ৰবি কুমাৰ দাহিয়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰবি কুমাৰ দাহিয়া
ব্যক্তিগত তথ্যাৱলী
জন্ম ১২ ডিচেম্বৰ, ১৯৯৭ (২৬ বছৰ)
নাহৰি, চনিপত জিলা, হাৰিয়ানা, ভাৰত
উচ্চতা ৫ ফুট ৭ ইঞ্চি[1]
ক্ৰীড়া
দেশ ভাৰত
ক্ৰীড়া ফ্ৰীষ্টাইল মল্লযুঁজ
শিতান ৫৭ কিলোগ্ৰাম

ৰবি কুমাৰ দাহিয়া (ইংৰাজী: Ravi Kumar Dahiya, জন্ম: ১২ ডিচেম্বৰ ১৯৯৭) চমুকৈ ৰবি কুমাৰ এগৰাকী ভাৰতীয় ফ্ৰীষ্টাইল মল্লযুঁজাৰু। তেওঁ ২০১৯ চনত কাজাখাস্তানৰ নুৰ চুলতানত অনুষ্ঠিত বিশ্ব মল্লযুঁজ চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক লাভ কৰি ২০২১ চনত জাপানৰ টকিঅ'ত অনুষ্ঠিত ২০২০ চনৰ গ্ৰীষ্মকালীন অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰে[2] আৰু তেওঁৰ প্ৰথম অলিম্পিকত ৫৭ কিলোগ্ৰাম শাখাত ৰূপৰ পদক লাভ কৰে।[3] ২০২২ চনত অনুষ্ঠিত বাৰ্মিংহাম কমনৱেলথ গেমছত তেওঁ ৫৭ কিলোগ্ৰাম শাখাত স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হয়।[4]


প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক]

১৯৯৭ চনৰ ১২ ডিচেম্বৰ তাৰিখে হাৰিয়ানাৰ চনিপত জিলাৰ নাহৰি গাঁৱত ৰবি কুমাৰ দাহিয়াৰ জন্ম হৈছিল। ১০ বছৰ বয়সৰ পৰা ৰবি কুমাৰ দাহিয়াক সতপাল সিঙে উত্তৰ দিল্লীৰ ছত্ৰচল ষ্টেডিয়ামত মল্লযুঁজৰ প্ৰশিক্ষণ দিছিল। তেওঁৰ দেউতাক ৰাকেশ দাহিয়া এজন কৃষক আৰু তেওঁ আধিত লৈ ধানখেতিত কাম কৰে। এক দশকৰো অধিক সময় ধৰি তেওঁ প্ৰতিদিনে নাহৰিৰ পৰা দিল্লীৰ ষ্টেডিয়ামলৈ ৰবিৰ কুস্তিৰ আহাৰৰ অংশ হিচাপে গাখীৰ আৰু ফল তেওঁক যোগান ধৰিবলৈ যাত্ৰা কৰিছিল।[5][6]

কৰ্মজীৱন[সম্পাদনা কৰক]

দাহিয়াই ২০১৫ চনত ছালভাডৰ দা বাহিয়াত অনুষ্ঠিত জুনিয়ৰ ৱৰ্ল্ড ৰেছলিং চেম্পিয়নশ্বিপত ৫৫ কিলোগ্ৰাম ফ্ৰীষ্টাইল শাখাত ৰূপৰ পদক অৰ্জন কৰিছিল।[7] তেওঁ ২০১৭ চনত আঘাতপ্ৰাপ্ত হৈছিল যাৰ ফলত তেওঁ এবছৰতকৈও অধিক সময় মল্লযুঁজৰ পৰা আঁতৰি থাকিবলৈ বাধ্য হৈছিল। তেওঁৰ প্ৰত্যাৱৰ্তন বৰ্ষত তেওঁ বুকাৰেষ্টত অনুষ্ঠিত ২০১৮ বিশ্ব ২৩ বছৰৰ অনুৰ্ধ মল্লযুঁজ চেম্পিয়নশ্বিপত ৫৭ কিলোগ্ৰাম শাখাত প্ৰতিযোগিতাখনত ভাৰতৰ একমাত্ৰ পদক হিচাপে ৰূপৰ পদক অৰ্জন কৰিছিল।[1] তেওঁ ২০১৯ চনৰ প্ৰ' ৰেছলিং লীগত অপৰাজিত আছিল আৰু খিতাপ বিজয়ী দল হাৰিয়ানা হেমাৰ্ছক প্ৰতিনিধিত্ব কৰিছিল।[8][9] ব্ৰঞ্জৰ পদকৰ মেচত পৰাজিত হোৱাৰ পিছত তেওঁ ২০১৯ চনত জিয়ানত অনুষ্ঠিত এছিয়ান ৰেছলিং চেম্পিয়নশ্বিপত তেওঁ পঞ্চম স্থান লাভ কৰিছিল।[10]

২০১৯ চনত বিশ্ব চেম্পিয়নশ্বিপৰ তেওঁৰ প্ৰথম খেলত দাহিয়াই ইউৰোপীয় চেম্পিয়ন আৰ্চেন হাৰুত্যুনিয়ানক ১৬ ৰাউণ্ডত[11] আৰু ২০১৭ চনৰ বিশ্ব চেম্পিয়ন য়ুকি তাকাহাছিক কোৱাৰ্টাৰ ফাইনেলত পৰাস্ত কৰি ২০২০ চনৰ গ্ৰীষ্মকালীন অলিম্পিকৰ বাবে উপলব্ধ ছয়টা কোটা স্থানৰ ভিতৰত এটা অৰ্জন কৰে। ছেমিফাইনেল ৰাউণ্ডত ডিফেণ্ডিং চেম্পিয়ন আৰু শেষত স্বৰ্ণ পদক বিজয়ী জৌৰ উগুয়েভৰ হাতত পৰাজিত হোৱাৰ পিছত তেওঁ ব্ৰঞ্জৰ পদক লাভ কৰিছিল।[12] পদক জয়ৰ পিছত ৰবি কুমাৰ দাহিয়াক ২০১৯ চনৰ অক্টোবৰত যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ লক্ষ্য অলিম্পিক পোডিয়াম আঁচনিত (টিঅপিএছ) অন্তৰ্ভুক্ত কৰা হৈছিল।[13]

ৰবি কুমাৰে ২০২০ চনত নতুন দিল্লীত অনুষ্ঠিত এছিয়ান মল্লযুঁজ চেম্পিয়নশ্বিপ আৰু ২০২১ চনত আলমাটিত অনুষ্ঠিত এছিয়ান মল্লযুঁজ চেম্পিয়নশ্বিপত স্বৰ্ণ লাভ কৰিছিল।[14][15]

২০২১ চনত অনুষ্ঠিত টকিঅ'২০২০ গ্ৰীষ্মকালীন অলিম্পিকত ৰবি কুমাৰে কাৰিকৰী শ্ৰেষ্ঠতাৰ ভিত্তিত তেওঁৰ প্ৰথম দুটা বাউট জিকিছিল।[16] ছেমিফাইনেলত তেওঁ কাজাখ মল্লযুঁজাৰু নুৰইছলাম ছানায়েভক অন্তিম মুহূৰ্তত পিন কৰি পইণ্টত বাউটত পিছ পৰি থকাৰ পাছতো ফলৰ দ্বাৰা জয় লাভ কৰে।[17] ফাইনেলত ৰবি কুমাৰে আৰঅ'চি মল্লযুঁজাৰু জৌৰ উগুয়েভৰ হাতত ৪-৭ পইণ্টৰ ব্যৱধানত পৰাজিত হৈ ৰূপৰ পদক লাভ কৰে।[3] সুশীল কুমাৰৰ পাছত অলিম্পিকৰ ৰূপৰ পদক লাভ কৰা ৰবি কুমাৰ দ্বিতীয় ভাৰতীয় মল্লযুঁজাৰু।[18]

২০২১ চনত তেওঁ ভাৰতৰ সৰ্বোচ্চ ক্ৰীড়া সন্মান মেজৰ ধ্যানচান্দ খেলৰত্ন বঁটা [19] লাভ কৰে।

তথ্য উৎস[সম্পাদনা কৰক]

  1. 1.0 1.1 "Ravi Kumar's passion bears fruit in impressive Worlds debut". ESPN.in. 21 September 2019. https://www.espn.in/wrestling/story/_/id/27655399/ravi-kumar-passion-bears-fruit-impressive-worlds-debut. 
  2. "It's an honour to see my name alongside Bajrang Punia and Vinesh Phogat, says wrestler Ravi Kumar Dahiya after securing Tokyo 2020 berth". The Times of India. 20 September 2019. https://timesofindia.indiatimes.com/sports/more-sports/wrestling/its-an-honour-to-see-my-name-alongside-bajrang-punia-and-vinesh-phogat-says-wrestler-ravi-kumar-dahiya-after-securing-tokyo-2020-berth/articleshow/71216754.cms. 
  3. 3.0 3.1 "Ravi Kumar Dahiya wins silver medal for India in men's 57kg freestyle wrestling" (en ভাষাত). Hindustan Times. 5 August 2021. https://www.hindustantimes.com/sports/olympics/tokyo-olympics-ravi-kumar-dahiya-loses-to-roc-s-uguev-in-men-s-57kg-freestyle-wrestling-final-to-win-silver-medal-for-india-101628143492368.html. 
  4. "CWG 2022: Ravi Dahiya Wins Gold Medal In 57 Kg Wrestling; Decimates Opponent 10-0 In Final" (en ভাষাত). The_Times_of_India. 2022-08-07. https://timesofindia.indiatimes.com/sports/commonwealth-games-2022/cwg-2022-will-try-to-win-gold-in-world-championship-says-ravi-dahiya-after-gold-medal-triumph/articleshow/93402313.cms. 
  5. "Ravi Kumar Dahiya: Latest on the list of India's wrestling sensations". Olympic Channel. 24 September 2019. Archived from the original on 22 February 2020. https://web.archive.org/web/20200222184731/https://www.olympicchannel.com/en/stories/features/detail/ravi-kumar-dahiya-wrestling-champion/. 
  6. "World Wrestling Championships 2019: 'My real journey has just begun', says bronze medallist Ravi Dahiya after booking ticket to Tokyo". Firstpost. 20 September 2019. https://www.firstpost.com/sports/world-wrestling-championships-2019-my-real-journey-has-just-begun-says-bronze-medallist-ravi-dahiya-after-booking-ticket-to-tokyo-7377091.html. 
  7. "Junior World Championships". United World Wrestling. Archived from the original on 4 December 2020. https://web.archive.org/web/20201204132910/https://unitedworldwrestling.org/event/junior-world-championships?tab=medal-summary&weight-category=f164cb03-3ede-11e5-9fca-0800275a62ce। আহৰণ কৰা হৈছে: 22 February 2020. 
  8. Siwach, Vinay (27 July 2019). "Wrestling: Deepak and Ravi continue Chhatarsaal stadium's tradition of winning medals for India". Scroll.in. https://scroll.in/field/931966/wrestling-deepak-and-ravi-continue-chhatarsaal-stadiums-tradition-of-winning-medals-for-india. 
  9. Sarangi, Y. B. (26 July 2019). "Easy day for Bajrang, Ravi Dahiya excels in Worlds trials". Sportstar. https://sportstar.thehindu.com/wrestling/world-wrestling-championship-trials-indian-grapplers-bajrang-punia-sushil-kumar-ravi-dahiya/article28719772.ece. 
  10. "Asian Championships". United World Wrestling. Archived from the original on 31 October 2020. https://web.archive.org/web/20201031225214/https://unitedworldwrestling.org/event/asian-championships-7?tab=medal-summary&weight-category=d442299d-64ff-11e9-be30-080027548b1b। আহৰণ কৰা হৈছে: 22 February 2020. 
  11. Sarangi, Y. B. (21 September 2019). "Sushil's presence helped: Ravi Dahiya". The Hindu. https://www.thehindu.com/sport/sushils-presence-helped-ravi-dahiya/article29477766.ece. 
  12. "Wrestler Ravi Kumar Dahiya follows Bajrang Punia's footsteps, wins bronze in World Championship debut". Hindustan Times. 20 September 2019. https://www.hindustantimes.com/other-sports/wrestler-ravi-kumar-dahiya-follows-bajrang-punia-s-footsteps-wins-bronze-on-world-championship-debut/story-aQ7bJlwkWpYFBeb8J8Kf3J.html. 
  13. "Wrestler Ravi Dahiya included in TOPS, Sakshi Malik dropped". The Times of India. 4 October 2019. https://timesofindia.indiatimes.com/sports/more-sports/wrestling/wrestler-ravi-dahiya-included-in-tops-sakshi-malik-dropped/articleshow/71441474.cms. 
  14. Roy, Avishek; Singh, Navneet (22 February 2020). "Asian Wrestling Championships: Ravi Kumar Dahiya wins gold, Bajrang Punia loses in final". Hindustan Times. https://www.hindustantimes.com/other-sports/asian-wrestling-championships-ravi-kumar-dahiya-wins-gold-bajrang-punia-loses-in-final/story-E7HvGSv5CJMIZOeGEYTxtJ.html. 
  15. https://www.hindustantimes.com/sports/others/asian-wrestling-c-ships-ravi-dahiya-bags-gold-101618666950930.html
  16. "Tokyo 2020: Ravi Dahiya, Deepak Punia storm into Olympic semis, get closer to medal rounds" (en ভাষাত). Hindustan Times. 4 August 2021. https://www.hindustantimes.com/sports/olympics/tokyo-2020-ravi-dahiya-deepak-punia-storm-into-olympic-semis-get-closer-to-medal-rounds-101628053768512.html. 
  17. "Tokyo Olympics: Ravi Kumar Dahiya ensures at least a silver medal for India; enters men's freestyle 57kg wrestling final" (en ভাষাত). Hindustan Times. 2021-08-04. https://www.hindustantimes.com/sports/olympics/ravi-kumar-dahiya-ensures-medal-for-india-in-57kg-men-s-freestyle-wrestling-101628068597085.html। আহৰণ কৰা হৈছে: 2021-08-05. 
  18. TokyoAugust 5, India Today Web Desk; August 5, 2021UPDATED:; Ist, 2021 16:53. "Tokyo Olympics: Wrestler Ravi Kumar Dahiya bags 2nd silver medal for India after Mirabai Chanu" (en ভাষাত). India Today. https://www.indiatoday.in/sports/tokyo-olympics/story/tokyo-2020-wrestler-ravi-kumar-dahiya-wins-silver-zavur-uguev-men-freestyle-57kg-1837199-2021-08-05। আহৰণ কৰা হৈছে: 2021-08-05. 
  19. https://dainikasam.assamtribune.com/full-page-pdf/epaper/pdf/2021/10/28/dainik-asam/2999?infinitescroll=1