কুঞ্জৰাণী দেৱী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কুঞ্জৰাণী দেৱী
ব্যক্তিগত তথ্যাৱলী
সম্পূৰ্ণ নাম নামেইৰাকপাম কুঞ্জৰাণী দেৱী
ৰাষ্ট্ৰীয়তা ভাৰতীয়
জন্ম ১ মাৰ্চ, ১৯৬৮ (৫৬ বছৰ)
মায়াই লেকাই, ইম্ফল, মণিপুৰ
উচ্চতা ১৬৩ ছেঃমিঃ
ওজন ৪৭.৩০ কেজি
ক্ৰীড়া
দেশ  ভাৰত
ক্ৰীড়া ভাৰত্তোলন
দল ৰাষ্ট্ৰীয় দলৰ প্ৰশিক্ষক

নামেইৰাকপাম কুঞ্জৰাণী দেৱী (জন্ম ১ মাৰ্চ ১৯৬৮) এগৰাকী ভাৰতীয় ভাৰোত্তোলক। তেওঁ আন্তৰ্জাতিক ভাৰোত্তোলন প্ৰতিযোগিতাৰ ৪৪ আৰু ৪৬ কেজি শাখাত ভাৰতক প্ৰতিনিধিত্ব কৰে। তেওঁ বিশ্ব চেম্পিয়নশ্বিপ আৰু এছিয়ান গেমছত কেইবাবাৰো পদক লাভ কৰিছে। বৰ্তমান তেওঁ ৰাষ্ট্ৰীয় ভাৰোত্তোলন দলৰ প্ৰশিক্ষক। তেওঁ ১৯৯০ চনত অৰ্জুন বঁটা লাভ কৰিছিল। ১৯৯৭ চনত তেওঁ লিয়েণ্ডাৰ পেজৰ সৈতে ভাৰতৰ ক্ৰীড়া জগতৰ সৰ্বোচ্চ সন্মান ৰাজীৱ গান্ধী খেলৰত্ন বঁটা লাভ কৰিছিল। তেওঁ এই পুৰস্কাৰ লাভ কৰা প্ৰথম গৰাকী উত্তৰ-পূব ভাৰতৰ মহিলা। ২০১১ চনত তেওঁক ভাৰত চৰকাৰে দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰে।[1]

প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক]

১৯৬৮ চনৰ ১ মাৰ্চ তাৰিখে মণিপুৰইম্ফলৰ মায়াই লেইকাইত কুঞ্জৰাণী দেৱীৰ জন্ম হৈছিল। তেওঁ ১৯৭৮ চনত ইম্ফলৰ চিন্দাম চিংচাং অবাসিক উচ্চ মাধ্যমিক বিদ্যালয়ত পঢ়ি থাকোঁতে ক্ৰীড়াৰ প্ৰতি আকৰ্ষিত হৈছিল। ইম্ফলৰ মহাৰাজ বুদ্ধ চন্দ্ৰ কলেজত পঢ়ি থাকোঁতে ভাৰোত্তলন তেওঁৰ প্ৰিয় ক্ৰীড়াত পৰিগণিত হৈছিল।

তেওঁ কেন্দ্ৰীয় ৰিজাৰ্ভ পুলিচ বলত যোগদান কৰে। তেওঁ ভাৰতীয় পুলিচ দলৰ ১৯৯৬ চনৰ পৰা ১৯৯৮ চনলৈ কেপ্তেইন আছিল।

খেলুৱৈ জীৱন[সম্পাদনা কৰক]

তেওঁ ১৯৮৫ চনৰ পৰা ৰাষ্ট্ৰীয় ভাৰোত্তলন চেম্পিয়নশ্বিপৰ ৪৪ কেজি, ৪৬ কেজি আৰু ৪৮ কেজি শাখাত পদক লাভ কৰিবলৈ আৰম্ভ কৰিছিল। তেওঁ ১৯৮৭ চনত ত্ৰিভান্দ্ৰমত দুটা নতুন ৰাষ্ট্ৰীয় অভিলেখ সৃষ্টি কৰিছিল। তেওঁ ৪৬ কেজি শাখালৈ আহি পুনেত ১৯৯৪ চনত সোণৰ পদক লাভ কৰিছিল। আকৌ তেওঁ চাৰিবছৰ পিছত ৪৮ কেজি শাখালৈ মণিপুৰত অৱতীৰ্ণ হৈ ৰূপৰ পদক অৰ্জন কৰিছিল।

১৯৮৯ চনত তেওঁ পোনপ্ৰথম বাৰৰ বাবে মানচেষ্টাৰত অনুষ্ঠিত মহিলাৰ বিশ্ব ভাৰোত্তলন চেম্পিয়নশ্বিপ প্ৰতিযোগিতাত অংশগ্ৰহণ ক্ৰুছিল। ইয়াত তেওঁ তিনিটা ৰূপৰ পদক লাভ কৰিছিল। তাৰ পিছত তেওঁ ১৯৯৩ চনৰ মেলবৰ্ণ সংস্কৰণৰ বাহিৰে একেৰাহে সাতবাৰ বিশ্ব ভাৰোত্তলন চেম্পিয়নশ্বিপত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল। ইয়াৰ প্ৰতিবাৰেই তেওঁ ৰূপৰ পদক অৰ্জন কৰিছিল।

তেওঁ ১৯৯০ চনৰ বেইজিং আৰু ১৯৯৪ চনৰ হিৰোশ্বিমা এছিয়ান গেমছত তেওঁ ব্ৰঞ্জৰ পদক লাভ কৰিছিল। ১৯৯৮ চনৰ বেংককত অনুষ্ঠিত এছিয়ান গেমছত তেওঁ কোনো পদক অৰ্জন কৰিব নোৱাৰিলে।

তেওঁ ১৯৮৯ চনত চীনৰ চাংঘাইত অনুষ্ঠিত এছিয়ান ভাৰত্তোলন চেম্পিয়নশ্বিপত এটা ৰূপৰ আৰু দুটা ব্ৰঞ্জৰ পদক লাভ কৰিছিল। তেওঁ ১৯৯১ চনৰ ইণ্ডোনেছিয়াত অনুষ্ঠিত এছিয়ান ভাৰত্তোলন চেম্পিয়নশ্বিপৰ সংস্কৰণত তেওঁ ৪৪ কেজি শাখাত তিনিটা ৰূপৰ পদক অৰ্জন কৰে। আকৌ ১৯৯২ চনত থাইলেণ্ড আৰু ১৯৯৩ চনত চীনত অনুষ্ঠিত এছিয়ান চেম্পিয়নশ্বিপৰ সংস্কৰণত দ্বিতীয় স্থান লাভ কৰিছিল। ১৯৯৫ ত দক্ষিণ কোৰিয়াত অনুষ্ঠিত একে প্ৰতিযোগিতাত তেওঁ ৪৬ কেজি শাখাত দুটা সোণৰ আৰু এটা ব্ৰঞ্জৰ পদক লাভ কৰিছিল। ১৯৯৬ চনত জাপানত অনুষ্ঠিত একে প্ৰতিযোগিতাত দুটা ৰূপৰ আৰু এটা ব্ৰঞ্জৰ পদক অৰ্জন কৰিছিল। তেওঁ ২০০৬ চনত অষ্ট্ৰেলিয়াৰ মেলবৰ্ণত অনুষ্ঠিত কমনৱেলথ গেমছত সোণৰ পদক লাভ কৰিছিল।

বঁটা আৰু সন্মান[সম্পাদনা কৰক]

৫০ তাতকৈ অধিক আন্তঃৰাষ্ট্ৰীয় পদক লাভ কৰা কুঞ্জৰাণী দেৱীয়ে ১৯৯০ চনত অৰ্জুন বঁটা লাভ কৰিছিল। ১৯৯৭ চনত তেওঁ লিয়েণ্ডাৰ পেজৰ সৈতে ভাৰতৰ ক্ৰীড়া জগতৰ সৰ্বোচ্চ সন্মান ৰাজীৱ গান্ধী খেলৰত্ন বঁটা লাভ কৰিছিল। তেওঁ এই পুৰস্কাৰ লাভ কৰা প্ৰথম গৰাকী উত্তৰ-পূব ভাৰতৰ মহিলা। ২০১১ চনত তেওঁক ভাৰত চৰকাৰে দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰে।[1]

তথ্য উৎস[সম্পাদনা কৰক]

  1. 1.0 1.1 "Padma Awards". Ministry of Home Affairs, Government of India. 2015. Archived from the original on 15 November 2014. https://www.webcitation.org/6U68ulwpb?url=http://mha.nic.in/sites/upload_files/mha/files/LST-PDAWD-2013.pdf। আহৰণ কৰা হৈছে: 21 July 2015. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]