সুনীল ছেত্ৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সুনীল ছেত্ৰী

২০০৯ চনত ছেত্ৰী
ব্যক্তিগত তথ্য
জন্ম৩ আগষ্ট, ১৯৮৪ (৩৯ বছৰ)[1]
জন্মস্থানছেকেন্দ্ৰাবাদ, তেলঙ্গানা, ভাৰত[1]
উচ্চতা১.৭০ মিটাৰ (U=ft}})[1]
খেলা স্থানষ্ট্ৰাইকাৰ
ক্লাবৰ তথ্য
বৰ্তমানৰ ক্লাববাংগালুৰু এফ চি
সংখ্যা১১
যুৱ কেৰিয়াৰ
২০০১-২০০২চিটী এফ চি
চিনিয়'ৰ কেৰিয়াৰ*
বৰ্ষদলঅংশগ্ৰহণ(গ'ল)
২০০২-২০০৫মোহন বাগান১৮(৮)
২০০৫-২০০৮জে চি টি মিল্‌ছ এফ চি৪৮(২১)
২০০৮-২০০৯ইষ্ট বেংগল১৪(৯)
২০০৯-২০১০ডেম্পো১৩(৮)
২০১০কান্‌ছাছ চিটী ৱিজাৰ্ড্‌ছ(০)
২০১১চিৰাগ ইউনাইটেড(৭)
২০১১-২০১২মোহন বাগান১৪(৮)
২০১২-২০১৩স্প'ৰ্টিং চি পি বি(০)
২০১৩চাৰ্চিল ব্ৰাদাৰ্ছ (ঋণ)(৪)
২০১৩-বাংগালুৰু এফ চি৩২(১৫)
ৰাষ্ট্ৰীয় দল
২০০৪ভাৰত U20(২)
২০০৫–ভাৰত৭৪(৪৫)
* চিনিয়'ৰ ক্লাব অংশগ্ৰহণ আৰু গ'লৰ সংখ্যা কেৱল ঘৰুৱা লীগৰ বাবেহে আৰু এই তাৰিখলৈকে শুদ্ধ ১০ মাৰ্চ ২০১৫।


‡ National team caps and goals correct as of ৬ অক্টোবৰ ২০১৪

সুনীল ছেত্ৰী (ইংৰাজী: Sunil Chhetri; জন্ম: ৩ আগষ্ট ১৯৮৪) এজন ভাৰতীয় ফুটবল খেলুৱৈ। আই-লীগত তেওঁ বাংগালুৰু এফ চি দলৰ হৈ ফৰৱাৰ্ড স্থানত খেলে। ভাৰতৰ জাতীয় ফুটবল দলৰ তেওঁ বৰ্তমান অধিনায়ক। ছেত্ৰী হৈছে সক্ৰিয় খেলুৱৈসকলৰ ভিতৰত চতুৰ্থ সৰ্বাধিক আন্তঃৰাষ্ট্ৰীয় গ'ল দিয়া খেলুৱৈ,[2][3] আৰু ২০২১ চনৰ জুনলৈকে সৰ্বকালৰ ১৩তম সৰ্বাধিক গ'ল দিয়া খেলুৱৈ। তেওঁ ভাৰতৰ ৰাষ্ট্ৰীয় দলৰ বাবে সৰ্বকালৰ সৰ্বাধিক গ'ল দিয়া খেলুৱৈ।[4][5][6]

অন্ধ্ৰপ্ৰদেশছেকেন্দ্ৰাবাদত (বৰ্তমান তেলঙ্গানাৰ অন্তৰ্গত) জন্মগ্ৰহণ কৰা ছেত্ৰীয়ে ২০০২ চনত মোহন বাগান দলৰ হৈ নিজৰ পেছাদাৰী কেৰিয়াৰৰ সূচনা কৰে।[7] তাৰ পাছত তেওঁ জে চি টি মিল্‌ছ দললৈ যায় আৰু ৪৮খন খেলত ২১টা গ'ল দিয়ে।[7] ২০১০ চনৰ মেজৰ লীগ ছকাৰৰ বাবে তেওঁ কান্‌ছাছ চিটী ৱিজাৰ্ড্‌ছ দলৰ সৈতে চুক্তিবদ্ধ হৈ বিদেশী দলত চুক্তিবদ্ধ হোৱা ভাৰতীয় উপমহাদেশৰ তৃতীয়জন খেলুৱৈ হিচাপে পৰিগণিত হয়।[8] অৱশ্যে অলপ দিনৰ ভিতৰতে তেওঁ পুনৰ আই-লীগলৈ ঘূৰি আহি চিৰাগ ইউনাইটেড আৰু মোহন বাগানৰ হৈ খেলে। প্ৰিমেৰিয়া লিগাৰ দল স্প'ৰ্টিং ক্লাব ডি পৰ্তুগালৰ সৈতে চুক্তিবদ্ধ হৈ তেওঁ পুনৰ বিদেশলৈ যায়। তেওঁ ক্লাবটোৰ ৰিজাৰ্ভ দলৰ হৈ খেলাৰ সুবিধা পায়।[9]

ভাৰতৰ জাতীয় ফুটবল দলৰ হৈ ছেত্ৰীয়ে ভাল প্ৰদৰ্শন আগবঢ়াই সুনাম অৰ্জন কৰে। তেওঁ ২০০৭, ২০০৯ আৰু ২০১২ চনৰ নেহৰু কাপৰ লগতে ২০১২ চনৰ SAFF চেম্পিয়নশ্বিপত ভাৰতীয় দলৰ জয়লাভত গুৰুত্বপূৰ্ণ অৰিহণা আগবঢ়ায়। ২০০৮ চনৰ এ এফ চি চেলেঞ্জ কাপতো তেওঁ ভাল প্ৰদৰ্শন আগবঢ়ায় আৰু ভাৰতে জয়লাভ কৰি ২৭ বছৰত প্ৰথমবাৰলৈ এ এফ চি এছিয়ান কাপলৈ যোগ্যতা অৰ্জন কৰে।[10] ২০১১ চনৰ এ এফ চি এছিয়ান কাপতো তেওঁ ভাৰতৰ হৈ দুটা গ'ল দিয়ে।[11]

২০০৭, ২০১১, ২০১৩ আৰু ২০১৪ চনত মুঠ চাৰিবাৰ তেওঁ AIFF বৰ্ষশ্ৰেষ্ঠ খেলুৱৈ সন্মান লাভ কৰে।[12] ছনী ছিক্স চেনেলত ফিফা বিশ্বকাপ ২০১৪ৰ তেওঁ ধাৰাভাষ্যকাৰ গোটৰ অংশ আছিল।

সন্মান[সম্পাদনা কৰক]

২০২১ চনত তেওঁ ভাৰতৰ সৰ্বোচ্চ ক্ৰীড়া সন্মান মেজৰ ধ্যানচান্দ খেলৰত্ন বঁটা [13] লাভ কৰে।[14][15]

ক্লাব[সম্পাদনা কৰক]

ডেম্পো এচ চি
চাৰ্চিল ব্ৰাদাৰ্চ এচ চি
বাংগালুৰু এফ চি

জাতীয় দল[সম্পাদনা কৰক]

ব্যক্তিগত[সম্পাদনা কৰক]

  • AIFF বৰ্ষশ্ৰেষ্ঠ খেলুৱৈ (৪): ২০০৭, ২০১১, ২০১৩, ২০১৪
  • এ এফগ চি চেলেঞ্জ কাপৰ অতি মূল্যৱান খেলুৱৈ (১): ২০০৮
  • নেহৰু কাপত সৰ্বাধিক গ'ল দিওঁতা (১): ২০১২
  • SAFF চেম্পিয়নশ্বিপত সৰ্বাধিক গ'ল দিওঁতা (১): ২০১১
  • SAFF চেম্পিয়নশ্বিপত প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈ (১): ২০১১

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 "Sunil Chhetri". Soccerway. http://us.soccerway.com/players/sunil-chhetri/64395/। আহৰণ কৰা হৈছে: 21 August 2013. 
  2. "Captain Fantastic Chhetri strike seals India's 1–0 win over Kyrgyzstan.". Business Standard. 13 June 2017. https://www.business-standard.com/article/current-affairs/captain-fantastic-chhetri-strike-seals-india-s-1-0-win-over-kyrgyzstan-117061301402_1.html. 
  3. "Captain fantastic Sunil Chhetri seals 2018 Intercontinental Cup for India". Deccan Chronicle Holdings Limited. 10 June 2018. https://www.deccanchronicle.com/sports/football/100618/sunil-chhetri-indian-football-team-2018-intercontinental-cup-stephen-c.html. 
  4. "Sunil Chhetri: No better place than Doha for Indian football's Asian revival". Gulf Times. 3 November 2016. http://www.gulf-times.com/story/519789/Sunil-Chhetri-No-better-place-than-Doha-for-Indian. 
  5. "AFC Cup 2016: Sunil Chhetri – The captain who leads by example". Sportskeedawww.sportskeeda.com. 20 October 2016. http://www.sportskeeda.com/football/afc-cup-2016-sunil-chhetri-captain-leads-example। আহৰণ কৰা হৈছে: 18 November 2016. 
  6. "We're upbeat: Sunil". The Telegraph. 3 November 2016. http://www.telegraphindia.com/1161103/jsp/sports/story_117161.jsp#.WC7CPRKKVp0. 
  7. 7.0 7.1 "Sunil Chhetri". National-Football-Teams. http://www.national-football-teams.com/player/12944/Sunil_Chhetri.html। আহৰণ কৰা হৈছে: 21 August 2013. 
  8. Wiebe, Andrew. "Wizards sign Indian forward Chhetri". Major League Soccer. Archived from the original on 3 November 2013. https://web.archive.org/web/20131103213056/http://www.mlssoccer.com/news/article/wizards-sign-indian-forward-chhetri। আহৰণ কৰা হৈছে: 21 August 2013. 
  9. "Sunil Chhetri joins Sporting Clube de Portugal 'B' side". IBN Live. 21 August 2013. Archived from the original on 2014-10-23. https://web.archive.org/web/20141023161140/http://ibnlive.in.com/news/sunil-chhetri-joins-sporting-clube-de-portugal-b-side/269478-5-220.html. 
  10. "AFC Challenge Cup '08: India Win The AFC Challenge Cup '08". Goal.com. http://www.goal.com/en/news/14/asia/2008/08/13/817451/afc-challenge-cup-08-india-win-the-afc-challenge-cup-08। আহৰণ কৰা হৈছে: 21 August 2013. 
  11. Sengupta, Somnath. "India In AFC Asian Cup 2011: Performance Review". The Hard Tackle. http://www.thehardtackle.com/2011/india-in-afc-asian-cup-2011-performance-review/। আহৰণ কৰা হৈছে: 21 August 2013. 
  12. "Sunil Chhetri named 2014 AIFF Player of the Year". Times of India. 27 December 2014. http://timesofindia.indiatimes.com/sports/football/top-stories/Sunil-Chhetri-named-2014-AIFF-Player-of-the-Year/articleshow/45661090.cms. 
  13. https://dainikasam.assamtribune.com/full-page-pdf/epaper/pdf/2021/10/28/dainik-asam/2999?infinitescroll=1
  14. https://www.indiatoday.in/sports/other-sports/story/neeraj-chopra-mithali-raj-among-11-nominated-for-khel-ratna-shikhar-dhawan-recommended-for-arjuna-award-1870118-2021-10-27
  15. https://navbharattimes.indiatimes.com/sports/other-sports/khel-ratna-award-for-year-2021-olympic-champion-neeraj-chopra-wrestler-ravi-dahiya-among-11-athletes-noninated/articleshow/87310545.cms

বাহ্যিক সংযোগ[সম্পাদনা কৰক]