নৰ্মান প্ৰিচাৰ্ড

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নৰ্মান প্ৰিচাৰ্ড
ব্যক্তিগত তথ্যাৱলী
সম্পূৰ্ণ নাম নৰ্মান গিলবাৰ্ট প্ৰিচাৰ্ড
ৰাষ্ট্ৰীয়তা ব্ৰিটিছ
জন্ম ২৩ জুন, ১৮৭৫
কলিকতা, বেংগল প্ৰেচিডেন্সি, ব্ৰিটিছ ভাৰত
মৃত্যু ৩০ অক্টোবৰ, ১৯২৯ (৫৪ বছৰ)
লছ এঞ্জেলছ, আমেৰিকা যুক্তৰাষ্ট্ৰ
শিক্ষা ছেইণ্ট জেভিয়াৰ কলেজ, কলিকতা
ক্ৰীড়া
ক্ৰীড়া এথলেটিকছ
শিতান ২০০ মিটাৰ হাৰ্ডলছ
২০০ মিটাৰ দৌৰ

নৰ্মান গিলবাৰ্ট প্ৰিচাৰ্ড (ইংৰাজী: Norman Gilbert Pritchard; ২৩ জুন ১৮৭৫ – ৩০ অক্টোবৰ ১৯২৯), যাক তেওঁৰ মঞ্চ নাম নৰ্মান ট্ৰেভাৰ বুলিও জনা যায়, এজন ব্ৰিটিছ-ভাৰতীয় খেলুৱৈ আৰু অভিনেতা আছিল যি ভাৰতক প্ৰতিনিধিত্ব কৰি ১৯০০ চনৰ পেৰিছ অলিম্পিকত এথলেটিকছত দুটা ৰূপৰ পদক অৰ্জন কৰিছিল। তেওঁ অলিম্পিক পদক অৰ্জন কৰা প্ৰথমজন এছিয়াত জন্ম হোৱা এথলীট আছিল। তেওঁ ২০০ মিটাৰ আৰু ২০০ মিটাৰ হাৰ্ডলছত অলিম্পিকত ভাৰতৰ হৈ প্ৰথম পদক জিকিছিল।[1][2]

জীৱনী[সম্পাদনা কৰক]

নৰ্মান প্ৰিচাৰ্ডৰ জন্ম হৈছিল কলিকতাত জৰ্জ পিটাৰচেন প্ৰিচাৰ্ডৰ ঔৰষত আৰু হেলেন মেনাৰ্ড প্ৰিচাৰ্ডৰ গৰ্ভত।[1]

নৰ্মান প্ৰিচাৰ্ড অলিম্পিকত অংশগ্ৰহণ কৰা প্ৰথম ভাৰতীয় খেলুৱৈ আছিল আৰু লগতে অলিম্পিক পদক জয় কৰা আৰু এছিয়াৰ কোনো ৰাষ্ট্ৰক প্ৰতিনিধিত্ব কৰা প্ৰথম খেলুৱৈ আছিল।[3] তেওঁ পেৰিছত অনুষ্ঠিত ১৯০০ চনৰ গ্ৰীষ্মকালীন অলিম্পিকত দুটা ৰূপৰ পদক জিকিছিল, ২০০ মিটাৰ দৌৰত সোণৰ পদক বিজয়ী আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৱাল্টাৰ টেৱক্সবাৰীৰ পাছত তেওঁ দ্বিতীয় স্থান পাইছিল আৰু ২০০ মিটাৰ হাৰ্ডলছতো আমেৰিকা যুক্তৰাষ্ট্ৰৰ কিংবদন্তি খেলুৱৈ এলভিন ক্ৰেঞ্জলিনৰ পাছত দ্বিতীয় স্থান লাভ কৰিছিল। তেওঁ ১১০ মিটাৰ হাৰ্ডলছৰ ফাইনেলত উপনীত হৈছিল, কিন্তু দৌৰ শেষ কৰা নাছিল; তেওঁ ৬০ মিটাৰ আৰু ১০০ মিটাৰ দৌৰতো অংশগ্ৰহণ কৰিছিল, য'ত তেওঁ ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰিবলৈ ব্যৰ্থ হৈছিল।[উদ্ধৃতিৰ প্ৰয়োজন]

২০০৫ চনত ২০০৪ চনৰ গ্ৰীষ্মকালীন অলিম্পিকৰ বাবে ইণ্টাৰনেচনেল এছ'চিয়েচন অফ এথলেটিকছ ফেডাৰেছনে আনুষ্ঠানিক ট্ৰেক এণ্ড ফিল্ড পৰিসংখ্যা প্ৰকাশ কৰিছিল। ঐতিহাসিক ৰেকৰ্ডৰ শাখাত প্ৰিচাৰ্ডক ১৯০০ চনত গ্ৰেট ব্ৰিটেইনৰ হৈ প্ৰতিযোগিতা কৰা বুলি তালিকাভুক্ত কৰা হৈছিল। অলিম্পিক ইতিহাসবিদসকলৰ গৱেষণাই দেখুৱাইছে যে ১৯০০ চনৰ জুনত ব্ৰিটিছ এথলেটিকছ চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰাৰ পিছত প্ৰিচাৰ্ডক প্ৰকৃততে গ্ৰেট ব্ৰিটেইনক প্ৰতিনিধিত্ব কৰিবলৈ বাছনি কৰা হৈছিল।[4] অৱশ্যে, আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটিয়ে এতিয়াও প্ৰিচাৰ্ডক ভাৰতৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰা বুলি গণ্য কৰে, আৰু তেওঁৰ দুটা পদকৰ কৃতিত্ব ভাৰতক দিয়ে।[5]

প্ৰিটচাৰ্ডে ১৮৯৪ চনৰ পৰা ১৯০০ চনলৈ একেৰাহে সাত বছৰৰ বাবে বেংগল প্ৰদেশৰ ১০০ গজ দৌৰৰ খিতাপ জয় কৰে আৰু ১৮৯৮-৯৯ চনত এক মিট ৰেকৰ্ড স্থাপন কৰে। তেওঁ ৪৪০ গজ (১/৪ মাইল) দৌৰ আৰু ১২০ গজৰ হাৰ্ডলছো জিকিছিল।[6]

তেওঁ কলিকতাৰ ছেইণ্ট জেভিয়াৰ কলেজত অধ্যয়ন কৰিছিল আৰু ১৮৯৭ চনৰ জুলাইত সোভাবজাৰৰ বিৰুদ্ধে ছেইণ্ট জেভিয়াৰৰ হৈ এখন মুকলি ফুটবল টুৰ্ণামেণ্টত প্ৰথম হেট্ৰিকৰ কৰাৰ কৃতিত্ব অৰ্জন কৰে।

তেওঁ ১৯০০ চনৰ পৰা ১৯০২ চনলৈ ভাৰতীয় ফুটবল সংস্থাৰ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ ১৯০৫ চনত স্থায়ীভাৱে ব্ৰিটেইনলৈ গুচি যায়।[6]

তাৰ পিছত তেওঁ অভিনয়ত কেৰিয়াৰ গঢ়িবলৈ আমেৰিকা যুক্তৰাষ্ট্ৰলৈ যায় আৰু নৰ্মান ট্ৰেভাৰ মঞ্চ নামৰে নিৰ্বাক হলিউড চলচ্চিত্ৰত অভিনয় কৰে। হলিউডত অভিনয় কৰা তেওঁ আছিল প্ৰথমজন অলিম্পিয়ান।[7]

মৃত্যু[সম্পাদনা কৰক]

১৯২৯ চনৰ ৩০ অক্টোবৰত লছ এঞ্জেলছত মগজুৰ ৰোগত তেওঁৰ মৃত্যু হয়।[1]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 "The story of a champion from the East". The Telegraph – Calcutta (Kolkata). https://www.telegraphindia.com/1080807/jsp/opinion/story_9654464.jsp. 
  2. "Norman Pritchard". Olympedia. https://www.olympedia.org/athletes/71405। আহৰণ কৰা হৈছে: 22 December 2020. 
  3. "Norman Pritchard". Olympic.org. https://www.olympic.org/norman-pritchard. 
  4. Wallechinsky, David (2000). The Complete Book of the Olympics. Aurum Press. 
  5. "Paris 1900 Athletics – Results & Videos". International Olympic Committee. 20 November 2016. https://www.olympic.org/paris-1900/athletics. 
  6. 6.0 6.1 "Norman Pritchard – India's first Olympic medalist". sportskeeda.com. https://www.sportskeeda.com/athletics/norman-pritchard-indias-first-olympic-medalist। আহৰণ কৰা হৈছে: 26 March 2017. 
  7. Buchanan, Ian. "Who was Norman Pritchard?". Journal of Olympic History (International Society of Olympic Historians) (January 2000): 27–28. Archived from the original on 26 December 2018. https://web.archive.org/web/20181226080931/https://digital.la84.org/digital/collection/p17103coll10। আহৰণ কৰা হৈছে: 16 August 2021. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]