সমললৈ যাওক

পি. ভি. সিন্ধু

অসমীয়া ৱিকিপিডিয়াৰ পৰা
পি. ভি. সিন্ধু

পি. ভি. সিন্ধু
ব্যক্তিগত তথ্য
জন্ম নাম পুষৰলা ভেংকট সিন্ধু
দেশ  ভাৰত
জন্ম ৫ জুলাই, ১৯৯৫ (৩১ বছৰ)
ছেকুন্দেৰাবাদ, তেলঙ্গানা, ভাৰত[1]
উচ্চতা ১.৭৯ মিটাৰ (U=ft}})
ওজন ৬৫ কি. গ্ৰা.
হাত সোঁ
প্ৰশিক্ষক পাৰ্ক টে-চাং
মহিলাৰ একক
কেৰিয়াৰ অভিলেখ ৩৪৯ জয়, ১৪৯ পৰাজয়
কেৰিয়াৰ টাইটেল ১৫
সৰ্বোচ্চ ৰেংকিং  (৭ এপ্ৰিল ২০১৭[2])
বৰ্তমান ৰেংকিং  (২৩ মাৰ্চ ২০২১[3])
BWF profile

পুষৰলা ভেংকট সিন্ধু (ইংৰাজী: Pusarla Venkata Sindhu; জন্ম: ৫ জুলাই ১৯৯৫) হৈছে এগৰাকী ভাৰতীয় বেডমিণ্টন খেলুৱৈ। ২০১৩ চনৰ ১০ আগষ্টত সিন্ধু ৱৰ্ল্ড চেম্পিয়নশ্বিপত পদক বিজয়ী প্ৰথম ভাৰতীয় একক খেলুৱৈ হিচাপে পৰিগণিত হয়। পি. ভি. সিন্ধুৱে ২০১৬ গ্ৰীষ্মকালীন অলিম্পিকত জাপানৰ নোজমি ওকুহাৰাক ২১-১৯, ২১-১০ ব্যৱধানত পৰাজিত কৰি মহিলাৰ বেডমিণ্টন একক ইভেণ্টৰ ফাইনেলত প্ৰৱেশ কৰে। ফাইনেলত তেওঁ বিশ্বৰ প্ৰথম স্থান অধিকাৰী কেৰ'লিনা মেৰিণৰ বিৰুদ্ধে প্ৰথম খেলত ২১-১৯ ৰ অগ্ৰগতি লাভ কৰে, দ্বিতীয় খেলত ১২-২১ ব্যৱধানত পৰাজিত হয় আৰু তৃতীয় তথা অন্তিম খেলতো ১৫-২১ ব্যৱধানত পৰাজিত হৈ ৰূপৰ পদক লাভ কৰে। তেওঁ হৈছে অলিম্পিকৰ মহিলা বেডমিণ্টনত ৰূপৰ পদক বিজয়ী প্ৰথম ভাৰতীয় মহিলা। তদুপৰি তেওঁ অলিম্পিকত ৰূপৰ পদক লাভ কৰা ভাৰতৰ আটাইতকৈ কম বয়সীয়া মহিলা। ২০১২ চনৰ ২১ ছেপ্তেম্বৰত তেওঁ ৱৰ্ল্ড ফেডাৰেচন ৰেংকিঙৰ শীৰ্ষ ২০টা স্থানত স্থান লাভ কৰিছিল। ২০১৩ চনৰ ১০ আগষ্টত তেওঁ ৱৰ্ল্ড চেম্পিয়নশ্বিপত পদক অৰ্জন কৰে। ২০১৫ চনৰ ৩০ মাৰ্চত সিন্ধুক ভাৰত চৰকাৰে ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰীৰে বিভূষিত কৰে।

শৈশৱ আৰু প্ৰাথমিক প্ৰশিক্ষণ

[সম্পাদনা কৰক]

পুষৰলা ভেঙ্কট সিন্ধু পি. ভি. ৰমন আৰু পি. বিজয়াৰ কন্যা; - উভয়েই পূৰ্বৰ ভলিবল খেলুৱৈ আছিল। ইয়াৰোপৰি পিতৃ ৰমনে তেওঁৰ ক্ৰীড়াৰ বাবে চৰকাৰৰ পৰা অৰ্জুন পদকো লাভ কৰিছিল। তেওঁৰ পিতৃ পেছাদাৰী ভলিবল খেলিছিল যদিও, সিন্ধুৱে ২০০১ অল ইংলেণ্ড অপেন বেডমিণ্টন চেম্পিয়ন পুল্লেলা গোপীচান্দৰ সাফল্যত অনুপ্ৰাণিত হৈ ভলিবলৰ সলনি বেডমিণ্টন আকোঁৱালী লয়। তেওঁ আঠ বছৰ বয়সৰ পৰাই বেডমিণ্টন খেলিবলৈ আৰম্ভ কৰে। সিন্ধুৱে প্ৰথমে ছেকেন্দ্ৰাবদৰ ইণ্ডিয়ান ৰেলৱেৰ সংকেত প্ৰকৌশল আৰু টেলিযোগাযোগ ইনষ্টিটিউটৰ বেডমিণ্টন ক'ৰ্টত মেহবুব আলীৰ ওচৰত খেলাৰ প্ৰাৰম্ভিক শিক্ষা লয়। পিছত পুল্লেলা গোপীচান্দৰ বেডমিণ্টৱ একাডেমীত যোগদান কৰে। যদিও সিন্ধুৰ কৰ্মজীৱন সম্বন্ধে 'দ্য হিন্দু'ৰ এজন সংবাদদাতাই লিখিছে: "এয়া সত্য যে তেওঁৰ বাসভৱনৰ পৰা ৫৬ কিমি দূৰত্ব স্বত্বেও তেওঁ দৈনিক সঠিক সময়ত ক'চিং কেম্পত প্ৰৱেশ কৰিছিল, এয়া সম্ভৱতঃ এজন ভাল বেডমিণ্টন খেলুৱৈ হোৱাৰ বাবে তেওঁৰ প্ৰয়োজনীয় কঠোৰ পৰিশ্ৰম আৰু প্ৰতিশ্ৰুতিৰ প্ৰতি তেওঁৰ প্ৰবল ইচ্ছাৰ প্ৰতিফলন। " গোপীচান্দেও এই প্ৰতিনিধিৰ মতামতকে সমৰ্থন কৰি কৈছিল, "সিন্ধুৰ খেলাৰ সকলোতকৈ আকৰ্ষণীয় বৈশিষ্ট্য হৈছে তেওঁৰ মনোভাৱ আৰু কেতিয়াও নমনাৰ মনোবল"

ৰাষ্ট্ৰীয়

[সম্পাদনা কৰক]

অন্যান্য

[সম্পাদনা কৰক]
২০১৬ গ্ৰীষ্মকালীন অলিম্পিকত ৰূপৰ পদক লাভ কৰা বাবে

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "আৰ্কাইভ কপি". Archived from the original on 2014-12-27. https://web.archive.org/web/20141227205249/http://g2014results.thecgf.com/athlete/badminton/1014180/p_v_sindhu.html আহৰণ কৰা হৈছে: 2016-08-18.
  2. "World No 2 on 7th April 2017 -". www. bwflive.tournamentsoftware.com. https://bwflive.tournamentsoftware.com/ranking/ranking.aspx?id=13220.
  3. "Current Ranking -". www. bwflive.tournamentsoftware.com. https://bwfbadminton.com/player/73173/pusarla-v-sindhu.
  4. "Padma Awards 2015". Press Information Bureau. Archived from the original on 28 January 2015. https://web.archive.org/web/20150128022143/http://pib.nic.in/newsite/PrintRelease.aspx?relid=114952 আহৰণ কৰা হৈছে: 25 January 2015.
  5. "Arjuna Award for Virat Kohli, PV Sindhu; Ronjan Sodhi gets Khel Ratna". NDTV Sports. 13 August 2013. Archived from the original on 18 May 2015. https://web.archive.org/web/20150518085331/http://sports.ndtv.com/othersports/news/212289-arjuna-for-kohli-sindhu-sodhi-gets-khel-ratna আহৰণ কৰা হৈছে: 18 August 2016.
  6. "Arjuna Award for Virat Kohli, PV Sindhu; Ronjan Sodhi gets Khel Ratna". NDTV Sports. 13 August 2013. Archived from the original on 18 May 2015. https://web.archive.org/web/20150518085331/http://sports.ndtv.com/othersports/news/212289-arjuna-for-kohli-sindhu-sodhi-gets-khel-ratna আহৰণ কৰা হৈছে: 18 August 2016.
  7. "FICCI announces the Winners of India Sports Awards for 2014". IANS. news.biharprabha.com. Archived from the original on 4 August 2017. https://web.archive.org/web/20170804213812/http://news.biharprabha.com/2014/02/ficci-announces-the-winners-of-india-sports-awards-for-2014/ আহৰণ কৰা হৈছে: 14 February 2014.
  8. "Amjad Ali Khan, Satish Gujral honored with NDTV Indian of the Year Award". IANS. news.biharprabha.com. Archived from the original on 30 April 2014. https://web.archive.org/web/20140430022511/http://news.biharprabha.com/2014/04/amjad-ali-khan-satish-gujral-honored-with-ndtv-indian-of-the-year-award/ আহৰণ কৰা হৈছে: 29 April 2014.
  9. "BAI announces cash award of Rs. 10 lakh for Sindhu". The Hindu. 30 November 2015. http://www.thehindu.com/sport/other-sports/bai-announces-cash-award-of-rs-10-lakh-for-sindhu/article7933094.ece আহৰণ কৰা হৈছে: 18 August 2016.
  10. "Badminton Association of India Awards PV Sindhu Rs 5 lakh for winning Malaysia Masters". NDTV Sports. 24 January 2016. Archived from the original on 27 January 2016. https://web.archive.org/web/20160127063110/http://sports.ndtv.com/badminton/news/254762-badminton-association-of-india-awards-pv-sindhu-rs-5-lakh-for-winning-malaysia-masters আহৰণ কৰা হৈছে: 18 August 2016.
  11. "Rio Olympics 2016: Salman Khan to present Rs 1 lakh cheque to each Indian athelete". The Indian Express. 17 August 2016. http://indianexpress.com/article/entertainment/bollywood/rio-olympics-2016-salman-khan-to-present-rs-1-lakh-cheque-to-each-indian-athelete-2981351/ আহৰণ কৰা হৈছে: 18 August 2016.
  12. http://www.ndtv.com/telangana-news/telangana-to-give-rs-1-crore-cash-prize-to-pv-sindhu-1446240
  13. http://indianexpress.com/sports/rio-2016-olympics/from-bmw-to-rs-1-60-crore-and-land-its-raining-gifts-for-rio-star-pv-sindhu-2985893/

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]