ছাইনা নেহৱাল
ছাইনা নেহৱাল | |||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
![]() | |||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
ব্যক্তিগত তথ্য | |||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
জন্ম নাম | ছাইনা নেহৱাল | ||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
দেশ | ![]() | ||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
জন্ম | ১৭ মাৰ্চ, ১৯৯০ (৩৫ বছৰ)[1] হিছাৰ, হাৰিয়ানা[2] | ||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
বাসগৃহ | হায়দৰাবাদ, তেলেংগানা | ||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
উচ্চতা | 1.65 মিটাৰ (U=ft}}) | ||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
ওজন | ৬০ কিলোগ্ৰাম (১৩০ পাউণ্ড) | ||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
হাত | সোঁহতীয়া | ||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
প্ৰশিক্ষক | ![]() ![]() ![]() | ||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
মহিলা একক | |||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
কেৰিয়াৰ টাইটেল | ২০০৯ ইণ্ডোনেছিয়া ছুপাৰ চিৰিজ ২০১০ ছিংগাপুৰ ছুপাৰ ছিৰিজ ২০১০ ইণ্ডোনেছিয়া ছুপাৰ ছিৰিজ ২০১০ হংকং ছুপাৰ ছিৰিজ চাইনিজ টাইপেই অ'পেন ২০১০ ইণ্ডিয়া অ'পেন গ্ৰাঁ প্ৰি ছুইচ অ'পেন ২০১১ ছুইচ অ'পেন ২০১২ ২০১২ ইণ্ডোনেছিয়া ছুপাৰ ছিৰিজ প্ৰীমিয়াৰ ২০১২ গ্ৰীষ্মকালীন অলিম্পিক ২০১২ ডেনমাৰ্ক ছুপাৰ ছিৰিজ প্ৰীমিয়াৰ ২০১৪ ইণ্ডিয়া অ'পেন গ্ৰঁ প্ৰি গ'ল্ড ২০১৪ অষ্ট্ৰেলিয়ান ছুপাৰ ছিৰিজ ২০১৪ চাইনা অ'পেন ২০১৫ ইণ্ডিয়া অ'পেন গ্ৰাঁ প্ৰি গ'ল্ড | ||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
সৰ্বোচ্চ ৰেংকিং | ২ (২ ডিচেম্বৰ ২০১০; ২০ জুলাই ২০১৩) | ||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
বৰ্তমান ৰেংকিং | ২ (২৯ জানুৱাৰী ২০১৫) | ||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
পদক অভিলেখ
| |||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
BWF profile | |||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
Updated on 11:30, 26 October 2013 (UTC). |
ছাইনা নেহৱাল (ইংৰাজী: Saina Nehwal; জন্ম: ১৭ মাৰ্চ, ১৯৯০) ৰাজীৱ গান্ধী খেলৰত্ন বঁটা বিজয়ী এগৰাকী ভাৰতীয় বেডমিণ্টন খেলুৱৈ। এৱেঁই হৈছে অলিম্পিকৰ বেডমিণ্টন প্ৰতিযোগিতাত পদক দখল কৰা ভাৰতৰ প্ৰথম মহিলা তথা ৱৰ্ল্ড জুনিয়'ৰ বেডমিণ্টন চেম্পিয়নশ্বিপত খিতাপ দখল কৰা প্ৰথম গৰাকী মহিলা। ২০০৯ চনৰ ২১ জুন তাৰিখে, ছাইনা নেহৱালে জাকাৰ্টাত শীৰ্ষ বাছনিৰ খেলুৱৈ চীন দেশৰ ৱাঙ লিনক পৰাস্ত কৰি "ইন্দোনেছিয়ান অপেন" খিতাপ দখল কৰিছিল। এই লক্ষ্যত উপনীত হোৱা প্ৰথমগৰাকী ভাৰতীয় খেলুৱৈ হিচাপে ছাইনাই নিজৰ নাম ইতিহাসত খোদিত কৰিছিল।
২০১০ চনৰ ২০ জুনত "ছিংগাপুৰ অপেন"ত বিজয়ী হৈ ছাইনাই খেলুৱৈ জীৱনৰ দ্বিতীয়টো ছুপাৰ ছিৰিজ খিতাপ দখল কৰিছিল। একেটা বৰ্ষতে, ২৭ জুন, ২০১০ত "ইন্দোনেছিয়ান অপেন"ৰ খিতাপ দখল কৰি হেট্ৰিক অৰ্জন কৰে। ইয়াৰ ফলত ছাইনা তৃতীয় বাছনি আৰু পিছত দ্বিতীয় বাছনিলৈ উন্নীত হৈছিল। সেই বছৰৰ শেষভাগত ১২ ডিচেম্বৰ, ২০১২ত "হংকং ছুপাৰ ছিৰিজ"ৰ খিতাপো দখল কৰিছিল। সমগ্ৰ ২০১১ বৰ্ষটোত দুৰ্বল প্ৰদৰ্শনৰ পাছত, বছৰটোৰ শেষভাগত ছুপাৰ ছিৰিজৰ ফাইনেলত প্ৰৱেশ কৰি ভাৰতীয় বেডমিণ্টন ইতিহাসৰ প্ৰথম গৰাকী খেলুৱৈ হিচাপে পৰিগণিত হয়। ছেমি ফাইনেলত ছাইনাই দুবাৰ অল ইংলেণ্ড চেম্পিয়ন আৰু পঞ্চম বাছনিৰ টিনে বাউনক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছিল। ২০১৫ চনৰ ৭ মাৰ্চ তাৰিখে ছাইনাই অল ইংলেণ্ড অ'পেন বেডমিণ্টন চেম্পিয়নশ্বিপৰ ফাইনেলত কেৰ'লিনা মাৰিনৰ হাতত তিনিটা ছেটত পৰাস্ত হয়।[3].
ছাইনা নেহৱালে পূৰ্বতে দ্ৰোণাচাৰ্য্য বঁটা বিজয়ী এছ এম আৰিফৰ পৰা আৰু তাৰ পাছত ২০১৪ চনৰ চেপ্তেম্বৰলৈকে পূৰ্বৰ অল ইংলেণ্ড চেম্পিয়ন আৰু ৰাষ্ট্ৰীয় প্ৰশিক্ষক পুল্লেলা গোপিচান্দৰপৰা প্ৰশিক্ষণ লৈছিল। ছাইনা বৰ্তমান ভাৰতৰ জাতীয় চেম্পিয়ন আৰু তেওঁ বৰ্তমান প্ৰাক্তন ভাৰতীয় বেডমিণ্টন চেম্পিয়ন আৰু জাতীয় প্ৰশিক্ষক ইউ বিমল কুমাৰৰ ওচৰত প্ৰশিক্ষণ লৈ আছে। ইণ্ডিয়ান বেডমিণ্টন লীগত ছাইনাই হায়দৰাবাদ হটশ্বট্ছ দলৰ হৈ খেলে।[4]
জন্ম আৰু পৰিয়াল
[সম্পাদনা কৰক]ছাইনা নেহৱালৰ পৰিয়াল জাত[5] সম্প্ৰদায়ৰ। ১৯৯০ চনৰ ১৭ মাৰ্চ তাৰিখে, ভাৰতবৰ্ষৰ হাৰিয়ানাৰ হিছাৰ জিলাৰ অন্তৰ্গত ধিন্দাৰত ছাইনাৰ জন্ম হৈছিল। ছাইনাৰ বেডমিণ্টনৰ পৃথিৱীৰ প্ৰভাৱ পিতৃ ড॰ হৰবীৰ সিঙ আৰু মাতৃ ঊষা নেহৱালৰপৰা পৰিছিল। ছাইনাৰ পিতৃ-মাতৃ দুয়ো পূৰ্বৰ হাৰিয়ানাৰ বেডমিণ্টনৰ শ্ৰেষ্ঠ খেলুৱৈ আছিল।[1]
শৈশৱ
[সম্পাদনা কৰক]ছাইনাই শৈশৱতে কাৰাটেও শিকিছিল। কিন্তু "ব্ৰাউন বেল্ট" প্ৰাপ্ত ছাইনা নেহৱালে ৮বছৰ বয়সত কাৰাটে শিক্ষা ত্যাগ কৰে। "চৌধাৰী চৰণ সিঙ হাৰয়ানা কৃষি বিশ্ববিদ্যালয়"ৰ বেডমিণ্টন ক'ৰ্টত ছাইনাই বেডমিণ্টন অনুশীলন কৰিছিল।[6]
কেৰিয়াৰৰ অভিলেখ
[সম্পাদনা কৰক]প্ৰতিযোগিতা | বছৰ | ফলাফল |
---|---|---|
![]() |
২০০৩ | ![]() |
![]() |
২০০৪ | ![]() |
![]() |
২০০৫ | ![]() |
![]() |
২০০৬ | ![]() |
![]() |
২০০৬ | ![]() |
![]() |
২০০৬ | ![]() |
![]() |
২০০৭ | ![]() |
![]() |
২০০৭ | ![]() |
![]() |
২০০৮ | ![]() |
![]() |
২০০৮ | ![]() |
![]() |
২০০৮ | ![]() |
![]() |
২০০৮ | ![]() |
![]() |
২০০৮ | ছেমি-ফাইনেল পৰ্য্যন্ত |
![]() |
২০০৯ | ![]() |
![]() |
২০০৯ | কোৱাৰ্টাৰ-ফাইনেল পৰ্য্যন্ত |
![]() |
২০১০ | ![]() |
![]() |
২০১০ | ছেমি-ফাইনেল পৰ্য্যন্ত |
![]() |
২০১০ | ![]() |
![]() |
২০১০ | ![]() |
![]() |
২০১০ | ![]() |
![]() |
২০১০ | ![]() |
![]() |
২০১০ | কোৱাৰ্টাৰ-ফাইনেল পৰ্য্যন্ত |
![]() |
২০১০ | ![]() |
![]() |
২০১০ | ![]() |
![]() |
২০১১ | ![]() |
![]() |
২০১১ | ![]() |
![]() |
২০১১ | ![]() |
![]() |
২০১১ | ছেমি-ফাইনেল পৰ্য্যন্ত |
![]() |
২০১১ | ![]() |
![]() |
২০১২ | ![]() |
![]() |
২০১২ | ![]() |
![]() |
২০১২ | ![]() |
![]() |
2012 | ![]() |
২০১১ বৰ্ষ
[সম্পাদনা কৰক]- চতুৰ্থ বাছনিৰ ছাইনা নেহৱালে ২০১১ "কোৰিয়া অপেন ছুপাৰ ছিৰিজ"ৰ দ্বিতীয় ৰাউণ্ডৰ পৰা বিদায় লৈছিল।
- ১১ মাৰ্চত, ২০১১ "অল ইংলেণ্ড ছুপাৰ ছিৰিজ প্ৰিমিয়াৰ"ত জাপানৰ এৰিক' হিৰুছে হাতত পৰাস্ত হৈছিল।
- দিল্লীত অনুষ্ঠিত হোৱা "ইণ্ডিয়ান অপেন ছুপাৰ ছিৰিজ"ৰ পৰা আগতীয়াকৈ বিদায় লৈছিল।
- ২০ মাৰ্চত দক্ষিণ কোৰিয়াৰ হুৱেন ছুঙক পৰাস্ত কৰি "ছুইছ অপেন গ্ৰাণ্ড প্ৰিস্ক গ'ল্ড বেডমিণ্টন"ৰ খিতাপ দখল কৰিছিল।
- ৪ মে'ত তৃতীয় বাছনিৰ খেলুৱৈ চীনৰ ৱাঙ জিনৰ হাতত পৰাস্ত হৈ ২০১১ "মালেয়েছিয়ান অপেন গ্ৰাণ্ড প্ৰিস্ক গ'ল্ড" প্ৰতিযোগিতাত ৰাণাৰ্ছ-আপত ক্ষান্ত আছিল।
- "থাইলেণ্ড অপেন গি পি গ'ল্ড টুৰ্ণামাণ্ট"ত চীনৰ লী ছুৱেৰুইৰ হাতত কোৱাৰ্টাৰ ফাইনেলত পৰাস্ত হৈছিল।
- "ছিংগাপুৰ অপেন ছুপাৰ ছিৰিজ"ত দ্বিতীয় ৰাউণ্ডৰ পৰা বিদায় লৈছিল।
- ২৬ জুনত "ইন্দোনেছিয়ান অপেন ছুপাৰ ছিৰিজি প্ৰিমিয়াৰ"ৰ ফাইনেলত চীনৰ ৱাঙ য়িহানৰ হাতত পৰাস্ত হৈ ৰাণাৰ্ছ-আপত ক্ষান্ত আছিল। এনেদৰেই ক্ৰমাগত তৃতীয়টো খিতাপ "ইন্দোনেছিয়ান অপেন ছুপাৰ ছিৰিজি প্ৰিমিয়াৰ" দখলৰ পৰা বঞ্চিত হৈছিল।
- তৃতীয় বাছনিৰ চীনা খেলুৱৈ ৱাঙ জিনৰ হাতত পৰাজিত হৈ "ৱৰ্ল্ড চেম্পিয়নশ্বিপ"ৰ কোৱাৰ্টাৰ ফাইনেলৰ পৰা বিদায় লৈছিল। ক্ৰমাগত তৃতীয়বাৰৰ কাৰণে এই প্ৰতিযোগিতাৰ শীৰ্ষ আঠগৰাকী খেলুৱৈৰ ভিতৰত উপনীত হৈছিল।
- ২০১১ "চাইনা মাষ্টাৰছ ছুপাৰ ছিৰিজ"ত শীৰ্ষ বাছনিৰ ৱাঙ জিয়ানৰ হাতত পৰাজিত হৈ কোৱাৰ্টাৰ ফাইনেলৰপৰা বিদায় লৈছিল।
- ২০১১ "জাপান ছুপাৰ ছিৰিজ"ত ছেমিৰ পৰা বিদায় লৈছিল।
- ২০১১ "ডেনমাৰ্ক ছুপাৰ ছিৰিজ প্ৰিমিয়াৰ"ত দ্বিতীয় ৰাউণ্ডত টাইৱানৰ টাই জু য়িঙৰ হাতত পৰাজিত হৈছিল।
- ২০১১ "ফ্ৰান্স ছুপাৰ ছিৰিজ"ৰপৰা আশ্চৰ্য্যজনকভাৱে দ্বিতীয় ৰাউণ্ডৰ পৰা বিদায় লৈছিল।
- ২০১১ "হঙকঙ ছুপাৰ ছিৰিজ"ত ডেনমাৰ্কৰ টিনে বাউনৰ হাতত ছেমি ফাইনেলত পৰাস্ত হৈছিল।
- ২০১১ "চাইনা অপেন ছুপাৰ ছিৰিজ"ত প্ৰথম ৰাউণ্ডৰপৰা বিদায় লৈ সকলো ক্ৰীড়াপ্ৰেমীকে নিৰাশ কৰিছিল।
- ২০১১ বৰ্ষৰ সামৰণিত ডিচেম্বৰ মাহত, "বি ডব্লিউ এফ ছুপাৰ ছিৰিজ মাষ্টাৰছ"ৰ ফাইনেলত প্ৰৱেশ কৰিছিল। ছাইনাই ভাৰতীয় বাডোমিণ্টন ইতিহাসৰ প্ৰথম গৰাকী খেলুৱৈ যি এই লক্ষ্যত উপনীত হৈছিল। কিন্তু দুৰ্ভাগ্যবশতঃ বিশ্বৰ শীৰ্ষ বাছনিৰ চীনা খেলুৱৈ ৱাঙ য়িহানৰ হাতত ছাইনা পৰাস্ত হৈছিল।
২০১২ বৰ্ষ
[সম্পাদনা কৰক]- ১৮ মাৰ্চ, ২০১২ত ছাইনাই বিশ্বৰ দ্বিতীয় ৰেংক অধিকাৰী চীনৰ "ৱাঙ ছিছিয়ান"ক পৰাস্ত কৰি ছুইছ অপেনৰ খিতাপ দখল কৰে।
- ১০ জুন, ২০১২ত ছাইনাই থাইলেণ্ডৰ ৰাটচানক ইন্থাননক পৰাস্ত কৰি থাইলেণ্ড অপেন গ্ৰাণ্ড প্ৰিস্ক গ'ল্ড খিতাপ দখল কৰে।[7]
- ১৭ জুন, ২০১২ত ছাইনা নেহৱালে বিশ্বৰ তৃতীয় ৰেংক অধিকাৰী চীনৰ" লী ছুৱেৰুই"ক ১৩-২১, ২২-২০, ২১-১৯ ত পৰাস্ত কৰি ইন্দোনেছিয়ান অপেন ছুপাৰ ছিৰিজ খিতাপ দখল কৰে।[8][9] এইটো ছাইনাৰ "ইন্দোনেছিয়ান অপেন"ৰ তৃতীয়টো খিতাপ।[10]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 "Saina Nehwal | India Medal Hopes | Badminton | Delhi Commonwealth Games | Profile | Career - Oneindia News". News.oneindia.in. 2010-09-24. http://news.oneindia.in/feature/2010/saina-nehwal-india-badminton-cwg-profile-career.html। আহৰণ কৰা হৈছে: 2011-06-29.
- ↑ T. S. Sudhir: Saina Nehwal - An Inspirational Biography, Nimby Books (Westland Publications), 2012, ISBN 978-8190657037
- ↑ "Times of India". March 8, 2015. http://timesofindia.indiatimes.com/sports/badminton/Saina-Nehwal-is-first-Indian-woman-to-reach-All-England-final/articleshow/46489149.cms.
- ↑ "Delighted to be in same team as Taufiq Hidayat: Saina Nehwal". Archived from the original on 2013-12-07. https://web.archive.org/web/20131207232849/http://ibnlive.in.com/news/delighted-to-be-in-same-team-as-taufiq-hidayat-saina-nehwal/410366-5.html। আহৰণ কৰা হৈছে: 2015-03-08.
- ↑ We womens Today. "আৰ্কাইভ কপি". Archived from the original on 2012-05-04. https://web.archive.org/web/20120504110054/http://www.wewomentoday.com/2010/07/20/saina-nehwal/.
- ↑ "Image makeover for super Saina Nehwal". The Times Of India. 6 February 2011. http://timesofindia.indiatimes.com/sports/more-sports/badminton/Image-makeover-for-super-Saina-Nehwal/articleshow/7434057.cms.
- ↑ "Saina Nehwal". http://www.thehindu.com/sport/other-sports/article3512045.ece। আহৰণ কৰা হৈছে: 2012-06-10.
- ↑ "Saina Nehwal wins the Indonesia Open". 17 June 2012. Archived from the original on 19 June 2012. https://web.archive.org/web/20120619172941/http://sports.ndtv.com/othersports/badminton/item/192008-saina-nehwal-wins-the-indonesia-open। আহৰণ কৰা হৈছে: 17 June 2012.
- ↑ "Current Ranking". 14 June 2012. Archived from the original on 3 March 2016. https://web.archive.org/web/20160303235700/http://www.bwfbadminton.org/page.aspx?id=14955। আহৰণ কৰা হৈছে: 17 June 2012.
- ↑ "Saina Nehwal wins her third Indonesia Open title". 17 June 2012. Archived from the original on 2012-06-19. https://web.archive.org/web/20120619190119/http://ibnlive.in.com/news/saina-nehwal-wins-her-3rd-indonesia-open-title/266484-5-135.html.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]![]() |
ৱিকিমিডিয়া কমন্সত ছাইনা নেহৱাল সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- Interview with Saina Nehwal – "Your Call with Saina Nehwal" on NDTV http://www.ndtv.com/video/player/your-call/your-call-with-saina-nehwal/136852
- Singh, Amanpreet (2007-01-06). "Saina: The untold story". The Tribune. Archived from the original on 2008-08-17. https://web.archive.org/web/20080817033934/http://www.tribuneindia.com/2007/20070106/spr-trib.htm#2। আহৰণ কৰা হৈছে: 2008-08-14.
- badmintoncentral.com Archived 2009-01-13 at the Wayback Machine
- Saina Nehwal wins Indonesia Open Archived 2012-03-08 at the Wayback Machine
- indiatimes.com
- Saina Nehwal launches the latest collection of Titan watches
|