আল্‌ফ্ৰেড' ডি ষ্টিফান'

অসমীয়া ৱিকিপিডিয়াৰ পৰা
আল্‌ফ্ৰেড' ডি ষ্টিফান'

১৯৫৮ চনত ডি ষ্টিফান'
ব্যক্তিগত তথ্য
সম্পূৰ্ণ নামAlfredo Stéfano di Stéfano Laulhé[1]
জন্ম৪ জুলাই, ১৯২৬ (৯৭ বছৰ)
জন্মস্থানবুৱেন'ছ আয়াৰ্ছ, আৰ্জেণ্টিনা
মৃত্যু৭ জুলাই, ২০১৪ (৮৮ বছৰ)
মৃত্যুস্থানমাড্ৰিড, স্পেইন
উচ্চতা1.78 মিটাৰ (U=ft}})
খেলা স্থানফৰৱাৰ্ড
ক্লাবৰ তথ্য
বৰ্তমানৰ ক্লাবৰিয়েল মাড্ৰিড (সন্মানীয় জীৱনযোৰা সভাপতি)
চিনিয়'ৰ কেৰিয়াৰ*
বৰ্ষদলঅংশগ্ৰহণ(গ'ল)
১৯৪৫-১৯৫১ৰিভাৰ প্লে'ট৬৬(৪৯)
১৯৪৬→ Huracán (ল'ন)২৪(১১)
১৯৫১-১৯৫৩মিল'নেৰিয়'ছ১০২(৯০)
১৯৫৩-১৯৬৪ৰিয়েল মাড্ৰিড২৮৪(২১৬)
১৯৬৪-১৯৬৬ইস্পান্যল৪৭(১১)
মুঠ৫২১(৩৭৭)
ৰাষ্ট্ৰীয় দল
১৯৪৭আৰ্জেণ্টিনা(৬)
১৯৪৯কলম্বিয়া[n 1](০)
১৯৫৭-১৯৬১Spain৩১(২৩)
পৰিচালনা কৰা দল
১৯৬৭-১৯৬৮এল্‌চে
১৯৬৯-১৯৭০ব'কা জুনিয়'ৰ্ছ
১৯৭০-১৯৭৪ভেলেঞ্চিয়া
১৯৭৪-১৯৭৪স্প'ৰ্টিং চি পি
১৯৭৫-১৯৭৬ৰেয়' ভালেকেন'
১৯৭৬-১৯৭৭কেষ্টেল'ন
১৯৭৯-১৯৮০ভেলেঞ্চিয়া
১৯৮১-১৯৮২ৰিভাৰ প্লে'ট
১৯৮২-১৯৮৪ৰিয়েল মাড্ৰিড
১৯৮৫ব'কা জুনিয়'ৰ্ছ
১৯৮৬-১৯৮৮ভেলেঞ্চিয়া
১৯৯০-১৯৯১ৰিয়েল মাড্ৰিড
* চিনিয়'ৰ ক্লাব অংশগ্ৰহণ আৰু গ'লৰ সংখ্যা কেৱল ঘৰুৱা লীগৰ বাবেহে।

আল্‌ফ্ৰেড' ষ্টিফান' ডি ষ্টিফান' ল'উহি (Alfredo Stéfano di Stéfano Laulhé)[2] (স্পেনিছ উচ্চাৰণ: [alˈfɾeðo ði (e)sˈtefano]; ৪ জুলাই ১৯২৬ – ৭ জুলাই ২০১৪) এজন আৰ্জেণ্টিনীয় ফুটবলাৰ আৰু প্ৰশিক্ষক আছিল। ১৯২৬ চনৰ ৪ জুলাইত বাৰাকাছ, বুৱেন'ছ আয়াৰ্ছত জন্মলাভ কৰা ডি ষ্টিফান'ক সৰ্বকালৰ অন্যতম শ্ৰেষ্ঠ খেলুৱৈ ৰূপে গণ্য কৰা হয়।[3][4][5][6] পঞ্চাছৰ দশকত ডি ষ্টিফান'ই ৰিয়েল মাড্ৰিডক ১৯৫৬ চনৰ পৰা লেথাৰিয়ে পাঁচবাৰ ইউৰোপীয়ান চেম্পিয়ন্‌ছ লীগ খিতাপ দখল কৰাত সহায় কৰিছিল। মাত্ৰ ফ্ৰান্সিস্ক' গেণ্ট' আৰু তেৱেঁই সেই খিতাপ লাভ কৰা আটাইকেইখন খেলত খেলা দুজন খেলুৱৈ। বেছিকৈ স্পেইনৰ হৈ আন্তঃৰাষ্ট্ৰীয় ফুটবল খেলা ডি ষ্টিফান'ই আৰ্জেণ্টিনা আৰু কলম্বিয়াৰ হৈও খেলিছিল।

"Saeta rubia" ("blond arrow" বা সোণালী চুলিৰ কাঁড়),[7][8][9] নামেৰেও জনাজাত ডি ষ্টিফান' ষ্টেমিনা, কৌশল আৰু দৃষ্টিৰে সমৃদ্ধ এজন শক্তিশালী ফৰৱাৰ্ড আছিল। খেলপথাৰৰ যিকোনো স্থানতে তেওঁ খেলিব পাৰিছিল। স্পেইনৰ শীৰ্ষ লীগত তেওঁ পঞ্চম সৰ্বোচ্চ স্ক'ৰাৰ। ১৯৫৩ৰ পৰা ১৯৬৪ চনলৈ ২৮২ খন লীগ খেলত ২১৬টা গ'লেৰে তেওঁ ৰিয়েল মাড্ৰিডৰ সৰ্বকালৰ দ্বিতীয় সৰ্বোচ্চ লীগ গ'লস্ক'ৰাৰ।

২০০৩ চনৰ নৱেম্বৰত উৱেফাৰ জয়ন্তীৰ লগত সংগতি ৰাখি Royal Spanish Football Federation-এ যোৱা পঞ্চাছ বছৰৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে তেওঁক স্পেইনৰ Golden Player হিচাপে নিৰ্বাচিত কৰিছিল।[10] ২০০৪ চনৰ মাৰ্চত পেলেই তেওঁক "১২৫ জন শ্ৰেষ্ঠ জীৱিত খেলুৱৈ"ৰ মাজত স্থান দিয়ে (২০০৯ চনৰ ছেপ্টেম্বৰত পেলেই ডি ষ্টিফান'ক আৰ্জেণ্টিনাৰ সৰ্বকালৰ শ্ৰেষ্ঠ খেলুৱৈ বুলি অভিহিত কৰিছিল)[11] ফৰাছী সাপ্তাহিক আলোচনী France Football-এ প্ৰাক্তন বেলন ডিঅ'ৰ বিজয়ীসকলৰ লগত আলোচনা কৰি শতিকাৰ শ্ৰেষ্ঠ ফুটবল খেলুৱৈ নিৰ্বাচনৰ বাবে কৰা ভোটত ডি ষ্টিফান'ই পেলে, ডিয়েগ' মাৰাড'না আৰু য়'হান ক্ৰায়্‌‍ফৰ পিছত চতুৰ্থ স্থান পাইছিল।[12]

পেলে, ইউজেবিউ, লুইছ ছুৱাৰেজ, ছেন্দ্ৰ' মাজ'লা আৰু জন চাৰ্লছৰ দৰে খেলুৱৈয়ে ডি ষ্টিফান'ক "খেলৰ ইতিহাসত সকলোতকৈ সম্পূৰ্ণ খেলুৱৈ" বুলি কৈ গৈছে।[13]

২০১৪ চনৰ জুলাইৰ হৃদৰোগত আক্ৰান্ত হোৱাত ডি ষ্টিফান'ক মাড্ৰিডৰ গ্ৰেগ'ৰিঅ' মাৰানন চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়[14] আৰু তাতে ৭ জুলাইত তেওঁৰ মৃত্যু হয়।[15][16]

টোকা[সম্পাদনা কৰক]

  1. Unofficial matches

তথ্যসূত্ৰ[সম্পাদনা কৰক]

General
  • (Autobiography) Di Stéfano, Alfredo (2000). Gracias, Vieja: Las Memorias del Mayor Mito del Futbol. প্ৰকাশক Madrid: Aguilar. ISBN 84-03-09200-8. 
Specific
  1. "di Stéfano Profile". Yahoo! Deportes España. http://es.eurosport.yahoo.com/fot/ftxt/alfredo_di_stefano.html. 
  2. "di Stéfano Profile". Realmadrid.com. http://www.realmadrid.com/cs/Satellite/es/1193040475259/1202732249389/contenido/Entrenador/Alfredo_Stefano__Di_Stefano_Laulhe.htm. 
  3. IFFHS' Century Elections. Rsssf.com (30 January 2000). Retrieved on 31 March 2013.
  4. "The Best of The Best". Rsssf.com (19 June 2009). Retrieved on 31 March 2013.
  5. Alfredo Di Stéfano: The greatest footballer of all time?. Bleacher Report. Retrieved on 31 March 2013.
  6. Football's Greatest – Alfredo Di Stefano. youtube.com
  7. "The birth of the Saeta Rubia". Clarin. 16 July 2005. Archived from the original on 13 December 2008. https://web.archive.org/web/20081213062020/http://www.clarin.com/diario/2005/07/16/deportes/d-07303.htm। আহৰণ কৰা হৈছে: 1 December 2008. 
  8. "Saeta Rubia (Movie)". http://icervantes.wordpress.com/1956/10/24/saeta-rubia/। আহৰণ কৰা হৈছে: 1 December 2008. 
  9. "Alfredo di Stefano – Saeta Rubia". AlbionRoad.com. 27 June 2008. Archived from the original on 20 October 2008. http://albionroad.com/articles/alfredo-di-stefano-saeta-rubia.html। আহৰণ কৰা হৈছে: 1 December 2008. 
  10. Golden Players take centre stage. UEFA.com (29 November 2003).
  11. "Pele hits back in Maradona spat". BBC News. 17 September 2009. http://news.bbc.co.uk/sport2/hi/football/internationals/8261803.stm। আহৰণ কৰা হৈছে: 23 April 2010. 
  12. "RSSSF.com – Various Lists of 'Players of the Century/All-Time'". http://www.rsssf.com/miscellaneous/best-x-players-of-y.html. 
  13. "Football world honors Real Madrid legend Di Stefano". China Daily. 19 February 2008. http://www.chinadaily.com.cn/cndy/2008-02/19/content_6464831.htm। আহৰণ কৰা হৈছে: 27 June 2010. 
  14. "Alfredo Di Stéfano in critical condition after heart attack in Madrid". The Guardian. 5 July 2014. http://www.theguardian.com/football/2014/jul/05/alfredo-di-stefano-heart-attack-real-madrid। আহৰণ কৰা হৈছে: 7 July 2014. 
  15. "Alfredo Di Stéfano dies at the age of 88". The Guardian. 7 July 2014. http://www.theguardian.com/football/2014/jul/07/alfredo-di-stefano-dies-real-madrid। আহৰণ কৰা হৈছে: 7 July 2014. 
  16. Rice, Simon (7 July 2014). "Alfredo Di Stefano dead: Legendary Argentinian player and honorary Real Madrid President passes away aged 88". The Independent. http://www.independent.co.uk/news/people/alfredo-di-stefano-dead-legendary-argentinian-player-and-honorary-real-madrid-president-passes-away-aged-88-9590151.html?dkdk। আহৰণ কৰা হৈছে: 7 July 2014. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]