১৬৩৩ - চনৰ আজিৰ দিনটোতে নাস্তিকতাৰ আৰোপ সংক্ৰান্ত গোচৰৰ শুনানিৰ বাবে গেলিলিঅ’ গেলিলি ৰোমত উপস্থিত হয়। উল্লেখযোগ্য যে তেওঁ প্ৰথম পৃথিৱী সূৰ্য্যৰ চাৰিওফালে ঘূৰে বুলি মত প্ৰকাশ কৰাই আছিল তেওঁৰ অন্যতম অপৰাধ।
১৯৩১ - চনৰ আজিৰ দিনটোতে ব্ৰিটিছসকলে কলকাতাৰ পৰিবৰ্তে নতুন দিল্লীক ৰাজধানী হিচাবে উদ্বোধন কৰে। উল্লেখযোগ্য যে ১৯১১ চনৰ ১২ ডিচেম্বৰত সম্ৰাট পঞ্চম জৰ্জে দিল্লীৰ বিখ্যাত ‘দিল্লী দৰবাৰত’ ভাৰতবৰ্ষৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ স্থানান্তৰিত হোৱাৰ কথা আনুষ্ঠানিক ভাবে ঘোষণা কৰিছিল।
১৯৪৬ - চনৰ আজিৰ দিনটোতে ৰাষ্ট্ৰসংঘই ৰেডিঅ সম্প্ৰচাৰ আৰম্ভ কৰিছিল। ২০১২ চনত প্ৰথম ৰেডিঅ দিৱস পালন কৰা হয়। এই বছৰ ২০১৮ ৰ মূল বিষয়বস্তু হৈছে "ৰেডিঅ' আৰু খেল"
১৯৫৯ - চনৰ আজিৰ দিনটোতে পৃথিবীজুৰি অতি জনপ্ৰিয় বাৰ্বী পুতলা বজাৰলৈ আহে আৰু বিক্ৰী আৰম্ভ কৰা হয়।
২০০১ - চনৰ আজিৰ দিনটোতে মহাকাশৰ "ইৰোশ" নামৰ ক্ষুদ্ৰ গ্ৰহত প্ৰথম মানৱ যান উপস্থিত।
১৮৭৯ - সৰোজিনী নাইডু, স্বাধীনতা সংগ্ৰামী আৰু বিশিষ্ট কবি। (মৃত্যু: ২ মাৰ্চ, ১৯৪৯)। তেওঁ ভাৰতৰ কোকিল বা দি নাইটিংগেল অৱ ইণ্ডিয়া (The Nightingale of India) নামেও পৰিচিত। সৰোজিনী নাইডু ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম মহিলা সভাপতি নিৰ্বাচিত হৈছিল। স্বাধীন ভাৰতত তেওঁ উত্তৰ প্ৰদেশৰো ৰাজ্যপাল হৈছিল।