অঞ্জু ববী জৰ্জ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

অঞ্জু ববী জৰ্জ (ইংৰাজী: Anju Bobby George; জন্ম: ১৯ এপ্ৰিল ১৯৭৭) এজন অৱসৰপ্ৰাপ্ত ভাৰতীয় এথলীট। ২০০৩ চনত পেৰিছত অনুষ্ঠিত এথলেটিকছৰ বিশ্ব চেম্পিয়নশ্বিপত লং জাম্পত ৬.৭০ মিটাৰ জঁপিয়াই ব্ৰঞ্জৰ পদক অৰ্জন কৰি তেওঁ ইতিহাস সৃষ্টি কৰিছিল।[1] এই সাফল্যৰ সৈতে তেওঁ এথলেটিকছৰ বিশ্ব চেম্পিয়নশ্বিপত পদক জয় কৰা প্ৰথম ভাৰতীয় খেলুৱৈ হিচাপে ৰূপে পৰিগণিত হয়। তেওঁ ২০০৫ চনত আইএএএফ বিশ্ব এথলেটিকছ, যিখন হৈছে বিশ্ব ৰেংকিঙৰ ওপৰত আধাৰিত বিশ্বৰ শ্ৰেষ্ঠ আঠজন খেলুৱৈৰ মাজত হোৱা প্ৰতিযোগিতাৰ ফাইনেলত স্বৰ্ণ পদক জয় কৰিছিল। তেওঁ এই প্ৰদৰ্শনক নিজৰ সৰ্বশ্ৰেষ্ঠ বুলি গণ্য কৰে। ২০০৫ চনত হেলচিঙ্কীত অনুষ্ঠিত বিশ্ব চেম্পিয়নশ্বিপত স্বৰ্ণ বিজয়ী ৰাছিয়াৰ টাটিয়ানা কোটোভাৰ পৰা সংগ্ৰহ কৰা নমুনাৰ পুনঃপৰীক্ষাৰ পাছত আন্তৰ্জাতিক এছ'চিয়েচন অফ এথলেটিকছ ফেডাৰেচনৰ দ্বাৰা তেওঁক অযোগ্য ঘোষণা কৰি মণ্টে কাৰ্লোত অনুষ্ঠিত ২০০৫ চনৰ বিশ্ব এথলেটিকছ ফাইনেলত অঞ্জু ববী জৰ্জক ৰূপৰ পদকৰ পৰা উন্নীত কৰি স্বৰ্ণ পদকৰ মৰ্যাদা দিয়ে।[2] তেওঁক ২০০২ চনত অৰ্জুন বঁটা, ২০০৩ চনত খেলৰত্ন আৰু ২০০৪ চনত পদ্মশ্ৰী বঁটা প্ৰদান কৰা হয়।[3] ২০০৪ চনৰ এথেন্স অলিম্পিকত ব্যক্তিগত শ্ৰেষ্ঠ ৬.৮৩ মিটাৰৰ সৈতে তেওঁ পঞ্চম স্থান লাভ কৰিছিল। ২০২১ চনৰ মাৰ্চ মাহত অঞ্জুৱে ভাৰতৰ শ্ৰেষ্ঠ খেলুৱৈৰ বাবে বিবিচি জীৱনজোৰা সাধনা বঁটা লাভ কৰে।[4]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]