অতুল চন্দ্ৰ বৰুৱা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search


অতুলচন্দ্ৰ বৰুৱা
জন্ম ২৯ মে, ১৯১৬চন
মাৰৈ গাওঁ, দৰং, অসম
মৃত্যু ২৫ ডিচেম্বৰ, ২০০১ চন
পেচা প্ৰশাসনিক বিষয়া, গল্পকাৰ, প্ৰবন্ধকাৰ
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়

অতুলচন্দ্ৰ বৰুৱা (ইংৰাজী: Atul Chandra Barua) (১৯১৬-২০০১) সাহিত্যকা আৰু সাহিত্য সমালোচক অতুল চন্দ্ৰ বৰুৱা এগৰাকী চৰকাৰী প্ৰশাসনিক বিষয়া আছিল। ১৯৭৯ চনত শুৱালকুছিত অনুষ্ঠিত হোৱা ৪৬ তম অসম সাহিত্য সভাৰ বাৰ্ষিক অধিৱেশনৰ সভাপতি হিচাপে কাৰ্যনিবাহ কৰিছিল।[1]


জন্ম আৰু শিক্ষা[সম্পাদনা কৰক]

অতুলচন্দ্ৰ বৰুৱা দেৱৰ জন্ম হয় ১৯১৬ চনৰ ২৯ মে'ত দৰং জিলাৰ মাৰৈ গাঁৱত। তেওঁ প্ৰাথমিক শিক্ষা মাৰৈ গাঁৱত গ্ৰহন কৰে। ১৯৩৬ চনত তেঁও মংগলদৈ চৰকাৰী হাইস্কুলৰ পৰা প্ৰথম বিভাগত মেট্ৰিক পাছ কৰে ৷ তাৰ পাছত তেঁও ১৯৪০ চনত কটন কলেজৰ পৰা স্নাতক পৰীক্ষাত উত্তীৰ্ণ হয় ৷ ১৯৪৪ চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে ৷[2]

চাকৰি জীৱন[সম্পাদনা কৰক]

অতুল চন্দ্ৰ বৰুৱাদেৱে শিক্ষকতাৰে নিজৰ চাকৰি জীৱনৰ পাতনি মেলে ৷১৯৩৭ চনৰ পৰা ১৯৪০ চনৰ ভিতৰত তেঁও ছিপাঝাৰ হাইস্কুল, পাথৰিঘাট এম.ই স্কুল আৰু মংগলদৈ স্কুলত শিক্ষকতা কৰে ৷ ১৯৪৩ চনৰ পৰা ১৯৪৯ চনলৈ শ্বিলং অসম সচিবালয়ত চাকৰি কৰে ৷১৯৪৯ চনত তেঁও এ.চি.এছ পৰীক্ষাত উত্তীৰ্ণ হয় ৷১৯৫০ চনৰ পৰা ১৯৫৩ চনলৈকে তেঁও ৰঙিয়াত এছ.ডি.চি নিযুক্ত হয় ৷ ১৯৫৩ চনৰ পৰা ১৯৫৮ চনলৈকে তেঁও গুৱাহাটীত এছ.ডি.চি আৰু এছিষ্টেণ্ট ছেটলমেণ্ট অফিচাৰ হিচাপে কাৰ্য্যনিবাহ কৰে ৷ ১৯৬৯-৭০ চনত তেজপুৰৰ সদৰ এছ ডি ও আৰু ১৯৭১-৭২ চনত এপেক্স মাৰ্কেটিং চ'ছাইটিৰ মেনেজিং ডাইৰেক্টৰ নিৰ্বাচিত হয় ৷ ১৯৭২-৭৪ চনৰ সময়ছোৱাত তেঁও কামৰূপ জিলাৰ এ.ডি.চি আৰু ১৯৭৪ চনত কামৰূপ জিলাৰ অতিৰিক্ত উপায়ুক্ত ৰূপে অৱসৰ গ্ৰহণ কৰে ৷[3]

সামাজিক কৰ্ম[সম্পাদনা কৰক]

বৰুৱাদেৱ ১৯৪৫ চনৰ ১৪ জানুৱাৰীত জন্ম হোৱা শ্বিলং মুকুল সংঘৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল ৷১৯৭৭-৭৯ চনত তেঁও দৰং জিলা সাহিত্য সভাৰ সভাপতি নিৰ্বাচিত হয় ৷১৯৮৮-৯৩ চনৰ সময়ছোৱাত তেঁও অসমীয়া চলন্ত ‍অভিধান প্ৰণয়ন সমিতিৰ সহকাৰী সম্পাদক নিৰ্বাচিত হয় ৷[4]

সাহিত্যিক অৱদান[সম্পাদনা কৰক]

  1. সাহিত্যৰ ৰূপৰেখা,
  2. শৰত্চন্দ্ৰ গোস্বামীৰ চমু জীৱনী,
  3. প্ৰজাপতিৰ নিবন্ধ,
  4. সমালোচনা সাহিত্য,
  5. ভূমি আৰু জীৱন,
  6. অসমীয়া কাব্যত প্ৰেমৰ বোৱঁতী সুতি,
  7. মদন আৰু বসন্ত,
  8. লোক দেৱতা শিৱ,
  9. সাহিত্য-জীৱন,
  10. সাহিত্য দৃষ্টি,
  11. নবী কথা,
  12. ডাকে বোলে শুনা উপায়,
  13. গল্প ভাৰতী,
  14. মনসা কাব্য আৰু ওজাপালি,
  15. বাগ্মীনেতা দেশভক্ত ফুকন,
  16. অসমীয়া অভিধান আৰু ভাষা,
  17. ছন্দশিল্পী ভোলানাথ দাস,
  18. অসমীয়া লোক সাহিত্য,
  19. সানমিহলি,
  20. নৱৰত্ন,
  21. পুৰণি পুথিৰ সাধু,
  22. সন্ধিয়াৰ সাধু,
  23. খেলি-মেলি,
  24. মহাপুৰুষ শংকৰদেৱ,
  25. কাব্যপ্ৰভা,
  26. অতীত আৰু বৰ্তমান,
  27. মধ্যবিংশ শতিকাৰ অসমীয়া সাহিত্য,
  28. ভোলানাথ দাসৰ ৰচনাৱলী,
  29. ৰঘুনাথ চৌধাৰীৰ ৰচনাৱলী,
  30. অতুলচন্দ্ৰ বৰুৱাৰ ৰচনাৱলী, (১ম আৰু ২য় খণ্ড)

মৃত্যু[সম্পাদনা কৰক]

অতুলচন্দ্ৰ বৰুৱা দেৱৰ ২০০১ চনৰ ২৫ ডিচেম্বৰত মৃত্যু হয়।


তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. ত্ৰিদিপ গোস্বামী. পদ্মনাথ গোহাঞি বৰুৱাৰ পৰা ৰংবং তেৰাঙলৈ. অনন্ত হাজৰিকা, বনলতা প্ৰকাশন. পৃষ্ঠা. ১৩৭, ১৩৮. 
  2. অসম সাহিত্য সভাৰ সভাপতি সকল,সমীন কলিতা
  3. অসম সাহিত্য সভাৰ সভাপতি সকল,সমীন কলিতা
  4. অসম সাহিত্য সভাৰ সভাপতি সকল,সমীন কলিতা