বেংকক

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বেংকক
กรุงเทพมหานคร
খ্ৰুং থেপ মহা নাশন
—  বিশেষ প্ৰশাসনিক অঞ্চল  —
Bangkok Montage.pngClockwise from top: Wat Benchamabophit (Marble Temple), Giant Swing, Wat Arun, Ananta Samakhom Throne Hall, view over Lumpini Park area at night, and Wat Phra Kaeo
মাজত বেংককৰ মোহৰযুক্ত এখন সেউজীয়া চাৰিকোণীয়া পতাকা
পতাকা
A round seal bearing the image of Indra riding Airavata among clouds, with the words "Krung Thep Maha Nakhon" (in Thai) across the top
মোহৰ
থাইলেণ্ডৰ মানচিত্ৰত বেংকক
থাইলেণ্ডৰ মানচিত্ৰত বেংকক
ভৌগোলিক স্থানাংক: 13°45′N 100°28′E / 13.75°N 100.467°E / 13.75; 100.467স্থানাংক: 13°45′N 100°28′E / 13.75°N 100.467°E / 13.75; 100.467[1]
ৰাষ্ট্ৰ  থাইলেণ্ড
অঞ্চল কেন্দ্ৰীয় থাইলেণ্ড
Settled c 15th century
ৰাজধানী ৰূপে প্ৰতিস্থা 21 April 1782
Re-incorporated 13 December 1972
প্ৰতিষ্ঠাপক King Rama I
চৰকাৰ Bangkok Metropolitan Administration
চৰকাৰ
 - প্ৰকাৰ Special administrative area
 - ৰাজ্যপাল Sukhumbhand Paribatra (সাঁচ:Polparty)
মাটিকালি[1]
 - City ১,৫৬৮.৭৩৭ কি.মি. 
(৬০৫.৭ বৰ্গ মাইল)
 - মহানগৰ[2] ৭,৭৬১.৬ কি.মি. 
(২,৯৯৬.৮ বৰ্গ মাইল)
উচ্চতা[3] ১.৫ মিটাৰ (৪.৯২ ফুট)
জনসংখ্যা (২০১০ লোকপিয়ল)[4]
 - City ৮২,৮০,৯২৫ জন
 - জনঘনত্ব ৫,২৭৮.৭ প্ৰতি বৰ্গ কি.মি. 
(১৩,৬৭১.৮ প্ৰতি বৰ্গ মাইল)
 - মহানগৰ ১,৪৫,৬৫,৫৪৭ জন
 - মহানগৰৰ জনঘনত্ব ১,৮৭৬.৬ প্ৰতি বৰ্গ কি.মি. 
(৪,৮৬০.৪ প্ৰতি বৰ্গ মাইল)
বিশেষণ Bangkokian
সময় অঞ্চল ICT (গ্ৰী.মা.স.+৭)
Postal code ১০###
অঞ্চল কোড ১৩
আই এচ অ’ ৩১৬৬ কোড TH-10
ৱেবছাইট www.bangkok.go.th

বেংকক (ইংৰাজী: Bangkok) হৈছে থাইলেণ্ডৰ ৰাজধানী তথা আটাইতকৈ জনবহুল চহৰ। থাই ভাষাত ইয়াক খ্ৰুং থেপ মহা নাশন (กรุงเทพมหานคร বা চমুকৈ এই শব্দটোৰ বিষয়ে খ্ৰুং থেপ বুলি কোৱা হয়। এই চহৰখনে মধ্য থাইলেণ্ডৰ চাও ফ্ৰায়া নদীৰ ব-দ্বীপৰ প্ৰায় ১,৫৬৮.৭ বৰ্গ কি.মি. (1.5687×109 বৰ্গ মিটাৰ) অঞ্চল অধিকাৰ কৰি আছে, আৰু ইয়াৰ জনসংখ্যা প্ৰায় ৮০ লাখতকৈও অধিক, ই থাইলেণ্ডৰ মুঠ জনসংখ্যাৰ প্ৰায় ১২.৬ শতাংশ। প্ৰায় ১.৪০ কোটিতকৈও অধিক লোক (২২.২ শতাংশ) বেংকক মহানগৰীয় অঞ্চলৰ আশেপাশে বসবাস কৰে, এইবাবে অন্য নগৰীয় অঞ্চলতকৈ ইয়াৰ অধিক গুৰুত্ব পৰিলক্ষিত হয়।

বেংকক ১৫শ শতিকাৰ আয়ুত্থা ৰাজ্যৰ এটা সৰু ব্যৱসায় ঘাটী আছিল, ঘটনাক্ৰমে ইয়াৰ আকাৰ বৃদ্ধি হয় আৰু ইয়াতেই দুখনকৈ ৰাজধানী চহৰ: ১৭৬৮ চনত থনবুৰি আৰু ১৭৮২ চনত ৰট্টানাকছিনৰ স্থাপিত হয়। ১৯শ শতিকাত দেশে পশ্চিমীয়া হেঁচাৰ সন্মূখীন হোৱাৰ সময়ত, বেংকক আছিল ছিয়ামৰ আধুনিকীকৰণৰ প্ৰাণকেন্দ্ৰ স্বৰূপ। ই বিংশ শতিকাৰ একনায়কত্ববাদৰ অৱসান ঘটাই সংবিধানিক শাসন প্ৰতিস্থাৰ ৰাজনৈতিক সংঘাতৰো প্ৰধান কেন্দ্ৰ আছিল। ১৯৬০ৰ পৰা ১৯৮০ দশকৰ ভিতৰত নগৰখনৰ দ্ৰুত বিকাশ আৰম্ভ হয় আৰু আজি ই থাইলেণ্ডৰ ৰাজনীতি, অৰ্থনীতি, শিক্ষা, সংস্কৃতি তথা আধুনিক সমাজত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

নাম[সম্পাদনা কৰক]

বেংকক (บางกอก) নামটোৰ উৎপত্তি স্পষ্ট নহয়। বেং এটা থাই শব্দ আৰু ইয়াৰ অৰ্থ হৈছে "জুৰিত অৱস্থিত এখন গাঁও",[5] আৰু সম্ভবতঃ নামটো বেং ক’ (บางเกาะ), ক’ মানে "দ্বীপ", শ্দৰ পৰা উৎপত্তি হৈছে।[6] অন্য এক সুত্ৰমতে নামটো বেং মেকক (บางมะกอก) শব্দৰ চমু ৰূপ, ইয়াত মেকক শব্দই Elaeocarpus hygrophilus নামৰ আমলখিৰ দৰে ফলযুক্ত এজোপা গছক বুজাইছে।[lower-alpha 1] ইয়াত অৱস্থিত ৱাৎ অৰুণ নামৰ এটা পৌৰাণিক মন্দিৰক ৱাৎ মেকক বুলি কোৱা হয় বাবে এই সুত্ৰটোৰো বিশ্বাসযোগ্যতা নথকা নহয়।[7] যিকি নহওক, নগৰখনক চৰকাৰীভাৱে পালি আৰু সংস্কৃত ভাষাৰ পৰা সৃষ্ট থনবুৰি ছি মহাসমুৎ (ธนบุรีศรีมหาสมุทร, আক্ষৰিক অৰ্থ "সাগৰে দিয়া সম্পদৰ নগৰ") বা অয়ুৎথ্যা ইতিহাস অনুসৰি থনবুৰি, বুলি কোৱা হয়।[8] বেংকক, বিদেশী পৰিভ্ৰমীসকলে বহুলভাৱে ব্যৱহাৰ কৰা এটা কথিত নামহে আছিল, অৱধাৰিতভাৱে ইয়াক ব্যৱহাৰ কৰাৰ ফলস্বৰূপে পিছত বেংকক মহানগৰ প্ৰশাসনৰ সৃষ্টিৰে এই নামটো চৰকাৰীকৰণ কৰা হয়।

নদীৰ পূৱ তীৰত ৰামা প্ৰথমৰ দ্বাৰা যেতিয়া নতুন ৰাজধানী স্থাপন কৰা হৈছিল, সেই সময়ত খ্ৰুং থেপ থাৱাৰাৱাড়ী ছি অয়ুৎথা (กรุงเทพทวารวดีศรีอยุธยา) আৰু খ্ৰুং থেপ মহা নাশন ছি অয়ুৎথা (กรุงเทพมหานครศรีอยุธยา)[9] আদি অয়ুৎথা ইতিহাসৰ অনেক নাম লাভ কৰিছিল। ১৮৩৩ চনত সংযুক্ত ৰাষ্ট্ৰৰ দূত হিচাপে অহা এডমাণ্ড ৰবাৰ্টছৰ লিখনিত নগৰ খনৰ নাম ছিয়া-য়ুৎ'হিয়া বুলি পোৱা যায়, আৰু সেই সময়ৰ আন্তঃৰাষ্ট্ৰীয় চুক্তি সমূহতো এই নামটোৱেই ব্যৱহাৰ কৰা হৈছিল।[10] বৰ্তমান, থাই ভাষাত নগৰখনক খ্ৰুং থেপ মহা নাশন বুলি কোৱা হয়। ইয়াৰ সম্পূৰ্ণ নামটো তলত দিয়া মতে পঢ়া হয়:[lower-alpha 2][11]

খ্ৰুংথেপমহানাশন অমনৰট্টনাকচিন মাহিনথাৰায়ুট্ঠায়া মহাদিলক্ষপ নপ্ফাৰাত্ৰৎসৎহানিবুৰিৰম ওদম্ৰৎসানিৱাত্মাঃসাথন অমনপ্হিমানাৱতন্সাহিৎ সকথাত্যিসানুকামপ্ৰাসিৎ
กรุงเทพมหานคร อมรรัตนโกสินทร์ มหินทรายุธยา มหาดิลกภพ นพรัตนราชธานีบูรีรมย์ อุดมราชนิเวศน์มหาสถาน อมรพิมานอวตารสถิต สักกะทัตติยวิษณุกรรมประสิทธิ์ এই শব্দটোৰ বিষয়ে (শুনক)

মূল পালি আৰু সংস্কৃত শব্দেৰে গঠিত নামটোৰ অনুবাদ হৈছে:

পৰীৰ নগৰ, অমৰত্বৰ মহান নগৰ, নৱৰত্নৰ নগৰ, ৰজাৰ আসন, ৰাজমহলৰ নগৰ, ভগবানৰ অৱতাৰৰ স্থান, ইন্দ্ৰৰ আজ্ঞাত বিশ্বকৰ্মণৰ দ্বাৰা নিৰ্মিত।[12]

নগৰখনৰ নামটোৱে গীনীছ বিশ্ব অভিলেখত পৃথিৱীৰ আটাইতকৈ দীঘল ঠাইৰ নামৰ তালিকাত স্থান লাভ কৰিছে।[13] নামটোৰ শব্দবোৰ পৌৰাণিক তথা সকলোৱে নেজানে যদিও, থাই বিদ্যালয়ৰ শিশু সকলক সম্পূৰ্ণ নামটোৱেই শিকোৱা হয়। এই নামটো আছানী–ৱাছানৰ দ্বাৰা ৰচিত জনপ্ৰিয় “খ্ৰুং থেপ মহা নাশন” (১৯৮৯) নামৰ গীতটোত ব্যৱহাৰ কৰা হৈছে বাবে ইয়াক মনত ৰাখিবলৈ সহজ হৈ পৰে।

পৰ্যটন[সম্পাদনা কৰক]

বেংকক হৈছে পৰ্যটকৰ বাবে এখন অতি আকৰ্ষণিয় ঠাই। এটা জৰীপ মতে ২০১৩ চনত চহৰখন পৰিভ্ৰমণ কৰা পৰ্যটকৰ সংখ্যা আছিল প্ৰায় ১৫.৯৮ নিযুত। নিউ য়ৰ্ক, লণ্ডন আৰু পেৰিছৰ পিছতেই বেংকক হৈছে বৈদেশিক মুদ্ৰা খৰছ কৰা চতুৰ্থখন চহৰ, ২০১৩ চনত আনুমানিক ১৪৩ কোটি ডলাৰ।[14] Euromonitor International নামৰ এক অনুষ্ঠানে ২০১১ চনৰ শীৰ্ষ আকৰ্ষণীয় নগৰৰ তালিকাত বেংককক ষষ্ঠ স্থান প্ৰদান কৰিছে।[15] Travel + Leisure নামৰ আলোচনীয়ে তেঁওলোকৰ পাঠকৰ মাজত চলোবা এক সমীক্ষাত বেংককে ২০১০ৰ পৰা ২০১৩ চনলৈ একেৰাহে চাৰিবাৰ “পৃথিৱীৰ শ্ৰেষ্ট নগৰ”ৰ খিতাপ লাভ কৰিছিল।[16]

টোকা[সম্পাদনা কৰক]

  1. Two plants are known in Thai by the name makok: E. hygrophilus (makok nam, "water makok") and Spondias pinnata (makok pa, "jungle makok"). The species that grew in the area was likely makok nam.
  2. While this ceremonial name is generally believed, based on writings by the Somdet Phra Wannarat (Kaeo), to have originally been given by King Rama I and later modified by King Mongkut, it did not come into use until the latter reign.[9]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 Thavisin et al. (eds) 2006, p. 24. Reproduced in "Geography of Bangkok". BMA website. Archived from the original on 5 July 2011. https://web.archive.org/web/20110705201641/http://www.bangkok.go.th/th/page/index.php?&153-Geography_of_Bangkok&l=en। আহৰণ কৰা হৈছে: 8 September 2007. 
  2. Tangchonlatip, Kanchana (2007). "กรุงเทพมหานคร: เมืองโตเดี่ยวตลอดกาลของประเทศไทย". In Thongthai, Varachai; Punpuing, Sureeporn. ประชากรและสังคม 2550. প্ৰকাশক Nakhon Pathom, Thailand: Institute for Population and Social Research. http://www.ipsr.mahidol.ac.th/ipsr/annualconference/conferenceiii/Articles/Article02.htm। আহৰণ কৰা হৈছে: 26 September 2012. 
  3. Sinsakul, Sin (August 2000). "Late Quaternary geology of the Lower Central Plain, Thailand". Journal of Asian Earth Sciences খণ্ড 18 (4): 415–426. doi:10.1016/S1367-9120(99)00075-9. 
  4. "Table 1 Population by sex, household type and household by type, average size of private household by region and area: 2010". Statistic tables, NSO website. National Statistics Office. http://service.nso.go.th/nso/nso_center/project/table/files/C-pop/2553/000/00_C-pop_2553_000_010000_00100.xls। আহৰণ কৰা হৈছে: 18 September 2012. 
  5. "[Royal Institute Dictionary, B.E. 1999 (online edition)]" (Thai ভাষাত). Royal Institute. Archived from the original on 12 November 2013. https://web.archive.org/web/20131112051933/http://rirs3.royin.go.th/word24/word-24-a3.asp। আহৰণ কৰা হৈছে: 12 September 2012. 
  6. Chandrashtitya, Tipawan; Matungka, Chiraporn. "[History of Thonburi City]" (Thai ভাষাত). Arts & Cultural Office website. Dhonburi Rajabhat University. Archived from the original on 13 July 2010. https://web.archive.org/web/20100713001017/http://dit.dru.ac.th/home/012/attractions_history.html। আহৰণ কৰা হৈছে: 11 December 2011. 
  7. Wongthes 2012, p. 37
  8. "[Interesting facts about the city of Thonburi]" (Thai ভাষাত) Phra Racha Wang Derm website. Phra Racha Wang Derm Restoration Foundation. Archived from the original on 2 March 2012. https://web.archive.org/web/20120302033915/http://www.wangdermpalace.org/thonburi/index_thai.html। আহৰণ কৰা হৈছে: 11 December 2011. 
  9. 9.0 9.1 Phakathikhom, Chanchai (2005). "[What were the origins of the capital name "Si Ayutthaya"?]" (Thai ভাষাত). Senathipat খণ্ড 54 (3): 114–123. ISSN 0857-3891. Archived from the original on 20 October 2020. https://web.archive.org/web/20201020085443/http://www.cdsd-rta.net/images/stories/valasan/valsan%20y54%20b3%20year2548/155403.pdf। আহৰণ কৰা হৈছে: 31 July 2013. 
  10. Roberts, Edmund (Digitized 12 October 2007) [First published in 1837]. "Chapter XVIII —City of Bang-kok". Embassy to the Eastern courts of Cochin-China, Siam, and Muscat : in the U. S. sloop-of-war Peacock during the years 1832–3–4. Harper & brothers. পৃষ্ঠা. image 288. OCLC 12212199. https://books.google.com/books?id=aSgPAAAAYAAJ&oe=UTF-8। আহৰণ কৰা হৈছে: 5 April 2013. "The spot on which the present capital stands, and the country in its vicinity, on both banks of the river for a considerable distance, were formerly, before the removal of the court to its present situation called Bang-kok; but since that time, and for nearly sixty years past, it has been named Sia yuthia, (pronounced See-ah you-tè-ah, and by the natives, Krung, that is, the capital;) it is called by both names here, but never Bang-kok; and they always correct foreigners when the latter make this mistake. The villages which occupy the right hand of the river, opposite to the capital, pass under the general name of Bang-kok." 
  11. Committee for the Rattanakosin Bicentennial Celebration (1982). จดหมายเหตุการอนุรักษ์กรุงรัตนโกสินทร์ [Rattanakosin City conservation archives]. Department of Fine Arts.  Reproduced in "กว่าจะมาเป็นกรุงเทพฯ [The path to become Bangkok]". BMA Data Center. http://203.155.220.230/info/passbkk/frame.asp। আহৰণ কৰা হৈছে: 1 August 2012. 
  12. Royal Institute Newsletter (Royal Institute) খণ্ড 3 (31). December 1993.  Reproduced in "[Krung Thep Mahanakhon]" (Thai ভাষাত). http://www.royin.go.th/th/knowledge/detail.php?ID=639। আহৰণ কৰা হৈছে: 12 September 2012. 
  13. "Maori claims world's longest place name". Bangkok Post. 1 September 2006. http://bangkokpost.net/breaking_news/breakingnews.php?id=112626। আহৰণ কৰা হৈছে: 17 February 2012. 
  14. Hedrick-Wong, Yuwa; Choog, Desmond (2013). "MasterCard Global Destination Cities Index". MasterCard Worldwide Insights 2Q 2013. MasterCard. http://insights.mastercard.com/wp-content/uploads/2013/05/Mastercard_GDCI_Final_V4.pdf। আহৰণ কৰা হৈছে: 6 June 2013. 
  15. "Top 100 Cities Destination Ranking". Euromonitor International. 21 January 2013. Archived from the original on 18 May 2013. https://web.archive.org/web/20130518231432/http://blog.euromonitor.com/2013/01/top-100-cities-destination-ranking.html। আহৰণ কৰা হৈছে: 6 June 2013. 
  16. "2013 World's Best Cities". Travel + Leisure. American Express Publishing Corporation. http://www.travelandleisure.com/worldsbest/2013/cities। আহৰণ কৰা হৈছে: 31 July 2013.