ঘাসীদাস

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
গুৰু ঘাসীদাস
জন্ম ১৮ ডিচেম্বৰ ১৭৫৬
গিৰৌদপুৰী, ছতীশগঢ়, ভাৰত
মৃত্যু ১৮৫০
স্মৃতিচিহ্ন জৈতখাম
ৰাষ্ট্ৰীয়তা ভাৰতীয়
অন্য নাম সৎগুৰু
উত্তৰসূৰী গুৰু বালকদাস
দাম্পত্যসঙ্গী সফুৰা মাতা
সন্তান সহোদ্ৰা মাতা, গুৰু অমৰদাস, গুৰু বালকদাস
পিতৃ-মাতৃ মহংগুদাস , মাতৃ অমৰৌতিন


শ্ৰীশ্ৰীঘাসীদাস বাবা (ইংৰাজী: Ghasidas, ১৭৫৬-১৮৫০) সৎনাম ধৰ্মৰ প্ৰৱৰ্তক তথা সৎনামী সমাজৰ গুৰু।

জন্ম[সম্পাদনা কৰক]

সন্ত শিৰোমণি গুৰু ঘাসীদাস বাবাৰ জন্ম মধ্য ভাৰতছতীশগঢ় ৰাজ‍্যৰ বলৌদাবজাৰ জিলাৰ অন্তৰ্গত গিৰৌদপুৰী গাঁৱত ১৮ ডিচেম্বৰ ১৭৫৬ চনত হৈছিল। তেখেতৰ পিতৃৰ নাম মহংগুদাস আৰু মাতৃৰ নাম অমৰৌতিন আছিল।[1] তেওঁৰ বাল‍্যকালৰ নাম আছিল ঘাচিয়া, কিন্তু সকলোৱে তেওঁক মৰমেৰে 'ঘাচী' বুলি মাতিছিল।

বাল‍্যকাল আৰু শিক্ষা[সম্পাদনা কৰক]

গুৰু ঘাসীদাসৰ যেতিয়া ৬ বছৰ বয়স আছিল, তেতিয়া তেওঁৰ পিতৃ মহংগুদাসে নামভৰ্তি কৰাবৰ কাৰণে ইংৰাজ স্কুললৈ নিছিল, সেই সময়ত ভাৰতবৰ্ষত ইংৰাজৰ শাসন চলি আছিল। সমগ্ৰ ভাৰতত মনুৰ মনুস্মৃতিৰ বিধান চলি আছিল, সমাজত জাত - পাত, উচ্চ - নীচ, ঠগ - প্ৰৱঞ্চনা, আড়ম্বৰ, বলি পূজা, নৰবলি দিয়া, নাৰীক ডাইনী সজাই হেয় জ্ঞান কৰা আদি প্ৰথা প্ৰচলিত আছিল। জাতি ভেদ - ভাৱ ব‍্যৱস্থাৰ কাৰণে গুৰু ঘাসীদাসক স্কুলত ভৰ্তি নকৰিলে। সেই সময়ত ছতীশগঢ়ত হাজাৰৰ সংখ‍্যাত ডকাইতৰ দলে দপদপাই আছিল, গাওঁ সমূহ জ্বলাই দিছিল, তেওঁলোকৰ ওচৰলৈ যিয়েই আহিছিল তেওঁক লুটপাত কৰিছিল, এনেদৰে চাৰিওফালে দুখ - দুৰ্গতিৰে ভৰি আছিল। গুৰু ঘাসীদাস স্কুলত ভৰ্তি হ'বলৈ নোপোৱাৰ কাৰণে জন্তু চৰোৱা কাম কৰিবলৈ ধৰিলে। এদিনাখন গুৰু ঘাসীদাস এজোপা গছৰ তলত বহি আছিল আৰু যেতিয়া তেওঁ চকু মেলিলে তেতিয়া গাই, গৰু, ম'হ, ছাগলী, বাঘ, ভালুক আদি জন্তুবোৰক কোনো ভেদভাৱ নথকাকৈ একেলগে জুম পাতি বহি থকা দেখা পালে। ইয়ে গুৰু ঘাসীদাসক গভীৰ প্ৰভাৱ পেলালে আৰু এই সম্পৰ্কে নিজৰ পিতৃ মহংগুদাসক সুধিলে যে-এই জন্তুবোৰৰ দৰে সকলো গাওঁবাসী একেলগে কোনো ভেদভাৱ নথকাকৈ থাকিব নোৱাৰেনে ? তেওঁৰ উত্তৰত পিতৃয়ে ক'লে যে যেতিয়া তুমি ডাঙৰ হ'বা তেতিয়া একেলগ কৰি দিবা। ইয়াৰ পৰাই গুৰু ঘাসীদাসৰ তৰ্ক জ্ঞান চিন্তা আৰম্ভ হয়।[2]

বিবাহ আৰু কৰ্ম জীৱন[সম্পাদনা কৰক]

গুৰু ঘাসীদাসৰ বিবাহ কিশোৰ অৱস্থাত সিৰপুৰৰ সফুৰা মাতাৰ লগত হৈছিল। তেওঁ বিভিন্ন প্ৰকাৰে মানুহক বুজাবলৈ ধৰিলে, য'তেই মানুহ লগ পাইছিল তাতেই বুজাবলৈ লৈছিল, কিন্তু মানুহে তেওঁৰ কথা শুনা নাছিল। পিছলৈ গুৰু ঘাসীদাসে জগজীৱন দেৱক নিজৰ গুৰু হিচাপে বৰন কৰিলে আৰু সৎনাম মাৰ্গত আগুৱাই গ'ল। সেই সময়ত সমাজত যাদু-মন্ত্ৰ, ভূত-প্ৰেত, মূৰ্তি পূজাৰ নামত অন্ধবিশ্বাস ব‍্যাপি আছিল। গুৰু ঘাসীদাসে নিজৰ গুৰুৰ আজ্ঞানুসৰি অন্তৰ্ধ‍্যানৰ পথ বাচি ল'লে আৰু গিৰৌদপুৰীৰ পাহাৰত কেইবামাহ ধৰি সৎনামৰ অন্তৰ্ধ‍্যান কৰিবলৈ ধৰিলে।[3] কিন্তু মানুহৰ কাৰণে অসুবিধা হোৱাত ঘৰ-সংসাৰৰ দায়িত্ব সফুৰা মাতাৰ ওপৰত অৰ্পণ কৰি এবছৰৰ বাবে গিৰৌদপুৰীৰ পৰা ৩ কিলোমিটাৰ ভিতৰ জংঘললৈ গ'ল। সেই সময়ত সম্পূৰ্ণ ছতীশগঢ় এলেকা বাঘ, ভালুক আদি বন‍্য জন্তুৰে ভৰি আছিল। ঘাসীদাস গুৰুৱে জংঘলৰ ভিতৰত ডাঙৰ ছতনুমা শিলৰ তলত ছমাহ ধৰি অন্তৰ্ধ‍্যান কৰিলে আৰু নিজৰ সাতোটা কুণ্ডলীক জাগ্ৰত কৰিলে। তাৰ পিছত তেখেতৰ শৰীৰত অপাৰ শক্তি আৰু জ্ঞান প্ৰৱাহিত হ'বলৈ ধৰিলে। গুৰু ঘাসীদাসদেৱে জীৱনৰ উৎপত্তিৰ ৰহস্য আৰু ব‍্যাপ্ত সকলো মায়াজালৰ বিষয়ে জানিলে। গুৰু ঘাসীদাস যেতিয়া ঘৰলৈ উভতি আহিল তেতিয়া তেওঁ গম পালে যে সফুৰা মাতা তেওঁৰ আশাত ছমাহ ধৰি খোৱা-বোৱা ত‍্যাগ কৰি দিছে আৰু সমাধি লৈছে। তেওঁ অচেতন অৱস্থাত আছে আৰু উশাহ-নিশাহ বন্ধ হৈ আছে। কিন্তু তেওঁ কৈছে যে, মোৰ স্বামী ঘাসীদাস নহালৈকে মোক সম্পূৰ্ণৰূপে সমাধিস্থ নকৰিব। গাঁওবাসীৰ ভাষ‍্য শুনাৰ পিছত ঘাসীদাসদেৱে বুজি পালে আৰু গাঁওবাসীক লগত লৈ সফুৰা মাতাৰ শৱৰ ফালে আগবাঢ়ি গ'ল। তেওঁ ক'লে যে সফুৰা মাতাৰ মৃত্যু হোৱা নাই, ধ‍্যানৰ অৱস্থাত আছে। গুৰু ঘাসীদাসে সফুৰা মাতাক সমাধিৰ পৰা বাহিৰলৈ উলিয়ালে আৰু ধ‍্যানৰ পৰা জাগ্ৰত কৰিলে। এনেদৰেই মানুহৰ দুখ-দুৰ্গতি আৰু বিভিন্ন সমস্যাৰ সমাধান কৰিলে আৰু মানুহবোৰ সৎনাম মাৰ্গৰ অনুগামী হ'বলৈ ধৰিলে। তেওঁ ১৮ শতিকাত সৎনাম আন্দোলন চলাইছিল আৰু সম্পূৰ্ণ এলেকাত মানুহক উপদেশ দিবলৈ ধৰিলে, যাক সৎনাম সন্দেশ আৰু অমৰবাণী নামেৰে জনা যায়। ঘাসীদাসদেৱে বিভিন্ন প্ৰকাৰে সৎনামৰ প্ৰচাৰ কৰিলে আৰু সমাজত থকা সকলো কু-প্ৰথা বন্ধ কৰিলে। পৰ্দা প্ৰথা, বলি প্ৰথা, মূৰ্তি পূজা আদি বন্ধ কৰালে। জাতি-ধৰ্মৰ ভেদাভেদ দূৰ কৰিলে। নাৰীক হেয় জ্ঞান কৰাটো বন্ধ কৰি সম-মৰ্যদাৰ অধিকাৰ প্ৰদান কৰিলে। সমগ্ৰ অঞ্চলত পুখুৰী, জলাশয়ৰ নিৰ্মাণ কৰালে। উচ্চ-নীচ, আড়ম্বৰ, ঠগ-প্ৰৱঞ্চনা আদি দূৰ কৰিলে। গুৰু ঘাসীদাসৰ এটা উপদেশ আজি সংসাৰে জানে, "মানৱ-মানৱ এক সমান"।পিতৃ-মাতৃৰ সেৱা কৰা, এইটোৱেই হৈছে মুক্তিৰ সাৰমৰ্ম।[4]

মৃত্যু[সম্পাদনা কৰক]

গুৰু ঘাসীদাসৰ মৃত্যু সন্দৰ্ভত বিভিন্ন মতভেদ আছে। তথাপিও তেখেতৰ মৃত্যু ১৮৫০ চনত হৈছিল বুলি জানিব পাৰি।[1] কিছু কিছুৱে তেখেত অন্তৰ্ধ‍্যান হৈছে বুলিহে কব খোজে।

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 "Ghasidas". wikipedia.org. https://en.m.wikipedia.org/wiki/Ghasidas। আহৰণ কৰা হৈছে: 8 July 2020. 
  2. "सतनाम एप". योगेंद्र सतनामी. 
  3. দাদুৰাম সৎনামী (২০০১). সৎনামী সম্প্ৰদায় আৰু সৎনাম ধৰ্ম. সদৌ অসম সৎনামী সাহিত্য প্ৰকাশন সমিতি. 
  4. দাদুৰাম সৎনামী | আহৰণ কৰা তাৰিখ: ৭ জুলাই ২০২০