পেৰালিম্পিকত ভাৰত

অসমীয়া ৱিকিপিডিয়াৰ পৰা
পেৰালিম্পিকত ভাৰত
স্বৰ্ণ
ৰূপ
১২
ব্ৰঞ্জ
১০
মুঠ
৩১

ভাৰতে ১৯৬৮ চনৰ পোনপ্ৰথমবাৰৰ বাবে গ্ৰীষ্মকালীন পেৰালিম্পিকত অংশগ্ৰহণ কৰিছিল, আৰু তাৰ পাছত ১৯৭২ চনত পুনৰ অংশগ্ৰহণ কৰিছিল। পিছে তাৰ পাছত ১৯৮৪ চনলৈকে অংশগ্ৰহণ কৰা নাছিল। তেতিয়াৰ পাছৰে পৰা ভাৰতে প্ৰতিখন গ্ৰীষ্মকালীন পেৰালিম্পিকত অংশগ্ৰহণ কৰিছে। ভাৰতে কেতিয়াও শীতকালীন পেৰালিম্পিক গেমছত অংশগ্ৰহণ কৰা নাই।[1]

ইতিহাস[সম্পাদনা কৰক]

২০০০ দশকৰ পূৰ্বে[সম্পাদনা কৰক]

১৯৭২ চনৰ হাইডেলবাৰ্গ পেৰালিম্পিকত মুৰলীকান্ত পেটকাৰে ৩৭.৩৩১ ছেকেণ্ডৰ বিশ্ব ৰেকৰ্ড সময়ত ৫০ মিটাৰ ফ্ৰীষ্টাইল সাঁতুৰি ভাৰতক প্ৰথমটো স্বৰ্ণ প্ৰদান কৰে। সেই বছৰ ভাৰতে ৪২খন অংশগ্ৰহণকাৰী দেশৰ ভিতৰত ২৪তম স্থান লাভ কৰিছে। ১৯৮৪ চনত যোগিন্দৰ সিং বেদীয়ে পুৰুষৰ শ্বট পুটত ৰূপৰ পদক অৰ্জন কৰাৰ লগতে ডিচকাছ আৰু জেভলীন থ্ৰ'ত ব্ৰঞ্জৰ পদক অৰ্জন কৰি মুঠ ৩টা পদক লাভ কৰে। আন এজন ভাৰতীয় ভীমৰাও কেচৰকাৰে জেভলীন থ্ৰ'ত ৰূপৰ পদক অৰ্জন কৰে। ভাৰতে অংশগ্ৰহণকাৰী ৫৪খন দেশৰ ভিতৰত ৩৭তম স্থান লাভ কৰিছিল।[2]

২০০০-২০১০ দশক[সম্পাদনা কৰক]

ইয়াৰে পাছত ভাৰতে প্ৰতিটো পেৰালিম্পিক গেমছত অংশগ্ৰহণ অব্যাহত ৰাখিছিল, কিন্তু ২০০৪ চনত এথেন্সত অনুষ্ঠিত গ্ৰীষ্মকালীন পেৰালিম্পিকলৈকে কোনো পদক লাভ কৰিব সক্ষম হোৱা নাছিল। ২০০৪ এথেন্সত পেৰালিম্পিত দেৱেন্দ্ৰ ঝাঝাৰীয়া[3] জেভলিন থ্ৰ'ত স্বৰ্ণ পদক আৰু ৰাজিন্দৰ সিঙে ৫৬ কিলোগ্ৰাম শাখাৰ পাৱাৰলিফ্টিংত বাবে ব্ৰঞ্জৰ পদক অৰ্জন কৰিছিল। ভাৰতে ১৩৬খন ৰাষ্ট্ৰৰ ক্ষেত্ৰৰ ভিতৰত ৫৩তম স্থান লাভ কৰিছিল।

লণ্ডনত অনুষ্ঠিত ২০১২ চনৰ পেৰালিম্পিকত বাওঁ ভৰিত বিকলাঙ্গতাৰে জন্ম গ্ৰহণ কৰা ভাৰতীয় খেলুৱৈ এইচ এন গিৰীশাই পুৰুষৰ হাই জাম্প এফ-৪২ শ্ৰেণীত ৰূপৰ পদক অৰ্জন কৰিছিল। প্ৰতিবেদন অনুসৰি ২০১২ চনৰ গ্ৰীষ্মকালীন পেৰালিম্পিকৰ সময়ত ভাৰতীয় দলৰ প্ৰশিক্ষক আৰু এছকৰ্টসকলক গেমছ ভিলেজত থকাৰ পৰা বঞ্চিত কৰা হৈছিল কাৰণ তেওঁলোকৰ বাবে দিয়া অনুমতিৰ পাছ ভাৰতীয় পেৰালিম্পিক সমিতিৰ বিষয়াসকলে ব্যৱহাৰ কৰি আছিল।[4] দলটোৰ ১০জন খেলুৱৈক ছজন প্ৰশিক্ষক আৰু পাঁচজন এছকৰ্টৰ প্ৰয়োজন আছিল, কিন্তু মাত্ৰ দুজন এছকৰ্টকহে পাছ দিয়া হৈছিল। পেৰালিম্পিক কমিটিৰ সাধাৰণ সম্পাদক ৰতন সিঙে স্বিকাৰ কৰিছিল যে তেওঁ তেওঁৰ পুত্ৰক লগত লৈ গৈছিল, সমিতিৰ সভাপতিয়ে তেওঁৰ পত্নীক লগত লৈ গৈছিল, আৰু কোষাধ্যক্ষজনে তেওঁৰ পত্নী আৰু কন্যাক লগত লৈ গৈছিল।[5]

প্ৰধানমন্ত্ৰীৰ সৈতে ২০১৬ ৰিঅ' পেৰালিম্পিকৰ পদক বিজয়ীসকল: (বাওঁফালৰ পৰা সোঁফাললৈ) মাৰীয়াপ্পান থানগাভেলু, দীপা মালিক, নৰেন্দ্ৰ মোদী, দেৱেন্দ্ৰ ঝাঝাৰীয়া, বৰুণ সিং ভাটী

ভাৰতে ২০১৬ ৰিঅ' গ্ৰীষ্মকালীন পেৰালিম্পিকত ৫খন ক্ৰীড়াত ১৯জন প্ৰতিযোগী প্ৰেৰণ কৰিছিল।[6] প্ৰতিযোগিতাখনত ভাৰতে ২টা স্বৰ্ণ, ১টা ৰূপ আৰু ১টা ব্ৰঞ্জেৰে মুঠ ৪টা পদক লাভ কৰিছিল। দেৱেন্দ্ৰ ঝাঝাৰীয়াই বিশ্ব ৰেকৰ্ড গঢ়ি জেভলিন থ্ৰ'ত স্বৰ্ণ পদক জয় কৰিছিল।[7] মাৰীয়াপ্পান থানগাভেলুই হাই জাম্পত স্বৰ্ণ পদক, দীপা মালিকে শ্বট পুটত ৰূপৰ পদক আৰু বৰুণ সিং ভাটীয়ে হাই জাম্পত ব্ৰঞ্জৰ পদক লাভ কৰিছিল। দীপা মালিক পেৰালিম্পিকত পদক বিজয়ী প্ৰথম গৰাকী ভাৰতীয় মহিলা।

২০২০ দশক[সম্পাদনা কৰক]

২০২১ চনত অনুষ্ঠিত টকিঅ' ২০২০ গ্ৰীষ্মকালীন পেৰালিম্পিকত ভাৰতৰ হৈ ৯খন ক্ৰীড়াত ৫৪জন খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিল। ৫টা স্বৰ্ণ, ৮টা ৰূপ আৰু ৬টা ব্ৰঞ্জৰ পদকৰ সৈতে মুঠ ১৯টা পদকেৰে পদক তালিকাৰ ২৪ তম স্থানত থাকি টকিঅ' ২০২০-ত এয়া ভাৰত আছিল সৰ্বকালৰ শ্ৰেষ্ঠ পেৰালিম্পিক প্ৰদৰ্শন। টেবুল টেনিছ খেলুৱৈ ভাৱিনা পেটেলে একক চি৪ শাখাত ফাইনেলত প্ৰৱেশ কৰি চীনৰ ঝাও য়িঙৰ হাতত ৩-০ ব্যৱধানত পৰাস্ত হৈ ভাৰতৰ বাবে প্ৰথম ৰূপৰ পদক লাভ কৰে।[8][9] নিশাদ কুমাৰে এছিয়ান ৰেকৰ্ড গঢ়ি পুৰুষৰ হাই জাম্প টি৪৭ ইভেণ্টত ৰূপৰ পদক অৰ্জন কৰে।[10] বিনোদ কুমাৰে পুৰুষৰ ডিচকাছ থ্ৰ'ৰ এফ৫২ শাখাত ব্ৰঞ্জৰ পদকৰ বাবে স্থান লাভ কৰিছিল[11][12] যদিও টকিঅ' পেৰালিম্পিকৰ প্ৰতিযোগিতা সমিতিয়ে তেওঁক প্ৰতিবন্ধকতা শ্ৰেণীবিভাজন মূল্যায়নত অযোগ্য বুলি বিবেচনা কৰাৰ ফলত তেওঁ ব্ৰঞ্জৰ পদক হেৰুৱায়।[13] মহিলাৰ আৰ২ ১০ মিটাৰ এয়াৰ ৰাইফল এছএইচ১ ইভেণ্টত অৱনী লেখাৰাই স্বৰ্ণ পদক জয় কৰি পেৰালিম্পিকত স্বৰ্ণ বিজয়ী প্ৰথম ভাৰতীয় মহিলা ৰূপে পৰিগণিত হয়।[14] লেখাৰাই একেখন সমাৰোহতে মহিলাৰ আৰ৮ ৫০ মিটাৰ এয়াৰ ৩ পজিচন এছএইচ১ শাখাতো ব্ৰঞ্জৰ পদক অৰ্জন কৰি ব্যক্তিগত দ্বিতীয়টো পদক লাভ কৰে। ইয়াৰ ফলত তেওঁ একেখন পেৰালিম্পিকত একাধিক পদক জয় কৰা প্ৰথম ভাৰতীয় মহিলাৰূপেও পৰিগণিত হয়।[15] যোগেশ কাথুনিয়াই পুৰুষৰ ডিচকাছ থ্ৰ' এফ৫৬-ত ৰূপৰ পদক[16] আৰু পুৰুষৰ জেভলীন থ্ৰ' এফ৪৬-ত দেৱেন্দ্ৰ ঝাঝাৰীয়া আৰু সুন্দৰ সিং গুৰ্জাৰে ক্ৰমে ৰূপৰ পদক আৰু ব্ৰঞ্জৰ পদক লাভ কৰে।[17] পুৰুষৰ জেভলীন থ্ৰ' এফ৬৪ শাখাত সুমিত আন্তিলে ৬৮.৫৫ মিটাৰৰ বিশ্ব অভিলেখ গঢ়ি স্বৰ্ণ পদক অৰ্জন কৰে।[18] ক্ৰীড়া শ্বুটাৰ সিংৰাজ আধানাই পুৰুষৰ ১০ মিটাৰ এয়াৰ পিষ্টল এছএইচ১ শ্ৰেণীত ব্ৰঞ্জৰ পদক অৰ্জন কৰে।[19] পুৰুষৰ হাই জাম্প টি৬৩ শ্ৰেণীত মাৰীয়াপ্পান থানগাভেলু আৰু শৰদ কুমাৰে ক্ৰমে ৰূপৰ পদক আৰু ব্ৰঞ্জৰ পদক লাভ কৰে।[20] প্ৰবীণ কুমাৰে পুৰুষৰ হাই জাম্প টি৬৪ শিতানত ৰূপৰ পদক অৰ্জন কৰে[21] আৰু হৰবিন্দৰ সিঙে আৰ্চাৰীৰ পুৰুষৰ ব্যক্তিগত ৰিকাৰ্ভ অপেনত ব্ৰঞ্জৰ পদক লাভ কৰে, যি হৈছে ভাৰতে আৰ্চাৰীত লাভ কৰা প্ৰথম পেৰালিম্পিক পদক।[22] শ্বুটিং প্ৰতিযোগিতাৰ মিশ্ৰিত পি৪ ৫০ মিটাৰ পিষ্টল এছএইচ১ শাখাত মনীষ নাৰৱালে স্বৰ্ণ পদক আৰু সিংৰাজ আধানাই ৰূপৰ পদক অৰ্জন কৰে।[23] সিংৰাজৰ এয়া আছিল সমাৰোহৰ দ্বিতীয়টো পদক। প্ৰথমবাৰ বাবে পেৰালিম্পিকত সংযোজন হোৱা বেডমিণ্টনত ভাৰতে মুঠ ৪টা পদক লাভ কৰে; সেইকেইটা হৈছে পুৰুষৰ একক এছএল৩ শাখাত প্ৰমোদ ভগতৰ স্বৰ্ণ আৰু মনোজ চৰকাৰৰ ৰূপৰ পদক,[24] পুৰুষৰ একক এছএল৪ শাখাত সুহাস ললিনাকেৰী য়াথিৰাজৰ ৰূপৰ পদক[25] আৰু পুৰুষৰ একক এছএইছ৬ শাখাত কৃষ্ণা নাগৰৰ স্বৰ্ণ পদক।[26]

পদকসমূহ[সম্পাদনা কৰক]

গ্ৰীষ্মকালীন সমাৰোহৰ পদকসমূহ[সম্পাদনা কৰক]

সমাৰোহ খেলুৱৈ স্বৰ্ণ ৰূপ ব্ৰঞ্জ মুঠ স্থান
ইটালী ১৯৬০ ৰোম অংশগ্ৰহণ কৰা নাছিল
জাপান ১৯৬৪ টকিঅ'
ইজৰাইল ১৯৬৮ টেল আভিভ ১০ -
জাৰ্মানী ১৯৭২ হাইডেলবাৰ্গ ১০ ২৫
কানাডা ১৯৭৬ টৰণ্টো অংশগ্ৰহণ কৰা নাছিল
নেডাৰলেণ্ডচ ১৯৮০ আৰ্নহেম
সংযুক্ত যুক্তৰাজ্য/আমেৰিকা যুক্তৰাষ্ট্ৰ ১৯৮৪ ষ্টোক মেণ্ডেভিল/নিউয়ৰ্ক ৩৭
দক্ষিণ কোৰিয়া ১৯৮৮ ছিউল -
স্পেইন ১৯৯২ বাৰ্চিলোনা -
আমেৰিকা যুক্তৰাষ্ট্ৰ ১৯৯৬ আটলাণ্টা -
অষ্ট্ৰেলিয়া ২০০০ চিডনী -
গ্ৰীচ ২০০৪ এথেন্স ১২ ৫৩
গণচীন ২০০৮ বেইজিং -
সংযুক্ত যুক্তৰাজ্য ২০১২ লণ্ডন ১০ ৬৭
ব্ৰাজিল ২০১৬ ৰিঅ' ১৯ ৪৩
জাপান ২০২০ টকিঅ' ৫৪ ১৯ ২৪
ফ্ৰান্স ২০২৪ পেৰিছ ভৱিষ্যতৰ সমাৰোহ
আমেৰিকা যুক্তৰাষ্ট্ৰ ২০২৮ লছ এঞ্জেলছ ভৱিষ্যতৰ সমাৰোহ
মুঠ ১২ ১০ ৩১ -

শীতকালীন সমাৰোহৰ পদকসমূহ[সম্পাদনা কৰক]

সমাৰোহ খেলুৱৈ স্বৰ্ণ ৰূপ ব্ৰঞ্জ মুঠ স্থান
ছুইডেন ১৯৭৬ Örnsköldsvik অংশগ্ৰহণ কৰা নাছিল
নৰৱে ১৯৮০ গেইলো
অষ্ট্ৰিয়া ১৯৮৪ ইন্সব্ৰুক
অষ্ট্ৰিয়া ১৯৮৮ ইন্সব্ৰুক
ফ্ৰান্স ১৯৯২ এলবাৰ্টভিল
নৰৱে ১৯৯৪ লিলেহাইমাৰ
জাপান ১৯৯৮ নাগানো
আমেৰিকা যুক্তৰাষ্ট্ৰ ২০০২ চল্ট লেক চিটি
ইটালী ২০০৬ টুৰিণ
কানাডা ২০১০ ভেংকুভাৰ
ৰাছিয়া ২০১৪ চ'চি
দক্ষিণ কোৰিয়া ২০১৮ পিয়ংচাং
চীন ২০২২ বেইজিং ভৱিষ্যতৰ সমাৰোহ
ইটালী ২০২৬ মিলান/কৰ্টিনা ডি এম্পেজ্জো ভৱিষ্যতৰ সমাৰোহ
মুঠ

গ্ৰীষ্মকালীন ক্ৰীড়া অনুসৰি পদকসমূহ[সম্পাদনা কৰক]

ক্ৰীড়া স্বৰ্ণ ৰূপ ব্ৰঞ্জ মুঠ
এথলেটিকছ ১৮
শ্বুটিং
বেডমিণ্টন
সাঁতোৰ
টেবুল টেনিছ
আৰ্চাৰী
পাৱাৰলিফ্টিং
মুঠ ১২ ১০ ৩১

শীতকালীন ক্ৰীড়া অনুসৰি পদকসমূহ[সম্পাদনা কৰক]

ক্ৰীড়া স্বৰ্ণ ৰূপ ব্ৰঞ্জ মুঠ
মুঠ

পদক বিজয়ীসকল[সম্পাদনা কৰক]

পদক নাম/দল সমাৰোহ ক্ৰীড়া শাখা
1 স্বৰ্ণ পদক মুৰলীকান্ত পেটকাৰ জাৰ্মানী ১৯৭২ হাইডেলবাৰ্গ সাঁতোৰ সাঁতোৰ পুৰুষৰ ৫০ মিটাৰ ফ্ৰীষ্টাইল ৩
2 ৰূপৰ পদক ভীমৰাও কেচৰকাৰ সংযুক্ত যুক্তৰাজ্য / আমেৰিকা যুক্তৰাষ্ট্ৰ ১৯৮৪ ষ্টোক মেণ্ডেভিল/নিউয়ৰ্ক এথলেটিকছ এথলেটিকছ পুৰুষৰ জেভলীন এল৬
2 ৰূপৰ পদক যোগিন্দৰ সিং বেদী এথলেটিকছ এথলেটিকছ পুৰুষৰ শ্বট পুট এল৬
 ব্ৰঞ্জৰ পদক যোগিন্দৰ সিং বেদী এথলেটিকছ এথলেটিকছ পুৰুষৰ জেভলীন এল৬
 ব্ৰঞ্জৰ পদক যোগিন্দৰ সিং বেদী এথলেটিকছ এথলেটিকছ পুৰুষৰ ডিচকাছ থ্ৰ' এল৬
1 স্বৰ্ণ পদক দেৱেন্দ্ৰ ঝাঝাৰীয়া গ্ৰীচ ২০০৪ এথেন্স এথলেটিকছ এথলেটিকছ পুৰুষৰ জেভলীন এফ৪৪/৪৬
 ব্ৰঞ্জৰ পদক ৰাজিন্দৰ সিং ৰহেলু পাৱাৰলিফ্টিং পাৱাৰলিফ্টিং পুৰুষৰ ৫৬ কিগ্ৰা
2 ৰূপৰ পদক গিৰীশা নাগাৰাজেগৌড়া সংযুক্ত যুক্তৰাজ্য ২০১২ লণ্ডন এথলেটিকছ এথলেটিকছ পুৰুষৰ হাই জাম্প এফ৪২
1 স্বৰ্ণ পদক মাৰীয়াপ্পান থানগাভেলু ব্ৰাজিল ২০১৬ ৰিঅ' এথলেটিকছ এথলেটিকছ পুৰুষৰ হাই জাম্প এফ৪২
1 স্বৰ্ণ পদক দেৱেন্দ্ৰ ঝাঝাৰীয়া এথলেটিকছ এথলেটিকছ পুৰুষৰ জেভলীন এফ৪৬
2 ৰূপৰ পদক দীপা মালিক এথলেটিকছ এথলেটিকছ মহিলাৰ শ্বট পুট এফ৫৩
 ব্ৰঞ্জৰ পদক বৰুণ সিং ভাটী এথলেটিকছ এথলেটিকছ পুৰুষৰ হাই জাম্প এফ৪২
1 স্বৰ্ণ পদক অৱনী লেখাৰা জাপান ২০২০ টকিঅ' শ্বুটিং শ্বুটিং মহিলাৰ আৰ২ ১০ মিটাৰ এয়াৰ ৰাইফল এছএইচ১
1 স্বৰ্ণ পদক সুমিত আন্তিল এথলেটিকছ এথলেটিকছ পুৰুষৰ জেভলীন এফ৬৪
1 স্বৰ্ণ পদক মনীষ নাৰৱাল শ্বুটিং শ্বুটিং মিশ্ৰিত পি৪ ৫০ মিটাৰ পিষ্টল এছএইচ১
1 স্বৰ্ণ পদক প্ৰমোদ ভগত বেডমিণ্টন বেডমিণ্টন পুৰুষৰ একক এছএল৩
1 স্বৰ্ণ পদক কৃষ্ণা নাগৰ বেডমিণ্টন বেডমিণ্টন পুৰুষৰ একক এছএছ৬
2 ৰূপৰ পদক ভাৱিনা পেটেল টেবুল টেনিছ টেবুল টেনিছ মহিলাৰ টেবুল টেনিছ একক চি৪
2 ৰূপৰ পদক নিশাদ কুমাৰ এথলেটিকছ এথলেটিকছ পুৰুষৰ হাই জাম্প টি৪৭
2 ৰূপৰ পদক যোগেশ কাথুনিয়া এথলেটিকছ এথলেটিকছ পুৰুষৰ ডিচকাছ থ্ৰ' এফ৫৬
2 ৰূপৰ পদক দেৱেন্দ্ৰ ঝাঝাৰীয়া এথলেটিকছ এথলেটিকছ পুৰুষৰ জেভলীন এফ৪৬
2 ৰূপৰ পদক মাৰীয়াপ্পান থানগাভেলু এথলেটিকছ এথলেটিকছ পুৰুষৰ হাই জাম্প টি৬৩
2 ৰূপৰ পদক প্ৰবীণ কুমাৰ এথলেটিকছ এথলেটিকছ পুৰুষৰ হাই জাম্প টি৬৪
2 ৰূপৰ পদক সিংৰাজ আধানা শ্বুটিং শ্বুটিং মিশ্ৰিত পি৪ ৫০ মিটাৰ পিষ্টল এছএইচ১
2 ৰূপৰ পদক সুহাস ললিনাকেৰী য়াথিৰাজ বেডমিণ্টন বেডমিণ্টন পুৰুষৰ একক এছএল৪
 ব্ৰঞ্জৰ পদক সুন্দৰ সিং গুৰ্জাৰ এথলেটিকছ এথলেটিকছ পুৰুষৰ জেভলীন এফ৪৬
 ব্ৰঞ্জৰ পদক সিংৰাজ আধানা শ্বুটিং শ্বুটিং পুৰুষৰ পি১ ১০ মিটাৰ এয়াৰ পিষ্টল এছএইচ১
 ব্ৰঞ্জৰ পদক শৰদ কুমাৰ এথলেটিকছ এথলেটিকছ পুৰুষৰ হাই জাম্প টি৬৩
 ব্ৰঞ্জৰ পদক অৱনী লেখাৰা শ্বুটিং শ্বুটিং মহিলাৰ আৰ৮ ৫০ মিটাৰ ৰাইফল ৩ পজিচন এছএইচ১
 ব্ৰঞ্জৰ পদক হৰবিন্দৰ সিং আৰ্চাৰী আৰ্চাৰী পুৰুষৰ ব্যক্তিগত ৰিকাৰ্ভ অপেন
 ব্ৰঞ্জৰ পদক মনোজ চৰকাৰ বেডমিণ্টন বেডমিণ্টন পুৰুষৰ একক এছএল৩

একাধিক পদক বিজয়ী[সম্পাদনা কৰক]

খেলুৱৈ সমাৰোহৰ ক্ৰীড়া 1 স্বৰ্ণ পদক 2 ৰূপৰ পদক  ব্ৰঞ্জৰ পদক মুঠ
যোগিন্দৰ সিং বেদী সংযুক্ত যুক্তৰাজ্য / আমেৰিকা যুক্তৰাষ্ট্ৰ ১৯৮৪ ষ্টোক মেণ্ডেভিল/নিউয়ৰ্ক এথলেটিকছ এথলেটিকছ
দেৱেন্দ্ৰ ঝাঝাৰীয়া গ্ৰীচ ২০০৪ এথেন্স
ব্ৰাজিল ২০১৬ ৰিঅ'
জাপান ২০২০ টকিঅ'
এথলেটিকছ এথলেটিকছ
মাৰীয়াপ্পান থানগাভেলু ব্ৰাজিল ২০১৬ ৰিঅ'
জাপান ২০২০ টকিঅ'
এথলেটিকছ এথলেটিকছ
অৱনী লেখাৰা জাপান ২০২০ টকিঅ' শ্বুটিং শ্বুটিং
সিংৰাজ আধানা জাপান ২০২০ টকিঅ' শ্বুটিং শ্বুটিং

লগতে চাওক[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "India at the Paralympics on paralympic.org". Archived from the original on 2016-08-19. https://web.archive.org/web/20160819101640/http://www.paralympic.org/ipc_results/search.php?gender=all&medal=all&npc=IND&games=all&sport=all। আহৰণ কৰা হৈছে: 2021-08-27. 
  2. "The lesser-known Olympics". blogger. 2012-08-08. http://kushalmucon.blogspot.in/2012/08/the-other-olympics.html। আহৰণ কৰা হৈছে: 2012-10-13. 
  3. "Never before shown: A gold medal winner from India". paralympic village. 2004-12-19. Archived from the original on 2011-01-25. https://web.archive.org/web/20110125204822/http://www.toolkitsportdevelopment.org/html/topic_F0B476C1-F9D1-4BC7-9768-37EFDA78E6E5_9EE7771D-27FD-4645-9E83-2BD1D0776123_2.htm। আহৰণ কৰা হৈছে: 2011-05-10. 
  4. "Not provided with escort, alleges Paralympics athlete". thehindu.com. The Hindu. September 3, 2012. http://www.thehindu.com/sport/other-sports/article3851360.ece। আহৰণ কৰা হৈছে: September 6, 2012. 
  5. Kumar, Nandini (September 2, 2012). "Officials ditch special athletes at Paralympics". epaper.timesofindia.com. Mumbai Mirror, re-published online by e-paper. পৃষ্ঠা: 22. http://epaper.timesofindia.com/Default/Scripting/ArticleWin.asp?From=Search&Source=Find&Key=MMIR/2012/09/02/21/Ar02100.xml&CollName=MMIR_DAILY_2009&DOCID=384625&Keyword=%28%3Cmany%3E%3Cstem%3Eparalympic%29&skin=MIRRORNEW&AppName=1&PageLabel=22%20&ViewMode=HTML। আহৰণ কৰা হৈছে: September 6, 2012. 
  6. "LIST OF PLAYERS SELECTED TO REPRESENT INDIA AT THE RIO PARALYMPIC GAMES 2016". Paralympic Committee of IndiaParalympic Committee of India. 8 August 2016. Archived from the original on 25 August 2016. https://web.archive.org/web/20160825235127/http://paralympicindia.org.in/rio-participants-list.php। আহৰণ কৰা হৈছে: 8 August 2016. 
  7. "Paralympics 2016 | Devendra Jhajharia breaks World Record to win Gold at Paralympics.". 2016-09-14. https://sportscafe.in/articles/sports/2016/sep/14/devendra-jhajharia-breaks-world-record-to-win-gold-at-paralympics। আহৰণ কৰা হৈছে: 2016-09-14. 
  8. "Tokyo Paralympics: Bhavina Patel creates history, becomes the first Indian para-paddler to win silver" (en ভাষাত). 2021-08-29. https://indianexpress.com/article/sports/sport-others/tokyo-paralympics-bhavina-patel-creates-history-becomes-the-first-indian-para-paddler-to-win-silver-7476054/। আহৰণ কৰা হৈছে: 2021-08-29. 
  9. "Historic! Paddler Bhavina Patel assures silver medal by entering Paralympics final, to play for gold tomorrow". https://www.timesnownews.com/sports/others/article/historic-paddler-bhavina-patel-assured-of-silver-medal-win-in-paralympics-to-play-for-gold-tomorrow/804693। আহৰণ কৰা হৈছে: 2021-08-28. 
  10. Aug 29, PTI / Updated:; 2021; Ist, 18:24. "Nishad Kumar wins silver in men's high jump in Paralympics" (en ভাষাত). https://timesofindia.indiatimes.com/sports/tokyo-paralympics/nishad-kumar-wins-silver-in-mens-high-jump-in-paralympics/articleshow/85737653.cms। আহৰণ কৰা হৈছে: 2021-08-29. 
  11. "Tokyo Paralympics 2021: Vinod Kumar wins bronze in discus throw". espn.com. 29 August 2021. https://www.espn.com/olympics/story/_/id/32107377/tokyo-paralympics-2021-vinod-kumar-wins-bronze-discus-throw। আহৰণ কৰা হৈছে: 29 August 2021. 
  12. http://dhunt.in/ldU0b?s=a&uu=0x3decfdfd072ac655&ss=pd
  13. Livemint (2021-08-30). "Tokyo Paralympics: Vinod Kumar declared ineligible in classification assessment" (en ভাষাত). https://www.livemint.com/sports/olympics-news/tokyo-paralympics-vinod-kumar-loses-bronze-after-being-declared-ineligible-in-classification-assessment-11630316667191.html। আহৰণ কৰা হৈছে: 2021-08-30. 
  14. "Tokyo Paralympics: Avani Lekhara Wins Gold In Women's 10m Air Rifle (SH1)" (en ভাষাত). https://sports.ndtv.com/olympics-2020/paralympics-avani-lekhara-wins-gold-in-womens-10m-air-rifle-sh1-2523224। আহৰণ কৰা হৈছে: 2021-08-30. 
  15. "Avani Lekhara becomes first Indian woman to win multiple medals at Paralympics" (en ভাষাত). ESPN. 2021-09-03. https://www.espn.in/olympics/story/_/id/32137873/avani-lekhara-wins-50m-rifle-3-positions-sh1-bronze-second-medal-tokyo-paralympics। আহৰণ কৰা হৈছে: 2021-09-03. 
  16. "Paralympics 2020: Yogesh Kathuniya wins silver medal in discus throw" (en ভাষাত). https://www.timesnownews.com/sports/others/article/paralympics-2020-yogesh-kathuniya-wins-silver-medal-in-discus-throw/805314। আহৰণ কৰা হৈছে: 2021-08-30. 
  17. "Tokyo Paralympics: Devendra Jhajharia Wins Silver, Bronze For Sundar Singh Gurjar In Men's Javelin (F46)" (en ভাষাত). https://sports.ndtv.com/athletics/paralympics-devendra-jhajharia-wins-silver-bronze-for-sundar-singh-gurjar-2523261। আহৰণ কৰা হৈছে: 2021-08-30. 
  18. "Tokyo Paralympics: Sumit Antil Wins Javelin (F64) Gold, Sets New World Record" (en ভাষাত). https://sports.ndtv.com/olympics-2020/tokyo-paralympics-sumit-antil-wins-javelin-f64-gold-sets-new-world-record-2523760। আহৰণ কৰা হৈছে: 2021-08-30. 
  19. Sportstar, Team. "Singhraj Adana wins bronze in shooting at Tokyo Paralympics" (en ভাষাত). https://sportstar.thehindu.com/olympics/tokyo-paralympics/singhraj-adana-wins-bronze-in-shooting-manish-narwal-tokyo-paralympics-shooting-news-updates/article36196168.ece। আহৰণ কৰা হৈছে: 2021-08-31. 
  20. Sportstar, Team. "Tokyo Paralympics: Thangavelu Mariyappan wins silver, Sharad Kumar takes bronze in men's high jump" (en ভাষাত). Archived from the original on 2021-08-31. https://web.archive.org/web/20210831115450/https://sportstar.thehindu.com/olympics/tokyo-paralympics/tokyo-paralympics-thangavelu-mariyappan-wins-silver-sharad-kumar-takes-bronze-in-mens-high-jump/article36201260.ece। আহৰণ কৰা হৈছে: 2021-08-31. 
  21. "Tokyo Paralympics: Praveen Kumar wins silver in men's high jump, becomes India's 11th medallist" (en ভাষাত). India Today. https://www.indiatoday.in/sports/other-sports/story/tokyo-paralympics-praveen-kumar-wins-silver-mens-high-jump-1848680-2021-09-03. 
  22. "Harvinder Singh wins bronze, India's first ever archery medal at Paralympics" (en ভাষাত). www.telegraphindia.com. https://www.telegraphindia.com/sports/harvinder-singh-wins-bronze-indias-first-ever-archery-medal-at-paralympics/cid/1829231। আহৰণ কৰা হৈছে: 2021-09-03. 
  23. "Tokyo Paralympics: India's Manish Narwal bags gold, Singhraj Adhana wins silver in shooting" (en ভাষাত). Zee News. 2021-09-04. https://zeenews.india.com/other-sports/tokyo-paralympics-indias-manish-narwal-bags-gold-singhraj-adhana-wins-silver-in-shooting-2391123.html। আহৰণ কৰা হৈছে: 2021-09-04. 
  24. "Tokyo Paralympics: Pramod Bhagat Wins Gold In Badminton Men's Singles SL3" (en ভাষাত). NDTVSports.com. https://sports.ndtv.com/olympics-2020/tokyo-paralympics-pramod-bhagat-wins-gold-in-badminton-mens-singles-sl3-2529719। আহৰণ কৰা হৈছে: 2021-09-04. 
  25. "Badminton Men's Singles SL4 - Gold Medal Match Results". Tokyo Organising Committee of the Olympic and Paralympic GamesOlympics.com. https://olympics.com/tokyo-2020/paralympic-games/resPG2020-/pdf/PG2020-/BDM/PG2020-_BDM_C73_BDMMSINGLES-04010-----FNL-000100--.pdf। আহৰণ কৰা হৈছে: 4 September 2021. 
  26. "Badminton – Men's Singles SH6 - Gold Medal Match". TOCOGolympics.com. 5 September 2021. https://olympics.com/tokyo-2020/paralympic-games/resPG2020-/pdf/PG2020-/BDM/PG2020-_BDM_C73_BDMMSINGLES-06010-----FNL-000100--.pdf। আহৰণ কৰা হৈছে: 2021-09-05.