তৰুণ ৰাম ফুকন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(তৰুণৰাম ফুকনৰ পৰা পুনঃনিৰ্দেশিত)
তৰুণ ৰাম ফুকন

তৰুণ ৰাম ফুকনৰ স্মৃতিত ১৯৭৭ চনত প্ৰকাশিত ডাকটিকট
জন্ম ২২ জানুৱাৰী ১৮৭৭
গুৱাহাটী
মৃত্যু ২৮ জুলাই ১৯৩৯
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা স্বাধীনতা সংগ্ৰামী, ৰাজনৈতিক নেতা, লেখক
ধৰ্ম হিন্দু ধৰ্ম
দাম্পত্যসঙ্গী বিদ্যুৎপ্ৰভা
পিতৃ-মাতৃ বলৰাম ফুকন (পিতৃ)
ভাগীৰথী (মাতৃ)


তৰুণ ৰাম ফুকন (ইংৰাজী: Tarun Ram Phukan; ১৮৭৭ – ১৯৩৯) ভাৰতৰ স্বাধীনতা আন্দোলনৰ এগৰাকী অসমৰ নেতা আছিল। তেখেত এগৰাকী সুদক্ষ বক্তা হোৱাৰ উপৰি চিকাৰী আৰু লেখক আছিল৷ সাহিত্যিক অতুল চন্দ্ৰ বৰুৱাই আলোচনা প্ৰসংগত তৰুণৰাম ফুকন সম্বন্ধে কৈছিল, “চিকাৰী ফুকন, সভা শুৱনী ফুকন, দেশভক্ত ফুকন, ছাত্ৰবন্ধু ফুকন, সাহিত্যিক ফুকন, বেৰিষ্টাৰ ফুকন, ৰসিক ফুকন, অশ্বাৰোহী ফুকন,বৰশী বোৱা কানাই ফুকন আদি নানাভাৱে মানুহে তেওঁক জানিছিল আৰু বুজিছিল৷’’[1] অসম সাহিত্য সভাৰ দশমগৰাকী সভাপতি [2] তৰুণৰাম ফুকনক স্বাধীনতা আন্দোলনত তেওঁ আগবঢ়োৱা সেৱাৰ বাবে দেশভক্ত উপাধিৰে বিভূষিত কৰা হয়।[3][ইয়াতকৈ ভাল উৎসৰ প্ৰয়োজন]

গুৱাহাটীৰ ভৰলমুখত জন্মগ্ৰহণ কৰা ফুকনে পাছলৈ কলিকতাৰ প্ৰেছিডেন্সী কলেজৰ পৰা এফ এ পাছ কৰি পৰৱৰ্তী সময়ত লণ্ডনত ওকালতি কৰিবলৈ যায়৷ তেখেত অসমৰ তৃতীয়জন বেৰিষ্টাৰ৷ উকিলৰ বৃত্তিৰে নিজৰ কৰ্মজীৱনৰ পাতনি মেলি ফুকনে গুৱাহাটীৰ আৰ্ল ল কলেজত কিছুদিন শিক্ষকতা কৰে৷ ১৯১৪ চনত ইতিমধ্যেই আৰম্ভ হোৱা ভাৰতীয় স্বাধীনতা সংগ্ৰামত অংশগ্ৰহণ কৰে৷ আন্দোলনৰ সময়তে তেওঁ মহাত্মা গান্ধীৰ সান্নিধ্যলৈ আহে৷ ১৯৩৬ চনত তেওঁ এটা ৰাজনৈতিক দল গঠন কৰে৷ ১৯২০ চনত তেওঁ স্তুতিমালা নামৰ এলানি স্তুতি-কবিতা লিখে৷ অসমীয়াৰ বাহিৰেও তেখেতে উড়িয়া, হিন্দী, বঙালী, সংস্কৃত, ফাৰ্ছী আৰু উৰ্দু ভাষাত লিখা-মেলা কৰিব পাৰিছিল।

জন্ম আৰু শিক্ষা[সম্পাদনা কৰক]

গুৱাহাটীৰ ভৰলুমুখত ১৮৭৭ চনৰ ২২ জানুৱাৰীত তৰুণ ৰাম ফুকনৰ জন্ম হৈছিল। তেখেতৰ পিতৃৰ নাম বলৰাম ফুকন আৰু মাতৃ ভাগীৰথী।[4] দেউতাক বলৰাম ফুকন এজন নিপুণ চিকাৰী আছিল। পেছাগতভাৱে তেওঁ বিজনীৰ ৰজাৰ দেৱান আছিল। তদুপৰি তেওঁৰ হাতীৰ মহল আৰু ব্যৱসায় আছিল। বলৰাম ফুকনে হৰ্ষ-বিষাদ বিষয়ক ৰচনা নামে এখনি পুথি “আছাম ব্যপ্তিষ্ট মিছন যন্ত্ৰ’’ত ছপাই প্ৰকাশ কৰিছিল৷[5] জীৱনৰ প্ৰথমছোৱাত তৰুণৰামে ঘৰতেই গুৰুৰ অধীনত সংস্কৃত শিক্ষা গ্ৰহণ কৰিছিল। পাছত গুৱাহাটীৰ কলেজিয়েট স্কুলত (Collegiate School) নাম লগায়, সেই স্কুলৰপৰা ১৮৯৫ চনত প্ৰবেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়। সেই সময়ত এই পৰীক্ষাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় বিভাগ পোৱা শিক্ষাৰ্থীক ক্ৰমে, ২০, ১৫ আৰু ১০ টকা জলপানি দিয়া হৈছিল৷ তৰুণৰামে ১০ টকীয়া জলপানি পাইছিল৷[6] কলিকতাৰ প্ৰেচিডেন্সী কলেজৰপৰা তেওঁ এফ এ পাছ কৰি বি এ ত নামভৰ্তি কৰে। কিন্তু বি এ পৰীক্ষা নিদিয়াকৈয়ে লণ্ডনত বেৰিষ্টাৰি (Barrister-at-Law) পঢ়িবলৈ যায়।[7] তেখেত আছিল অসমৰ তৃতীয়জন বেৰিষ্টাৰ। প্ৰথমজন- আনন্দৰাম বৰুৱা আৰু দ্বিতীয়জন আছিল আব্দুল মজিদ।[8]

দাম্পত্য জীৱন[সম্পাদনা কৰক]

অসমৰ প্ৰথম ডেপুটী কমিছনাৰ ডিব্ৰুগড়ৰ পৰশুৰাম খাওণ্ডৰ তৃতীয় কন্যা বিদ্যুৎপ্ৰভাৰ লগত ১৯৯০ চনৰ ২৬ জুন বৃহস্পতিবাৰে তৰুণৰামৰ বিবাহ হয়৷ বিদ্যুৎপ্ৰভাৰ ঘৰত মতা নাম আছিল বিজুলী৷ তৰুণৰাম আৰু বিজুলীৰ বিবাহিত জীৱন বৰ মধুৰ আছিল৷[9] বেৰিষ্টাৰী পাছ কৰি আহি জ্ঞানদাভিৰাম বৰুৱাৰ লগত বৰযাত্ৰী হৈ কলিকতালৈ গৈ তৰুণৰাম ৰবীন্দ্ৰনাথ ঠাকুৰৰ পৰিয়ালৰ সৈতে চিনাকি হৈছিল৷ বিয়াৰ অনূষ্ঠানত তেওঁ এটা বাংলা কবিতা আবৃত্তি কৰিছিল আৰু তাত মোহিত হৈ সুন্দৰ, সুপুৰুষ, বিদ্যাৱন্ত তৰুণৰামলৈ ৰবীন্দ্ৰনাথ ঠাকুৰে নিজৰ নুমলীয়া কন্যা অতসীলতাক বিয়া দিবলৈ ইচ্ছা প্ৰকাশ[10] কৰি ককায়েক নবীনৰাম ফুকনলৈ প্ৰস্তাৱ পঠিয়াইছিল৷ কিন্তু তৰুণৰাম এই প্ৰস্তাৱত মান্তি হোৱা নাছিল৷ তেওঁৰ কৈছিল, “তাকে কৰিলে মই আৰু তৰুণৰাম ফুকন হৈ নাথাকিম; মানুহে মোক ৰবি ঠাকুৰৰ জোঁৱাই বুলিহে জানিব৷ মই তৰুণৰাম ফুকন হৈ থাকিব খোজো৷’’[11] পত্নী বিজুলীৰ প্ৰতি তেওঁৰ অফুৰন্ত প্ৰেম আছিল৷ পত্নীৰ মৃত্যুৰ পিছত তেওঁৰ ছবিৰ তলত নিজ হাতে তেওঁ লিখি থৈছিল৷ “মোৰ সপোনৰ, সজাগৰ মোহিনী মূৰতি, নিৰাশাৰ ডাৱৰৰ বিজুলী জেউতি’’৷[12] তৰুণৰাম ফুকন আৰু বিজুলীৰ চাৰিটি সন্তান হয়- প্ৰতিভা দেৱী, বলেন্দ্ৰৰাম ফুকন, ৰেণু দেৱী আৰু নৃপেন্দ্ৰৰাম ফুকন৷[13]

কৰ্মজীৱন[সম্পাদনা কৰক]

১৯০৫-১৯২০[সম্পাদনা কৰক]

১৯০৫ চনত লণ্ডনৰপৰা বেৰিষ্টাৰ পৰীক্ষা পাছ কৰি[14] উভতি আহি তেখেতে কিছুদিন কলিকতাত ওকালতি কৰিবলৈ লয়। পাছত গুৱাহাটীলৈ উভতি আহি ওকালতি আৰম্ভ কৰে। ১৯১৪ চনৰ পৰা গুৱাহাটীৰ আৰ্ল ল কলেজত (Earle Law College) কিছুদিন শিক্ষকতা কৰে।

১৯১১ চনলৈ কলিকতাত ওকালতি কৰি পিছত গুৱাহাটীত ওকালতি কৰে[15] আন এক তথ্যমতে গুৱাহাটীৰ আৰ্ল ল কলেজত অধ্যাপনা কৰে৷[16]১৯২১ চনত তৰুণ ৰাম ফুকনে ভাৰতৰ স্বাধীনতা সংগ্ৰামত যোগ দিয়ে।

১৯০৩ চনত অসমৰ মধ্যবিত্ত শ্ৰেণীৰ নেতাসকলে আসাম এছোছিয়েছন নামৰ এটা ৰাজনৈতিক সংগঠন গঢ়ি তোলে৷ গৌৰীপুৰৰ ৰজা প্ৰতাপ চন্দ্ৰ বৰুৱা সভাপতি আৰু মাণিক চন্দ্ৰ বৰুৱা সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হয়৷ ১৯০৪ চনৰ আসাম এছোছিয়েছনৰ সভাত অসমৰ সৈতে ভাষিক আৰু সাংস্কৃতিক মিল থকা ৰংপুৰ, কোচবিহাৰ, জলপাইগুৰি জিলাক অসমৰ সৈতে চামিল কৰিবলৈ চৰকাৰক দাবী জনাইছিল৷[17] অৱশ্যে চৰকাৰে এই দিশত মনোযোগ নিদি বংগ ভংগ কাৰ্যকৰী কৰিছিল৷ ১৯১৫ চনত মাণিক চন্দ্ৰ বৰুৱাৰ মৃত্যু হয় আৰু সেই বছৰতে নবীন চন্দ্ৰ বৰদলৈৰ নেতৃত্বত এছোছিয়েছনৰ চতুৰ্থ অধিৱেশন ডিব্ৰুগড়ত অনুষ্ঠিত হয়৷ ১৯১৭ চনৰ ২০ আগষ্টত মণ্টেগুৰ ভাৰত শাসন-সংস্কাৰ আইন ঘোষণা কৰা হয়৷ মণ্টেগুৰ সংস্কাৰ আইনৰ আওতালৈ অসমক সুমুৱাবলৈ অনুৰোধ কৰাৰ উদ্দেশ্যে এটা সাতজনীয়া সঁজাতী দল কলিকতালৈ গৈছিল আৰু এই দলটোত তৰুণৰাম ফুকনো আছিল৷ বাকী সদস্যসকল হ’ল- ৰায়বাহাদুৰ ঘনশ্যাম বৰুৱা, গঙ্গাগোবিন্দ ফুকন, পদ্মনাথ গোহাঞি বৰুৱা, চন্দ্ৰধৰ বৰুৱা, নবীন চন্দ্ৰ বৰদলৈ আৰু প্ৰসন্ন কুমাৰ বৰুৱা৷[18] ১৯১৮ চনৰ ডিচেম্বৰ মাহত তৰুণৰাম ফুকনৰ সভাপতিত্বত গোৱালপাৰাত আসাম এছোছিয়েছনৰ সপ্তম অধিৱেশন অনুষ্ঠিত হৈছিল৷[19]

মহাত্মা গান্ধীৰ নেতৃত্বত অসহযোগ আন্দোলনে গোটেই দেশতে বিয়পি পৰাৰ সময়তে নবীনচন্দ্ৰ বৰদলৈয়ে বেৰিষ্টাৰ তৰুণৰাম ফুকনক আন্দোলনত যোগদান দিবলৈ আহ্বান জনায়৷ তৰুণৰাম ফুকনে তেওঁ লিখা “নবীন স্মৃতি’’ত উল্লেখ কৰিছে,

"মোৰ তেতিয়া প্ৰেকটিছ্ ভালদৰে চলিছে৷ তদুপৰি মই ল কলেজৰ শিক্ষক৷ সাতে-পাঁচে মই সেই আন্দোলনত যোগ দিয়া নাছিলোঁ৷ এদিন তেওঁ(নবীনচন্দ্ৰ বৰদলৈ) মোৰ ঘৰলৈ আহি মোক যোগ দিবলৈ বিশেষকৈ অনুৰোধ কৰিলে৷[20]

ইয়াৰ পিছত বহু ভাবি-গুণি তেওঁ মহাত্মা গান্ধীয়ে আৰম্ভ কৰা অসহযোগ আন্দোলনলৈ তেখেতে সমৰ্থন আগবঢ়ায় আৰু আন্দোলনত জপিয়াই পৰে৷ ১৯২১ চনত বোম্বাইত হোৱা “নিখিল ভাৰত কংগ্ৰেছ কমিটি’’ৰ অধিৱেশনত তেওঁ অসমক প্ৰতিনিধিত্ব কৰিছিল৷ দেশৰ স্বাৰ্থত তেওঁ তেতিয়াই কলেজৰ চাকৰি ত্যাগ কৰিছিল৷[21]

১৯২১-১৯৩৮[সম্পাদনা কৰক]

১৯২১ চনত মহাত্মা গান্ধী অসমলৈ আহোঁতে তেখেতৰ ভৰলুমুখৰ ঘৰতে আলহী হৈছিল।[22] এই যাত্ৰাকালতে গান্ধীজীয়ে অসমত বিদেশী বস্ত্ৰ দাহনৰ কাৰ্যসূচী পালন কৰিছিল আৰু প্ৰথম কাৰ্যসূচী তৰুণৰাম ফুকনৰ হাউলিতে কৰা হৈছিল৷ তাৰপিছতে তৰুণৰাম ফুকন অসম কংগ্ৰেছ দলৰ সভাপতি আৰু নবীনচন্দ্ৰ বৰদলৈ সম্পাদক নিৰ্বাচিত হয়৷ দুয়োৰে প্ৰচেষ্টাত আন্দোলন ঠন ধৰি উঠাত, ইংৰাজ চৰকাৰে ভুৱা গোচৰৰ ভিত্তিত ফুকনকে আদি কৰি বহু নেতাক গ্ৰেপ্তাৰ কৰি কাৰাবাসৰ দণ্ড বিহে, ১৯২২ চনত৷ জেলৰ পৰাই ফুকনে আন্দোলনৰ কাৰ্যসূচী চলাই থাকিল৷ পিছলৈ নীতিৰ ক্ষেত্ৰত মতবিৰোধ ঘটাত তেওঁ জাতীয় কংগ্ৰেছৰ পৰা আঁতৰি আহি দেশবন্ধু চিত্তৰঞ্জন দাস, মতিলাল নেহৰু আদিৰ নেতৃত্বত কংগ্ৰেছৰ স্বৰাজ্য দল গঠন কৰে৷ গান্ধীজীৰ নেতৃত্বৰ কংগ্ৰেছ দলে অসহযোগ আন্দোলনৰ কাৰ্যসূচী লৈ আইন আদালত স্কুল কলেজ বৰ্জনৰ সিদ্ধান্ত লোৱাৰ বিপৰীতে স্বৰাজ্যবাদী কংগ্ৰেছ দলে বৈধ উপায়েৰে অৰ্থাৎ স্বায়ত্ত শাসনৰ দাবীৰে শাসনৰ গণ্ডীৰ ভিতৰত সোমাই যুঁজ কৰাৰ পক্ষপাতী আছিল৷ পিছলৈ অৱশ্যে কংগ্ৰেছ দলে এই কথা মানি লৈছিল৷[23]

১৯২৩ চনত তৰুণ ৰাম ফুকনে দেশবন্ধু চিত্তৰঞ্জন দাস আৰু মতিলাল নেহৰুৱে গঠন কৰা[24] স্বৰাজ দলত যোগদান কৰে। অসমৰ স্বৰাজ্য দলৰ সভাপতি আৰু সম্পাদক আছিল ক্ৰমে তৰুণৰাম ফুকন আৰু ৰোহিনী কুমাৰ চৌধুৰী৷ সহকাৰী সম্পাদক আছিল, গোপীনাথ বৰদলৈ৷ আন আন সদস্যসকল আছিল, বিষ্ণুৰাম মেধি, কামাখ্যাৰাম বৰুৱা, ধনীৰাম তালুকদাৰ আৰু যাদৱ চন্দ্ৰ দাস৷ ১৯১৯ চনৰ ভাৰত শাসন আইনমতে ১৯২৩ চনৰ নৱেম্বৰ মাহত অসম বিধান পৰিষদৰ বাবে নিৰ্বাচন অনুষ্ঠিত হৈছিল৷ তৰুণৰাম ফুকন এই নিৰ্বাচনত জিকি কেন্দ্ৰীয় বিধান পৰিষদলৈ নিৰ্বাচিত হৈছিল৷[25] স্বৰাজ দলে ব্ৰিটিছ শাসনৰপৰা অধিক স্বায়ত্ত-শাসন আৰু ৰাজনৈতিক স্বাধীনতা বিচাৰিছিল। পিছলৈ কংগ্ৰেছৰ লগত আদৰ্শমূলক সংঘাতৰ বাবে এই দল কংগ্ৰেছৰপৰা আঁতৰি আহে। তৰুণ ৰাম ফুকনে অসমত এই দলৰ গুৰি ধৰিছিল। স্বৰাজ দলে ব্ৰিটিছে প্ৰণয়ন কৰা 'আঞ্চলিক আৰু কেন্দ্ৰীয় শাসন পৰিষদ'ৰ (Provincial and Central Legislative Council) ধাৰণা মানি লৈছিল। তৰুণ ৰাম ফুকন কেন্দ্ৰীয় পৰিষদৰ সভ্য হিচাপে পোন্ধৰ বছৰ কাৰ্যনিৰ্বাহ কৰিছিল। মহাত্মা গান্ধীৰ অনুৰোধ মৰ্মে আদৰ্শগত মতবিৰোধ সত্ত্বেও 'স্বৰাজ দল' কংগ্ৰেছৰে এটা শাখা হিচাপে আছিল৷আ ১৯২৪ চনত গুৱাহাটী লোকেল ব’ৰ্ডৰ প্ৰথমগৰাকী বেচৰকাৰী চেয়াৰমেন হিচাপে তৰুণৰাম ফুকন নিৰ্বচিত হৈছিল আৰু কেবাবছৰ ধৰি এই পদত থাকি গুৱাহাটীৰ বাট-পথকে ধৰি বিদ্যালয়, চিকিৎসালয়ৰ গৃহ আদি নিৰ্মাণ কৰিছিল৷[26] ১৯২৪ চনত অসম প্ৰদেশ কংগ্ৰেছ সমিতিয়ে নিজাববীয়াকৈ অসমৰ পৰা কানি নিৰ্মূল কৰাৰ উদ্দেশ্যে ’কানি অনুসন্ধান সমিতি’ এটি গঠন কৰিছিল৷ তৰুণৰাম ফুকন এই সমিতিৰো কাৰ্যনিৰ্বাহক সদস্য আছিল৷ ১৯অ২৮ চনত তেজপুৰত বহা অসম ছাত্ৰ সন্মিলনৰ মূল অধিৱেশনত পৌৰহিত্য কৰিছিল তৰুণৰাম ফুকনে আৰু তেওঁৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই অধিৱেশনতেই সংগঠনটোৱে ৰাজনৈতিক চৰিত্ৰ গ্ৰহণ কৰিছিল৷[27]

১৯২৬ চনত অসমত হোৱা ভাৰতীয় জাতীয় কংগ্ৰেছৰ মহাসভাক সফল কৰিবলৈ অন্যন্য নেতাৰ সতে তৰুণ ৰাম ফুকনেও দেহে-কেহে কষ্ট কৰিছিল। নবীনচন্দ্ৰ বৰদলৈ, ৰোহিণীকান্ত হাতীবৰুৱা আৰু ফুকনে নিজৰ ব্যক্তিগত ধন খৰচ কৰি এই মহাসভাক সফল কৰি তুলিছিল৷ ১৯২৯ চনৰ লাহোৰ কংগ্ৰেছৰ অধিৱেশনত “কাউন্সিল বৰ্জন’’ৰ সিদ্ধান্ত লোৱা হয়৷ সেই উদ্দ্যেশ্যে কেন্দ্ৰীয় আৰু প্ৰাদেশিক সংসদৰ সদস্যসকলক পদৰ পৰা ইস্তফা দিবলৈ নিৰ্দেশ দিয়া হ’ল৷ ফুকন তেতিয়া কেন্দ্ৰীয় কমিটিৰ সদস্য আছিল৷ এই নিৰ্দেশত তৰুণৰাম ফুকন বিতুষ্ট হয় আৰু লাহে লাহে তেওঁ আন্দোলনত সক্ৰিয় অংশগ্ৰহণৰ পৰা নিজক আঁতৰাই আনে৷ তৰুণৰাম ফুকনৰ ৰাজনৈতিক কাৰ্যাৱলীৰ ভিতৰত কেন্দ্ৰীয় কমিটিৰ সদস্য আৰু গুৱাহাটী লোকেল বোৰ্ডৰ সভাপতি হোৱাটো উল্লেখযোগ্য দিশ৷[28] জন ৰিচাৰ্ড কানিংহামে অসমত আইন অমান্য আন্দোলন দুৰ্বল কৰাৰ উদ্দেশ্যে ছাত্ৰসমাজক ইয়াৰ পৰা আঁতৰাই ৰাখিবলৈ ১৯৩০ চনৰ মে’ জুনত “কানিংহাম চাৰ্কুলাৰ’’ জাৰি কৰে৷ তৰুণৰাম ফুকন, নবীন চন্দ্ৰ বৰদলৈ আদিৰ নেতৃত্বত অসমত আইন অমান্য আন্দোলন প্ৰবল হৈছিল৷ সদৌ অসম যুৱক সংঘ আৰু স্কুলীয়া ছাত্ৰ্ৰসমাজক লগত লৈ তৰুণৰাম ফুকনে কংগ্ৰেছৰ পতাকা উত্তোলন কৰিছিল৷ ১৯৩৪ চনৰ মে’ মাহত গান্ধীজীয়ে আইন অমান্য আন্দোলন স্থগিত ৰাখে৷[29]


১৯২৭ চনৰ অসম সাহিত্য সভাগোৱালপাৰা অধিৱেশনত তেখেতে সভাপতিত্ব কৰিছিল।[30] [31] পাছলৈ তেখেতে অসম সাহিত্য সভাৰ সম্পাদকৰ দায়িত্ব লয় আৰু সভাৰ কাৰ্য্যপন্থাক নৰম-পন্থাৰপৰা চৰম-পন্থালৈ ৰূপান্তৰিত কৰে।

১৯৩২ চনত মদন মোহন মালৱীয়ৰ নেতৃত্বত গঢ় লৈ উঠে 'ৰাষ্ট্ৰবাদী কংগ্ৰেছ দল' (Congress Nationalist Party)। তৰুণ ৰাম ফুকন আৰু ৰোহিনী কুমাৰ চৌধুৰীয়ে এই দলত যোগদান কৰে।[ইয়াতকৈ ভাল উৎসৰ প্ৰয়োজন]

১৯৩৬ চনত 'ভাৰত চৰকাৰ আইন'ৰ (Government of India Act, 1935) অধীনত হোৱা 'সাধাৰণ নিৰ্বাচন'ৰ সময়ত তৰুণ ৰাম ফুকনে 'ইউনাইটেড পিপুলছ পাৰ্টি' (United People's Party) গঠন কৰে। অসমৰ কেবাগৰাকী নেতাই তেখেতক সমৰ্থন আগবঢ়াইছিল।[ইয়াতকৈ ভাল উৎসৰ প্ৰয়োজন]

১৯৩৮ চনত ছাদুল্লা চৰকাৰে পদত্যাগ কৰাৰ পাছত গোপীনাথ বৰদলৈৰ নেতৃত্বত সন্মিলিত চৰকাৰ (Coalition Government) গঠন কৰাত তৰুণ ৰাম ফুকনে বিশেষ কূটনৈতিক ভূমিকা গ্ৰহণ কৰিছিল।[32]

চিকাৰী তৰুণৰাম ফুকন[সম্পাদনা কৰক]

তৰুণৰাম ফুকন এগৰাকী দুঃসাহসী চিকাৰী আছিল৷ তেওঁৰ লোমহৰ্ষক চিকাৰ কাহিনীসমূহ অসমীয়া সাহিত্যৰ বহুমূলীয়া সম্পদ৷ ককায়েক নবীনৰাম ফুকনো এগৰাকী পাকৈত চিকাৰী আছিল৷ সেই কালত অসমৰ হাবি-বননি নানা জীৱ-জন্তুৰে ভৰি আছিল৷ হাইস্কুলত থকা কালৰেপৰাই তৰুণৰাম ফুকনে বন্দুক চলাবলৈ শিকে৷ তেওঁৰ প্ৰথম চিকাৰ আছিল কোকলোং চৰাই এটি৷[33] হাইস্কুলত থকাকালত লোকৰ বন্দুক নি চিকাৰ কৰাৰ বাবে ককায়েকে ককৰ্থনা কৰাত আৰু “পৰৰ বন্দুকেৰে চিকাৰ নকৰোঁ’’ বুলি বহুদিন চিকাৰলৈ মন দিয়া নাছিল৷ কিন্তু ককায়েক নবীন ফুকন নগাঁৱত চিৰস্তাদাৰ হৈ থাকোঁতে বিলাতৰ পৰা উভতি অহা তৰুণৰাম কেইদিনমান ককায়েকৰ লগত আছিল আৰু তাতেই ককায়েকৰ লগুৱা দেউকী মাউতৰ উচতনিত পুনৰ চিকাৰৰ লালসাই মূৰ দাঙি উঠে৷ দেউকীৰ উচটনিতে নগাঁৱতে তৰুণৰামৰ পুনৰ চিকাৰ আৰম্ভ হ’ল৷ নগাঁৱৰ প্ৰথম চিকাৰতে এজনী বাঘিনী, দুটা পোৱালী আৰু এটা পহু চিকাৰ কৰিবলৈ সক্ষম হয়৷ ইয়াৰ পিছত তৰুণৰাম ফুকনৰ চিকাৰ স্পৃহা থমকি ৰ’বলগীয়া নহ’ল৷ নগাঁও আৰু গুৱাহাটীৰ আশেপাশে অটব্য হাবিত তেওঁ ভালেমান দুঃসাহসিক চিকাৰ কৰাৰ কথা স্বৰচিত “মোৰ চিকাৰ কাহিনী’’ নামৰ গ্ৰন্থত প্ৰকাশ পাইছে৷ [34][35]

বেৰিষ্টাৰ তৰুণৰাম ফুকন[সম্পাদনা কৰক]

এজন বেৰিষ্টাৰ ৰূপে তৰুণ ৰাম ফুকনে বিশেষ সাফল্য লাভ কৰিছিল।[36] আইন মহাবিদ্যলয়ত তেওঁ শিক্ষাদান কৰোঁতে আইনৰ জটিল বিষয়বোৰ ৰসাল আৰু সহজকৈ শিক্ষাৰ্থীক বুজাব পাৰিছিল৷ ১৯০৫ চনৰ পৰা ১৯০৯ চনলৈ তেওঁ কলিকতাত ভাৰাঘৰত থাকি আইনৰ ব্যৱসায় চলাইছিল৷ আইনৰ সুক্ষ্মজ্ঞান, ইংৰাজী ভাষাত থকা দক্ষতাৰ বাবে তেওঁ হাতত লোৱা গোচৰৰ তৰ্ক শুনিবলৈ এজলাচত মানুহ ঠাহ খাই পৰিছিল৷ তেওঁ ইমানেই সন্মানিত হৈছিল যে নিয়ম নহয় যদিও এজলাচত সোমাওঁতে তেওঁক হাকিমে চকীৰ পৰা উঠি সন্মান যাচিছিল৷[37] তৰুণৰাম ফুকনৰ সহকাৰী হিচাপে কাম কৰিছিল, ৰোহিণীকুমাৰ চৌধুৰী, গোলোকেশ্বৰ গোস্বামী আৰু শিশিৰ কুমাৰ বৰুৱাই৷

বক্তা তৰুণৰাম[সম্পাদনা কৰক]

তৰুণৰাম ফুকন এগৰাকী সুবক্তা আছিল৷ মহাত্মা গান্ধী অসমলৈ আহোঁতে ফুকনৰ ঘৰতে আলহী হৈছিল আৰু তেওঁৰ টোলতে প্ৰায় ২৫ হাজাৰ মানুহৰ এখন বিৰাট সভা বহিছিল৷ তাত ফুকনে গান্ধীয়ে দিয়া ভাষণৰ অসমীয়া তৰ্জমা কৰিছিল৷ তেওঁৰ আনৰ বক্তৃতা তাৎক্ষণিকভাবে অসমীয়াত তৰ্জমা কৰিব পৰা দক্ষতা আছিল৷ এন্ড্ৰুজ চাহাবৰ কানি বৰ্জনৰ বিষয়ে দিয়া ইংৰাজী বক্তৃতাও তেওঁ ততালিকে অনুবাদ কৰি উপস্থিত মানুহক শুনাইছিল৷ তেওঁৰ এই গুণৰ বিষয়ে “Young India’’ কাকতে প্ৰকাশ কৰিছিল,

"বাস্তৱিকতে তৰুণৰাম ফুকনৰ ক্ষমতা অদ্ভূত৷ মহাত্মাজীৰ বক্তৃতা শেষ হ’লেই তেওঁ অকণো চিন্তা নকৰি তৎক্ষণাৎ তাক হুবহু অসমীয়ালৈ ভাঙি ৰাইজক কৈ যায়৷ আশ্চৰ্য্যৰ বিষয় এই যে আচল বক্তৃতাৰ এটা কথাও অনুবাদত বাদ নপৰে৷ [38]

ফুকনৰ ভাষণবোৰ মধুৰ, গধুৰ বিষয়তো মধুৰতা সানি হাঁহি উঠা কথাৰে হহুৱাব পৰা ক্ষমতা আছিল তেওঁৰ৷ ভাৰত সভাত কেন্দ্ৰীয় সভাই ফুকনৰ নাম দিছিল “Darling of Assam’’ আৰু এই ফুকনৰ যত্নত অসমৰ নাম বাহিৰত জনাজাত হৈ পৰিছিল৷[39]

অন্যান্য অৱদান[সম্পাদনা কৰক]

তৰুণ ৰাম ফুকনক অসমৰ মানুহে দেশভক্ত বুলি সন্মান দিছিল। ডেকা সকলক ভাৰতৰ স্বাধীনতা সংগ্ৰামলৈ উদ্বুদ্ধ কৰাত তেখেতৰ অৱদান আছিল উল্লেখনীয়। ডেকা নেতাসকলত তৈয়াৰ কৰাতো তেখেতে যথেষ্ট অৰিহণা যোগাইছিল। অসমীয়াৰ বাহিৰেও তেখেতে উড়িয়া, হিন্দী, বঙালী, সংস্কৃত, ফাৰ্ছী আৰু উৰ্দু ভাষাত লিখা-মেলা কৰিব পাৰিছিল। সুদক্ষ বক্তা তৰুণ ৰাম ফুকনে অসমীয়া আৰু অসমত প্ৰচলিত অন্য দোৱানত সাৱলীল ভাষণ দিব পাৰিছিল। জীৱনৰ শেষৰ কেইটামান বছৰত ভাৰতীয় জাতীয় কংগ্ৰেছৰ লগত তৰুণ ৰাম ফুকনৰ বিৰোধ চলি আহিছিল যদিও, দেশপ্ৰেমৰ কামত তেওঁ কেতিয়াও পিছ হুঁহকি অহা নাছিল। স্বাধীনতা আন্দোলনত তেওঁ আগবঢ়োৱা সেৱাৰ বাবে ফুকনক 'দেশভক্ত' উপাধিৰে বিভূষিত কৰা হয়। তৰুণ ৰাম ফুকনে কলিকতাত পঢ়ি থকা অৱস্থাত তেওঁ চাইকেল চলাই ঘূৰা-পকা কৰিছিল৷ সেইসময়ত চাইকেল চলোৱাটো সম্ভ্ৰান্ত পৰিয়ালৰ কাম বুলি বিবেচিত হৈছিল৷ অসমলৈ উভতি আহি লগত চাইকেল এখন আনি তেওঁ গুৱাহাটীৰ ৰাজপথত চলাইছিল আৰু অসমত চাইকেল চলোৱা প্ৰথম গৰাকী ব্যক্তি হিচাপে পৰিচিতি দিব পাৰিছিল।[40][41][42]

সাহিত্য[সম্পাদনা কৰক]

তৰুণ ৰাম ফুকনে সেইসময়ৰ বিভিন্ন কাকত-আলোচনীত কবিতা-প্ৰবন্ধ আদি প্ৰকাশৰ মাধ্যমেৰে সাহিত্য সাধনা কৰিছিল। স্বাধীনতা আন্দোলনৰ বাবে গ্ৰেপ্তাৰ বৰণ কৰি শিলচৰ জেলত কাৰাবাস খাটি থকাকালতে, ১৯২০ চনত তেওঁ “স্তুতিমালা’’ নামে এলানি স্তুতি কবিতা লিখে ৷ এই সংকলনত মুঠ ৫৪টা কবিতা আছে। ১৯২৬ চনত এইখন প্ৰকাশ পায়৷[43] এপাহি ফুল (শোক-কবিতা), যৌন-তত্ত্ব (যৌন-জীৱন আৰু যৌন সমস্যাৰ ওপৰ লিখা গ্ৰন্থ), ভাষণাৱলী আৰু সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ বুলি বিবেচিত “চিকাৰ কাহিনী’’ তেওঁৰ অসমীয়া সাহিত্যলৈ অমৰ দান৷[44]

মৃত্যু[সম্পাদনা কৰক]

১৯৩৯ চনৰ ২৮ জুলাইত তেখেতৰ মৃত্যু হয়।[45] বাথৰুমলৈ গৈ দুৱাৰ বন্ধ কৰাৰ পিছতেই তেওঁ পৰি যায় আৰু অচেতন হয়, দুৱাৰ ভাঙি তেওঁক বাহিৰ কৰা হ’ল৷ ডাঃ ৰুদ্ৰ গোস্বামী, ডাঃ ভূৱনেশ্বৰ বৰুৱা দুয়ো আহি স্বাস্থ্য পৰীক্ষা কৰিলে৷ কিন্তু, ৬৩ বছৰ বয়সত,[46] ফুকনৰ বাথৰুমৰ ভিতৰতে প্ৰাণপখী উৰি যায়, চাৰি বাজি চল্লিশ মিনিটত৷[47] তেখেতৰ মৃত্যু দিনটো ২০২১ চনৰ ২৮ জুলাই তাৰিখে অসম চৰকাৰে দেশভক্তি দিৱস হিচাপে পালন কৰা হ'ব বুলি ঘোষণা কৰে।[48]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. তৰুণৰাম ফুকনৰ বৰ্ণাঢ্য জীৱন, নৰকান্ত শইকীয়া, পৃ:নং; ২, প্ৰকাশক: কৃত্তিকা লডিয়া, কৃত্তিকা প্ৰকাশন, ২০০৫
  2. বৰেণ্য অসমীয়া, পৰেশ বৈশ্য, পৃ:নং; ১২৯, চন্দ্ৰ প্ৰকাশ, ২০১৪
  3. ৰাজৰ্ষি চহৰীয়া (২৮ জুলাই, ২০২১). "দেশভক্তৰ “দেশভক্তি দিৱস'". অসমীয়া প্ৰতিদিন. https://www.asomiyapratidin.in/spcl-wrtng-on-desh-bhakta-tarun-ram-phukan-by-rajarkhi-saharia/। আহৰণ কৰা হৈছে: 27 June 2022. 
  4. দেশভক্ত তৰুণৰাম ফুকন, জিতেন্দ্ৰনাথ বুজৰবৰুৱা, পৃ:নং; ৯, সম্পা: অতুলচন্দ্ৰ হাজৰিকা, প্ৰকাশক: সতীশ চন্দ্ৰ চৌধুৰী, অসম সাহিত্য সভা, চন্দ্ৰকান্ত ভৱন, যোৰহাট
  5. তৰুণৰাম ফুকনৰ বৰ্ণাঢ্য জীৱন, নৰকান্ত শইকীয়া, পৃ:নং; ৬, প্ৰকাশক: কৃত্তিকা লডিয়া, কৃত্তিকা প্ৰকাশন, ২০০৫
  6. দেশভক্ত তৰুণৰাম ফুকন, জিতেন্দ্ৰনাথ বুজৰবৰুৱা, পৃ:নং; ১১, সম্পা: অতুলচন্দ্ৰ হাজৰিকা, প্ৰকাশক: সতীশ চন্দ্ৰ চৌধুৰী, অসম সাহিত্য সভা, চন্দ্ৰকান্ত ভৱন, যোৰহাট
  7. "Deshbhakta Tarun Ram Phukan – A True Son Of The Soil". pratidintime.com. https://www.pratidintime.com/amp/story/latest-assam-news-breaking-news-assam/deshbhakta-tarun-ram-phukan-a-true-son-of-soil। আহৰণ কৰা হৈছে: ২২ জুন ২০২২. 
  8. অসম সাহিত্য সভাৰ সভাপতি সকল, লিখক-সমীন কলিতা, পৃষ্ঠা নং-৪২
  9. দেশভক্ত তৰুণৰাম ফুকন, জিতেন্দ্ৰনাথ বুজৰবৰুৱা, পৃ:নং; ২৮, সম্পা: অতুলচন্দ্ৰ হাজৰিকা, প্ৰকাশক: সতীশ চন্দ্ৰ চৌধুৰী, অসম সাহিত্য সভা, চন্দ্ৰকান্ত ভৱন, যোৰহাট
  10. দেশভক্ত তৰুণৰাম ফুকন, জিতেন্দ্ৰনাথ বুজৰবৰুৱা, পৃ:নং; ৯, সম্পা: অতুলচন্দ্ৰ হাজৰিকা, প্ৰকাশক: সতীশ চন্দ্ৰ চৌধুৰী, অসম সাহিত্য সভা, চন্দ্ৰকান্ত ভৱন, যোৰহাট
  11. তৰুণৰাম ফুকনৰ বৰ্ণাঢ্য জীৱন, নৰকান্ত শইকীয়া, পৃ:নং; ১৯, প্ৰকাশক: কৃত্তিকা লডিয়া, কৃত্তিকা প্ৰকাশন, ২০০৫
  12. তৰুণৰাম ফুকনৰ বৰ্ণাঢ্য জীৱন, নৰকান্ত শইকীয়া, পৃ:নং; ২১, প্ৰকাশক: কৃত্তিকা লডিয়া, কৃত্তিকা প্ৰকাশন, ২০০৫
  13. দেশভক্ত তৰুণৰাম ফুকন, সৰ্বেশ্বৰ শৰ্মা কটকী, জীৱনী সংগ্ৰহ, পদ্মনাথ গোহাঞিবৰুৱা, পৃ:নং; ৯৭, অসম প্ৰকাশন পৰিষদ, ২০০৩
  14. দেশভক্ত তৰুণৰাম ফুকন, জিতেন্দ্ৰনাথ বুজৰবৰুৱা, পৃ:নং; ৬৮, সম্পা: অতুলচন্দ্ৰ হাজৰিকা, প্ৰকাশক: সতীশ চন্দ্ৰ চৌধুৰী, অসম সাহিত্য সভা, চন্দ্ৰকান্ত ভৱন, যোৰহাট
  15. দেশভক্ত তৰুণৰাম ফুকন, জিতেন্দ্ৰনাথ বুজৰবৰুৱা, পৃ:নং; ৯, সম্পা: অতুলচন্দ্ৰ হাজৰিকা, প্ৰকাশক: সতীশ চন্দ্ৰ চৌধুৰী, অসম সাহিত্য সভা, চন্দ্ৰকান্ত ভৱন, যোৰহাট
  16. সাহিত্যৰত্ন : এশ একুৰি সাহিত্যিকৰ জীৱনী, উমেশ চেতিয়া, পৃ:নং; ৫৭, প্ৰকাশক: নৱ কলিতা, কিৰণ প্ৰকাশন, ধেমাজি, ২০১৬
  17. অসমৰ কালানুক্ৰমিক ইতিহাস, ড° ৰমেশ চন্দ্ৰ কলিতা, অসম প্ৰকাশন পৰিষদ, পৃ:নং; ৭৫, ২০০৬
  18. অসমৰ কালানুক্ৰমিক ইতিহাস, ড° ৰমেশ চন্দ্ৰ কলিতা, অসম প্ৰকাশন পৰিষদ, পৃ:নং; ৭৯, ২০০৬
  19. অসমৰ কালানুক্ৰমিক ইতিহাস, ড° ৰমেশ চন্দ্ৰ কলিতা, অসম প্ৰকাশন পৰিষদ, পৃ:নং; ৮০, ২০০৬
  20. তৰুণৰাম ফুকনৰ বৰ্ণাঢ্য জীৱন, নৰকান্ত শইকীয়া, পৃ:নং; ২৩, প্ৰকাশক: কৃত্তিকা লডিয়া, কৃত্তিকা প্ৰকাশন, ২০০৫
  21. তৰুণৰাম ফুকনৰ বৰ্ণাঢ্য জীৱন, নৰকান্ত শইকীয়া, পৃ:নং; ২৪, প্ৰকাশক: কৃত্তিকা লডিয়া, কৃত্তিকা প্ৰকাশন, ২০০৫
  22. দেশভক্ত তৰুণৰাম ফুকন, সৰ্বেশ্বৰ শৰ্মা কটকী, জীৱনী সংগ্ৰহ, পদ্মনাথ গোহাঞিবৰুৱা, পৃ:নং; ৯৭, অসম প্ৰকাশন পৰিষদ, ২০০৩
  23. তৰুণৰাম ফুকনৰ বৰ্ণাঢ্য জীৱন, নৰকান্ত শইকীয়া, পৃ:নং; ২৫, প্ৰকাশক: কৃত্তিকা লডিয়া, কৃত্তিকা প্ৰকাশন, ২০০৫
  24. অসমৰ কালানুক্ৰমিক ইতিহাস, ড° ৰমেশ চন্দ্ৰ কলিতা, অসম প্ৰকাশন পৰিষদ, পৃ:নং; ৮৫, ২০০৬
  25. অসমৰ কালানুক্ৰমিক ইতিহাস, ড° ৰমেশ চন্দ্ৰ কলিতা, অসম প্ৰকাশন পৰিষদ, পৃ:নং; ৮৫, ২০০৬
  26. সৰ্বভাৰতীয় খ্যাতিসম্পন্ন নেতা দেশভক্ত তৰুণৰাম ফুকন, নবীন চন্দ্ৰ লহকৰ, অগ্ৰদূত, ২৮ জুলাই, ২০২২
  27. অসমৰ কালানুক্ৰমিক ইতিহাস, ড° ৰমেশ চন্দ্ৰ কলিতা, অসম প্ৰকাশন পৰিষদ, পৃ:নং; ৮৬-৮৭, ২০০৬
  28. তৰুণৰাম ফুকনৰ বৰ্ণাঢ্য জীৱন, নৰকান্ত শইকীয়া, পৃ:নং; ২৭, প্ৰকাশক: কৃত্তিকা লডিয়া, কৃত্তিকা প্ৰকাশন, ২০০৫
  29. অসমৰ কালানুক্ৰমিক ইতিহাস, ড° ৰমেশ চন্দ্ৰ কলিতা, অসম প্ৰকাশন পৰিষদ, পৃ:নং; ৮৯, ২০০৬
  30. তৰুণৰাম ফুকনৰ বৰ্ণাঢ্য জীৱন, নৰকান্ত শইকীয়া, পৃ:নং; ৩১, প্ৰকাশক: কৃত্তিকা লডিয়া, কৃত্তিকা প্ৰকাশন, ২০০৫
  31. ১৯১৭ চনৰ পৰা অসম সাহিত্য সভাৰ সভাপতিসকলৰ তালিকা Archived 2013-01-29 at the Wayback Machine অসম সাহিত্য সভাৰ ৱেবছাইট, আহৰণ: ১৮ নৱেম্বৰ, ২০১২।
  32. অসমৰ কালানুক্ৰমিক ইতিহাস, ড° ৰমেশ চন্দ্ৰ কলিতা, অসম প্ৰকাশন পৰিষদ, পৃ:নং; ৯৪, ২০০৬
  33. দেশভক্ত তৰুণৰাম ফুকন, জিতেন্দ্ৰনাথ বুজৰবৰুৱা, পৃ:নং; ৩৭, সম্পা: অতুলচন্দ্ৰ হাজৰিকা, প্ৰকাশক: সতীশ চন্দ্ৰ চৌধুৰী, অসম সাহিত্য সভা, চন্দ্ৰকান্ত ভৱন, যোৰহাট
  34. তৰুণৰাম ফুকনৰ বৰ্ণাঢ্য জীৱন, নৰকান্ত শইকীয়া, পৃ:নং; ৩৬, প্ৰকাশক: কৃত্তিকা লডিয়া, কৃত্তিকা প্ৰকাশন, ২০০৫
  35. দেশভক্ত তৰুণৰাম ফুকন, সৰ্বেশ্বৰ শৰ্মা কটকী, জীৱনী সংগ্ৰহ, পদ্মনাথ গোহাঞিবৰুৱা, পৃ:নং; ৯৭, অসম প্ৰকাশন পৰিষদ, ২০০৩
  36. দেশভক্ত তৰুণৰাম ফুকন, সৰ্বেশ্বৰ শৰ্মা কটকী, জীৱনী সংগ্ৰহ, পদ্মনাথ গোহাঞিবৰুৱা, পৃ:নং; ১০১, অসম প্ৰকাশন পৰিষদ, ২০০৩
  37. দেশভক্ত তৰুণৰাম ফুকন, জিতেন্দ্ৰনাথ বুজৰবৰুৱা, পৃ:নং; ২৬, সম্পা: অতুলচন্দ্ৰ হাজৰিকা, প্ৰকাশক: সতীশ চন্দ্ৰ চৌধুৰী, অসম সাহিত্য সভা, চন্দ্ৰকান্ত ভৱন, যোৰহাট
  38. দেশভক্ত তৰুণৰাম ফুকন, সৰ্বেশ্বৰ শৰ্মা কটকী, জীৱনী সংগ্ৰহ, পদ্মনাথ গোহাঞিবৰুৱা, পৃ:নং; ৯৯, অসম প্ৰকাশন পৰিষদ, ২০০৩
  39. এৰি অহা দিনবোৰ, নলিনীবালা দেৱী, পৃ:নং;১২৫, প্ৰকাশক: খগেন্দ্ৰ নাৰায়ণ দত্তবৰুৱা, লয়াৰ্ছ বুক ষ্টল, ১৯৭৬
  40. বৰেণ্য অসমীয়া, পৰেশ বৈশ্য, পৃ:নং;১৩০, চন্দ্ৰ প্ৰকাশ, ২০১৪
  41. চন্দ্ৰমা বৰকটকী. "জীৱনৰ গতি". সাহিত্য মাধুৰী অষ্টম ভাগ. চি এণ্ড পি এণ্টাৰপ্ৰাইজেচ্. পৃষ্ঠা. ১৩. 
  42. দেশভক্ত তৰুণৰাম ফুকন, সৰ্বেশ্বৰ শৰ্মা কটকী, জীৱনী সংগ্ৰহ, পদ্মনাথ গোহাঞিবৰুৱা, পৃ:নং; ১০১, অসম প্ৰকাশন পৰিষদ, ২০০৩
  43. তৰুণৰাম ফুকনৰ বৰ্ণাঢ্য জীৱন, নৰকান্ত শইকীয়া, পৃ:নং; ২৯, প্ৰকাশক: কৃত্তিকা লডিয়া, কৃত্তিকা প্ৰকাশন, ২০০৫
  44. তৰুণৰাম ফুকনৰ বৰ্ণাঢ্য জীৱন, নৰকান্ত শইকীয়া, পৃ:নং; ৩১, প্ৰকাশক: কৃত্তিকা লডিয়া, কৃত্তিকা প্ৰকাশন, ২০০৫
  45. অসম সাহিত্য সভাৰ সভাপতি সকল,সমীন কলিতা
  46. দেশভক্ত তৰুণৰাম ফুকন, সৰ্বেশ্বৰ শৰ্মা কটকী, জীৱনী সংগ্ৰহ, পদ্মনাথ গোহাঞিবৰুৱা, পৃ:নং; ১০১, অসম প্ৰকাশন পৰিষদ, ২০০৩
  47. দেশভক্ত তৰুণৰাম ফুকন, জিতেন্দ্ৰনাথ বুজৰবৰুৱা, পৃ:নং; ৬৬, সম্পা: অতুলচন্দ্ৰ হাজৰিকা, প্ৰকাশক: সতীশ চন্দ্ৰ চৌধুৰী, অসম সাহিত্য সভা, চন্দ্ৰকান্ত ভৱন, যোৰহাট
  48. "Deshbhakta Tarun Ram Phukan". amritmahotsav.nic.in. https://amritmahotsav.nic.in/unsung-heroes-detail.htm?453। আহৰণ কৰা হৈছে: ২২ জুন ২০২২. 
  1. Acharya, (Dr.) N.N., Glories of Assam, Bina Library, Guwahati