সিংৰাজ আধানা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সিংৰাজ আধানা
ব্যক্তিগত তথ্যাৱলী
জন্ম ২৬ জানুৱাৰী, ১৯৮২ (৪২ বছৰ)
ফৰিদাবাদ, হাৰিয়ানা, ভাৰত
ক্ৰীড়া
দেশ  ভাৰত
ক্ৰীড়া শ্বুটিং
শিতান পিষ্টল শ্বুটিং

সিংৰাজ আধানা (ইংৰাজী: Singhraj Adhana) এজন ভাৰতীয় পেৰালিম্পিয়ান আৰু ক্ৰীড়া পিষ্টল শ্বুটাৰ। তেওঁৰ জন্ম হৈছিল ১৯৮২ চনৰ ২৬ জানুৱাৰীত হাৰিয়ানাৰ ফৰিদাবাদত।[1] তেওঁ ২০২১ চনত জাপানৰ টকিঅ'ত অনুষ্ঠিত ২০২০ গ্ৰীষ্মকালীন পেৰালিম্পিকত শ্বুটিং প্ৰতিযোগিতাৰ মিশ্ৰিত পি৪ ৫০ মিটাৰ পিষ্টল এছএইচ১ শাখাত ৰূপৰ পদক[2] আৰু পুৰুষৰ পি১ ১০ মিটাৰ এয়াৰ পিষ্টল এছএইচ১ শাখাত ব্ৰঞ্জৰ পদক অৰ্জন কৰে।[3][4][5]

কৃতিত্ব[সম্পাদনা কৰক]

  • ফ্ৰান্সৰ চেটৌৰৌত ২০১৮ বিশ্বকাপত পি৪ দলীয় ইভেণ্টত স্বৰ্ণ পদক আৰু পি৪ ব্যক্তিগত ইভেণ্টত ৰূপৰ পদক।[1]
  • ইণ্ডোনেছিয়াৰ জাকাৰ্টাত পেৰা এছিয়ান গেমছ ২০১৮-ৰ পি৪ শাখাত ব্ৰঞ্জৰ পদক।[1]
  • সংযুক্ত আৰৱ আমিৰাতৰ আল আইন বিশ্বকাপ ২০১৯-ত পিএল দলীয় ইভেণ্টত স্বৰ্ণ পদক আৰু পি4 ব্যক্তিগত ইভেণ্টত ৰূপৰ পদক।[1]
  • ২০১৯ অচিজেক বিশ্বকাপত পি১ আৰু পি৪ দলীয় ইভেণ্টত ২টা স্বৰ্ণ পদক আৰু পি৪ ব্যক্তিগত আৰু পি৬ দলীয় ইভেণ্টত ২টা ব্ৰঞ্জৰ পদক।[1]
  • অষ্ট্ৰেলিয়াৰ চিডনী বিশ্ব চেম্পিয়নশ্বিপ ২০১৯-ত পি৪ দলীয় ইভেণ্টত ব্ৰঞ্জৰ পদক।[1]
  • সংযুক্ত আৰৱ আমিৰাতৰ আল আইন বিশ্বকাপ ২০২১-ত পি১ দলীয় ইভেণ্টত স্বৰ্ণ পদক, পি৪ দলীয় ইভেণ্টত ৰূপৰ পদক আৰু পি৪ ব্যক্তিগত ইভেণ্টত ব্ৰঞ্জৰ পদক।[1]
  • ২০২০ গ্ৰীষ্মকালীন পেৰালিম্পিকত পুৰুষৰ পি১ ১০ মিটাৰ এয়াৰ পিষ্টল এছএইচ১ শাখাত ব্ৰঞ্জৰ পদক।[1][3][4][5]
  • ২০২০ গ্ৰীষ্মকালীন পেৰালিম্পিকত মিশ্ৰিত পি৪ ৫০ মিটাৰ পিষ্টল এছএইচ১ শাখাত ৰূপৰ পদক।[2]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 1.4 1.5 1.6 1.7 "Once Forced to Sell Wife's Jewellery to Support Shooting Career, Singhraj Adhana Finally Fulfills His Paralympic Dream" (en ভাষাত). News18. https://www.news18.com/news/sports/once-forced-to-sell-wifes-jewellery-to-support-shooting-career-singhraj-adhana-realises-his-paralympics-medal-dream-4147877.html। আহৰণ কৰা হৈছে: 2021-08-31. 
  2. 2.0 2.1 "Tokyo Paralympics: India's Manish Narwal bags gold, Singhraj Adhana wins silver in shooting" (en ভাষাত). Zee News. 2021-09-04. https://zeenews.india.com/other-sports/tokyo-paralympics-indias-manish-narwal-bags-gold-singhraj-adhana-wins-silver-in-shooting-2391123.html। আহৰণ কৰা হৈছে: 2021-09-04. 
  3. 3.0 3.1 "Tokyo Paralympics: Singhraj Adhana Takes Bronze in 10m Air Pistol Final" (en ভাষাত). TheQuint. https://www.thequint.com/sports/olympic-sports/tokyo-paralympics-singhraj-adhana-takes-bronze-in-10m-air-pistol-final। আহৰণ কৰা হৈছে: 2021-08-31. 
  4. 4.0 4.1 "Tokyo Paralympics: Singhraj Adhana shoots bronze in men's 10m air pistol - Times of India" (en ভাষাত). The Times of India. https://timesofindia.indiatimes.com/sports/tokyo-paralympics/tokyo-paralympics-singhraj-adana-shoots-bronze-in-mens-10m-air-pistol/articleshow/85790047.cms। আহৰণ কৰা হৈছে: 2021-08-31. 
  5. 5.0 5.1 "Paralympics: Singhraj Adhana wins bronze in 10m air pistol shooting" (en ভাষাত). Deccan Herald. 2021-08-31. https://www.deccanherald.com/sports/other-sports/paralympics-singhraj-adhana-wins-bronze-in-10m-air-pistol-shooting-1025384.html। আহৰণ কৰা হৈছে: 2021-08-31.