১০ ডিচেম্বৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
১০ ১১ ১২ ১৩ ১৪
১৫ ১৬ ১৭ ১৮ ১৯ ২০ ২১
২২ ২৩ ২৪ ২৫ ২৬ ২৭ ২৮
২৯ ৩০ ৩১  

১০ ডিচেম্বৰ (ইংৰাজী: 10 December) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ৩৪৪তম (অধিবৰ্ষত ৩৪৫তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২১টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

ঘটনাৰাজী[সম্পাদনা কৰক]

  • ১৯০১ - প্ৰথমবাৰৰ বাবে পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, চিকিৎসা বিজ্ঞান, সাহিত্য আৰু শান্তিৰ ক্ষেত্ৰত চুইডেনৰ ষ্টকহোমত ন'বেল বঁটা প্ৰদান কৰা হয়। ডিনামাইট আৰু অন্যান্য উচ্চ বিস্ফোৰকৰ চুইডিছ আৱিষ্কাৰক আলফ্ৰেড ন'বেলৰ মৃত্যুৰ পঞ্চম বাৰ্ষিকীত এই অনুষ্ঠানটো অনুষ্ঠিত হয়। ন'বেলে তেওঁৰ ইচ্ছাপত্ৰত উল্লেখ কৰিছিল যে তেওঁৰ বিশাল সম্পত্তিৰ বেছিভাগ অংশ এনে এক পুঁজিত ৰখা হ'ব য'ত যিসকল ব্যক্তি বা অনুষ্ঠানে পাৰ হৈ যোৱা বছৰটোত মানৱজাতিৰ সৰ্বাংগীন উন্নতিৰ বাবে কাম কৰিছে তেওঁলোকক বাৰ্ষিক পুৰষ্কাৰৰ ৰূপত বিতৰণ কৰা হ'ব। যদিও ন'বেলে তেওঁৰ পুৰস্কাৰ সৃষ্টিৰ কোনো ৰাজহুৱা কাৰণ আগবঢ়োৱা নাছিল, তথাপিও যুদ্ধত তেওঁৰ আৱিষ্কাৰৰ ক্ৰমবৰ্ধমান মাৰাত্মক ব্যৱহাৰৰ বাবে তেওঁ নৈতিক অনুশোচনাত এনে কৰিছিল বুলি ব্যাপকভাৱে বিশ্বাস কৰা হয়।
  • ২০২০ - তদানীন্তন অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল এ, ঐতিহাসিক অসম আন্দোলনৰ ছহিদ সকলৰ পুণ্য স্মৃতিত গুৱাহাটীৰ পশ্চিম বৰাগাঁৱত নিৰ্মাণ হ'বলগীয়া ছহিদ স্মাৰক আৰু ছহিদ উদ্যানৰ নিৰ্মাণকাৰ্য শুভাৰম্ভ কৰে। লগতে অসম চুক্তি ৰূপায়ন বিভাগৰ দ্বাৰা বিশিষ্ট সাহিত্যিক দিগন্ত ওজাৰ সম্পাদনাত চাৰিটা খণ্ডত প্ৰকাশ পাবলগীয়া বৃহৎ কলেৱৰৰ গ্ৰন্থ অসম আন্দোলনৰ তথ্যকোষ (উকমুকনিৰ পৰা উদ্গীৰণলৈ) প্ৰথম খণ্ড উন্মোচন কৰে।
  • ২০২১ - অসম লোকসেৱা আয়োগৰ ভাষা বিষয়ক যোগত্যামূলক প্ৰশ্নকাকতৰ পৰা আঁতৰিল অসমীয়া ভাষা। ৩০০ নম্বৰৰ ভাষা বিষয়ক বাধ্যতামূলক প্ৰশ্নকাকতখনৰ অসম চৰকাৰৰ সিদ্ধান্তক চুড়ান্ত মোহৰ মাৰিলে গুৱাহাটী উচ্চ ন্যায়ালয় এ।

জন্ম[সম্পাদনা কৰক]

  • ১৮৩৫ - হেমচন্দ্ৰ বৰুৱা, অসমীয়া অভিধান হেমকোষৰ প্ৰণেতা, ঊনবিংশ শতিকাৰ অসমৰ সমাজ সংস্কাৰক। হেমকোষ হেমচন্দ্ৰ বৰুৱাৰ দ্বাৰা সংকলিত সংস্কৃত বানানৰ ওপৰত আধাৰিত অসমীয়া ভাষাৰ প্ৰথম ব্যুৎপত্তিগত অভিধান। ব্ৰনছনৰ অভিধান প্ৰকাশৰ ৩৩ বছৰ পিছত বিংশ শতিকাৰ আৰম্ভণিতে কেপ্টেইন পি আৰ গৰ্ডন, আইএছচি আৰু হেমচন্দ্ৰ গোস্বামীৰ তত্বাৱধানত ইয়াক প্ৰথম প্ৰকাশ কৰা হৈছিল। ইয়াত প্ৰায় ২২,৩৪৬ টা শব্দ আছিল। হেমকোষ প্ৰকাশনৰ দ্বাৰা এতিয়াও প্ৰকাশিত এই অভিধানক অসমীয়া অৰ্থোগ্ৰাফীৰ "মানক" ৰূপ বুলি গণ্য কৰা হয়। তেওঁ অসমৰ শিৱসাগৰ জিলাৰ বাসিন্দা আছিল। মৃত্যু ১৮৯৭।
  • ১৮৯১ - নেলী ছাখছ, নোবেল বিজয়ী ছুইডেনৰ মহিলা কবি আৰু নাট্যকাৰ।
  • ১৯৩৪ - ৰেণু শইকীয়া, অসমীয়া অভিনেত্ৰী।
  • ১৯৪৩ - চিত্ৰা মুদগল, ভাৰতীয় লেখিকা আৰু আধুনিক হিন্দী সাহিত্যিক।

মৃত্যু[সম্পাদনা কৰক]

  • ১৮৯৬ - আলফ্ৰেড ন'বেল, প্ৰকৃত নাম আলফ্ৰেড বাৰ্ণহাৰ্ড ন'বেল। আলফ্ৰেড ন'বেল এজন চুইডিছ ৰসায়নবিদ, অভিযন্তা, উদ্ভাৱক, ব্যৱসায়ী আৰু সমাজহিতৈষী আছিল। তেওঁ বিজ্ঞানলৈ কেইবাটাও গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছিল, তেওঁৰ জীৱনকালত ৩৫৫টা উদ্ভাৱন কৰিছিল। ন'বেলৰ আটাইতকৈ বিখ্যাত আৱিষ্কাৰ আছিল ডায়নামাইট। তেখেতৰ স্মৃতিতেই প্ৰতিবছৰে প্ৰদান কৰা হয় বিখ্যাত ন’বেল বঁটা। তেওঁৰ মৃত্যুৰ ৫ম বাৰ্ষিকী অৰ্থাৎ ১৯০১ চনৰ এই বঁটা প্ৰদান কৰি অহা হৈছে। জন্ম ২১ অক্টোবৰ, ১৮৩৩।
  • ১৯২৩ - যমুনেশ্বৰী খাটনিয়াৰ, অসমীয়া সাহিত্যৰ ৰোমাণ্টিক যুগৰ প্ৰথম মহিলা কবি। মাত্ৰ ২৫ বছৰ বয়সতে অকাল মৃত্যুক সাৱটি লোৱা এইগৰাকী কবিৰ প্ৰথম কবিতা পুথি অৰুণ (১৯১৯) প্ৰকাশ পায়। জন্ম ১৮৯৯ চনত গোলাঘাট জিলাত।
  • ১৯৭৯ - খৰ্গেশ্বৰ তালুকদাৰ, ঐতিহাসিক অসম আন্দোলনৰ প্ৰথম শ্বহীদ। বৰপেটা জিলাৰ ভৱানীপুৰত পুলিচৰ গুলীত প্ৰাণত্যাগ দিছিল। বৰপেটাত তেতিয়াৰ ডিআইজি কেপিএছ গিলে তদানীন্তন ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলি আহমেদৰ পত্নী বেগম আবিদা আহমেদক লোকসভা নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিবলৈ লৈ যোৱাত আৰক্ষী বাহিনীক নেতৃত্ব দিছিল। অসম আন্দোলনৰ প্ৰতিবাদকাৰীসকলে মনোনয়ন পত্ৰ দাখিল কৰিবলৈ বাধা দিয়াত আৰক্ষী বাহিনী প্ৰতিবাদকাৰী সকলৰ ওপৰত জপিয়াই পৰে আৰু বৰপেটা জিলাৰ আছু গোটৰ ২২ বছৰীয়া সাধাৰণ সম্পাদক খৰ্গেশ্বৰ তালুকদাৰ আৰক্ষীৰ গুলীত নিহত হয়।
  • ২০০১ - অশোক কুমাৰ, প্ৰকৃত নাম কুমুদলাল গাংগুলী। ইয়াৰ উপৰিও তেওঁ দাদামণি নামেৰেও জনাজাত। এজন ভাৰতীয় অভিনেতা আছিল যিয়ে ভাৰতীয় চলচ্চিত্ৰত এক বিশিষ্ট স্থান অধিকাৰ কৰিছিল। ১৯৮৮ চনত ভাৰত চৰকাৰে চলচ্চিত্ৰ শিল্পীসকলৰ বাবে আগবঢ়োৱা সৰ্বোচ্চ ৰাষ্ট্ৰীয় বঁটা দাদাচাহেব ফাল্কে বঁটাৰে সন্মানিত কৰে। তাৰোপৰি তেওঁ ১৯৬৯ চনত শ্ৰেষ্ঠ অভিনেতাৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আৰু দুটাকৈ ফিল্মফেয়াৰ বঁটা লাভ কৰে। ভাৰতীয় চলচ্চিত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে ১৯৬২ চনত ভাঊ চতুৰ্থ সৰ্বোচ্চ অসামৰিক পদ্মশ্ৰী আৰু ১৯৯৯ চনত ভাৰতীয় তৃতীয় সৰ্বোচ্চ অসামৰিক পদ্মভূষণ সন্মান লাভ কৰে। জীৱন নয়া চলচ্চিত্ৰৰ যোগেদি কেৰিয়াৰ আৰম্ভ কৰা অশোক কুমাৰে প্ৰায় ৭০খন চিনেমা(১৯৩৬-১৯৯৭)ত অভিনয় কৰিছিল। জন্ম ১৩ অক্টোবৰ, ১৯১১।
  • ২০১৯ - ৰাজেন বৰঠাকুৰ, শোণিতপুৰ জিলাৰ ৰঙাপাৰাৰ সমষ্টিৰ বিধায়ক তথা অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন পৰিষদৰ অধ্যক্ষ।

দিৱস[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]