১৮ ডিচেম্বৰ
নেভিগেশ্যনলৈ যাওক
সন্ধানলৈ যাওক
১৮ ডিচেম্বৰ (ইংৰাজী: 18 December) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৩৫২ তম (অধিবৰ্ষত ৩৫৩ তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৩টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -
ঘটনাৰাজি[সম্পাদনা কৰক]
- বিশ্বৰ প্ৰথমটো দূৰ-সংযোগ উপগ্ৰহ আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা এটলাচ নামৰ ৰকেটৰ দ্বাৰা উৎক্ষেপন কৰা হয় ১৯৫৮ চনৰ আজিৰ দিনটোত।
- ২০১৪ চনৰ আজিৰ দিনটোত ভাৰতী মহাকাশ গৱেষণা সংস্থা (ইছৰ')য়ে নিজৰ ভৱিষ্যৎ প্ৰজন্মৰ প্ৰক্ষেপণ বাহন জি.এছ.এল.ভি.-III ৰ পৰীক্ষামূলক উৰণ শ্ৰীহৰিকোটাৰ শতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ পৰা সফলতাৰে সমাপ্ত কৰে।
- ভাৰতী মহাকাশ গৱেষণা সংস্থা (ইছৰ')য়ে নিজৰ মহাকাশ যাত্ৰী কঢ়িয়াই নিব লগীয়া ম'দ্যুল (চমুকৈ ইংৰাজীত কেয়াৰ)ৰ পৰীক্ষা সম্পন্ন কৰে ২০১৪ চনৰ আজিৰ দিনটোত।
জন্ম[সম্পাদনা কৰক]
- ১৯৫৫ চনৰ আজিৰ দিনটোত প্ৰসিদ্ধ ভাৰতীয় ব্যৱসায়ী বিজয় মাল্যৰ জন্ম হৈছিল।
- প্ৰখ্যাত হলীউদ চিত্ৰ নিৰ্মাতা ষ্টীভেন এলেন স্পিলবাৰ্গ ১৯৪৬ চনৰ আজিৰ দিনটোত জন্মিছিল। তেওঁ জ্যুৰাছিক পাৰ্ক ছবিখনৰ বাবে বিখ্যাত।
মৃত্যু[সম্পাদনা কৰক]
- ১৯৩৬ চনৰ আজিৰ দিনটোতে " অগ্নিকবি " কমলাকান্ত ভট্ৰাচাৰ্যৰ মৃত্যু হৈছিল।
- "পৃথিৱীৰ মৰম"ৰ স্ৰষ্টা , সাহিত্যিক যতীন্দ্ৰ কুমাৰ বৰগোহাঞিৰ মৃত্যু হৈছিল ২০১৩ চনৰ আজিৰ দিনটোতে।
দিৱস[সম্পাদনা কৰক]
- আজি জাতীয় চেতনা দিৱস। " অসম কেশৰী " অম্বিকাগিৰি ৰায়চৌধুৰীৰ প্ৰতি সন্মান জনাই আজিৰ পৰা ০২ জানুৱাৰীলৈ " অসমীয়া জাতীয় জীৱন সংগঠন পষেক " পালন কৰা হয়।
- ৰাষ্ট্ৰসংঘৰ উদ্যোগত আজি বিভিন্ন দেশত আন্তঃৰাষ্ট্ৰীয় অধিবাসী দিৱস পালন কৰা হ্য়।
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
![]() |
ৱিকিমিডিয়া কমন্সত ১৮ ডিচেম্বৰ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- বিবিচি: এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা
- দ্য নিউয়ৰ্ক টাইমচ, এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা
- ইছৰ'ৰ প্ৰেছ বিজ্ঞপ্তি
|