সমললৈ যাওক

ডিয়েগ' মাৰাড'না

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ডিয়েগ' মাৰাড'না

২০১২ চনত আল ৱাছল ক্লাবত মাৰাড'না
ব্যক্তিগত তথ্য
সম্পূৰ্ণ নামডিয়েগ' আৰ্মাণ্ড মাৰাড'না ফ্ৰাঙ্ক'
Diego Armando Maradona Franco
জন্ম৩০ অক্টোবৰ, ১৯৬০
জন্মস্থানলে'নুছ, বুৱেন'ছ আয়াইছ, আৰ্জেণ্টিনা
মৃত্যু২৫ নৱেম্বৰ, ২০২০ (৬০ বছৰ)
মৃত্যুস্থানTigre, Buenos Aires, আৰ্জেণ্টিনা
উচ্চতা১.৬৫ মিটাৰ (U=ft}})
খেলা স্থানআক্ৰমণাত্মক মিড্‌ফিল্ডাৰ
দ্বিতীয় ষ্ট্ৰাইকাৰ[1][2][3][4]
যুৱ কেৰিয়াৰ
১৯৬৮-১৯৬৯ইষ্ট্ৰেলা ৰ'জা
১৯৭০-১৯৭৪'লছ চেব'লিটাছ
১৯৭৫-১৯৭৬আৰ্জেণ্টিন'ছ জুনিয়'ৰ্ছ
চিনিয়'ৰ কেৰিয়াৰ*
বৰ্ষদলঅংশগ্ৰহণ(গ'ল)
১৯৭৬-১৯৮০আৰ্জেণ্টিন'ছ জুনিয়'ৰ্ছ১১৪(৭৪)
১৯৮১-১৯৮২ব'কা জুনিয়'ৰ্ছ২৮(১৭)
১৯৮২-১৯৮৪বাৰ্চিল'না৩৬(২২)
১৯৮৪-১৯৯১নাপ'লি১৮৮(৮১)
১৯৯২-১৯৯৩ছেভিলা২৬(৫)
১৯৯৩-১৯৯৪নিৱেল্‌ছ অ'ল্ড বয়জ(০)
১৯৯৫-১৯৯৮ব'কা জুনিয়'ৰ্ছ(২)
মুঠ৩৯২(১৯৯)
ৰাষ্ট্ৰীয় দল
১৯৭৯আৰ্জেণ্টিনা ২০ বছৰ অনূৰ্ধ্ব ফুটবল দল(৬)
১৯৭৭-১৯৯৪আৰ্জেণ্টিনা ৰাষ্ট্ৰীয় ফুটবল দল৯১(৩৪)
পৰিচালনা কৰা দল
১৯৯৪মেণ্ডিয়ু ডি ক'ৰিয়েণ্টিছ
১৯৯৫ৰে'চিং ক্লাব
২০০৮-২০১০আৰ্জেণ্টিনা ৰাষ্ট্ৰীয় ফুটবল দল
২০১১-২০১২আল ৱাছল
* চিনিয়'ৰ ক্লাব অংশগ্ৰহণ আৰু গ'লৰ সংখ্যা কেৱল ঘৰুৱা লীগৰ বাবেহে।

ডিয়েগ' আৰ্মাণ্ড' মাৰাড'না ফ্ৰাঙ্ক' (স্পেনিছ উচ্চাৰণ: [ˈdjeɣo maɾaˈðona]) (৩০ অক্টোবৰ ১৯৬০-২৫ নৱেম্বৰ ২০২০) এজন আৰ্জেণ্টিনীয় ফুটবল মেনেজাৰ, প্ৰশিক্ষক আৰু প্ৰাক্তন খেলুৱৈ। বহু কুশলী, ফুটবল সমালোচক, প্ৰাক্তন বা বৰ্তমানৰ খেলুৱৈ আৰু অনুৰাগীয়ে তেওঁক সৰ্বকালৰ শ্ৰেষ্ঠ ফুটবল খেলুৱৈ হিচাপে গণ্য কৰে।[5][6][7][8] পেলেৰ সৈতে তেওঁক বিংশ শতিকাৰ ফিফা খেলুৱৈৰূপে নিৰ্বাচন কৰা হৈছিল।[9][10]

দুবাৰকৈ বিশ্ব-অভিলেখকাৰী চুক্তি ধন লাভ কৰা তেওঁ একমাত্ৰ ফুটবলাৰ; প্ৰথমবাৰ বাৰ্চিল'না ফুটবল ক্লাবলৈ যাওঁতে তেওঁ তেতিয়াৰ বিশ্ব অভিলেখ ৫ নিযুত পাউণ্ড, আৰু দ্বিতীয়বাৰ নাপ'লিলৈ যাওঁতে ৬.৯ নিযুত পাউণ্ড লাভ কৰিছিল। পেছাদাৰী কেৰিয়াৰত মাৰাড'নাই আৰ্জেণ্টিন'ছ জুনিয়'ৰ্ছ, ব'কা জুনিয়'ৰ্ছ, বাৰ্চিল'না, নাপ'লি, ছেভিলা আৰু নিৱেল্‌ছ অ'ল্ড বয়জৰ হৈ খেলিছিল। ক্লাব স্তৰত তেওঁ নাপ'লিৰ হৈ খেলা সময়ছোৱাৰ বাবে প্ৰখ্যাত য'ত তেওঁ বহু খিতাপ আৰু সন্মান লাভ কৰিছিল। আন্তঃৰাষ্ট্ৰীয় স্তৰত তেওঁ আৰ্জেণ্টিনাৰ হৈ খেলি ৯১খন মেছত ৩৪টা গ'ল দিছিল।

তেওঁ চাৰিখন ফিফা বিশ্বকাপ প্ৰতিযোগিতাত অংশ লৈছিল। ১৯৮৬ চনৰ প্ৰতিযোগিতাত তেওঁ আৰ্জেণ্টিনা দলক নেতৃত্ব দি ফাইনেলত পশ্চিম জাৰ্মানীক হৰুৱাই বিশ্বকাপ লাভ কৰিছিল। তাত তেওঁ প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে গ'ল্ডেন বল বঁটাও লাভ কৰিছিল। সেই প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত ইংলেণ্ডৰ বিৰুদ্ধে ২-১ ব্যৱধানত জিকা খেলখনত দুয়োটা গ'লেই তেওঁ দিছিল আৰু দুটা ভিন্ন কাৰণত সেই গ'ল দুটা ফুটবলৰ ইতিহাসত জিলিকি আছে। ৰেফাৰীয়ে তৰ্কিব নোৱৰা তেওঁৰ প্ৰথম গ'লটো আছিল হাতেৰে দিয়া যাক তেওঁ "ভগৱানৰ হাত বুলি অভিহিত কৰিছিল। ৬০ মিটাৰ (৬৬ য়াৰ্ড) ড্ৰিবল কৰি আৰু পাঁচজন বিপক্ষৰ খেলুৱৈ পাৰ কৰি তেওঁ দিয়া দ্বিতীয় গ'লটো FIFA.com-ৰ ভোটাৰে "শতিকাৰ গ'ল" আখ্যা দিছিল।[11]

মাৰাড'নাক খেলজগতৰ এজন অন্যতম বিতৰ্কিত আৰু বাতৰিৰ শিৰোনাম দখল কৰা ব্যক্তিৰূপে গণ্য কৰা হয়। ইটালীত ১৯৯১ চনত ক'কেইন সেৱন কৰি এটা ড্ৰাগ পৰীক্ষাত অনুত্তীৰ্ণ হোৱা বাবে তেওঁক ১৫ মাহৰ বাবে ফুটবলৰ পৰা নিৰ্বাসন দিয়া হৈছিল। পুনৰ ১৯৯৪ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিশ্বকাপত প্ৰস্বাৱৰ নমুনাত এফ্ৰেড্ৰিন পোৱা বাবে তেওঁক প্ৰতিযোগিতাৰ পৰা বাহিৰ কৰা হয়। ২০০৫ চনত তেওঁ ভালেখিনি ওজন হ্ৰাস কৰে আৰু ক'কেইন আসক্তিৰ পৰা মুক্তি লাভ কৰে। তেওঁৰ বহুবল্কী স্বভাৱৰ বাবে মাজে সময়ে সাংবাদিক আৰু ক্ৰীড়া বিষয়াসকলৰ লগত সম্পৰ্ক বেয়া হৈছিল। পূৰ্ব অভিজ্ঞতা নথকা সত্ত্বেও তেওঁক ২০০৮ চনৰ নৱেম্বৰত আৰ্জেণ্টিনা ৰাষ্ট্ৰীয় ফুটবল দলৰ মেনেজাৰৰূপে নিযুক্তি দিয়া হৈছিল আৰু ২০১০ চনৰ বিশ্বকাপৰ পিছত চুক্তিৰ ম্যাদ উকলি নোযোৱালৈকে তেওঁ সেই পদত থাকে।

মাৰাড'নাই ২০১১-১২ চিজনত UAE প্ৰ' লীগত ডুবাই ভিত্তিক ক্লাব আল ৱাচল্‌ক প্ৰশিক্ষণ দিয়ে। ২০১৩ চনৰ আগষ্টত মাৰাড'নাই আৰ্জেণ্টিনাৰ পঞ্চম শ্ৰেণীৰ ক্লাব ডিপ'ৰ্টিভ' ৰিষ্ট্ৰাত "spiritual coach" হিচাপে যোগদান কৰে[12] আৰু ১৯ আগষ্টত ছেন মিগুৱেলৰ বিপক্ষে খেলখনত তেওঁ এই নতুন পদৰ আৰম্ভণি কৰে।[13][14] ২০১৭ চনত মাৰাড'নাই আল-ফুজাইৰা ক্লাবৰ প্ৰশিক্ষক হিচাপে যোগ দিয়ে আৰু চিজনত শেষত সেই পদ ত্যাগ কৰে।[15] ২০১৮ চনৰ মে' মাহত মাৰড'নাক ৱেলাৰুছৰ ক্লাব ডায়নাম' ব্ৰেস্তৰ অধ্যক্ষ হিচাপে মৰকল কৰা হয়।[16] ২০১৮ চনৰ ছেপ্তেম্বৰৰ পৰা ২০১৯ চনৰ জুনলৈকে মাৰাড'নাই মেক্সিকান ক্লাব ড'লাৰেছক প্ৰশিক্ষণ দিয়ে।[17]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Maradona tricks and skills videos of the best soccer, football players ever Archived 2012-06-15 at the Wayback Machine. Football-tricks.com. Retrieved 31 March 2013.
  2. Diego Maradona dominated 1986 World Cup after position switch – Jonathan Wilson – SI.com Archived 2013-10-14 at the Wayback Machine. Sportsillustrated.cnn.com (27 May 2010). Retrieved 31 March 2013.
  3. Diego Maradona: ‘The Soccer Guru’ Archived 2013-12-02 at the Wayback Machine. The Viewspaper (25 June 2010). Retrieved 31 March 2013.
  4. Diego Maradona – Profile of Soccer Player Diego Maradona Archived 2012-11-19 at the Wayback Machine. Worldsoccer.about.com. Retrieved 31 March 2013.
  5. "The Best of The Best". Rec.Sport.Soccer Statistics Foundation.com (19 June 2009). Retrieved 31 March 2013.
  6. – "The 100 greatest players of all time" The Football Pantheon, 20 September 2011
  7. – "Castrol Debate: Pele Versus Maradona". goal.com, 23 October 2010
  8. Other opinions about Maradona as the greatest player can be found at:
    – "Ruud Gullit: Diego Maradona is the best ever in my opinion". goal.com, 29 July 2012
    – "Lionel Messi: Diego Maradona is the greatest of all-time" Archived 2013-12-10 at the Wayback Machine. SoccerAnchor, 7 September 2011
    – "Rummenigge: Maradona better than Pele" Archived 2013-12-09 at the Wayback Machine. The Times of India, 12 November 2008
    – "Paolo Maldini: Maradona best ever, Ronaldo close second" Archived 2011-12-08 at the Wayback Machine Paolo Maldini fan page, 21 July 2008
    – "Wayne Rooney: Diego Maradona is the greatest player ever". givemesport
    - "Gary Lineker: Diego has been the best player without a doubt, better than Pele" Archived 2013-12-03 at the Wayback Machine SoccerBlog, 25 March 2006
    – "Glenn Hoddle: Diego Maradona is the greatest player of all time" Archived 2013-02-02 at Archive.today. SoccerBible, 22 July 2010.
    – "Ryan Giggs: Maradona is the best of all time". tribalfootball, 11 October 2011.
    – "Rio Ferdinand: In my eyes Maradona is the best footballer ever". fifa.com, 7 November 2008
    – "Mario Kempes: Maradona is absolutely the best" Archived 2012-07-24 at Archive.today. ESPN soccernet, 18 April 2005.
    – "Aguero: It is disrespectful to compare me to Maradona". Mirro Football, 20 November 2011.
    – "Frank McGarvey: Diego Maradona was world's best player". Daily Record, 30 October 2008.
    – "Gordon Smith: Maradona was the best player I ever saw play the game". Daily Record, 30 October 2008.
    – "Trevor Edwards: Maradona is best" Archived 2012-07-21 at Archive.today Central Telegraph, 11 April 2012
    – "Maradona’s still number one". The Sun, 29 April 2011.
    – "Considered by many as the greatest football player to have ever walked the face of the earth". FIFA.com
  9. FIFA Player of the Century. touri.com
  10. "Maradona or Pele?" Archived 2012-01-12 at the Wayback Machine. CNN Sports Illustrated, 10 December 2000. Retrieved 13 March 2013
  11. "Diego Maradona goal voted the FIFA World Cup™ Goal of the Century". FIFA (30 May 2002). Retrieved 13 March 2013
  12. ""Diego Maradona debuta hoy como asesor espiritual de Deportivo Riestra", Télam, 19 August 2013". Archived from the original on 23 April 2023. https://web.archive.org/web/20230423150755/https://www.telam.com.ar/notas/201308/29256-diego-maradona-debuta-hoy-como-asesor-espiritual-de-deportivo-riestra.html। আহৰণ কৰা হৈছে: 29 January 2014. 
  13. "Maradona celebrates first victory as Riestra 'spiritual coach'", The Buenos Aires Herald, August 19, 2013
  14. ""Maradona motivó y Riestra ganó", Clarín, 19 August 2013". Archived from the original on 24 February 2014. https://web.archive.org/web/20140224195002/http://www.clarin.com/deportes/Maradona-Riestra_0_977302612.html। আহৰণ কৰা হৈছে: 29 January 2014. 
  15. "Diego Maradona leaves job in UAE after failing to secure automatic promotion". Sky Sports. 6 May 2018. http://www.skysports.com/football/news/11095/11349642/diego-maradona-leaves-job-in-uae-after-failing-to-secure-automatic-promotion. 
  16. “Yes, Diego is with us! ”. Dynamo Brest. Retrieved 23 July 2018
  17. "Diego Maradona's 'rebirth' at coaching job at Mexican side Dorados". BBC. https://www.bbc.co.uk/news/world-latin-america-45482066। আহৰণ কৰা হৈছে: 10 September 2018. 
  • Diego Armando Maradona, Yo Soy el Diego, Planeta Pub. Corp, 2000, আই.এচ.বি.এন. 84-08036-74-2 (I am the Diego).

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]