সমললৈ যাওক

১৩ ফেব্ৰুৱাৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
১০ ১১ ১২ ১৩ ১৪
১৫ ১৬ ১৭ ১৮ ১৯ ২০ ২১
২২ ২৩ ২৪ ২৫ ২৬ ২৭ ২৮

১৩ ফেব্ৰুৱাৰী (ইংৰাজী: 13 February) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৪৪তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩২১টা দিন (অধিবৰ্ষত ৩২২ দিন) বাকী থাকে।

উল্লেখযোগ্য ঘটনা

[সম্পাদনা কৰক]
  • ১৬৩৩ - নাস্তিকতাৰ আৰোপ সংক্ৰান্ত গোচৰৰ শুনানিৰ বাবে গেলিলিঅ’ গেলিলি ৰোমত উপস্থিত হয়। উল্লেখযোগ্য যে তেওঁ প্ৰথম পৃথিৱী সূৰ্য্যৰ চাৰিওফালে ঘূৰে বুলি মত প্ৰকাশ কৰাই আছিল তেওঁৰ অন্যতম অপৰাধ।
  • ১৯৩১ - ব্ৰিটিছসকলে কলকাতাৰ পৰিবৰ্তে নতুন দিল্লীক ৰাজধানী হিচাবে উদ্বোধন কৰে। উল্লেখযোগ্য যে ১৯১১ চনৰ ১২ ডিচেম্বৰত সম্ৰাট পঞ্চম জৰ্জে দিল্লীৰ বিখ্যাত ‘দিল্লী দৰবাৰত’ ভাৰতবৰ্ষৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ স্থানান্তৰিত হোৱাৰ কথা আনুষ্ঠানিক ভাবে ঘোষণা কৰিছিল।
  • ১৯৪৬ - ৰাষ্ট্ৰসংঘই ৰেডিঅ' সম্প্ৰচাৰ আৰম্ভ কৰিছিল। ২০১২ চনত প্ৰথম ৰেডিঅ দিৱস পালন কৰা হয়। এই বছৰ ২০১৮ ৰ মূল বিষয়বস্তু হৈছে "ৰেডিঅ' আৰু খেল"
  • ১৯৫৯ - পৃথিৱীজুৰি অতি জনপ্ৰিয় বাৰ্বী পুতলা বজাৰলৈ আহে আৰু বিক্ৰী আৰম্ভ কৰা হয়।
  • ২০০১ - মহাকাশৰ "ইৰোশ" নামৰ ক্ষুদ্ৰ গ্ৰহত প্ৰথম মানৱ যান উপস্থিত।
  • ২০০৩ - যশ চোপ্ৰালৈ আজিৰ দিনটোতে দাদা চাহেব ফাল্কে বঁটা প্ৰদান কৰা হয়।
  • ২০২৫মণিপুৰত চলি থকা জাতিগত হিংসাৰ প্ৰেক্ষাপটত কেন্দ্ৰীয় চৰকাৰে ৰাজ্যখনত ৰাষ্ট্ৰপতি শাসন প্ৰয়োগ কৰে।[1]
  • শিশু দিৱস (ম্যানমাৰ)।
  • বিশ্ব ৰেডিঅ' দিৱস। ২০১২ চনত প্ৰথম ৰেডিঅ' দিৱস পালন কৰা হয়।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "2025 in India" (en ভাষাত). Wikipedia. https://en.wikipedia.org/wiki/2025_in_India। আহৰণ কৰা হৈছে: 28 April 2025.