মনোজ চৰকাৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মনোজ চৰকাৰ

২০১৮ চনত অৰ্জুন বঁটা গ্ৰহণ কৰা মুহূৰ্তত মনোজ চৰকাৰ
ব্যক্তিগত তথ্যাৱলী
জন্ম নাম মনোজ চৰকাৰ[1]
জন্ম ১২ জানুৱাৰী, ১৯৯০ (৩৪ বছৰ)
ৰুদ্ৰপুৰ, উত্তৰাখণ্ড, ভাৰত
ক্ৰীড়া
দেশ  ভাৰত
ক্ৰীড়া বেডমিণ্টন
শিতান পুৰুষৰ একক
দল ভাৰত
প্ৰশিক্ষক গৌৰৱ খান্না
সফলতা আৰু শীৰ্ষস্থান প্ৰাপ্তিসমূহ
সৰ্বোচ্চ বিশ্ব ৰেংকিং

মনোজ চৰকাৰ (ইংৰাজী: Manoj Sarkar) হৈছে এজন ভাৰতীয় পেছাদাৰী পেৰা-বেডমিণ্টন খেলুৱৈ। পুৰুষৰ একক এছএল৩ প্ৰতিযোগিতাত তেওঁ ২০১৭ বিডব্লিউএফ পেৰা-বেডমিণ্টন বিশ্ব চেম্পিয়নশ্বিপত ৰূপৰ পদক আৰু টকিঅ' ২০২০ গ্ৰীষ্মকালীন পেৰালিম্পিকত ব্ৰঞ্জৰ পদক অৰ্জন কৰে।[2] ২০১৮ চনত ভাৰত চৰকাৰে তেওঁক অৰ্জুন বঁটা প্ৰদান কৰে।[3]

প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক]

এবছৰ বয়সত ভুল চিকিৎসাৰ ফলত পিপিআৰপি নিম্ন অঙ্গ (ভৰি)-ৰ বিকলাংগতাত ভুগে। তেওঁ এক সাধাৰণ পৰিয়ালৰ পৰা আহিছে আৰু তেওঁৰ দুজন সহোদৰ আছে।

কেৰিয়াৰ[সম্পাদনা কৰক]

মনোজে আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা বহু সংখ্যক পদক লাভ কৰিছে। ২০১৭ চনৰ থাইলেণ্ড পেৰা-বেডমিণ্টন আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত পুৰুষৰ এককত ৰূপৰ পদক, ২০১৭ উগাণ্ডা পেৰা-বেডমিণ্টন আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত স্বৰ্ণ পদক,[4] ২০১৬ আইৰিছ পেৰা-বেডমিণ্টন আন্তঃৰাষ্ট্ৰীয়ত ৰূপৰ পদক[5] আৰু ২০১৫ বিডব্লিউএফ পেৰা-বেডমিণ্ট বিশ্ব চেম্পিয়নশ্বিপত পুৰুষৰ দ্বৈত প্ৰতিযোগিতাত স্বৰ্ণ পদক লাভ কৰে।[6] তেওঁ ২০১৮ চনৰ মে' মাহত তুৰস্ক পেৰা-বেডমিণ্টন আন্তঃৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপতো স্বৰ্ণ পদক অৰ্জন কৰিছিল।[7]

২০২১ চনত জাপানত অনুষ্ঠিত টকিঅ' ২০২০ গ্ৰীষ্মকালীন পেৰালিম্পিকত তেওঁ পুৰুষৰ একক এছএল৩ বেডমিণ্টন প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক অৰ্জন কৰে।[2] ছেমিফাইনেলত যুক্তৰাজ্যৰ ডেনিয়েল বেথেলৰ হাতত ০–২ (৮–২১, ১০–২১) ব্যৱধানত পৰাস্ত হোৱাৰ পাছত ব্ৰঞ্জৰ পদকৰ বাবে খেলা খেলত তেওঁ জাপানৰ ডাইচুকে ফুজিহাৰাক ২–০ (২২–২০, ২১–১৩)-ত পৰাজিত কৰি ব্ৰঞ্জৰ পদক লাভ কৰে।[8] একেটা শাখাতে ভাৰতৰ প্ৰমোদ ভগতে স্বৰ্ণ পদক লাভ কৰে।[2]

বঁটা আৰু সন্মান[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "BWF Para-Badminton". Bwfpara.tournamentsoftware.com. https://bwfpara.tournamentsoftware.com/player-profile/2fa10d67-7dd2-48e4-a099-8be02fd5503c/biography। আহৰণ কৰা হৈছে: 2020-04-04. 
  2. 2.0 2.1 2.2 "Tokyo Paralympics badminton: India’s Pramod Bhagat wins gold, Manoj Sarkar bags bronze". Olympics.com. https://olympics.com/en/news/india-pramod-bhagat-tokyo-2020-paralympics-gold-medal-badminton-result। আহৰণ কৰা হৈছে: 2021-09-04. 
  3. 3.0 3.1 "List of Arjuna Awardees (1961–2018)" (PDF). Ministry of Youth Affairs and Sports (India). https://yas.nic.in/sites/default/files/LIST%20OF%20ARJUNA%20AWARDEES.docx%2061%20-%2017_0_0.pdf। আহৰণ কৰা হৈছে: 12 September 2020. 
  4. "BWF - Uganda Para-Badminton International 2017 - Winners". bwf.tournamentsoftware.com. http://bwf.tournamentsoftware.com/sport/winners.aspx?id=58EB12CC-845E-40B5-85AD-AD5C6F2E2295. 
  5. "BWF - Irish Para-Badminton International 2016 - Winners". bwf.tournamentsoftware.com. http://bwf.tournamentsoftware.com/sport/winners.aspx?id=2A04AE2A-1B9D-4BC6-8932-605F7B860186. 
  6. "BWF - BWF Para-Badminton World Championships 2015 - Winners". bwf.tournamentsoftware.com. http://bwf.tournamentsoftware.com/sport/winners.aspx?id=373F4ADE-ED29-4899-8266-474278A4F9C3. 
  7. Scroll Staff. "World No 1 Manoj Sarkar wins gold at Turkish Para-badminton International Championship" (en-US ভাষাত). Scroll.in. https://scroll.in/field/878890/world-no-1-manoj-sarkar-wins-gold-at-turkish-para-badminton-international-championship। আহৰণ কৰা হৈছে: 2020-04-06. 
  8. "Badminton Men's Singles SL3 - Bracket Results". Tokyo Organising Committee of the Olympic and Paralympic GamesOlympics.com. Archived from the original on 3 September 2021. https://web.archive.org/web/20210903150542/https://olympics.com/tokyo-2020/paralympic-games/en/results/badminton/bracket-men-s-singles-sl3.htm। আহৰণ কৰা হৈছে: 3 September 2021.