ৰেহনেছ টি পি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰেহনেছ টি পি
ব্যক্তিগত তথ্য
সম্পূৰ্ণ নামৰেহনেছ থুম্বিৰুম্বু পৰম্বা
(Rehenesh Thumbirumbu Paramba)
জন্ম১৩ ফেব্ৰুৱাৰী, ১৯৯৩ (৩১ বছৰ)
জন্মস্থানকেৰালা, ভাৰত
খেলা স্থানগোলৰক্ষক
ক্লাবৰ তথ্য
বৰ্তমানৰ ক্লাবনৰ্থ ইষ্ট ইউনাইটেড
শ্বিলং লাজং
চিনিয়'ৰ কেৰিয়াৰ*
বৰ্ষদলঅংশগ্ৰহণ(গ'ল)
২০১২-২০১৩অ' এন জি চি১৮(০)
২০১৩মুম্বাই টাইগাৰ্ছ(০)
২০১৪ (ঋণ)ৰাংদাজীদ ইউনাইটেড(০)
২০১৪-শ্বিলং লাজং(০)
২০১৪-নৰ্থ ইষ্ট ইউনাইটেড(০)
* চিনিয়'ৰ ক্লাব অংশগ্ৰহণ আৰু গ'লৰ সংখ্যা কেৱল ঘৰুৱা লীগৰ বাবেহে আৰু এই তাৰিখলৈকে শুদ্ধ ৩০ নৱেম্বৰ ২০১৪।

ৰেহনেছ থুম্বিৰুম্বু পৰম্বা (ইংৰাজী: Rehenesh Thumbirumbu Paramba) (জন্ম - ১৩ ফেব্ৰুৱাৰী ১৯৯৩, কেৰালা) ভাৰতৰ এজন ফুটবল খেলুৱৈ। তেওঁ ইণ্ডিয়ান ছুপাৰ লীগনৰ্থ ইষ্ট ইউনাইটেড দলৰ এজন গোলৰক্ষক

কেৰিয়াৰ[সম্পাদনা কৰক]

অ' এন জি চি[সম্পাদনা কৰক]

ৰেহনেছে নিজৰ প্ৰথমখন পেছাদাৰী খেল খেলে ২০১২ চনৰ ১ ডিচেম্বৰ তাৰিখে আই-লীগঅ' এন জি চি দলৰ হৈ পাইলান এৰ'জ দলৰ বিৰুদ্ধে। খেলখনত অ' এন জি চি দলৰ প্ৰধান গ'লৰক্ষক প্ৰসেনজিৎ ঘোষে ৰঙা কাৰ্ড পাই বাহিৰ হ'বলগা হোৱাত বিমল মিনিৰ ঠাইত substitute খেলুৱৈ হিচাপে তেওঁ খেলপথাৰত প্ৰৱেশ কৰে।[1]

ৰাংদাজীদ ইউনাইটেড[সম্পাদনা কৰক]

২০১৪ চনৰ ১৪ জানুৱাৰী তাৰিখে ৰেহনেছ ৰাংদাজীদ ইউনাইটেডৰ লগত চুক্তিবদ্ধ হয়।[2] এই দলৰ হৈ তেওঁ প্ৰথমখন খেলত অংশ লয় ২০১৪ চনৰ আই-লীগত ১১ ফেব্ৰুৱাৰী তাৰিখে তিলক ময়দান ষ্টেডিয়ামচাৰ্চিল ব্ৰাদাৰ্ছৰ বিৰুদ্ধে। খেলখনত চাৰ্চিল ব্ৰাদাৰ্ছ ১-০ গ'লৰ ব্যৱধানত বিজয়ী হয়।[3]

শ্বিলং লাজং[সম্পাদনা কৰক]

২০১৪ চনৰ ১৪ জুন তাৰিখে তেওঁ শ্বিলং লাজং দলৰ লগত চুক্তিবদ্ধ হয়।[4]

নৰ্থ ইষ্ট ইউনাইটেড[সম্পাদনা কৰক]

ইণ্ডিয়ান ছুপাৰ লীগৰ বাবে তেওঁ ২০১৪ চনত জন আব্ৰাহম আৰু শ্বিলং লাজং এফ চিৰ মালিকানাধীন নৰ্থ ইষ্ট ইউনাইটেড এফ চি দলৰ লগত চুক্তিবদ্ধ হয়। ১৯ অ্ক্টোবৰ তাৰিখে গুৱাহাটীইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামগোৱা এফ চি দলৰ বিৰুদ্ধে তেওঁ আই এছ এলৰ প্ৰথমখন খেলত অৱতীৰ্ণ হয়।[5]

কেৰিয়াৰ পৰিসংখ্যা[সম্পাদনা কৰক]

ক্লাব[সম্পাদনা কৰক]

৩০ নৱেম্বৰ ২০১৪ অনুসৰি[6]
ক্লাব বৰ্ষ আই এছ এল আই-লীগ মুঠ
খেল CS খেল CS খেল CS
নৰ্থ ইষ্ট ইউনাইটেড ২০১৪ - - - -
ৰাংদাজীদ ইউনাইটেড (ঋণ) ২০১৩-২০১৪ - -
অ' এন জি চি ২০১২-২০১৩ - - ১৮ ১৮
সৰ্বমুঠ - ২৫ ৩৪

তথ্যসংগ্ৰহ[সম্পাদনা কৰক]

  1. "Pailan Arrows vs ONGC F.C. LIVE Commentary". Goal.com. http://www.goal.com/en-india/teams/india/1450/ongc-fc/calendar। আহৰণ কৰা হৈছে: ৩০ নৱেম্বৰ ২০১৪. 
  2. Bali, Rahul. "Steven Dias and Rehnesh to sign for Rangdajied United". Goal.com. http://www.goal.com/en-india/news/3875/transfer-zone/2014/01/14/4543026/steven-dias-and-rehnesh-to-sign-for-rangdajied-united. 
  3. Noronha, Anselm. "Churchill Brothers SC 1-0 Rangdajied United FC: Wolfe's debut goal hands Churchill a vital win". Goal.com. http://www.goal.com/en-india/match/122698/churchill-brothers-sc-vs-rangdajied-united-fc/report?। আহৰণ কৰা হৈছে: ৩০ নৱেম্বৰ ২০১৪. 
  4. Majumder, DS. "Rehnesh TP signed for Shillong Lajong". THIF LIVE. Archived from the original on 2014-07-14. https://web.archive.org/web/20140714150904/http://thif-live.com/?p=2548। আহৰণ কৰা হৈছে: ৩০ নৱেম্বৰ ২০১৪. 
  5. "FC Goa, NEUFC share honours". The Assam Tribune. ২০ অক্টোবৰ ২০১৪. Archived from the original on 2014-12-19. https://web.archive.org/web/20141219013900/http://www.assamtribune.com/scripts/detailsnew.asp?id=oct2014/sports050। আহৰণ কৰা হৈছে: ৩০ নৱেম্বৰ ২০১৪. 
  6. "R. Paramba". Soccerway. http://int.soccerway.com/players/rehnesh-tp/272243/। আহৰণ কৰা হৈছে: ৩০ নৱেম্বৰ ২০১৪. 


বাহ্যিক সংযোগ[সম্পাদনা কৰক]