তৰুণ ৰাম ফুকন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
তৰুণ ৰাম ফুকন

১৯৭৭ চনত প্ৰকাশ পোৱা ডাকটিকটত তৰুণৰাম ফুকন
জন্ম ১৮৭৭ চন
ভৰলুমুখ, গুৱাহাটী, অসম
মৃত্যু ১৯৩৯ চন
পেচা ভাৰতৰ স্বাধীনতা আন্দোলনৰ নেতা
দাম্পত্যসঙ্গী বিদ্যুৎপ্ৰভা

তৰুণ ৰাম ফুকন (ইংৰাজী: Tarun Ram Phukan; ১৮৭৭ – ১৯৩৯) ভাৰতৰ স্বাধীনতা আন্দোলনৰ নেতা আছিল। তেখেত এগৰাকী সুদক্ষ বক্তা আছিল। স্বাধীনতা আন্দোলনত তেওঁ আগবঢ়োৱা সেৱাৰ বাবে ফুকনক দেশভক্ত উপাধিৰে বিভূষিত কৰা হয়।

জন্ম আৰু শিক্ষা[সম্পাদনা কৰক]

গুৱাহাটীভৰলুমুখত ১৮৭৭ চনৰ ২২ জানুৱাৰীত তৰুণ ৰাম ফুকনৰ জন্ম হৈছিল। তেখেতৰ পিতৃৰ নাম বলৰাম ফুকন আৰু মাতৃ ভাগীৰথী। দেউতাক বলৰাম ফুকন এজন নিপুণ চিকাৰী আছিল। পেছাগতভাৱে তেওঁ বিজনীৰ ৰজাৰ দেৱান আছিল। তদুপৰি তেওঁৰ হাতীৰ মহল আৰু ব্যৱসায় আছিল। জীৱনৰ প্ৰথমছোৱাত তেখেতে ঘৰতেই গুৰুৰ অধীনত সংস্কৃত শিক্ষা গ্ৰহণ কৰিছিল। পাছত গুৱাহাটীৰ কলেজিয়েট স্কুলত (Collegiate School) নাম লগাই, সেই স্কুলৰপৰা প্ৰবেশিকা পৰীক্ষাত উত্তীৰ্ণ হয় ১৮৯২ চনত। কলিকতাপ্ৰেছিডেন্সী কলেজৰপৰা তেওঁ এফ এ পাছ কৰি বি এ উত্তীৰ্ণ নোহোৱাকৈয়ে, তেখেতে লণ্ডনত ওকালতি স্নাতকৰ (Barrister-at-Law) অধ্যয়নৰ বাবে যায়। তেখেত আছিল অসমৰ তৃতীয়জন বেৰিষ্টাৰ।[1]

কৰ্মজীৱন[সম্পাদনা কৰক]

লণ্ডনৰপৰা উভতি আহি তেখেতে কিছুদিন কলিকতাত ওকালতি কৰিবলৈ লয়। পাছত গুৱাহাটীলৈ উভতি আহি ওকালতি আৰম্ভ কৰে। ১৯১৪ চনৰ পৰা গুৱাহাটীৰ আৰ্ল ল কলেজত (Earle Law College) কিছুদিন শিক্ষকতা কৰে। ডিব্ৰুগড়ৰ পৰশুৰাম খাউণ্ডৰ জীয়ৰী বিদ্যুৎপ্ৰভাৰ লগত তেখেতৰ বিবাহ সম্পন্ন হয়।

১৯১৪ চনত তৰুণ ৰাম ফুকনে ভাৰতৰ স্বাধীনতা সংগ্ৰামত যোগ দিয়ে।

১৯১৭ চনত মণ্টেগু সংস্কাৰ সমিতিৰ ওচৰলৈ যোৱা প্ৰতিনিধি দলটোৰ এগৰাকী সদস্য আছিল তৰুণ ৰাম ফুকন। তেওঁলোকে অসমৰ বাবে স্বায়ত্ত্ব শাসনৰ দাবী তুলিছিল।

মহাত্মা গান্ধীয়ে আৰম্ভ কৰা অসহযোগ আন্দোলনলৈ তেখেতে সমৰ্থন আগবঢ়ায়। ১৯২২ চনত মহাত্মা গান্ধী অসমলৈ আহোঁতে তেখেতৰ ভৰলুমুখৰ ঘৰতে আলহী হৈছিল। ১৯২২ চনত প্ৰথমবাৰৰ তৰুণ ৰাম ফুকনক স্বাধীনতা সংগ্ৰামত জড়িত থকাৰ বাবে গ্ৰেপ্তাৰ কৰা হয়।

১৯২৩ চনত তৰুণ ৰাম ফুকনে দেশবন্ধু চিত্তৰঞ্জন দাস আৰু মতিলাল নেহৰুৱে গঠন কৰা স্বৰাজ দলত যোগদান কৰে। স্বৰাজ দলে ব্ৰিটিছ শাসনৰপৰা অধিক স্বায়ত্ত-শাসন আৰু ৰাজনৈতিক স্বাধীনতা বিচাৰিছিল। কংগ্ৰেছৰ লগত আদৰ্শমূলক সংঘাতৰ বাবে এই দল কংগ্ৰেছৰপৰা আঁতৰি আহে। তৰুণ ৰাম ফুকনে অসমত এই দলৰ গুৰি ধৰিছিল। স্বৰাজ দলে ব্ৰিটিছে প্ৰণয়ন কৰা 'আঞ্চলিক আৰু কেন্দ্ৰীয় শাসন পৰিষদ'ৰ (Provincial and Central Legislative Council) ধাৰণা মানি লৈছিল। তৰুণ ৰাম ফুকন কেন্দ্ৰীয় পৰিষদৰ সভ্য হিচাপে পোন্ধৰ বছৰ কাৰ্যনিৰ্বাহ কৰিছিল। মহাত্মা গান্ধীৰ অনুৰোধ মৰ্মে আদৰ্শগত মতবিৰোধ সত্ত্বেও 'স্বৰাজ দল' কংগ্ৰেছৰে এটা শাখা হিচাপে আছিল।

১৯২৬ চনত অসমত হোৱা ভাৰতীয় জাতীয় কংগ্ৰেছৰ মহাসভাক সফল কৰিবলৈ অন্যন্য নেতাৰ সতে তৰুণ ৰাম ফুকনেও দেহে-কেহে কষ্ট কৰিছিল।

১৯২৭ চনৰ অসম সাহিত্য সভাগোৱালপাৰা অধিৱেশনত তেখেতে সভাপতিত্ব কৰিছিল।[2] পাছলৈ তেখেতে অসম সাহিত্য সভাৰ সম্পাদকৰ দায়িত্ব লয় আৰু সভাৰ কাৰ্য্যপন্থাক নৰম-পন্থাৰপৰা চৰম-পন্থালৈ ৰূপান্তৰিত কৰে।

১৯৩২ চনত মদন মোহন মালৱীয়ৰ নেতৃত্বত গঢ় লৈ উঠে 'ৰাষ্ট্ৰবাদী কংগ্ৰেছ দল' (Congress Nationalist Party)। তৰুণ ৰাম ফুকন আৰু ৰোহিনী কুমাৰ চৌধুৰীয়ে এই দলত যোগদান কৰে।

১৯৩৬ চনত 'ভাৰত চৰকাৰ আইন'ৰ (Government of India Act, 1935) অধীনত হোৱা 'সাধাৰণ নিৰ্বাচন'ৰ সময়ত তৰুণ ৰাম ফুকনে 'ইউনাইটেড পিপুলছ পাৰ্টি' (United People's Party) গঠন কৰে। অসমৰ কেবাগৰাকী নেতাই তেখেতক সমৰ্থন আগবঢ়াইছিল।

১৯৩৮ চনত ছাদুল্লা চৰকাৰে পদত্যাগ কৰাৰ পাছত গোপীনাথ বৰদলৈৰ নেতৃত্বত সন্মিলিত চৰকাৰ (Coalition Government) গঠন কৰাত তৰুণ ৰাম ফুকনে বিশেষ কূটনৈতিক ভূমিকা গ্ৰহণ কৰিছিল।

অন্যান্য অৱদান[সম্পাদনা কৰক]

তৰুণ ৰাম ফুকনক অসমৰ মানুহে দেশবন্ধু বুলি সন্মান দিছিল। ডেকা সকলক ভাৰতৰ স্বাধীনতা সংগ্ৰামলৈ উদ্বুদ্ধ কৰাত তেখেতৰ অৱদান আছিল উল্লেখনীয়। ডেকা নেতাসকলত তৈয়াৰ কৰাতো তেখেতে যথেষ্ট অৰিহণা যোগাইছিল। অসমীয়াৰ বাহিৰেও তেখেতে উড়িয়া, হিন্দী, বঙালী, সংস্কৃত, ফাৰ্ছী আৰু উৰ্দু ভাষাত লিখা-মেলা কৰিব পাৰিছিল। সুদক্ষ বক্তা তৰুণ ৰাম ফুকনে অসমীয়া আৰু অসমত প্ৰচলিত অন্য দোৱানত সাৱলীল ভাষণ দিব পাৰিছিল। জীৱনৰ শেষৰ কেইটামান বছৰত ভাৰতীয় জাতীয় কংগ্ৰেছৰ লগত তৰুণ ৰাম ফুকনৰ বিৰোধ চলি আহিছিল যদিও, দেশপ্ৰেমৰ কামত তেওঁ কেতিয়াও পিছ হুঁহকি অহা নাছিল। স্বাধীনতা আন্দোলনত তেওঁ আগবঢ়োৱা সেৱাৰ বাবে ফুকনক 'দেশভক্ত' উপাধিৰে বিভূষিত কৰা হয়।

তৰুণ ৰাম ফুকনে কলিকতাত পঢ়ি থকা অৱস্থাত কলিকতাৰ ৰাজ পথত চাইকেল চলোৱা প্ৰথম গৰাকী অসমীয়া আছিল।[3]

সাহিত্য[সম্পাদনা কৰক]

তৰুণ ৰাম ফুকনে সেইসময়ৰ বিভিন্ন কাকত-আলোচনীত কবিতা-প্ৰবন্ধ আদি প্ৰকাশৰ মাধ্যমেৰে সাহিত্য সাধনা কৰিছিল। উল্লেখযোগ্য পুথি হ'ল- চিকাৰ কাহিনী প্ৰথম অসমীয়া চিকাৰ কাহিনীৰ কিতাপ, স্ততিমালা তেওঁৰ একমাত্ৰ কবিতা পুথি, ইয়াৰোপৰি তেওঁ যৌনতত্ত্ব মূলক গ্ৰন্থ ৰচনা কৰিছিল। তেওঁৰ কিছুমান কবিতা অতুলচন্দ্ৰ হাজৰিকাই সম্পাদনা কৰা মৰহা ফুলৰ পাপৰি কাব্য সংকলন খনত প্ৰকাশ হৈছে।

মৃত্যু[সম্পাদনা কৰক]

১৯৩৯ চনৰ ২৮ জুলাইত তেখেতৰ মৃত্যু হয়।[4] তেখেতৰ মৃত্যু দিনটো ২০২১ চনৰ ২৮ জুলাই তাৰিখে অসম চৰকাৰে দেশভক্তি দিৱস হিচাপে পালন কৰা হ'ব বুলি ঘোষণা কৰে।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. অসম সাহিত্য সভাৰ সভাপতি সকল, লিখক-সমীন কলিতা, পৃষ্ঠা নং-৪২
  2. ১৯১৭ চনৰ পৰা অসম সাহিত্য সভাৰ সভাপতিসকলৰ তালিকা অসম সাহিত্য সভাৰ ৱেবছাইট, আহৰণ: ১৮ নৱেম্বৰ, ২০১২।
  3. চন্দ্ৰমা বৰকটকী. "জীৱনৰ গতি". সাহিত্য মাধুৰী অষ্টম ভাগ. চি এণ্ড পি এণ্টাৰপ্ৰাইজেচ্. পৃষ্ঠা. ১৩. 
  4. অসম সাহিত্য সভাৰ সভাপতি সকল,সমীন কলিতা
  5. Acharya, (Dr.) N.N., Glories of Assam, Bina Library, Guwahati