মুৰলীকান্ত পেটকাৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মুৰলীকান্ত পেটকাৰ

২০১৯ চনত মুৰলীকান্ত পেটকাৰ
ব্যক্তিগত তথ্যাৱলী
ৰাষ্ট্ৰীয়তা ভাৰতীণ
ক্ৰীড়া
ক্ৰীড়া সাঁতোৰ, এথলেটিকছ

মুৰলীকান্ত পেটকাৰ (ইংৰাজী: Murlikant Petkar) ভাৰতৰ প্ৰথম পেৰালিম্পিক স্বৰ্ণ পদক বিজয়ী। তেওঁ জাৰ্মানীৰ হাইডেলবাৰ্গত অনুষ্ঠিত ১৯৭২ চনৰ গ্ৰীষ্মকালীন পেৰালিম্পিকত স্বৰ্ণ পদক লাভ কৰিছিল। তেওঁ ৫০ মিটাৰ ফ্ৰীষ্টাইল সাঁতোৰ প্ৰতিযোগিতাত ৩৭.৩৩ ছেকেণ্ডৰ বিশ্ব অভিলেখ গঢ়ি স্বৰ্ণ পদক অৰ্জন কৰিছিল। একেখন পেৰালিম্পিকতে তেওঁ আন তিনিটা ইভেণ্টতো অংশগ্ৰহণ কৰিছিল আৰু তিনিওটা ইভেণ্টতৰে ফাইনেলিষ্ট আছিল।[1] ২০১৮ চনত ভাৰত চৰকাৰে তেওঁক পদ্মশ্ৰী বঁটা প্ৰদান কৰে।[2]

জীৱনী[সম্পাদনা কৰক]

তেওঁ ভাৰতীয় সেনাৰ কৰ্পছ অফ ইলেক্ট্ৰনিক্স এণ্ড মেকানিকেল ইঞ্জিনিয়াৰছ (ইএমই)-ত জোৱান হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।[3] ১৯৬৫ চনত পাকিস্তানৰ বিৰুদ্ধে হোৱা যুদ্ধৰ সময়ত তেওঁ আঘাতপ্ৰাপ্ত হৈ অক্ষম হৈ পৰিছিল।[4] চেকেন্দ্ৰাবাদৰ ইএমইত কাৰ্যৰত সময়ত পেটকাৰ মূলতঃ এজন বক্সাৰ আছিল। তেওঁ বিকলাঙ্গ হোৱাৰ পাছত তেওঁ সাঁতোৰ আৰু অন্যান্য ক্ৰীড়া খেলিবলৈ হৈছিল।[5] তেওঁ ১৯৬৮ চনৰ গ্ৰীষ্মকালীন পেৰালিম্পিকত টেবুল টেনিছত অংশগ্ৰহণ কৰে আৰু প্ৰথম ৰাউণ্ডত জয়লাভ কৰিছিল। তেওঁ সাঁতোৰত চাৰিটা পদক জিকিছিল। পাছত তেওঁ পুনেত টেলক' কোম্পানীত নিযুক্ত লাভ কৰিছিল।[6]

তথ্য উৎস[সম্পাদনা কৰক]