৭ জুলাই

অসমীয়া ৱিকিপিডিয়াৰ পৰা


৭ জুলাই (ইংৰাজী: 7 July) গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসৰি বছৰৰ ১৮৮তম (অধিবৰ্ষত ১৮৯ তম) দিনবুৰঞ্জীৰ পাতত আজিৰ দিনটোৰ কেইটামান উল্লেখযোগ্য ঘটনা হ’ল -

মৃত্যু[সম্পাদনা কৰক]

  1. ১৯৯০ চনৰ আজিৰ দিনটোতে মিজো নেচনেল ফ্ৰণ্টৰ শীৰ্ষনেতা লালডেংগাৰ মৃত্যু হয় ।.
  2. আজিৰ দিনটোতে ১৩০৭ চনত স্কটলেণ্ড আক্ৰমণ কৰিবলৈ যাওঁতে ইংলেণ্ডৰ ৰজা প্ৰথম এডৱাৰ্ডৰ মৃত্যু হয় ।
  3. ইংৰাজ ৰহস্য ঔপন্যাসিক ছাৰ আৰ্থাৰ কনান ডয়ালৰ মৃত্যু হয় ১৯৩০ চনৰ আজিৰ দিনটোতে ।.

দুৰ্ঘটনা[সম্পাদনা কৰক]

  1. ২০১২ চনৰ আজিৰ দিনটোতে ৰাছিয়াত হোৱা প্ৰবল বানপানীৰ ফলত ১৪৪০ জন লোকৰ মৃত্যু হয় ।
  2. ২০০৫ চনৰ আজিৰ দিনটোতে লণ্ডনৰ সাত ঠাইত সংঘটিত বিস্ফোৰণত ৪৫ জন লোক নিহত হয় আৰু সহস্ৰাধিক লোক আহত হয় ।.
  3. ২০০৮ চনৰ আজিৰ দিনটোতে আফগানিস্থানৰ কাবুলত থকা ভাৰতীয় দূতাবাসত তালিবানী উগ্ৰপন্থীয়ে আক্ৰমণ চলায় ।

অনান্য[সম্পাদনা কৰক]

  1. এগৰাকী ভাৰতীয় ৰাজনীতিবিদ ৰঞ্জিৎ শেখৰ মুছাহাৰীদেৱে মেঘালয়ৰ ৰাজ্যপাল হিচাপে ২০১৩ বৰ্ষৰ আজিৰ দিনটোতে কাৰ্যকাল সামৰিছিল ৷
  2. ২০১২ চনৰ আজিৰ দিনটোতে কেন্দ্ৰীয় চৰকাৰে অসমত ‘‘মন' ৰে'ল সেৱা’’ প্ৰৱৰ্তন কৰাৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰে ।
  3. আজিৰ দিনটোতে ১৯৯৬ চনত ভাৰতীয় চলচ্চিত্ৰৰ শতবাৰ্যিকী উৎসৱ আৰম্ভ হয়।
  4. ছাহজাহানৰ মৰমৰ পত্নী মমতাজৰ স্মৃতিত নিৰ্মিত তাজমহলে বিশ্বৰ সপ্ত আশ্চৰ্যৰ তালিকাৰ শীৰ্ষত স্থান লাভ কৰে ২০০৭ চনৰ আজিৰ দিনটোত।
  5. ভাৰতলৈ প্ৰথম চিনেমাৰ আগমণ ঘটে ১৮৯৬ চনৰ আজিৰ দিনটোতে। ফ্ৰান্সৰ লুমিয়েৰ ভাতৃদ্বয়ৰ উদ্যোগত মুম্বাইত প্ৰদৰ্শিত হয় প্ৰথম চিনেমা ।
  6. ২০১১ চনৰ আজিৰ দিনটোতে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে পশ্চিমবংগৰ নাম সলনি কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰে ।
  7. ১৭৬৩ চনৰ আজিৰ দিনটোতে মীৰজাফৰে পুনৰ বংগৰ নবাব হিচাপে গাদী দখল কৰে ।
  8. .১৯০৫ চনৰ আজিৰ দিনটোতে লৰ্ড কাৰ্জনে বংগ বিভাজন কথা ঘোষণা কৰে ।
  9. ২০০৮ চনৰ আজিৰ দিনটোতে জাপানত জি-৮ সন্মিলন আৰম্ভ হৈছিল ।
  10. ২০১১ চনৰ আজিৰ দিনটোতে ইৰাকত ৯০০ জন লোকৰ গণকবৰ উদ্ধাৰ কৰা হয় ।

দিৱস[সম্পাদনা কৰক]

  1. আজি আন্তৰ্জাতিক সমবায় দিৱস

বাহ্যিক সংযোগ[সম্পাদনা কৰক]