যোগেশ কাথুনিয়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা
যোগেশ কাথুনিয়া
ব্যক্তিগত তথ্যাৱলী
ৰাষ্ট্ৰীয়তা ভাৰতীয়
জন্ম ৩ মাৰ্চ, ১৯৯৭ (২৭ বছৰ)
দিল্লী, ভাৰত
ক্ৰীড়া
ক্ৰীড়া পেৰা-এথলেটিকছ
শিতান ডিচকাছ থ্ৰ'

যোগেশ কাথুনিয়া (ইংৰাজী: Yogesh Kathuniya; জন্ম ৩ মাৰ্চ ১৯৯৭) এজন ভাৰতীয় পেৰালিম্পিক ডিচকাছ থ্ৰ' খেলুৱৈ। তেওঁ ২০২১ চনত জাপানৰ টকিঅ'ত অনুষ্ঠিত ২০২০ গ্ৰীষ্মকালীন পেৰালিম্পিকৰ পুৰুষৰ ডিচকাছ থ্ৰ'ৰ এফ৫৬ শাখাত ৰূপৰ পদক অৰ্জন কৰে।[1][2][3]

প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক]

যোগেশ কাথুনিয়াৰ জন্ম হৈছিল ভাৰতীয় সেনাৰ সৈনিক জ্ঞানচান্দ কাথুনিয়াৰ ঔৰষত আৰু গৃহিনী মীনা দেৱীৰ গৰ্ভত। ৯ বছৰ বয়সত তেওঁৰ বিৰল স্নায়বিক ৰোগ গুইলিন-বেৰে চিণ্ড্ৰোমত ভুগিছিল, ফলস্বৰূপে পক্ষাঘাতৰ ফলত তেওঁ ২০০৬ চনত হুইলচেয়াৰ বন্দী হৈ পৰিছিল। তেওঁৰ মাতৃয়ে তেওঁক ফিজিঅ'থেৰাপী দিবলৈ শিকাৰ পাছত, ৩ বছৰৰ ভিতৰত ১২ বছৰ বয়সত তেওঁ পুনৰ খোজ কাঢ়িবলৈ পেশীৰ শক্তি ঘূৰাই পাইছিল। তেওঁ চণ্ডীগড়ৰ ইণ্ডিয়ান আৰ্মি পাব্লিক স্কুলত অধ্যয়ন কৰিছিল য'ত তেওঁৰ দেউতাকে সেনাবাহিনীত সেৱা আগবঢ়াইছিল। পাছত তেওঁ দিল্লীৰ কিৰোৰী মল মহাবিদ্যালয়ৰ পৰা বাণিজ্য স্নাতক ডিগ্ৰী অধ্যয়ন কৰিছিল য'ত তেওঁ পেৰা-ক্ৰীড়াত যোগদান কৰিছিল।[4]

কেৰিয়াৰ[সম্পাদনা কৰক]

কিৰোৰী মল মহাবিদ্যালয়ৰ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শচীন যাদৱে তেওঁক নিয়মীয়াকৈ পেৰা এথলীটৰ ভিডিঅ' দেখুৱাই পেৰা-ক্ৰীড়া গ্ৰহণ কৰিবলৈ অনুপ্ৰেৰিত কৰাৰ পাছত ২০১৭ চনত যোগেশে পেৰা-ক্ৰীড়া খেলা আৰম্ভ কৰিছিল।[4]

২০১৮ চনত তেওঁ বাৰ্লিনত অনুষ্ঠিত ২০১৮ পেৰা এথলেটিকছ গ্ৰেণ্ড প্ৰিঁত ডিচকাছ থ্ৰ'ত ৪৫.১৮ মিটাৰ ডিস্ক নিক্ষেপ কৰি এফ৩৬ শ্ৰেণীত বিশ্ব অভিলেখ গঢ়িছিল।[4]

২০২১ চনৰ আগষ্টত কাথুনিয়াই ২০২০ গ্ৰীষ্মকালীন পেৰালিম্পিকত পুৰুষৰ ডিচকাছ থ্ৰ' এফ৫৬ ইভেণ্টত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল আৰু ৰূপৰ পদক অৰ্জন কৰিছিল।[5][6]

তথ্য উৎস[সম্পাদনা কৰক]