সমললৈ যাওক

বেইজিং

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বেইজিং
北京市
বেইজিং নগৰ সমিতি
চীনৰ মানচিত্ৰত বেইজিং নগৰ সমিতি
চীনৰ মানচিত্ৰত বেইজিং নগৰ সমিতি
ৰাষ্ট্ৰ People's Republic of China
বিভাগসমূহ[1]
 - ৰাষ্ট্ৰীয়-পৰ্যায়
 - নগৰ-পৰ্যায়

১৬ খন জিলা
২৮৯ খন নগৰ আৰু গাঁও
চৰকাৰ
 • ধৰণ নগৰ সমিতি
 • দলীয় সচিব গাও জিনলুং (প'লিটবুৰ' মেম্বাৰ)
 • মেয়ৰ ৱাং আঞ্চুম
 • কংগ্ৰেছ পদাধিকাৰী ডু ডেইন
 • কনফাৰেঞ্চ চেয়াৰমেন জি লিন
কালি
 • নগৰ সমিতি
১৬,৪১০.৫৪ বৰ্গকিমি (৬,৩৩৬.১৪ বৰ্গমাইল)
 • নগৰ
১,৩৬৮.৩২ বৰ্গকিমি (৫২৮.৩১ বৰ্গমাইল)
 • গ্ৰাম্য
১৫,০৪২.২২ বৰ্গকিমি (৫,৮০৭.৮৩ বৰ্গমাইল)
উচ্চতা
৪৩.৫ মিটাৰ (১৪২.৭ ফুট)
জনসংখ্যা
 (2014)[3]
 • নগৰ সমিতি
২,১৫,১৬,০০০
 • ঘনত্ব ১,৩০০/বৰ্গকিমি (৩,৪০০/বৰ্গমাইল)
 • নগৰ
1,85,90,000
 • মেট্ৰ’
 (২০১০)[4]
2,49,00,000
 • চীনৰ ভিতৰত
জনসংখ্যা: ৩য়;
ঘনত্ব: ৪ৰ্থ
বেইজিং
চীনাত "বেইজিং"
চীনা 北京
আক্ষৰিক অৰ্থ "উত্তৰৰ ৰাজধানী"

বেইজিং (ইংৰাজী: Beijing; পূৰ্বৰ নাম Peking) হৈছে চীনৰ ৰাজধানী আৰু পৃথিৱীৰ আটাইতকৈ বেছি জনসংখ্যাৰ চহৰ সমূহৰ ভিতৰত এখন অন্যতম চহৰ। ২০১৩ চনৰ পিয়লমতে ইয়াৰ জনসংখ্যা আছিল ২,১১,৫০,০০০ জন।[6] জনসংখ্যাৰ ফালৰ পৰা ই পৃথিৱীৰ ত্ৰয়োদশতম বৃহৎ চহৰ। ১৬ খন নগৰ, উপনগৰ আৰু গ্ৰাম্য জিলাৰ সৈতে উত্তৰ চীন অঞ্চল ৰাষ্ট্ৰীয় চৰকাৰৰ প্ৰতক্ষ্য-সঞ্চালিত নগৰসমিতিৰ দ্বাৰা শাসন কৰা হয়।[7] জিনজিনজি চীনৰ নগৰসমিতি অঞ্চল আৰু চীনৰ ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলৰ সৈতে বেইজিং নগৰসমিতি, দক্ষিণৰ টিয়ানজিন নগৰসমিতিক বাদ দি হেবাই প্ৰভিডেন্সৰ দ্বাৰা আগুৰি আছে।[8]

নগৰৰ জনসংখ্যাৰ দিশৰ পৰা বেইজিং হৈছে ছাংহাইৰ পিছতেই চীনৰ দ্বিতীয় জনবহুল নগৰ। ই চীনৰ ৰাজনৈতিক, সাংস্কৃতিক, শিক্ষাৰ প্ৰধান প্ৰাণ কেন্দ্ৰ।[9] চীনৰ বহুসংখ্যক ৰাষ্টীয় উদ্যোগৰ গৃহ চহৰ হৈছে বেইজিং। তদুপৰি ই হৈছে চীনৰ ৰাষ্ট্ৰীয় ঘাইপথ, এক্সপ্ৰেছৱে, ৰেলপথ, আৰু উচ্চ-গতিৰ ৰেল সংযোগৰ প্ৰধান কেন্দ্ৰস্থল। বেইজিঙৰ বেইজিং কেপিটেল ইণ্টাৰনেচনেল এয়াৰপৰ্ট হৈছে পৃথিৱীৰ এটা অন্যতম অতি ব্যস্ত বিমান বন্দৰ।[10]

বেইজিঙৰ ইতিহাস প্ৰায় তিনি হেজাৰ বছৰ পুৰণি। যোৱা আঠ শতিকা ধৰি ৰাজনৈতিক কেন্দ্ৰস্বৰূপ বেইজিং চীনৰ চাৰিখন মহান ঐতিহাসিক ৰাজধানীৰ অন্যতম।[11] নগৰ খন ইয়াৰ ঐতিহ্যমণ্ডিত অট্টালিকা, মন্দিৰ, উদ্যান, ট'ম্ব, প্ৰাচীৰ আৰু তোৰণসমূহৰ বাবে প্ৰখ্যাত,[12] আৰু ইয়াৰ কলা সংগ্ৰহ আৰু বিশ্ববিদ্যালয়বোৰে ইয়াক চীনৰ কলা আৰু সংস্কৃতিৰ কেন্দ্ৰ হিচাপে গঢ়ি তুলিছে।[12] এনচাইক্ল'পিডিয়া ব্ৰিটেনিকাৰ টোকা মতে "চীনৰ এই চহৰখনৰ দৰে ৰাজনৈতিক মুখ্যালয় আৰু সাংস্কৃতিক কেন্দ্ৰ হিচাপে কাম কৰা নগৰ পৃথিৱীত কেইখন মাহহে আছে।"[13] বেইজিঙৰ সাতটা অঞ্চল UNESCOৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত অন্তৰ্ভূক্ত হৈছে – ফ'ৰবিডেন চিটি, টেম্পল অৱ হেভেন, ছামাৰ পেলেচ, মিং ট'ম্বছ্, ঝ'ক'ডিয়ান, বৃহৎ প্ৰাচীৰ, আৰু গ্ৰাণ্ড কেনেল।[14]

গীষ্মকালীন অলিম্পিক ২০০৮ বেইজিঙত অনুস্থিত হৈছিল আৰু শীতকালীন অলিম্পিক ২০২২ও ইয়াতেই অনুস্থিত কৰা হ'ব। ইয়াৰ ফলত চহৰখন দুয়োপ্ৰকাৰৰ অলিম্পিক অনুস্থিত কৰা পৃথিৱীৰ একমাত্ৰ চহৰৰূপে পৰিগণিত হ'ব।[15]

প্ৰাক ইতিহাস

[সম্পাদনা কৰক]

ফাংচান জিলাৰ জুক'ডিয়ান গাঁওৰ কাষৰ ড্ৰেগন ব'ন পৰ্বতৰ গুহাবোৰত বেইজিং নগৰ সমিতিৰ অতীতৰ "পিকিং মেন"ৰ বসবাসৰ প্ৰমান পোৱা গৈছে। এই গুহাসমূহৰ পৰা ২,২৩,০০০ ৰ পৰা ২,৫০,০০০ বছৰ পুৰণি "হ'ম' ইৰেকটাছৰ জীৱাশ্ম উদ্ধাৰ কৰা হৈছে। শেহতীয়াকৈ প্ৰায় ২০,০০০ বছৰ আগতে ইয়াত পস্থৰ যুগৰ হ'ম' ছেপিয়েনছ বাস কৰিছিল।[16] পুৰাতত্ববিদ সকলে সমগ্ৰ নগৰখনত নামনি বেইজিঙৰ ৱাংফুজিঙকে ধৰি বহু নিউলিথিক ভংগ্নাশৱশেষ উদ্ধাৰ কৰিছে।

বৰ্তমান আধুনিক বেইজিঙৰ বেইজিং ৱেষ্ট ৰেলৱে ষ্টেচনৰ দক্ষিণত অৱস্থিত, খ্ৰীষ্টপূৰ্ৱ ১১শ ৰ পৰা ৭ম শতিকা পৰ্যন্ত ৰাষ্ট্ৰীয় ৰাজধানীৰূপে থকা চীনৰ জি হৈছে বেইজিঙৰ প্ৰথম প্ৰাচীৰ চহৰ।[17] পিছলৈ ইয়াক ষ্টেট অৱ য়ানে অধিকাৰ কৰে আৰু য়েনজিংত ৰাজধানী স্থাপন কৰে।[18]


তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. ↑ "Township divisions". the Official Website of the Beijing Government. Archived from the original on 25 December 2018. https://web.archive.org/web/20181225054946/http://www.ebeijing.gov.cn/Government/Administration_region/t930369.htm। আহৰণ কৰা হৈছে: 22 July 2009.
  2. ↑ "Doing Business in China - Survey". Ministry Of Commerce - People's Republic Of China. Archived from the original on 5 August 2013. https://archive.today/20130805091244/http://english.mofcom.gov.cn/article/zt_business/lanmub/। আহৰণ কৰা হৈছে: 5 August 2013.
  3. ↑ "আৰ্কাইভ কপি [Beijing Economic and Social Development Statistical Bulletin 2014]" (Chinese ভাষাত). Beijing Bureau of Statistics. 12 February 2015. Archived from the original on 25 December 2018. https://web.archive.org/web/20181225054943/http://www.bjstats.gov.cn/xwgb/tjgb/ndgb/201502/t20150211_288370.htm। আহৰণ কৰা হৈছে: 1 May 2015.
  4. ↑ "OECD Urban Policy Reviews: China 2015". OECD. Archived from the original on 25 November 2015. https://web.archive.org/web/20151125024612/http://www.oecd-ilibrary.org/urban-rural-and-regional-development/oecd-urban-policy-reviews-china-2015_9789264230040-en। আহৰণ কৰা হৈছে: 1 May 2015.
  5. ↑ Loaned earlier via French 'Pékin'.
  6. ↑ "Beijing population reaches 21 million". Global Times. http://www.globaltimes.cn/content/839072.shtml.
  7. ↑ Figures based on 2006 statistics published in 2007 National Statistical Yearbook of China and available online at 2006年中国乡村人口数 中国人口与发展研究中心 (archive). Retrieved 21 April 2009.
  8. ↑ "Basic Information". Beijing Municipal Bureau of Statistics. Archived from the original on 13 March 2012. https://web.archive.org/web/20120313225759/http://www.bjstats.gov.cn/esite/bjsq/jbqk/। আহৰণ কৰা হৈছে: 9 February 2008.
  9. ↑ "Beijing". The Columbia Encyclopedia (6th ed.). 2008.
  10. ↑ "Year to date Passenger Traffic". Airports Council International. 23 June 2014. http://www.aci.aero/Data-Centre/Monthly-Traffic-Data/Passenger-Summary/Year-to-date। আহৰণ কৰা হৈছে: 26 June 2014.
  11. ↑ "Peking (Beijing)". Encyclopædia Britannica. 25 (15th edition, Macropædia ed.). p. 468.
  12. 1 2 "Beijing". World Book Encyclopedia. 2008. Archived from the original on 19 May 2008. https://web.archive.org/web/20080519232539/http://worldbookonline.com/wb/Login?ed=wb। আহৰণ কৰা হৈছে: 7 August 2008.
  13. ↑ "Beijing". Encyclopædia Britannica. Encyclopædia Britannica Online. http://www.britannica.com/EBchecked/topic/448956/Beijing। আহৰণ কৰা হৈছে: 3 August 2008.
  14. ↑ (Chinese) 走进北京七大世界文化遗产--千龙网 Archived 2014-11-29 at the Wayback Machine 18 August 2014
  15. ↑ ASSOCIATED PRESS (31 July 2015). "IOC: Beijing To Host 2022 Winter Olympics". The Huffington Post. http://www.huffingtonpost.com/entry/2022-winter-olympics_55bb4805e4b06363d5a1aa34। আহৰণ কৰা হৈছে: 11 August 2015.
  16. ↑ "The Peking Man World Heritage Site at Zhoukoudian". http://www.unesco.org/ext/field/beijing/whc/pkm-site.htm.
  17. ↑ "Beijing's History". China Internet Information Center. Archived from the original on 1 May 2008. http://china.org.cn/english/features/beijing/30785.htm। আহৰণ কৰা হৈছে: 1 May 2008.
  18. ↑ Haw, Stephen. Beijing: A Concise History. Routledge, 2007. p. 136.