প্ৰতিযোগিতাখনত ভাৰতে ২টা স্বৰ্ণ, ১টা ৰূপ আৰু ১টা ব্ৰঞ্জেৰে মুঠ ৪টা পদক লাভ কৰিছিল। দেৱেন্দ্ৰ ঝাঝাৰীয়াই বিশ্ব ৰেকৰ্ড গঢ়ি জেভলিন থ্ৰ'ত স্বৰ্ণ পদক জয় কৰিছিল।[7] মাৰীয়াপ্পান থানগাভেলুই হাই জাম্পত স্বৰ্ণ পদক, দীপা মালিকে শ্বট পুটত ৰূপৰ পদক আৰু বৰুণ সিং ভাটীয়ে হাই জাম্পত ব্ৰঞ্জৰ পদক লাভ কৰিছিল। দীপা মালিক পেৰালিম্পিকত পদক বিজয়ী প্ৰথম গৰাকী ভাৰতীয় মহিলা।

২০২০ দশক

[সম্পাদনা কৰক]

২০২১ চনত অনুষ্ঠিত টকিঅ' ২০২০ গ্ৰীষ্মকালীন পেৰালিম্পিকত ভাৰতৰ হৈ ৯খন ক্ৰীড়াত ৫৪জন খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিল। ৫টা স্বৰ্ণ, ৮টা ৰূপ আৰু ৬টা ব্ৰঞ্জৰ পদকৰ সৈতে মুঠ ১৯টা পদকেৰে পদক তালিকাৰ ২৪ তম স্থানত থাকি টকিঅ' ২০২০-ত এয়া ভাৰত আছিল সৰ্বকালৰ শ্ৰেষ্ঠ পেৰালিম্পিক প্ৰদৰ্শন। টেবুল টেনিছ খেলুৱৈ ভাৱিনা পেটেলে একক চি৪ শাখাত ফাইনেলত প্ৰৱেশ কৰি চীনৰ ঝাও য়িঙৰ হাতত ৩-০ ব্যৱধানত পৰাস্ত হৈ ভাৰতৰ বাবে প্ৰথম ৰূপৰ পদক লাভ কৰে।[8][9] নিশাদ কুমাৰে এছিয়ান ৰেকৰ্ড গঢ়ি পুৰুষৰ হাই জাম্প টি৪৭ ইভেণ্টত ৰূপৰ পদক অৰ্জন কৰে।[10] বিনোদ কুমাৰে পুৰুষৰ ডিচকাছ থ্ৰ'ৰ এফ৫২ শাখাত ব্ৰঞ্জৰ পদকৰ বাবে স্থান লাভ কৰিছিল[11][12] যদিও টকিঅ' পেৰালিম্পিকৰ প্ৰতিযোগিতা সমিতিয়ে তেওঁক প্ৰতিবন্ধকতা শ্ৰেণীবিভাজন মূল্যায়নত অযোগ্য বুলি বিবেচনা কৰাৰ ফলত তেওঁ ব্ৰঞ্জৰ পদক হেৰুৱায়।[13] মহিলাৰ আৰ২ ১০ মিটাৰ এয়াৰ ৰাইফল এছএইচ১ ইভেণ্টত অৱনী লেখাৰাই স্বৰ্ণ পদক জয় কৰি পেৰালিম্পিকত স্বৰ্ণ বিজয়ী প্ৰথম ভাৰতীয় মহিলা ৰূপে পৰিগণিত হয়।[14] লেখাৰাই একেখন সমাৰোহতে মহিলাৰ আৰ৮ ৫০ মিটাৰ এয়াৰ ৩ পজিচন এছএইচ১ শাখাতো ব্ৰঞ্জৰ পদক অৰ্জন কৰি ব্যক্তিগত দ্বিতীয়টো পদক লাভ কৰে। ইয়াৰ ফলত তেওঁ একেখন পেৰালিম্পিকত একাধিক পদক জয় কৰা প্ৰথম ভাৰতীয় মহিলাৰূপেও পৰিগণিত হয়।[15] যোগেশ কাথুনিয়াই পুৰুষৰ ডিচকাছ থ্ৰ' এফ৫৬-ত ৰূপৰ পদক[16] আৰু পুৰুষৰ জেভলীন থ্ৰ' এফ৪৬-ত দেৱেন্দ্ৰ ঝাঝাৰীয়া আৰু সুন্দৰ সিং গুৰ্জাৰে ক্ৰমে ৰূপৰ পদক আৰু ব্ৰঞ্জৰ পদক লাভ কৰে।[17] পুৰুষৰ জেভলীন থ্ৰ' এফ৬৪ শাখাত সুমিত আন্তিলে ৬৮.৫৫ মিটাৰৰ বিশ্ব অভিলেখ গঢ়ি স্বৰ্ণ পদক অৰ্জন কৰে।[18] ক্ৰীড়া শ্বুটাৰ সিংৰাজ আধানাই পুৰুষৰ ১০ মিটাৰ এয়াৰ পিষ্টল এছএইচ১ শ্ৰেণীত ব্ৰঞ্জৰ পদক অৰ্জন কৰে।[19] পুৰুষৰ হাই জাম্প টি৬৩ শ্ৰেণীত মাৰীয়াপ্পান থানগাভেলু আৰু শৰদ কুমাৰে ক্ৰমে ৰূপৰ পদক আৰু ব্ৰঞ্জৰ পদক লাভ কৰে।[20] প্ৰবীণ কুমাৰে পুৰুষৰ হাই জাম্প টি৬৪ শিতানত ৰূপৰ পদক অৰ্জন কৰে[21] আৰু হৰবিন্দৰ সিঙে আৰ্চাৰীৰ পুৰুষৰ ব্যক্তিগত ৰিকাৰ্ভ অপেনত ব্ৰঞ্জৰ পদক লাভ কৰে, যি হৈছে ভাৰতে আৰ্চাৰীত লাভ কৰা প্ৰথম পেৰালিম্পিক পদক।[22] শ্বুটিং প্ৰতিযোগিতাৰ মিশ্ৰিত পি৪ ৫০ মিটাৰ পিষ্টল এছএইচ১ শাখাত মনীষ নাৰৱালে স্বৰ্ণ পদক আৰু সিংৰাজ আধানাই ৰূপৰ পদক অৰ্জন কৰে।[23] সিংৰাজৰ এয়া আছিল সমাৰোহৰ দ্বিতীয়টো পদক। প্ৰথমবাৰ বাবে পেৰালিম্পিকত সংযোজন হোৱা বেডমিণ্টনত ভাৰতে মুঠ ৪টা পদক লাভ কৰে; সেইকেইটা হৈছে পুৰুষৰ একক এছএল৩ শাখাত প্ৰমোদ ভগতৰ স্বৰ্ণ আৰু মনোজ চৰকাৰৰ ৰূপৰ পদক,[24] পুৰুষৰ একক এছএল৪ শাখাত সুহাস ললিনাকেৰী য়াথিৰাজৰ ৰূপৰ পদক[25] আৰু পুৰুষৰ একক এছএইছ৬ শাখাত কৃষ্ণা নাগৰৰ স্বৰ্ণ পদক।[26]

পদকসমূহ

[সম্পাদনা কৰক]

গ্ৰীষ্মকালীন সমাৰোহৰ পদকসমূহ

[সম্পাদনা কৰক]
সমাৰোহ খেলুৱৈ স্বৰ্ণ ৰূপ ব্ৰঞ্জ মুঠ স্থান
ইটালী ১৯৬০ ৰোমঅংশগ্ৰহণ কৰা নাছিল
জাপান ১৯৬৪ টকিঅ'
ইজৰাইল ১৯৬৮ টেল আভিভ১০-
জাৰ্মানী ১৯৭২ হাইডেলবাৰ্গ১০২৫
কানাডা ১৯৭৬ টৰণ্টোঅংশগ্ৰহণ কৰা নাছিল
নেডাৰলেণ্ডচ ১৯৮০ আৰ্নহেম
সংযুক্ত যুক্তৰাজ্য/আমেৰিকা যুক্তৰাষ্ট্ৰ ১৯৮৪ ষ্টোক মেণ্ডেভিল/নিউয়ৰ্ক৩৭
দক্ষিণ কোৰিয়া ১৯৮৮ ছিউল-
স্পেইন ১৯৯২ বাৰ্চিলোনা-
আমেৰিকা যুক্তৰাষ্ট্ৰ ১৯৯৬ আটলাণ্টা-
অষ্ট্ৰেলিয়া ২০০০ চিডনী-
গ্ৰীচ ২০০৪ এথেন্স১২৫৩
গণচীন ২০০৮ বেইজিং-
সংযুক্ত যুক্তৰাজ্য ২০১২ লণ্ডন১০৬৭
ব্ৰাজিল ২০১৬ ৰিঅ'১৯৪৩
জাপান ২০২০ টকিঅ'৫৪১৯২৪
ফ্ৰান্স ২০২৪ পেৰিছভৱিষ্যতৰ সমাৰোহ
আমেৰিকা যুক্তৰাষ্ট্ৰ ২০২৮ লছ এঞ্জেলছভৱিষ্যতৰ সমাৰোহ
মুঠ১২১০৩১-

শীতকালীন সমাৰোহৰ পদকসমূহ

[সম্পাদনা কৰক]
সমাৰোহ খেলুৱৈ স্বৰ্ণ ৰূপ ব্ৰঞ্জ মুঠ স্থান
ছুইডেন ১৯৭৬ Örnsköldsvikঅংশগ্ৰহণ কৰা নাছিল
নৰৱে ১৯৮০ গেইলো
অষ্ট্ৰিয়া ১৯৮৪ ইন্সব্ৰুক
অষ্ট্ৰিয়া ১৯৮৮ ইন্সব্ৰুক
ফ্ৰান্স ১৯৯২ এলবাৰ্টভিল
নৰৱে ১৯৯৪ লিলেহাইমাৰ
জাপান ১৯৯৮ নাগানো
আমেৰিকা যুক্তৰাষ্ট্ৰ ২০০২ চল্ট লেক চিটি
ইটালী ২০০৬ টুৰিণ
কানাডা ২০১০ ভেংকুভাৰ
ৰাছিয়া ২০১৪ চ'চি
দক্ষিণ কোৰিয়া ২০১৮ পিয়ংচাং
চীন ২০২২ বেইজিংভৱিষ্যতৰ সমাৰোহ
ইটালী ২০২৬ মিলান/কৰ্টিনা ডি এম্পেজ্জোভৱিষ্যতৰ সমাৰোহ
মুঠ

গ্ৰীষ্মকালীন ক্ৰীড়া অনুসৰি পদকসমূহ

[সম্পাদনা কৰক]
ক্ৰীড়া স্বৰ্ণ ৰূপ ব্ৰঞ্জ মুঠ
এথলেটিকছ১৮
শ্বুটিং
বেডমিণ্টন
সাঁতোৰ
টেবুল টেনিছ
আৰ্চাৰী
পাৱাৰলিফ্টিং
মুঠ১২১০৩১

শীতকালীন ক্ৰীড়া অনুসৰি পদকসমূহ

[সম্পাদনা কৰক]
ক্ৰীড়া স্বৰ্ণ ৰূপ ব্ৰঞ্জ মুঠ
মুঠ

পদক বিজয়ীসকল

[সম্পাদনা কৰক]
পদক নাম/দল সমাৰোহ ক্ৰীড়া শাখা
1 স্বৰ্ণ পদকমুৰলীকান্ত পেটকাৰজাৰ্মানী ১৯৭২ হাইডেলবাৰ্গসাঁতোৰ সাঁতোৰপুৰুষৰ ৫০ মিটাৰ ফ্ৰীষ্টাইল ৩
 ৰূপৰ পদকভীমৰাও কেচৰকাৰসংযুক্ত যুক্তৰাজ্য / আমেৰিকা যুক্তৰাষ্ট্ৰ ১৯৮৪ ষ্টোক মেণ্ডেভিল/নিউয়ৰ্কএথলেটিকছ এথলেটিকছপুৰুষৰ জেভলীন এল৬
 ৰূপৰ পদকযোগিন্দৰ সিং বেদীএথলেটিকছ এথলেটিকছপুৰুষৰ শ্বট পুট এল৬
 ব্ৰঞ্জৰ পদকযোগিন্দৰ সিং বেদীএথলেটিকছ এথলেটিকছপুৰুষৰ জেভলীন এল৬
 ব্ৰঞ্জৰ পদকযোগিন্দৰ সিং বেদীএথলেটিকছ এথলেটিকছপুৰুষৰ ডিচকাছ থ্ৰ' এল৬
1 স্বৰ্ণ পদকদেৱেন্দ্ৰ ঝাঝাৰীয়াগ্ৰীচ ২০০৪ এথেন্সএথলেটিকছ এথলেটিকছপুৰুষৰ জেভলীন এফ৪৪/৪৬
 ব্ৰঞ্জৰ পদকৰাজিন্দৰ সিং ৰহেলুপাৱাৰলিফ্টিং পাৱাৰলিফ্টিংপুৰুষৰ ৫৬ কিগ্ৰা
 ৰূপৰ পদকগিৰীশা নাগাৰাজেগৌড়াসংযুক্ত যুক্তৰাজ্য ২০১২ লণ্ডনএথলেটিকছ এথলেটিকছপুৰুষৰ হাই জাম্প এফ৪২
1 স্বৰ্ণ পদকমাৰীয়াপ্পান থানগাভেলুব্ৰাজিল ২০১৬ ৰিঅ'এথলেটিকছ এথলেটিকছপুৰুষৰ হাই জাম্প এফ৪২
1 স্বৰ্ণ পদকদেৱেন্দ্ৰ ঝাঝাৰীয়াএথলেটিকছ এথলেটিকছপুৰুষৰ জেভলীন এফ৪৬
 ৰূপৰ পদকদীপা মালিকএথলেটিকছ এথলেটিকছমহিলাৰ শ্বট পুট এফ৫৩
 ব্ৰঞ্জৰ পদকবৰুণ সিং ভাটীএথলেটিকছ এথলেটিকছপুৰুষৰ হাই জাম্প এফ৪২
1 স্বৰ্ণ পদকঅৱনী লেখাৰাজাপান ২০২০ টকিঅ'শ্বুটিং শ্বুটিংমহিলাৰ আৰ২ ১০ মিটাৰ এয়াৰ ৰাইফল এছএইচ১
1 স্বৰ্ণ পদকসুমিত আন্তিলএথলেটিকছ এথলেটিকছপুৰুষৰ জেভলীন এফ৬৪
1 স্বৰ্ণ পদকমনীষ নাৰৱালশ্বুটিং শ্বুটিংমিশ্ৰিত পি৪ ৫০ মিটাৰ পিষ্টল এছএইচ১
1 স্বৰ্ণ পদকপ্ৰমোদ ভগতবেডমিণ্টন বেডমিণ্টনপুৰুষৰ একক এছএল৩
1 স্বৰ্ণ পদককৃষ্ণা নাগৰবেডমিণ্টন বেডমিণ্টনপুৰুষৰ একক এছএছ৬
 ৰূপৰ পদকভাৱিনা পেটেলটেবুল টেনিছ টেবুল টেনিছমহিলাৰ টেবুল টেনিছ একক চি৪
 ৰূপৰ পদকনিশাদ কুমাৰএথলেটিকছ এথলেটিকছপুৰুষৰ হাই জাম্প টি৪৭
 ৰূপৰ পদকযোগেশ কাথুনিয়াএথলেটিকছ এথলেটিকছপুৰুষৰ ডিচকাছ থ্ৰ' এফ৫৬
 ৰূপৰ পদকদেৱেন্দ্ৰ ঝাঝাৰীয়াএথলেটিকছ এথলেটিকছপুৰুষৰ জেভলীন এফ৪৬
 ৰূপৰ পদকমাৰীয়াপ্পান থানগাভেলুএথলেটিকছ এথলেটিকছপুৰুষৰ হাই জাম্প টি৬৩
 ৰূপৰ পদকপ্ৰবীণ কুমাৰএথলেটিকছ এথলেটিকছপুৰুষৰ হাই জাম্প টি৬৪
 ৰূপৰ পদকসিংৰাজ আধানাশ্বুটিং শ্বুটিংমিশ্ৰিত পি৪ ৫০ মিটাৰ পিষ্টল এছএইচ১
 ৰূপৰ পদকসুহাস ললিনাকেৰী য়াথিৰাজবেডমিণ্টন বেডমিণ্টনপুৰুষৰ একক এছএল৪
 ব্ৰঞ্জৰ পদকসুন্দৰ সিং গুৰ্জাৰএথলেটিকছ এথলেটিকছপুৰুষৰ জেভলীন এফ৪৬
 ব্ৰঞ্জৰ পদকসিংৰাজ আধানাশ্বুটিং শ্বুটিংপুৰুষৰ পি১ ১০ মিটাৰ এয়াৰ পিষ্টল এছএইচ১
 ব্ৰঞ্জৰ পদকশৰদ কুমাৰএথলেটিকছ এথলেটিকছপুৰুষৰ হাই জাম্প টি৬৩
 ব্ৰঞ্জৰ পদকঅৱনী লেখাৰাশ্বুটিং শ্বুটিংমহিলাৰ আৰ৮ ৫০ মিটাৰ ৰাইফল ৩ পজিচন এছএইচ১
 ব্ৰঞ্জৰ পদকহৰবিন্দৰ সিংআৰ্চাৰী আৰ্চাৰীপুৰুষৰ ব্যক্তিগত ৰিকাৰ্ভ অপেন
 ব্ৰঞ্জৰ পদকমনোজ চৰকাৰবেডমিণ্টন বেডমিণ্টনপুৰুষৰ একক এছএল৩

একাধিক পদক বিজয়ী

[সম্পাদনা কৰক]
খেলুৱৈ সমাৰোহৰ ক্ৰীড়া 1 স্বৰ্ণ পদক  ৰূপৰ পদক  ব্ৰঞ্জৰ পদক মুঠ
যোগিন্দৰ সিং বেদী সংযুক্ত যুক্তৰাজ্য / আমেৰিকা যুক্তৰাষ্ট্ৰ ১৯৮৪ ষ্টোক মেণ্ডেভিল/নিউয়ৰ্ক এথলেটিকছ এথলেটিকছ
দেৱেন্দ্ৰ ঝাঝাৰীয়া গ্ৰীচ ২০০৪ এথেন্স
ব্ৰাজিল ২০১৬ ৰিঅ'
জাপান ২০২০ টকিঅ'
এথলেটিকছ এথলেটিকছ
মাৰীয়াপ্পান থানগাভেলু ব্ৰাজিল ২০১৬ ৰিঅ'
জাপান ২০২০ টকিঅ'
এথলেটিকছ এথলেটিকছ
অৱনী লেখাৰা জাপান ২০২০ টকিঅ' শ্বুটিং শ্বুটিং
সিংৰাজ আধানা জাপান ২০২০ টকিঅ' শ্বুটিং শ্বুটিং
প্ৰীতি পাল ফ্ৰান্স ২০২৪ পেৰিছ এথলেটিকছ এথলেটিকছ

লগতে চাওক

[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "India at the Paralympics on paralympic.org". Archived from the original on 2016-08-19. https://web.archive.org/web/20160819101640/http://www.paralympic.org/ipc_results/search.php?gender=all&medal=all&npc=IND&games=all&sport=all আহৰণ কৰা হৈছে: 2021-08-27.
  2. "The lesser-known Olympics". blogger. 2012-08-08. http://kushalmucon.blogspot.in/2012/08/the-other-olympics.html আহৰণ কৰা হৈছে: 2012-10-13.
  3. "Never before shown: A gold medal winner from India". paralympic village. 2004-12-19. Archived from the original on 2011-01-25. https://web.archive.org/web/20110125204822/http://www.toolkitsportdevelopment.org/html/topic_F0B476C1-F9D1-4BC7-9768-37EFDA78E6E5_9EE7771D-27FD-4645-9E83-2BD1D0776123_2.htm আহৰণ কৰা হৈছে: 2011-05-10.
  4. "Not provided with escort, alleges Paralympics athlete". thehindu.com. The Hindu. September 3, 2012. http://www.thehindu.com/sport/other-sports/article3851360.ece আহৰণ কৰা হৈছে: September 6, 2012.
  5. Kumar, Nandini (September 2, 2012). "Officials ditch special athletes at Paralympics". epaper.timesofindia.com. Mumbai Mirror, re-published online by e-paper. পৃষ্ঠা: 22. http://epaper.timesofindia.com/Default/Scripting/ArticleWin.asp?From=Search&Source=Find&Key=MMIR/2012/09/02/21/Ar02100.xml&CollName=MMIR_DAILY_2009&DOCID=384625&Keyword=%28%3Cmany%3E%3Cstem%3Eparalympic%29&skin=MIRRORNEW&AppName=1&PageLabel=22%20&ViewMode=HTML আহৰণ কৰা হৈছে: September 6, 2012.
  6. "LIST OF PLAYERS SELECTED TO REPRESENT INDIA AT THE RIO PARALYMPIC GAMES 2016". Paralympic Committee of IndiaParalympic Committee of India. 8 August 2016. Archived from the original on 25 August 2016. https://web.archive.org/web/20160825235127/http://paralympicindia.org.in/rio-participants-list.php আহৰণ কৰা হৈছে: 8 August 2016.
  7. "Paralympics 2016 | Devendra Jhajharia breaks World Record to win Gold at Paralympics.". 2016-09-14. Archived from the original on 2016-09-22. https://web.archive.org/web/20160922185121/https://sportscafe.in/articles/sports/2016/sep/14/devendra-jhajharia-breaks-world-record-to-win-gold-at-paralympics আহৰণ কৰা হৈছে: 2016-09-14.
  8. "Tokyo Paralympics: Bhavina Patel creates history, becomes the first Indian para-paddler to win silver" (en ভাষাত). 2021-08-29. https://indianexpress.com/article/sports/sport-others/tokyo-paralympics-bhavina-patel-creates-history-becomes-the-first-indian-para-paddler-to-win-silver-7476054/ আহৰণ কৰা হৈছে: 2021-08-29.
  9. "Historic! Paddler Bhavina Patel assures silver medal by entering Paralympics final, to play for gold tomorrow". https://www.timesnownews.com/sports/others/article/historic-paddler-bhavina-patel-assured-of-silver-medal-win-in-paralympics-to-play-for-gold-tomorrow/804693 আহৰণ কৰা হৈছে: 2021-08-28.
  10. Aug 29, PTI / Updated:; 2021; Ist, 18:24. "Nishad Kumar wins silver in men's high jump in Paralympics" (en ভাষাত). https://timesofindia.indiatimes.com/sports/tokyo-paralympics/nishad-kumar-wins-silver-in-mens-high-jump-in-paralympics/articleshow/85737653.cms আহৰণ কৰা হৈছে: 2021-08-29.
  11. "Tokyo Paralympics 2021: Vinod Kumar wins bronze in discus throw". espn.com. 29 August 2021. https://www.espn.com/olympics/story/_/id/32107377/tokyo-paralympics-2021-vinod-kumar-wins-bronze-discus-throw আহৰণ কৰা হৈছে: 29 August 2021.
  12. http://dhunt.in/ldU0b?s=a&uu=0x3decfdfd072ac655&ss=pd[সংযোগবিহীন উৎস]
  13. Livemint (2021-08-30). "Tokyo Paralympics: Vinod Kumar declared ineligible in classification assessment" (en ভাষাত). https://www.livemint.com/sports/olympics-news/tokyo-paralympics-vinod-kumar-loses-bronze-after-being-declared-ineligible-in-classification-assessment-11630316667191.html আহৰণ কৰা হৈছে: 2021-08-30.
  14. "Tokyo Paralympics: Avani Lekhara Wins Gold In Women's 10m Air Rifle (SH1)" (en ভাষাত). https://sports.ndtv.com/olympics-2020/paralympics-avani-lekhara-wins-gold-in-womens-10m-air-rifle-sh1-2523224 আহৰণ কৰা হৈছে: 2021-08-30.[সংযোগবিহীন উৎস]
  15. "Avani Lekhara becomes first Indian woman to win multiple medals at Paralympics" (en ভাষাত). ESPN. 2021-09-03. https://www.espn.in/olympics/story/_/id/32137873/avani-lekhara-wins-50m-rifle-3-positions-sh1-bronze-second-medal-tokyo-paralympics আহৰণ কৰা হৈছে: 2021-09-03.
  16. "Paralympics 2020: Yogesh Kathuniya wins silver medal in discus throw" (en ভাষাত). https://www.timesnownews.com/sports/others/article/paralympics-2020-yogesh-kathuniya-wins-silver-medal-in-discus-throw/805314 আহৰণ কৰা হৈছে: 2021-08-30.
  17. "Tokyo Paralympics: Devendra Jhajharia Wins Silver, Bronze For Sundar Singh Gurjar In Men's Javelin (F46)" (en ভাষাত). Archived from the original on 2021-08-30. https://web.archive.org/web/20210830033711/https://sports.ndtv.com/athletics/paralympics-devendra-jhajharia-wins-silver-bronze-for-sundar-singh-gurjar-2523261 আহৰণ কৰা হৈছে: 2021-08-30.
  18. "Tokyo Paralympics: Sumit Antil Wins Javelin (F64) Gold, Sets New World Record" (en ভাষাত). https://sports.ndtv.com/olympics-2020/tokyo-paralympics-sumit-antil-wins-javelin-f64-gold-sets-new-world-record-2523760 আহৰণ কৰা হৈছে: 2021-08-30.[সংযোগবিহীন উৎস]
  19. Sportstar, Team. "Singhraj Adana wins bronze in shooting at Tokyo Paralympics" (en ভাষাত). https://sportstar.thehindu.com/olympics/tokyo-paralympics/singhraj-adana-wins-bronze-in-shooting-manish-narwal-tokyo-paralympics-shooting-news-updates/article36196168.ece আহৰণ কৰা হৈছে: 2021-08-31.
  20. Sportstar, Team. "Tokyo Paralympics: Thangavelu Mariyappan wins silver, Sharad Kumar takes bronze in men's high jump" (en ভাষাত). Archived from the original on 2021-08-31. https://web.archive.org/web/20210831115450/https://sportstar.thehindu.com/olympics/tokyo-paralympics/tokyo-paralympics-thangavelu-mariyappan-wins-silver-sharad-kumar-takes-bronze-in-mens-high-jump/article36201260.ece আহৰণ কৰা হৈছে: 2021-08-31.
  21. "Tokyo Paralympics: Praveen Kumar wins silver in men's high jump, becomes India's 11th medallist" (en ভাষাত). India Today. https://www.indiatoday.in/sports/other-sports/story/tokyo-paralympics-praveen-kumar-wins-silver-mens-high-jump-1848680-2021-09-03.
  22. "Harvinder Singh wins bronze, India's first ever archery medal at Paralympics" (en ভাষাত). www.telegraphindia.com. https://www.telegraphindia.com/sports/harvinder-singh-wins-bronze-indias-first-ever-archery-medal-at-paralympics/cid/1829231 আহৰণ কৰা হৈছে: 2021-09-03.
  23. "Tokyo Paralympics: India's Manish Narwal bags gold, Singhraj Adhana wins silver in shooting" (en ভাষাত). Zee News. 2021-09-04. https://zeenews.india.com/other-sports/tokyo-paralympics-indias-manish-narwal-bags-gold-singhraj-adhana-wins-silver-in-shooting-2391123.html আহৰণ কৰা হৈছে: 2021-09-04.
  24. "Tokyo Paralympics: Pramod Bhagat Wins Gold In Badminton Men's Singles SL3" (en ভাষাত). NDTVSports.com. Archived from the original on 2021-09-04. https://web.archive.org/web/20210904105002/https://sports.ndtv.com/olympics-2020/tokyo-paralympics-pramod-bhagat-wins-gold-in-badminton-mens-singles-sl3-2529719 আহৰণ কৰা হৈছে: 2021-09-04.
  25. "Badminton Men's Singles SL4 - Gold Medal Match Results". Tokyo Organising Committee of the Olympic and Paralympic GamesOlympics.com. https://olympics.com/tokyo-2020/paralympic-games/resPG2020-/pdf/PG2020-/BDM/PG2020-_BDM_C73_BDMMSINGLES-04010-----FNL-000100--.pdf আহৰণ কৰা হৈছে: 4 September 2021.
  26. "Badminton – Men's Singles SH6 - Gold Medal Match". TOCOGolympics.com. 5 September 2021. https://olympics.com/tokyo-2020/paralympic-games/resPG2020-/pdf/PG2020-/BDM/PG2020-_BDM_C73_BDMMSINGLES-06010-----FNL-000100--.pdf আহৰণ কৰা হৈছে: 2021-09-05.