ভাৰতীয় জাতীয় ফুটবল দল
|
ভাৰতৰ ৰাষ্ট্ৰীয় ফুটবল দল হৈছে আন্তঃৰাষ্ট্ৰীয় ফুটবলত ভাৰতক প্ৰতিনিধিত্ব কৰা পুৰুষৰ জাতীয় দল, যাৰ কাৰ্যকলাপ ভাৰতৰ ফুটবলৰ সৰ্বোচ্চ শাসকীয় সংস্থা অল ইণ্ডিয়া ফুটবল ফেডাৰেচনৰ দ্বাৰা পৰিচালিত হয়। ১৯৪৮ চনৰ পৰা ফুটবলৰ শাসকীয় সংস্থা ফিফাৰ সদস্য আৰু ১৯৫৪ চনৰ পৰা ইয়াৰ আঞ্চলিক সংস্থা এছিয়ান ফুটবল কনফেডাৰেচনৰ সদস্য। ১৯৩৮ চনৰ ৩ ছেপ্টেম্বৰত ভাৰতে প্ৰথমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় গেমছত অংশগ্ৰহণ কৰে; অষ্ট্ৰেলিয়াৰ ছিডনীত অনুষ্ঠিত হোৱা খেলখনত অষ্ট্ৰেলিয়াৰ হাতত ৫–৩ গ ’লত পৰাস্ত হয় ভাৰত।
ব্লু টাইগাৰছ নামেৰে পৰিচিত এই দলটোৱে ঘৰুৱা মেচসমূহ কেইবাখনো ষ্টেডিয়ামত আয়োজন কৰে। এই দলৰ মুখ্য কাৰ্যালয় ভাৰতৰ ৰাজধানী নতুন দিল্লীত অৱস্থিত। বৰ্তমান ইগ’ৰ ষ্টিমাটছ এই দলৰ মেনেজাৰ আৰু বেংগালুৰুৰ আক্ৰমণাত্মক খেলুৱৈ সুনীল ছেত্ৰী, অধিনায়ক।
ভাৰতে এতিয়ালৈকে ফিফা বিশ্বকাপত কেতিয়াও অংশ লোৱা নাই; কিন্তু ১৯৫০ চনৰ ফিফা বিশ্বকাপত খেলিবলৈ যোগ্যতা অৰ্জন কৰাৰ পিছতো কেৱল খেলাৰ জোতা নথকাৰ বাবেই তেওঁলোকে প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিব নোৱাৰিলে। [4] আনহাতে ভাৰতে এতিয়ালৈকে ৪ বাৰ এ এফ চি এছিয়ান কাপত অংশগ্ৰহণ কৰিছে, ১৯৬৪ চনৰ এ এফ চি এছিয়ান কাপত ৰানাৰ্ছ আপ হিচাপে সৰ্বোত্তম কৃতিত্ব লাভ কৰিছে। লগতে গ্ৰীষ্মকালীন অলিম্পিকত ভাৰতৰ সৰ্বোত্তম কৃতিত্ব হৈছে ৰূপৰ পদক লাভ কৰা। ভাৰতে ৭টা খিতাপ জয় কৰি ছাফ চেম্পিয়নশ্বিপৰ অন্যতম সফল দল হিচাপে পৰিগণিত হৈছে ( ১৯৯৩, ১৯৯৭, ১৯৯৯, ২০০৫, ২০০৯, ২০১১ আৰু ২০১৫ )। ইয়াৰ বাহিৰেও ভাৰতে এছিয়ান গেমছত ২টা স্বৰ্ণ পদক ( ১৯৫১ আৰু ১৯৬২ ) লাভ কৰে।
সুনীল ছেত্ৰী, বৈচুং ভুটিয়া, শ্বব্বিৰ আলী, জে জে লালপেখলুৱা আৰু ৰবীন সিঙৰ দৰে খেলুৱৈয়ে ভাৰতীয় জাৰ্চি পিন্ধি খেলপথাৰ কঁপাইছে।[স্পষ্টীকৰণৰ প্ৰয়োজন]
তথ্য উৎস
[সম্পাদনা কৰক]- 1 2 Dey, Subrata. "India – Record international players". RSSSF. https://www.rsssf.org/miscellaneous/india-recintlp.html। আহৰণ কৰা হৈছে: 12 September 2019.
- ↑ "India jump four spots to enter top 150 of FIFA men's rankings". Scroll (TheField Scroll). 3 March 2017. https://thefield.scroll.in/816585/football-india-jump-four-spots-to-enter-top-150-of-fifa-mens-rankings.
- ↑ "India slip to 172 in latest FIFA rankings". The Indian Express. 3 March 2017. http://indianexpress.com/article/sports/football/india-slip-to-172-in-latest-fifa-rankings/.
- ↑ Prem Panicker Barefoot in Bengal and Other Stories. yfittopostblog.com (2010-06-14). Retrieved on 2012-01-21.